ফটাঢোল

ধানখেৰৰ বিজনেছ – ৰঞ্জু শৰ্মা

কেইদিনমান আগেয়ে জকাইচুকৰ নগেন গৈছিল চহৰলৈ৷ ..প্রথমবাৰৰ বাবে৷ ..গৈছিল মানে একেখন গাৱঁৰে তপন বোলাটোৱে লৈ গৈছিল৷ নহলেনো আৰু গাৱঁৰ জাতিবাহ কেইজোপাকে পৃথিৱীৰ আটাইতকৈ ওখ বস্তু বুলি ভাৱি থকা নগেনে নিজে কেতিয়া চহৰলৈ গৈ পাইছে? …

শৈশৱৰ নলে-গলে লগা বান্ধৈ তপন আজি দুবছৰমানৰ পৰা চহৰতে আছে৷ কিবা হেনো বিছিনেছ কৰে৷ কি বিজিনেজ কৰে ঘৰখনৰ মানুহকে ধৰি গাওঁখনৰ কোনো এজনেও ঘূণাক্ষৰেও নাজানে, হলেও কি্নতু তাৰ উপার্জনো ভাল৷ ৰাইজে দেখিছেও৷ যোৱাবেলি পূজালৈ বুলি ঘৰলৈ আহোতে ঘৰৰ আটাইকেইজনলৈকে বুলি যি ধুনীয়া, ৰঙ-চঙীয়া কাপোৰৰ টোপোলাবোৰ আনিছিল তেনেকুৱা কাপোৰ গোটেই গাওঁখনৰ মানুহেই দেখা নাই৷ .. আনকি হৰেন মাস্তৰে পিন্ধাও দেখা নাই৷ …ককায়েক দুজনলৈ ক’লা চছমা আৰু কিবা বোলেনো কাউবয় টুপী নে কি সেই দুটাও আনিছিল৷ এতিয়া ভৰ দুপৰীয়া তালুফুটা ৰ’দত পথাৰত কাম কৰিবলগীয়া হলেও সিহতহালৰ কষ্ট নাই.. কলা কলা চচমাকেইজোৰে আৰু মুৰৰ কপাহহেন পাতল টুপীকেইটাই গা মন চকু এক্কেবাৰে শীতল কৰি ৰাখে৷ ..এইবেলি বিহুলৈ আহোতে আকৌ তপনে দেউতাকক এখন নতুন দুচকীয়া চাইকেল কিনি দিছে, ঘৰখনৰ উৱলি যোৱা টিনপাতবোৰো সলোৱাই পেলাইছে৷ ..মুঠতে আজিকালি তপনৰ বিৰাট ভাল, , লগতে তাৰ যহতে ঘৰখনৰো ভাল৷ …

এনেই গাওঁখন এৰি সেই অচিনাকি চহৰত সোমাবলৈ নগেনৰ মুঠেও মন নাছিল, পিছে একেলগৰে তপনৰ এনেহেন উন্নতি দেখি নগেনৰ মাকৰ দিনে ৰাতিয়ে যি হে খেচ-খেচ, ফেচ-ফেচ, হনা-খোজা সেই যহতে অৱশেষত এদিন ৰাতিপুৱা বেচেৰা নগেন চহৰলৈ বুলি যোৱা একমাত্র বাছখনৰ শেষৰ ছিটটোত বহি পৰিল৷ লগত অৱশ্যে তপন আছেই বাবে ভয় ভয় ভাৱটো কিছু দমি থাকিল৷ ..
এদিন দুদিনকৈ সময় আগবাঢ়িল৷ ..তপনৰ লগত ঘূৰি ফুৰি ইতিমধ্যে নগেনে বহুকথা শিকিলে৷ অতি কম সময়ৰ ভিতৰতে চহৰৰ আওঁ-ভাওঁ, চহৰীয়া মানুহৰ চাল –চলন, প্রায়খিনিয়ে আয়ত্ব কৰি ল’লে৷ তাৰ গাওঁখনৰ মানুহখিনিয়ে তৎ ধৰিব নোৱাৰা তপনৰ সেই বিশেষ বিজিনেছটোৰ কথাও বুজি ল’লে৷ …শেষত এদিন, প্রায় তিনিমাহমানৰ পিছত চহৰীয়া আদৱ-কায়দাৰ ক্রেছ-কোর্ছটো সমাপ্ত কৰি উঠাৰ পিছত নগেন পুনৰ গাৱঁলৈ উভতি আহিল৷

ইপিনে নগেনৰ মাকৰ সপোনৰ পাখি গজি পুৰঠ হওঁ হওঁ৷ তপনৰ লেখীয়াকৈ চহৰলৈ গৈ পুতেকে এদিন ডাঙৰ বিজিনেছ কৰিব, ঘৰখনৰ অভাৱবোৰ দুৰ হব, নগেনৰ বাপেকেও কলা চছমা আৰু কাউবয় টুপী পিন্ধি পথাৰলৈ যাব…আসঃ আৰু যে কিমান সপোন! ! ! তেনেতে যদি আশাৰ মুৰত বৰফ-পানী ঢালি টালি-টোপোলাই পুতেকক ঘৰ আহি ওলোৱা দেখে কোন-গৰাকী মাকৰ বাৰু কলিজাত জুই নজ্বলিব? …হেন জানি চোতালত থিয় দিয়াৰ লগে লগে নগেনৰ ওপৰত মাকৰ গালিৰ শিলা-বৃষ্টি আৰম্ভ হ’ল..

: হেৰৌ কটা নিধক, নোৱাৰিলি হয়নে? …চহৰলৈ গৈ দুদিনো ভালকৈ টিকা থব নোৱাৰিলি৷ ….বোলো লগৰবোৰে চহৰলৈ গৈ দুইহাতে ধন ঘটে আৰু আমাৰ এই ধদুৱাই টিকা দেখুৱাই ঘৰলৈ ল’ৰ মাৰে৷ …

: ৰহচোন ও আই, কথাবোৰ একো নজনাকে বকনিখন নেমেলিবি৷ মই এনেই উভতি অহা নাই নহয়, কিবা এটা সাংঘাতিক কৰিম বুলি ভাৱিয়েই টো উভতি আহিছো৷

: এস কিডাল কৰিবি, এইহেন জকাইচুকৰ ভিতৰৰ পৰা কি এনে বিজিনেচটো কৰিবি তই? …

: সেইটোৱেইটো কথা৷ এই তিনিমাহ তপনৰ লগত ঘূৰি –ফুৰি ম ই যি বুজিলো, কৰিব জানিলে আমাৰ জকাইচুকৰ পৰাই এটা ডাঙৰ বিজিনেছ কৰিব পৰা যাব৷ তাৰ বাবে বুদ্ধি লাগিব বুজিছ৷
কথাবোৰৰ আওঁ-ভাওঁ বুজিব নোৱাৰি নগেনৰ মাকে পুতেকলৈ মুখ মেলি চাই থাকিল৷ ….

: বাৰু ক’চোন আই মৰনা মাৰি ধান সৰোৱাৰ পিছত আমি খেৰবোৰ কি কৰো?

: কেলেই সেই ধনকাইটিক দি দিও আকৌ? ..সি নি জানো কি কৰে নাজানো নহয়৷

: ওমমম… আৰু গাওঁখনৰ যাৰ যাৰ ঘৰত খেতি আছে সেইবিলাকে কোনে কি কৰে জাননে বাৰু?

: কি আৰু কৰিব? .. আজিকালি সকলোৰে টিনপাত দিয়া পকা ঘৰ, গৰু-গাই থকা মানুহো সেই কেইটমানহে৷ .. থাকিলেও খেৰ খুৱাই পালন কৰা গৰুনো কেইতা? বজৰুৱা দানা-ভুছিবোৰেহে হেনো গাখীৰ সৰহ কৰে৷ মুঠতে কোনোৱাই সেই খেৰেৰে বাৰীৰ খাল পোতে নহলে জ্বলাই মেলি শেষ কৰে আৰু৷ বাৰু বোপাই, ধানখেৰৰ লগত তোৰ বিজিনেছৰ কিনো সম্পর্ক নুবুজিলো নহয়, বুজাচোন বাৰু৷

: হেইয়া, কথা সেইটোৱেই৷ আমি গাৱঁলীয়াবোৰে ঘৰতে পোৱা বস্তুৰ যে মূল্য নুবুজো, সেইটোৱেই আটাইতকৈ ডাঙৰ মূর্খামি৷ চহৰত এই খেৰবোৰৰ কিমান ডিমাণ্ড জাননে বাৰু? ….ম ই নিজ চকুৰে দেখি আহিছো আই এমুঠি খেৰৰ নামত চহৰীয়াবোৰে কিমান টকা খৰচ কৰিব পাৰে, এমুঠি খেৰ বিচাৰি ক’ত যে হাহাকাৰ কৰি ফুৰে৷ ..তপনৰ ল’গ লাগি মই নিজেই কিমানদিন খেৰ বিচাৰি কিমান ঠাই ঘূৰিছো৷ ..

নগেনৰ মাকৰ মেলা মুখখনৰ ফুটাটো ডাঙৰ হৈ হৈ গৈ থাকিল, লগতে চকুদুটাও৷ ….নিজে নেদেখিলেও তেওঁ লোকৰ মুখত শুনিছে, চহৰৰ মানুহবোৰ হেনো ঘৰৰ ওপৰতে ঘৰ সাজি সাজি থাকে, তেনেস্থলত খেৰবোৰেৰে আকৌ কি বা কৰে? ? ….মুঠতে নগেনৰ মাকৰ বুদ্ধি আৰু জ্ঞানৰ পৰিসীমাই কোনোপধ্যেই কথাবোৰৰ আউল ভাঙিব নোৱাৰিলে৷ গল-হেকাৰি এটা মাৰি নগেনে পুনৰ আৰম্ভ কৰিলে..

: বুজিছ আই, ডাঙৰ ডাঙৰ চহৰবোৰত এক প্রকাৰৰ অনুষ্ঠান প্রায়েই হৈ থাকে, চহৰত থকাবোৰৰ বৰ প্রিয় আৰু অপৰিহার্য্য অনুষ্ঠান হেনো সেইবিধ৷ কিবা ‘ধর্ণা’ নে ‘প্রতিবাদ’….তেনে জাতীয় ডাঙৰ নাম এটা আছে তাৰ৷ আমাৰ গাৱৰ তপনেনো নহলে কি কৰে বুলি ভাৱিছ? সেই ‘ধর্ণা’ বিজিনেছ হে কৰে৷ …..এনেই বৰ বেছি কষ্ট নাই, কামো বেছি নাই, মাত্র খৱৰ অহাৰ ল’গে ল’গে দৌৰা-দৌৰিকৈ যাব লাগে আৰু এজুম মানুহ ল’গ হৈ চিঞৰ-বাখৰ, হাই-হাল্লা, শিলগুটি দলিয়া-দলি ইত্যাদি কাণ্ড কিছুমান কৰি আকৌ উভতি আহিব লাগে৷ বাকী টেনচন একো নাই৷ কিহৰ বাবে চিঞৰ-বাখৰ সেইবোৰ জানিলেও জানিলে, নাজানিলেও বৰ বিশেষ কথা নাই৷ …বচ আৰু কি? …সময়মতে পেইমেণ্ট আহি তোৰ ঘৰ পাই যাব৷

: বাৰু, কিবা অলপ বুজাৰ নিচিনা হ’লো, কিন্তু খেৰৰ কথাটোহে চোন একো নকলি৷ …

: ওমমম..সেইটোলৈকেতো আহি আছো ৰহ৷ ..সেই ‘ধর্ণা’ অনুষ্ঠানবোৰৰ মুখ্য আকর্ষনেই খেৰ৷ মানে কি কৰে জান’? …..এমুঠিমান খেৰৰ জুমুঠিৰে মানুহ আকৃতিৰ কিবা এটা বনাই, দীঘল বাহৰ এডালৰ মুৰত ওলোমাই সেই অনুষ্ঠানটোৰ সোমাজতে ৰাখে৷ এই ধৰ আমাৰ সেই শাকনি বাৰীৰ চৰাই খেদা ‘ছো’বোৰৰ নিচিনা৷ তাৰ পিছত কিছুসময় হৈ-হাল্লা কৰাৰ পিছত সেই জুমুঠিটো জ্বলাই দিয়ে৷ কিবা হেনো ‘প্রতিমূর্তি দাহন’ নে কি৷ গোটেই অনুষ্ঠানটোৰ সেইটোৱেই মেইন কার্য্যকলাপ৷ এতিয়া বুজি পালি গাৱৰ মানুহে গুৰুত্ব নুবুজা খেৰমুঠি চহৰৰ মানুহৰ বাবে কিমান প্রয়োজনীয়৷

: আইঔ দেহি, হয়তো আকৌ৷ বাপৰে… মইতো সপোনতো ভৱা নাছিলো বোপা খেৰমুঠিয়ে চহৰতো ইমান সাদৰ পাব! ! ! ..

: মই এই খেৰৰ বিজিনেছটোকে কৰিম বুজিছ আই৷ …প্রথমতে আমাৰ গাৱৰ যি যিয়ে খেতি কৰে সকলোৰে পৰা খেৰবোৰ গোটাই জমা কৰিম আৰু সেইবোৰ বেছি দামত চহৰত বিক্রী কৰি দিম৷ সহায় কৰিবলৈ তপনটো আছেই৷ ..চহৰত সদায় কিবা নহয় কিবা ‘ধর্ণা’ অনুষ্ঠান হৈয়েই থাকে গতিকে মোৰ বিক্রীও ভাল হ’ব৷ …এতিয়া ক’ কেনে পালি মোৰ আইডিয়া? …..
মাকৰ মুখলৈ চাই নগেনে মিচিকিয়াই হাঁহিলে৷ …চকুত তাৰ নতুন আশাৰ তিৰবিৰণি৷ ..

পুতেকৰ বুদ্ধিৰ ভৰালটোৰ প্রথমবাৰৰ বাবে উমান পোৱা যেন পাই নগেনৰ মাকৰ দুচকু সেমেকি উঠিল৷ মৰমতে পুতেকৰ কপালতে টপকে চুমা এটা খাই ক’লে,

: আইঔ মোৰ দেহলাওটো, এইকেইদিন চহৰত থাকি মুখখন তেনেই শুকাই আনিছ’৷ আহ, মুখ-হাতকিটা ধুই বেগেতে পাকঘৰলৈ আহ, বিহু বুলি জলপান অকণকে খাই ল’হি৷ কাইলৈ বহাগৰ পহিলা দিন, ৰাতিপুৱাই নামঘৰতে শৰাই এখন দিব লাগিব, নতুন বিজিনেছৰ কথা৷ ..আহ বোপাই আহ, ভাল হব আহ৷ ..

নগেনৰ মাকৰ কটা যাব খোজা সপোনৰ পাখিদুখন আকৌ. এবাৰলৈ ধপ-ধপাই উঠিল…৷■■

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *