ফটাঢোল

"চকুত চকু থৈ" জন্ম ৰহস্য – সদানন্দ দত্ত

চকুৰ উৎপত্তি কেনেকৈ হল ,তাৰ কোনো নিৰ্ণয় অদ্যপৰিমিত হোৱা নাই।এই বিষয়টো লৈ অনেক পণ্ডিতৰ বাদ -বিবাদ। কিছুমানৰ মতে চকু গজে। তেতিয়া জ্ঞান-বুদ্ধি উদয় হোৱাই ইয়াৰ লক্ষণ। কিছুমানৰ মতে চকুত পৰে। আন কিছুমানৰ মতে চকুত লাগে। গতিকে এইক্ষেত্ৰত চকু মেলি চালে দেখা যায়, চকু মুদা কুলিহৈ থকাই ভাল! ঘপহকৈ গুপুত জন্মৰহস্য কৈ দিলে অন্য চকু চৰহা পণ্ডিতৰ চকু পোৰা অৱস্থা হ’ব। তেতিয়া তেওঁ ৰুদ্ৰমূৰ্তি ধৰি চকুটেলেকা কৰি শিয়াল খেদা দিলে চকুত ধুলি মাৰি পলাই সৰাই টান হ’ব। সিমান চকু থাকি খালত পৰা বিধৰ নহয় যেতিয়া ভবা মতে কৰাই ভাল। অৱশ্যে চকুৰ পলকতে ফালৰি কাটি আহি আপোনাৰ চকুগজক বুলি কাণ চোৱাই থওঁ। এদিন কথা এটি শুনি সদাশিৱৰ ভীষণ খং উঠিল। খং নামেই চণ্ডাল, কথা যিটোহে খং উঠিবৰে কথা! কথানাই, বতৰা নাই কামদেৱ আহি অসময়ত শিৱক জোকাই ললে। ধ্যান কৰি জঠৰ হৈ বাঘৰ ছালত বহি থকা শিৱৰ কপালত চকু গজিল! চকুৰ পৰা লেলিহান শিখা ওলাই কামদেৱক পুৰি ছাঁই কৰি দিলে। এই কথাই সকলোৰে চকুত খোচ মাৰি দেখুৱাই দিলে যে চকু গজে। সিমানতো যদি চকু থাকিও অন্ধলা আছে, ময়েই চকুত পেলাই দিলোঁ। চকু-কাণ দিলেই নিজৰ চকু গজিব। এনে চকু নাই যদি তুমি চকু থাকিও কণা। উৎপত্তি ৰহস্যৰ চাকনৈয়াত পৰি খপজপাই ফুৰা পণ্ডিতৰ পিছত দৌৰা-দৌৰি কৰা চকুত পৰিলে আপোনাৰ চকুত চলিহাই ধৰা নাই বুলি কোনে ক’ব।

চকুৰ গৰাকী মতে বিভাগঃ যাৰ যেনেকুৱা চকু থাকে সেইমতে কেইটামান বিভাগ মাজত থিয়-থিয় আঁচ টানি কৰিলে জল-জল পট-পটকৈ এই বিভাগ কেইটা পোৱা যায়। যথা—(১)পথালিচকুৱা, (২)থিয়চকুৱা, (৩)কেঁৰাচকুৱা, (৪)শেনচকুৱা, (৫)টেলেকাচকুৱা, ইয়াৰ উপৰিও জান-নিজানকৈ। আঁচ টনা এচকুৱা নামৰ এটি সৰু বিভাগও আছে। তদুপৰি কোনো কোনো মহিলাক বিশেষ সন্মান দিবলৈ জন্তুৰ নামৰ লগত চকুৰ সমাৰ্থক শব্দৰ খিচিৰি বনাই তাতে মহিলাবোধক প্ৰত্যয় যোগ দি কোৱা হয়। জান জুৰিৰ পানী বৈ আহি কুলু-কুলু ধ্বনি কৰি যিদৰে মন-প্ৰাণ শাঁত কৰি দিয়ে, সেইদৰে এই শব্দবোৰ শুনিলেও দেহাৰ ভাগৰ পলায়,  যেনে, মৃগনয়নী, হৰিণীনয়নী। চকুত চচমা পিন্ধা শুকুলাচুলীয়া গান্ধী আইতাগৰাকীয়ে বিপৰীত ৰাজনীতিৰ সকলকো সমানে চাব নোৱাৰা হওঁতে নিপাতনে সিদ্ধ হৈ ইন্দিৰা প্ৰিয়দৰ্শিনী হয়!! পথালিচকুৱাবোৰ আন বিলাকতকৈ অধিক শিয়াঁন হয়। ইহঁতক বহুতে মানুহ বুলিলে সহজে চিনি পায়। ইহঁতে ইটিয়ে সিটিৰ লগত মিল হৈ থকাৰ নিচিনাকৈ থাকে যদিও আচল ৰূপ বেলেগ। মানুহে নাখায় কি ক’বলৈ টান। ধৰ্ম, ঈশ্বৰ আদি অনেক ভাল ভাল পোছাক পিন্ধি কাম কৰি থাকে বাবে আচল ৰূপ বুজা টান। ইহঁতে খাই ভাল পোৱা খাদ্যবিধৰ নাম টকা আৰু কৰি ভাল পোৱা কামবিধৰ নাম কাজিয়া। কাজিয়া কৰিবলৈ বিধে বিধে অস্ত্ৰ বনাই টকা খৰছ কৰে। ইহঁতে নিজক সৰ্বশক্তিমান বুলি ভাবে। ইহঁতৰ শক্তি কমাবলৈ আন্ধাৰ নামৰ আৱৰণ এখন দিয়া হৈছিল,  কাৰণ আন্ধাৰত পথালিচকুৱাই কমকৈ দেখে। ইহঁতে চকুত বিটচকু পিন্ধি চাব জানে। ৰাতি চাবলৈ ইহঁতে বিজুলী নামৰ দিব্যাস্ত্ৰ এবিধ উলিয়াই আন্ধাৰ খেদাব পৰা হ’ল। এইবিধ হাতিয়াৰ হোৱাৰ পাছত এই পথালিচকুৱাই একো গুৰু-গোঁসাই নমনাবিধৰ হ’ল। থিয়চকুৱাবোৰ সৰ্বসাধাৰণতে লৰচৰ কৰিব পৰা জীৱ।ইহঁতৰ অনেক প্ৰজাতি আছে। ইহতে দিনতো দেখে, ৰাতিও দেখে। মানে কোনো বিটচকু বা আন সজুঁলি নোহোৱাকৈ আন্ধাৰতো দেখে, পোহৰতো দেখে। ইহঁতৰ বুদ্ধি কম বাবে বাকী কেইবিধে নাকত ধৰি চাকত ঘূৰাই লৈ ফুৰিব পাৰে। ঘোঁৰা, গাধ,হাতী, মেকুৰী, ম’হ, গৰু আদি অনেক আছে। কুকুৰ নামৰ এবিধে পথালিচকুৱাক গোলাম বনাব পাৰিছে। কুকুৰে শিকলি পিন্ধি ভাল পায় বুলি জানি পিন্ধায় আৰু গা-পা ধোৱাই ধুনীয়া কৰাৰ পিছত খাও বোলা বস্তু আনি খোৱায়। মালিক পথালিচকুৱাই এইবোৰ কৰি লাজ ঢাকিবলৈ আলহীৰ আগত কুকুৰৰ গুণ বখানি এবকলা গায়। কেৰাঁচকুৱা বিধ পথালিচকুৱাৰ অস্থানিক শিপাৰ দৰে। এইবিধৰ পাল্লাত পৰিলে বিপদ, এইফালে চাই আছে বুলি ভাবিলে সেইফালেহে চাই থাকে।এইবিধ চকুধাৰী সাংঘাতিক অবিশ্বাসী বুলি প্ৰবাদ আছে। এইবিধৰ অঙহী বঙহী চকুদি চালে ক’ৰবাত কেতিয়াবা চকুত পৰে। এইবিধৰ সংখ্যা কম বাবে বিপদো কম। টেলেকাচকূৱা বিধৰ জন্মৰহস্য জানিলে দুখত চকুপানী নিগৰি বৈ আহে, কাৰণ দুশ আশী দিনীয়া বন্দীগৃহত থাকোঁতে মাকে ভালকৈ খাবলৈ নেপালে বিশংগতিৰ বাবে টেলেকাচকুৱা হয় বুলি নেত্ৰালয় খুলি পেট প্ৰৱৰ্তাই থকা চকুডাক্তৰ নামৰ দিব্যচকুৱা সকলে কয়। এইবিধলৈ সৰু সৰু লৰিছোৱালীয়ে ভয় কৰে। বিয়াৰ বজাৰত কমদামী বাবে এইবিধৰ মনত বৰ দুখ। ফেঁচা, কাউৰী, শেন, চিলনী, ঈগল, কাউচৰাই আদি দূৰৈৰ পৰা ফটফটীয়াকৈ দেখা শ্ৰেণীটোৰ প্ৰাণীবোৰ শেনচকুৱা। পথালিচকুৱাৰ মাজৰ কিছুমান আনৰ পৰা চাই, বা আনে কৰা দেখি বা ঠেকা-খুণ্ডা খাই চালাক-চতুৰ হৈ এই শেনচকুৱা শ্ৰেণীলৈ উৰ্ত্তীণ হ’ব পাৰে। এচকুৱা এবিধ সাংঘাতিক জীৱ আছে বুলি বেজালি কৰি পেট প্ৰৱৰ্তাই থকা টেঙৰ পথালিচকুৱাই কয়।

ভুত, দ’ত, ডাঙৰীয়া, যঁখিনী, পেৰেট, ডাইনী, বীৰা আদি অনেক আছে বুলি তেওঁলোকে কয়। এইবোৰে ভয়াতুৰ পথালিচকুৱাক পালে লম্ভি লয়। বেজে গৃহস্থৰ পৰা টকা ,চাদৰ,  গৰু-ছাগলী আদি লৈ এইবোৰ খেদায়। ভুত খেদা বেজৰ মাৰত পথালিচকুৱাৰ চকু টেলেকা হয়। জলকীয়া জুইত দি বা ছোৰাটপাতৰ কোব খাই বা বেজৰ সৌকা বেঁতৰ মাৰ খাই ভুত থকা বুলি বেজে কোৱা পথালিচকুৱাৰ চকুৰে সৰিয়হ ফুল দেখা অৱস্থা হয়।

চকুৰ জ্যোতিঃ এই চকু বহুৰূপী। ইয়াৰ ৰং-ৰূপ সময়ে সময়ে বদলি হৈ থাকে।শিৱৰ মাজৰ চকুৰপৰা কেৱল জুইহে ওলায়। পিছে পথালিচকুৱাৰ চকুৰপৰা পৰিস্থিতিসাপেক্ষে বেলেগ জ্যোতি ওলায়। নিজৰ জীয়েকক ভাল জোঁৱাইৰ হাতত তুলি দি চকু জুৰ পৰে আৰু নিজে পচন্দ নকৰা আনৰ জীয়েকক চেনেহৰ পুতেকে আনি ঘৰত সোমোৱালে চকু জ্বলে। বোৱাৰীয়েকৰ লগত বেছি যৌতুক আনিলে চকুৰ জ্যোতি উজ্বল হয় আৰু হাঁহি বিৰিঙি উঠে। আনহাতে বিচৰামতে নানিলে বা পিছত তাগাদা দি আনিব নোৱাৰাৰ বাবে চকুৰ কুটা দাঁতৰ শূল হ’বলগীয়া হোৱা চেনেহৰ পুতেকৰ ঘৈণীজনীয়ে মাজৰাতি কেৰাচিন তেলত গা-ধুই শাহু, ননদ আদি কৰি আনজনৰ বাবে কেৰাচিন বা পেট্ৰোল ভৰোৱা স্তুভত চাহ সিজাই খোৱাবলগীয়া হয়। যেতিয়া চালে-চকু ৰোৱা দেহাটিত দপ্ দপকৈ জুই জ্বলি উঠে, তেতিয়া আবিঐ হৈ থকা ননদ বা পৈয়েকৰ মূৰ খাই থাকিবলৈ একেবাৰে গুচি অহা ননদ বা জেশাহুয়েকজনীয়ে দূৰৈৰ পৰা চকু দি থাকি তৃপ্তিৰ হাঁহি মাৰে। দেহাত জুই জ্বলাজনীৰ দেউধ্বনি নৃত্যৰ সময়ত চকু টেলেকা হয়,  তাৰ পিছত চকু থৰ লাগে আৰু অৱশেষত আৰ্তনাদ কৰি কৰি চকু মুদে। তেতিয়া চেনেহৰ স্বামীগুৰুৱে চকু মেলি চোৱাৰ সলনি পকেটৰপৰা উপঢৌকন হিচাপে সোপা গোজা দি “মোৰ মুখলৈ চাব” বুলি কৈ থোৱা পুলিচ মাতে। সমবেত ৰাইজক দেখুৱাই চকু পকাই ধৰা পুলিচহঁতে চকুত পৰা বিধৰ সমস্ত প্ৰমাণত চকু ফুৰাই নাচায়,  যেন তেওঁলোকৰ চকুত চলিহাইহে ধৰিলে। আচলতে ঘটনাটো কি সেই কথাবোৰত ভালকৈ চকু কাণ নিদিয়াৰ বাবে আনৰ চকুত ধূলি মাৰি দাগী হত্যাকাৰী সাৰি যোৱাত সুবিধা হয়।

চকুৰ অতিৰিক্ত দায়িত্বঃ কিবা এটা দেখি তাক লৈ ফুৰা মালিকক খবৰ দিয়াটো চকুৰ প্ৰধান কাম। মালিক যদিহে ডেকা বা জীয়াৰী হয়, তেন্তে দাযিত্ব গধুৰবিধৰ হয়। আজিকালি প্ৰচলিত চেনীখোৱা শব্দটোৰ কাম চকুৱে চকুৰ পলকতে কৰি দিব লাগে।ডেকাই গাভৰুলৈ আৰু গাভৰু্ৱে ডেকালৈ চকু টিপ মৰাটো অপৰিহাৰ্য কাম।এই চকু টিপ মাৰোঁতে অসাৱধান হলেই বিপদ। অন্য মানীজনৰ গাত পৰিলে নিজৰ গাত দেওধ্বনি নৃত্যৰ আখৰা হোৱাৰ পিছত লাজত চকু মেলিব নোৱাৰা হয়। তেতিয়া গালত ৰঙা-চিঙা দাগ পৰে। যি জনলৈ এই চকু টিপ মৰা হয়, তেওঁৰ চকুত পৰিলে নিশ্চিত ৰূপত ঘাইল হয়। নাটক, ভাওনা, মেলা, চিনেমা আদি চাবলৈ যাওঁতাৰ সেইবোৰত মন নবহা হয় আৰু যিজনে এনে চকুৰ বাণ মাৰি ঘাইল কৰিলে তেওঁৰ কথা ভাবি প্ৰতিশোধ লোৱাৰ বাসনাত চকুৰ জ্যোতি নিৰ্গত হয়। এইদৰে সময়ৰ সোঁতত হেন্দোলনি খাই খাই চাৰি চকুৰ মিলন হয়। দুটা চকুৰ কেতিয়াও মিলন নহয়। আনৰ এটা চকুৱে বেকাঁকৈ আন এজনীৰ চকুলৈ চকু টিপ নিক্ষেপ কৰে,ই সঠিক লক্ষ্যত লাগিলে পানীত উপঙি থকা খালি টিন এটাত প্ৰথমে পানী সোমো্ৱাৰ দৰে হয়। তাৰ পিছত হেন্দোলনি খাই খাই চাৰি চকুৱে বেঁকা দিশ এৰি মূখা -মূখী দিশ লয়। চাৰি চকুৰ এনে অৱস্থাপ্ৰাপ্ত হ’লেই চাৰি চকুৰ মিলন বুলি কোৱা হয়। এই অৱস্থাকে প্ৰেমত পৰা বোলে। ভয় ভয় ভাৱ লৈ চকু টিপ মৰাৰ পৰা আৰম্ভ হোৱা গাত লম্ভি লোৱা লাজ লাজ ভাৱৰ কলীয়া ডাৱৰবোৰ লাহে লাহে আঁতৰি যাবলৈ ধৰে। তাৰপিছত আৰু একো গুৰু গোসাই মানিবলৈ মন নোযোৱা বিধৰ প্ৰেমত উটি ভাহি গৈ তইহে তই, মইহে মই অৱস্থা পায়গৈ। খুউব ধুনীয়া বস্ত্তৱে বা খুউব উজ্বল বস্তুৰ পোহৰ আহি চকুত পৰিলে চকু চাট মাৰি ধৰে। তেতিয়া শিল পৰা কপৌৰ দৰে হৈ চকু থৰ লাগে। নেদেখিবলগীয়া বস্তুত চকু পৰিলে চকুত চলিহাই ধৰে। এই উপসৰ্গই লগ ল’লে কিছুমান কাম কৰিবলৈ বৰ সুবিধা হয়। ৰাস্তাইদি গৈ থাকোঁতে অকস্মাতে অলপ দূৰত আগতে কলিজা খাই এৰা প্ৰেমিক বা প্ৰেমিকাক দেখিলে বা ধন ধাৰে আনি ঘূৰাই নিদি পলাই ফুৰোঁতে ধাৰ দিওঁতাজন দেখিলে বা কাজিয়া লাগি মাত-বোল নকৰাজনক দেখিলে বা আগৰ দুখীয়া বন্ধুক মাতিবলৈ মন নগ’লে এই চকুত চলিহাই ধৰাটোৱে বৰ উপকাৰ কৰি বচায়। বিটচকু পিন্ধি বা কাণত মবাইল ধৰি লৈ আনফালে চকু মাৰিও সাৰি যাব পাৰি।

চকুৰ উৎপাদনঃ চকুৰ পৰা জ্যোতি ওলায়। এই জ্যোতিয়ে কাৰোবাৰ দেহাত শান্তিৰ নিজৰা হৈ বৰষে আৰু কাৰোবাক জ্বলাই মাৰে। চকুৰ পৰা আঠালটীয়া বগা ৰঙৰ বস্তু উৎপাদন হয়। হাতৰ আঙুলিৰে চকুৰ কোণাৰ পৰা উকটি আনি য’তে ত’তে সানি থবলৈ পাৰি। চকুৱে খোৱা বস্তুবোৰৰ অৱশিষ্ঠবোৰক চকুৰ গু বুলি ক’বলৈ বেয়া লাগে বাবে চকুৰ ফেচকুৰি বুলি নাম দিয়া হৈছে। কেতিয়াবা শুই থাকিলে চকুত এইবোৰে খলমা বান্ধি চকু মেলিবলৈ অসুবিধা কৰে। তেতিয়া কুহুমীয়া পানী বা গানবিৰিণাৰ পাতত থকা পানীৰে লাহে লাহে মোহাৰি দিলে বান্ধনমুক্ত হ’ব পাৰি। পৰিবেশ সাপেক্ষে চকুৰ পৰা জল ওলায়। ইহঁতক চকুপানী বোলে। চকুপানী মহিলাৰ অমোঘ অস্ত্ৰ বুলি চকুচৰহা পুৰুষ বিলাকে বদনাম ৰটি ফুৰে। আচলতে মহিলাৰ হৃদয় বোলা বস্তুটো তেনেই আলসুৱা। বুজি নোপোৱা পুৰুষে তাত আঘাত হিচাপমতে নকৰিলে এই চকুপানী ওলাই আহে, কাৰোবাৰ ওপৰতে থাকে নহয়, বেগ বেছি কাৰণেহে সোনকালে বাহিৰ পাইহি। আনন্দ বেছি হ’লে হাঁহি হাঁহি চকুপানী ওলাই আহে, ইয়াৰ ৰংটো আকাশী নীলা। আনহাতে কেঁচা কলিজাৰ তেজ লদমা বান্ধিলে হৃদয় ভাগি চূৰ-মাৰ হোৱাৰ পিছত কেঁহেৰাজ বৰণ ধৰা তপত চকুলো হিলদল ভাঙি ওলাই আহে। এই অৱস্থাত অনেক উপসৰ্গই দেখা দিয়ে। পেটলৈ ভাত পানী নেযায়। চকুৰ টোপনি কেনিবা পলায়। উৰনীয়া মনটোৰ পাখিবোৰ সুলকি পৰে, কাৰো লগত কথা পাতিবলৈ মন নাযায়। চকুত চকু থৈ কথা পাতিবলৈ বিচাৰিলে সপোনকোঁৱৰ বা সপোনকুঁৱৰী হ’লেও এজাউৰি দিবলৈহে মন যায়। মনটোত টিঙিচকৈ খং এটা উঠে। বেদনাৰ চকুলো ওলাবৰ কাৰণটোৱে কলা ভুতৰ দৰে দীঘলীয়া দিন ধৰি থাকিলে চকু কুটৰত সোমায়। তেজে ফুটো ফুটো হোৱা গালেদি বেদনাৰ চকুপানী বৈ আহিলে কলা-বগা ডাঁৱৰৰ চবকা দেখিবলৈ পোৱা যায়। নিজৰ ঘৰৰ মানুহ ঢুকালে চিঞৰি কান্দি দিলে সোনকালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। নিজৰ স্বামী বা পত্নী ঢুকাই থাকিলে তেনেই বিপদত পৰিলোঁ বুলি বৰ দুখ পাই বেদনাৰ চকুপানী বৈ আহে, কিন্তু যদিহে কোনো এজনী বা এটাই কয় যদি যে মই তাৰ বা তাইৰ খালি ঠাই পূৰণ কৰি দিম তেতিয়া বেদনাৰ তপত চকুলো ওলোৱা সোনকালে বন্ধ হয় আৰু আশাৰ কলি মেলাৰ হেতুকে আনন্দৰ চকুপানীৰ উঁহ ওলায়। প্ৰেমৰ বা-মাৰলিয়ে পাই কেতিয়াবা অপাত্ৰত চকু দি কোনোবাই নিজৰ ঠুনুকা হৃদয়খন দি চকু থাকিও খালত পৰে।”পাবা চৰাই ভাঙিবা পাখি,  বঢ়া ভাত নথবা ৰাখি “-বাক্যষাৰি বুজি নোপো্ৱা প্ৰেমিকৰ পাই হেৰুওৱাৰ বেদনাত নিগৰি নিগৰি চকুপানী বৈ আহে। এই চকুপানী আনক দেখুৱাব নোৱাৰি, সাতঘৰলৈ শুনাকৈ চিঞৰি চিঞৰি কান্দিবলৈ মন গ’লেও মাত এটাও মাতিব পৰা নেযায়। আনক একেবাৰে শুনাবই নোৱাৰি। আন্ধাৰ বাৰান্দাৰ ৰেলিঙত ধৰি থিয় হৈ আনে নেদেখাকৈ নীৰৱে চকুলো বোৱাব পাৰিলে মনটো কিছু পাতল পাতল লাগিব। কোনো নথকা কোঠাৰ খিড়িকীৰ কাষত চকী এখনত বহি দূৰৈত থকা অনামী ঠিকনাত চকু থৈ কিহৰ পৰা কি হৈ গ’ল ভাবি থাকিলে নীৰৱে যি চকুলো বাগৰি ওলাই যায়, তাৰ পিছত মনৰ মাজত যি জ্যোতিৰ এছাটি-বা লাগে সেইটো বিৰল, সেই সময়ত মহে-ডাঁহে কিমান খায় তাৰ ঠিকনা বিচাৰোতা নাই।

চাৱনিঃ খোৱাই-বোৱাই থকা ৰখীয়াজনক বাট দেখুৱাই নিয়াটো চকুৰ প্ৰধান কাম। বাট দেখুৱাই নিয়ামতে নগ’লে গৰাকী কেতিয়াবা খালত জপঙকৈ পৰে, তেতিয়া আনে ” চকু নাই নেকি ” বুলি ভাবি ইতিকি্ং কৰি হাঁহে। কেতিয়াবা অকস্মাৎ খুণ্ডা খাই গ’লে চকু নাই নেকি বুলি গালি খাব লাগে। কেতিয়াবা এনে খুণ্ডা আৰু খাওঁ আৰু খাওঁ যেন লাগি থাকে। কাৰণ এনে একোটাহঁত খুণ্ডা খাব পাৰিলেই কেতিয়াবা চাৰি চকু মিলন হোৱাৰ সম্ভাৱনা উজ্বল হৈ পৰে।

হাঁহি এটা মূখত বিৰিঙিলে বুজিব লাগিব যে আশা আছে। তেতিয়া লাজ লগা চাঁৱনিৰে চালে যদিহে সিফালৰ পৰা একেবিধ হাঁহি মূখত প্ৰকাশিত হয়, তেন্তে আকৌ চোৱাত বাধা নাই। তাৰ পিছত অপলক দৃষ্টিৰে চাব পাৰি, অপৰাধ নহয়। তাৰপিছত যিমানলৈ আগবাঢ়িবলৈ মন যায়, চিগনেল মতে যাব পাৰি‌। কিন্তু যদিহে মুখখন ওন্দোলাই লাহে লাহে যদি গংগাটোপটোৰ দৰে ফুলিবলৈ ধৰে, তেন্তে তুৰন্তে চকু ঘূৰাই আনিব লাগে। এইসময়ত ঘোপা চাৱনি বা টেলেকা চাৱনি দেখিও যদিহে বুজি নাপাই আকৌ চকু টিপহে মৰা হয়, তেন্তে পিঠিত তামুলৰ ঢকুৱা বান্ধিবলৈ নাপাওঁতেই পিঠিত ঔ কিল বৰষিব,  সেইটো খাটাং।

চকুত এটা মণি থাকে। অসমীয়াই এই মণিটোৰ বৰ মূল্য দিয়ে। সেইকাৰণে পো-জী, নাতি-নাতিনীৰ নামত মণি লগাই দিয়ে। মণি অকলেও ট ট কৈ জিলিকি থাকে। মণি,  মামণি,পৰশমণি, জিতুমণি, পোৱালমণি, মণিদীপা, মণিকুন্তলা আদি দেধাৰ মণি আছে। এইবোৰ মণি চকুৰমণিৰ পৰা ধাৰ কৰি অনা। মণিটোত বেমাৰ হলে চকুৰে নেদেখা হয়, তেতিয়া এটা চকুৰে নেদেখিলে কণা আৰু দুয়োটাই নেদেখিলে অন্ধলা হ’বলগা হয়। তেতিয়াই লটিঘটি খোৱাৰ সময় পোৱা বুলি বুজিব লাগে।

চকু ঢেলা হৈ পৰাৰ পিছত টেলেকা চকুৱা হলে ডাক্তৰ মতাৰ সময় পাৰ হ’ল বুলিও বুজিব লাগে। এই অৱস্থা দেখি কেনেকৈ এনে হ’ল বুলি ভাবি চকু কপালত উঠাই একো লাভ নাই। তেতিয়া খৰি জুমুঠি চাঙি গোটাবৰ সময় হয়।

☆★☆★☆

 

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *