ফটাঢোল

শ্ৰীকান্তৰ জাঙিয়াটো – নয়নমণি হালৈ

সৰুকালত দেউতাই মই গাঁৱৰ ল’ৰাবোৰৰ লগ লগাটো মুঠেই পচন্দ নকৰিছিল| কেতিয়াবা ‘বাঘৰ আগ তেল খোৱা’ চেঙেলীয়াজাকৰ লগত দেখিলে ঘৰত মোৰ পিঠি বহল হৈছিল| তথাপিও মোৰ সিহঁতজাকলৈ আছিল দুৰ্বাৰ আকৰ্ষণ|

জেঠ মাহৰ টিকাফটা ৰ’দত গাঁৱৰ নামঘৰৰ পিছফালে থকা বৰপুখুৰীৰ পাৰত আমাৰ ল’ৰাবোৰৰ প্ৰায়ে ‘মজলিচ’ বহিছিল| কাৰেন্ট নথকা গাওঁখনত কোন ল’ৰাইনো ঘৰৰ ভিতৰত ছাটি-ফুটি মৰিব! পুখুৰীৰ পাৰত থকা বকুল গছবোৰৰ শীতল ছাঁবোৰে সিহতক অহৰহ হাতবাউল দি মাতিছিল| ঘন্টাৰ পিছত ঘন্টা কথাৰ মহলা মাৰি কোনোবাই তাতেই নিদ্ৰাত ঢলি পৰিছিল, কোনোবাই বৰপুখুৰীৰ পানীত চিলনী সাঁতোৰ দিছিল|

সেই দলটোৰ এজন আছিল বীৰেনদা| বীৰেনদা আমাতকৈ বয়সত ডাঙৰ| বীৰেনদাৰ ৰেডিঅ’টো আছিল যেন বীৰেনদাৰ সদ্যবিবাহিতা পত্নী| এখন্তেকো এৰি থাকিব নোৱাৰে| ভৰ দুপৰীয়া যেতিয়া ৰাস্তাৰে বাজি যায় ‘নজৰো কে সামনে জিগৰ কে পাচ, কোই ৰেহতা হ্যে ৱো হো তুম’, আমি গম পাও বীৰেনদা পুখুৰীলৈ গা ধুব গ’ল| কেতিয়াবা জোনাক ৰাতি পাঠ আওৰাই থকাৰ পৰত যেতিয়া শুনো- ‘হমনে ঘৰ ছোড়া হে’, গম পাও সেয়া বীৰেনদাই চুবুৰীৰ আলিবাটেৰে ৰাজসিক সান্ধ্য ভ্ৰমণ কৰিছে| ‘সন্দেশে আতি হ্যে হমে বুলাতী হ্যে’ এই গানটো বাজিলে বীৰেনদা শিহঁৰিত হৈ উঠিছিল| এনে লাগিছিল যেন এইমাত্ৰ বীৰেনদাই পিন্ধি থকা গামোছাখন লেংটি মাৰি (পোন্ধক) আৰ্মীৰ ‘মাৰ্চপাষ্ট’ আৰম্ভ কৰি দিব| ষাঠী আৰু সত্তৰৰ দশকৰ বহু জনপ্ৰিয় হিন্দী গীত বীৰেনদাৰ ৰেডিঅ’ৰ পৰাই আমাৰ কণ্ঠনলীত বাজিছিল|

আমি তেতিয়া শৈশৱ অতিক্ৰমী কৈশোৰৰ দুৱাৰদলীত| সন্মুখত নজনা, নেদেখা পৃথিৱীৰ অলেখ অপাৰ ৰূপ, ৰহস্য আৰু ৰোমাঞ্চৰ সমাহাৰ| স্বাভাৱিকতে পুখুৰীৰ পাৰৰ বতাহ কেতিয়াবা গৰম হৈ উঠিছিল| নকলেও হ’ব, সেই আড্ডাৰ বেছিভাগ বিষয়েই আছিল নিষিদ্ধ|

এদিনৰ কথা| সদ্য যৌৱন প্ৰাপ্ত চেঙেলীয়া জাকৰ সেইদিনাৰ আড্ডাৰ গৰম বিষয় ‘জাঙিয়া’| জাঙিয়াক লৈ সিহঁতৰ কি বাৰেৰহণীয়া বৰ্ণনা| প্ৰথমবাৰৰ বাবেই জাঙিয়া পিন্ধাটো যেন প্ৰথমবাৰৰ বাবে প্ৰেমত পৰাৰ নিচিনাই ৰোমাঞ্চকৰ| নতুনকৈ জাঙিয়া পিন্ধাকেইটাৰ কি চাবা ডাংকোপ মৰা কথা! নতুনকৈ জাঙিয়া কিনি অনাটোৱে যেন পৃথিৱীখনহে জয় কৰি আহিছিল| বজাৰ গৈ নপোৱা বা গ’লেও জাঙিয়াৰ দোকানত লাজে-ভয়ে পেঁপুৱা লগা ল’ৰাকেইটাই সিহঁতেনো কেতিয়া ইমান সাহসী হ’ব, তাকে ভাবিগুণি পাৰ পোৱা নাছিল| কিন্তু এদিন তাৰে এটা ল’ৰা সাহসী হ’ল|

তাৰ নাম শ্ৰীকান্ত| এদিন আহি সি বীৰদৰ্পে ঘোষণা কৰিলে যে সি বুধবৰীয়া হাটৰ পৰা এটা নহয়, দুটা জাঙিয়া কিনি আনিছে আৰু এটা সি এইমুহুৰ্তত পিন্ধিও আছে| বাকীবোৰৰ অবিশ্বাস আৰু সন্দেহৰ চাৱনি| কোনোমতে মানিব খোজা নাই শ্ৰীকান্তৰ কথা| তাৰে এটাই লাহেকৈ প্ৰস্তাৱ দিলে ‘চাওঁ দেখুৱাচোন’| বা…. শ্ৰীকান্তৰ লাজ! পৃথিৱীৰ সমস্ত লাজ আহি যেন শ্ৰীকান্তৰ মুখত থুপ খাই গ’ল| কোনোমতে সি জাঙিয়া নেদেখুৱায়| দেখুৱাব কিয়, এতিয়া আৰু সি সৰু ল’ৰা হৈ থকা নাই| বুধবৰীয়া হাটৰ পৰা দস্তুৰমত দুটা জাঙিয়া কিনি আনিব পৰা সি এটা ডেকা ল’ৰা| ডেকা ল’ৰাই নহয়, সি এটা পুৰুষ| বাকী ল’ৰাকেইটা চাবলৈ নাচোৰবান্দা, কিন্তু শ্ৰীকান্তই কোনোমতে জাঙিয়া দেখুৱাবলৈ মান্তি নহয়| ঠিক এনেতেই ঘটিল অঘটনটো|

চেঙেলীয়া জাকটোৰ মাজত আৰু এটা ‘বাঘৰ আগতেল খোৱা’ অঘাইটং আছিল, তাৰ নাম আছিল দ্বীপেন| এটা বিশেষ বিদ্যাত তাৰ বৰ নাম আছিল| অতৰ্কিতে সি সেই বিশেষ বিদ্যাটো সেই সময়খিনিত খটুৱাব বুলি আমি কোনোৱে কল্পনাই কৰা নাছিলো| কোন তলকত দ্বীপেনে শ্ৰীকান্তই পিন্ধি থকা গামোছাখন চিলনীৰ জীয়েকক মাকে উৰুৱাই নিয়াদি গাৰ পৰা খুলি লৈ গুচি গ’ল শ্ৰীকান্তই টলকিবই নোৱাৰিলে| মুহুৰ্ততে আমাৰ এজাক ল’ৰাৰ চকু থৰ হৈ ৰৈ গ’ল শ্ৰীকান্তৰ কঁকালত ওলমি থকা একমাত্ৰ শ্ৰীঅঙ্গবস্ত্র টুকুৰাৰ ওপৰত| আৰু আমাৰ আটাইৰে চকুত জিলিকি উঠিল শ্ৰীকান্তৰ জাঙিয়াটো টিকটিকিয়া ৰঙা| সেয়াই নহয়, সেই টিকটিকিয়া ৰঙা জাঙিয়াটোৰ একেবাৰে মধ্যভাগত এটা গোলাপ ফুল, দুটা সেউজীয়া পাতৰ মাজৰ পৰা লাজ-লাজকৈ পাহি মেলি ওলাই আহিছে; যেন সদ্যযৌৱনা গোলাপ পাহি, তলত ডাঙৰকৈ লিখা আছে ‘LOVE’| কোনোবা এটা বাঘৰ আগতেল খোৱাই ফটামুখেদি চিঞৰি দিলে, ‘ঐ চা চা, ই আপীচলিৰ (ছোৱালীৰ) জাঙিয়া কিনি আনিছে’| এজাক ল’ৰাৰ গিৰ্জনী মৰা হাঁহিয়ে মুহুৰ্ততে বৰপুখুৰীৰ পাৰৰ আকাশ বতাহ কপাই তুলিলে|

‘ঐ চা চা, শ্ৰীকান্তই আপীচলিৰ জাঙিয়া কিনি আনিছে’ কথাষাৰ আজিও আমাৰ কাণত কেতিয়াবা নিনাদিত হৈ উঠে| ৰঙা জাঙিয়াটোতকৈও ৰঙা হৈ শ্ৰীকান্তই দ্বীপেনক খেদি যোৱা দৃশ্যটোও মাজে-মাজে দুপৰীয়াৰ বতাহৰ দৰে চাৎ কৈ চকুৰ আগত ভাঁহি উঠে| আৰু এটা পৈণত বয়সত কেতিয়াবা বৰ আমনি কৰে বৰপুখুৰীৰ পাৰৰ সেই গিৰ্জনি মৰা হাঁহি আৰু নিষিদ্ধ মেলৰ সেই গহীন দুপৰীয়াবোৰে|

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *