পৰিচিতি – জয়ন্ত শৰ্মা
বস্তু এটা থৈ থোৱা ঠাইত বিচাৰি নোপোৱাটো মোৰ অভ্যাসেই। এহাত মান ইফাল সিফাল হ’লেও বস্তু এটা মোৰ চকুত নপৰে। বিৰোধী দলে চৰকাৰৰ সকলো কামতে ভুলকে দেখাৰ দৰে মোৰ চকুৱেও সেই লোকৰ দোষ হে বিচাৰি ফুৰে। বিধানসভাৰ দৰে এখন হুলস্থুলৰ সৃষ্টি হোৱাতকৈ ঘৰৰ মানুহে মোৰ কোনো বস্তুত হাতেই নিদিয়ে। ৰাস্তাঘাট ভাল কৰিব নোৱাৰি ধৰ্ণা আন্দোলনৰ সন্মুখীন হোৱা চৰকাৰে নমামি, ধূতি-পাঞ্জাৱী, সংস্কৃতৰ দৰে আন কথালৈ দৃষ্টি আঁতৰোৱাৰ দৰে ময়ো ঘৰৰ একো কাম নকৰা কথাটো তল পেলাবলৈকে আচলতে এখন নাটক কৰোঁ। কাম নকৰাৰ বাবে গৰিহণাৰ সন্মুখীন হ’ব লাগে বুলি এটা বিভাগৰ কামকে বহুত কেইটা বিভাগে সংবাদ মেল পাতি প্ৰচাৰ কৰাৰ দৰে ঘৰৰ কোনোবা জনে কৰা কামখিনিত এনেই এবাৰ হাত ফুৰাই নাম কৰাৰ চেষ্টা মাজে-মাজে অৱশ্যে নকৰা নহয়। ঘৰত কিবা কাম পাচিলে এনেকুৱা এটা মুড দেখুৱাই ব্যস্ত হৈ ওলাই যাওঁ যেন পাকিস্তানত চাৰ্জিকেল ষ্ট্ৰাইকৰ মূল মানুহজন ময়েই। ঘৰত মুড্ দেখুৱালেও বাহিৰত মই কিন্ত দিচপুৰৰ ৰজাই দিল্লীত হাই-কামাণ্ডৰ আগত নেগুৰ পেলোৱাৰ দৰে খুব শান্ত, নম্ৰ।
সদায় থোৱাৰ দৰেই বাইকৰ চাবি পাত ওপৰৰ গজালটোত থৈ মবাইলটো চাৰ্জত দি লংপেন্টটো চাবিপাত থোৱা গজালটোৰ তলৰ হুকটোত ওলমাই গা-ধুই আহি ভাত খাই বিচনাত পৰাটো মোৰ স্পষ্টকৈ মনত আছে। ৰুমতটো কোনো সোমোৱা নাই। মই নিজেই আছো। তেতিয়া হ’লে কি হ’ল, ক’ত গ’ল। নাই বুলিয়েই নিমিষতে চৰকাৰী ফাইল হেৰোৱাদি চাবি পাত নোহোৱা হৈ যাব পাৰেনে! এঘণ্টা ধৰি বিচাৰি চলাথ কৰিও নাপালো। ৰুমটোত কোনে কি বিচাৰি ফুৰে বুলি হাল্লা আৰম্ভ কৰোতেই ‘মা’ই আহি ঘোচ লৈ ধৰা পৰা বিষয়াৰ ঘৰত ভিজিলেণ্সে তালাচী চলোৱাদি এফালৰ পৰা চাবি পাত বিচাৰিবলৈ ধৰিলে। সম্ভাৱ্য থাকিব পৰা ঠাই বোৰত বিচাৰি নাপাই মোৰ গা খানাতালাচ কৰোঁতে লংপেণ্টৰ তলৰ কোচটোতে চাবি পাত ওলাল। বেছি গালি শুনাৰ আগতেই নেতাসকলে ধৰ্ণা দিয়া ৰাইজৰ মাজৰ পৰা লৰালৰিকৈ ভীৰ ফালি পলোৱাৰ দৰে চকলৈ ওলাই গলোঁ।
ব্যস্ত চ’ক। দোকানীবোৰ তামাম ব্যস্ত। ব্যস্ত মানে সাংঘাতিক ব্যস্তয়েই। মোৰ দৰে। চ’কটোৰ কোনোবাখন দোকানৰ সন্মুখত যদি এখন কেৰমবৰ্ড, কোনোবা খনৰ সন্মুখত লুডু, আনখনৰ আগত হয়তোবা চেছ। চাৰিআলিৰ চ’ক নহয় যেন ইনড’ৰ ষ্টেডিয়ামহে। সদায়ে দেখা দুইএজনক যদি নেদেখে অলপ আওহতীয়াকৈ থকা দোকান কেইখনৰ পিচফালে চালেই দেখিব জুৱাত ব্যস্তহৈ থকা! মুঠৰ ওপৰত প্ৰায়সকল দোকানীয়ে তামাম ব্যস্ত। গ্ৰাহকলৈ চকু দিবৰ সময় নাই। খেলুৱৈৰ লগতে খেলিবলৈ আশা-পালি থকা সকলৰ সংখ্যাই মোটামুটি পঞ্চায়ত অফিচত কম্বল বিচৰা মানুহৰ নিচিনাকৈ চকটোত ভীৰ হৈ থাকে। বিধায়কৰ ভোট কিনা-বেচা হোৱাৰ দৰে ইয়াতো খেলৰ চিট কিনা-বেচা হয়। কেৱল বঙালী দোকানী কেইজনেহে গ্ৰাহকক ভগৱানৰ দৰে কৰে।
আচলতে সৃষ্টিশীলতা থকা মানুহক কোনো অভাৱে বাধা দি ৰাখিব নোৱাৰে। ৰৈ থকা বাইক এখনৰ চিট এটাও কেনেকৈ লুডু ষ্টেডিয়ামলৈ ৰুপান্তৰ কৰিব পাৰি খেল মন্ত্ৰালয়ে চ’কটোত আহি শিকিব পাৰে। কোনোবা এখন বাইকৰ দাবোল ষ্টেণ্ড দি লুডুখন চিটৰ ওপৰত পাতি যিকোনো কেইজনমান অনবৰতে ব্যস্ত থাকে। কাৰোবাৰ গুটি এটা কটা গ’লে চাই থকা কেইজনে মৰা চিঞঁৰ কেইটাই চ’কটো জী থকাৰ প্ৰমাণ দিয়ে। তিনি তিনি। তিনি পৰিলেই মুনৰ শেষ গুটিটো কটা যাব। ভাৰত-পাকিস্তানৰ মাজৰ 20 -20 ৰ শেষ বলটোৰ দৰেই অনবৰতে উত্তেজনা শীৰ্ষত। তিন্নি বুলি ধনে মাৰি দিয়া লুডুৰ কড়িটো লুডু খনৰ তলত পৰাৰ পৰাই নোহোৱা হ’ল। এনেয়ো হাৰি থকা যেন পালে ধনে অলপ খঙতেই মাৰে। বাইক চাইক চাইড কৰি আটাইকেইজনে কড়িটো বিচাৰি থাকোতেই লক্ষ্য কৰিলো মুনৰ পেণ্টৰ তলৰ কোচকেইটা। ভালেখিনি সময় বিচাৰিও যেতিয়া কোনেও নাপালে এবাৰ ধেমালিৰ চলেৰে মাটিতেই চক্ৰ এটা আঁকি গণনা কৰাৰ দৰে ক’লো যে মুনৰ তাতেই আছে কড়িটো। বিশ্বাস কৰা-নকৰাৰ মাজতে মুনৰ তাত বিচাৰিও যেতিয়া নাপালে মই অনুমানতে তলৰ লোচটোত হাত দিয়াত সঁচাকৈ কড়িটো পালো। প্ৰথমতে মুনে লুকুৱাই থোৱাটো মই দেখা বুলি দুই এজনে ক’ব বিচাৰিছিল যদিও কড়িটো মৰাৰ সময়ত মই উপস্থিত নথকাটো নিশ্চিত হোৱাৰ লগেলগেই মই জ্যোতিষ জানো বুলি সৰু সুৰা গুণগুণনি উঠিল। লগৰ জিতুলে বোলে তোক দেখোন মানুহৰ হৃদপিণ্ড, বেনজিনৰ ষ্ট্ৰাকচাৰ অঁকাহে দেখিছিলো। ৰাশিচক্ৰ কেতিয়া আঁকিবলৈ শিকিলি গমেই নাপালো। উত্তৰ কিনো দিম বুলি ভাবোঁতেই এজনে ক’লে যে এই শৰ্মা মানুহ বিলাকে মাকৰ পেটতে গণনা শিকি আহে। গোটেই জীৱনটো নানানটা কাৰণত উপাধিটোক গালি পাৰি থাকিলেও কেতিয়াবা আকৌ উপাধি টোৱেই কাম দিয়ে। মিহি মিহি সন্মান কণ বুটলি ঘৰলৈ আহোঁতেই বাটত বৰষুণে পোৱাত আধা বন্ধা ঘৰ এটাৰ ছাদ এখনৰ তলত ৰ’লো। ছাদখন ছাগে বন্ধা বহুদিন হ’ল। ভেটিটোও ওখ। ভঙা ইটাৰ টুকুৰা, পৰি থকা বালিবিলাকৰ মাজে মাজে সৰু সৰু জাৰ্মানীৰ গছ কিছুমান গজি উঠিছে। তাৰ মাজতে কলী গাভিনী ছাগলী এজনী। বৰষুণ দীঘলীয়াই হ’ল। চকুৰ আগতেই ছাগলীজনীৰ দুটা পোৱালিও জগিল। বেচেৰীয়ে বৰষুণৰ বাবেই ছাগে ভাৰী গাটো লৈ ঘৰলৈ যাব নোৱাৰিলে।
পিচদিনা খন চ’কত গৈ পাওঁতেই ‘মহেন দা’ আগবাঢ়ি আহিল। “তই বোলে ঠিকনা চাব জান, কালিৰ পৰাই কলিক বিচাৰি পোৱা নাই বুজিছনে! গাভিনী ছাগলীজনী কোনোবা চোৰৰ হে হাত লাগিল নেকি! পাম নে নাপাম পাৰ যদি চাই দেচোন।” বুজিটো পালোৱেই। কালি দেখা ছাগলীজনীৰ কথাই কৈছে। কালি পেণ্টৰ লোচত চাবি পাত পোৱা কাৰণে বুদ্ধিটো খেলাইছিল। সেইটোৱেই অলপ নাম কৰালে। আজি দেখোন আকৌ আন এটা সূযোগ। সেইযে “বুঢ়ী আইৰ সাধু”ৰ ‘হা দৈ বোলোতে হাৰ ডাল’, ওলাইছিল তেনেকুৱাই। দোপে পতি শেলুক নহ’ল কি হ’ল? পোৱাকেইটাতো ল’ৱ পাৰি। ছাগলী জনীৰ ৰঙ, বয়স সুধি আকৌ চকু কেইটা মুদি মুখতে বিৰবিৰাই মহেন দাই শুনা-নুশুনাকৈ সংখ্যা কেইটামান গণনা কৰি ক’লো যে পশ্চিম ফালে অলপ ওখ ঠাইত পোৱালি আৰু মাকক পাব লাগে।
সন্ধিয়ালৈ টকা এঘাৰটা লৈ মহেন দা আহিল। ৰাতিটোৰ ভিতৰতে সৰু চ’কটোত মই এটা নতুন পৰিচিতি লাভ কৰিলো।
☆★☆★☆
7:58 am
নতুন পৰিচিতিয়ে ৰস আনিলে
4:19 pm
হা হা– কণা ফৰ্মুঠিডাল জেগাত পৰিলগৈ। ভাল লাগিল।
6:53 pm
হা দৈ বোলোতেই হাৰডাল ওলালে, কৃষ্ণ
খুব ভাল লাগিল পঢ়ি, ভবিষ্যতেও এই ই-আলোচনীত আপোনাৰ লেখা পঢ়িবলৈ পাই থাকিম বুলি আশা কৰিলো
6:43 am
খুব সুন্দৰ । ভাল লাগিল ।