ফটাঢোল

মই, সি আৰু এখন উদভ্ৰান্ত পৃথিৱীৰ এটা নিমিলা অংক – পৰী পাৰবীন

বাস্তৱৰ বহিঃপৃষ্ঠ:

নিয়ন লাইটৰ পোহৰেৰে চহৰখনত ছাঁ-পোহৰৰ ৰেখা অঁকা সময়ৰ কথা। ঘৰমুখী মানুহৰ ব্যস্ততাই দিনান্তত চহৰখনক আকৌ এবাৰ প্ৰাণ দিছে। মোক গাড়ীতে এৰি নয়ন ৰাস্তাৰ কাষৰ ডিপাৰ্টমেন্টেল ষ্টোৰখনলৈ সোমাই যায়। বহুদেৰিয়েই হ’ল, নয়ন অহা নাই। ৰৈ ৰৈ আমনি লগাত মই ফেচবুকত অৰ্থনীতিৰ ওপৰত লিখা নিবন্ধ এটাৰ ওপৰত চকু ফুৰাই আছো। দিনৰ অত্যধিক গৰমক জুৰ দিবলৈকে হয়তো কিনকিনকৈ বৰষুণ এজাকো নামি আহিল। খোলা খিৰিকীখনেৰে হাতখন উলিয়াই কিবা অজান আৱেশত মই বৰষুণৰ টোপালবোৰ চুই থাকিলো। ষ্টেৰিঅ’ত হিন্দী বোলছবিৰ পুৰণি গান এটা বাজি আছে। হঠাতে খিৰিকীৰ বাহিৰৰ পৰা মানুহ এজনৰ বিৰবিৰণি এটা কাণত পৰিল। লাহে লাহে বিৰবিৰণিটো ওচৰ চাপি আহিল। ফেচবুকৰ পৃথিৱীৰ পৰা মূৰ তুলি চাই পঠিয়ালো।

আসঃ সি!

কোন আছিল ঠিক মনত পেলাব নোৱাৰিলো। কিন্তু অতি চিনাকী সেই চেহেৰা। তাৰ কাঁতৰ চকুযুৰি! আসঃ! কি যে ক’ব খোজে সি মোক! মোলৈ চাই সি বিৰবিৰাই থাকিল। বিৰ-বিৰণিবোৰ বাঢ়ি গ’ল। মই তালৈ চাই থকা দেখি তাৰ সাহস বাঢ়ি গ’ল। সি গাড়ীখনৰ চাৰিওফালে পাক মাৰিবলৈ ধৰিলে। বুকুখন মোৰ ঢপঢপাবলৈ আৰম্ভ কৰিলে। কোন হয় সি? কোন হয়? মানসিক ৰোগী নে? চোৰ নহয়তো! নতুবা কোনোবা নিচাগ্ৰস্ত?

ফোনটো টানিব নেকি মোৰ? খিৰিকীখন বন্ধ কৰিবলৈকো মোৰ শক্তি নোহোৱা হ’ল। এই নয়নটোৱে যে ইমান দেৰি কৰিছে! সি মোলৈ চায়, বিৰবিৰায়, গাড়ীৰ চাৰিওফালে পাক মাৰে। আকৌ চায়, বিৰবিৰায়, আকৌ পাক মাৰে।

মই উশাহ নসলোৱাকৈ বহি আছো। আঠত্ৰিশ ডিগ্ৰী চেলচিয়াচতো মোৰ শৰীৰ শীতল হৈ পৰিছে। ইমান ভয় খাবলগীয়া কোনো কথায়েই নহয়, অথচ মই ভয় খাইছো।

তেনেতে নয়ন আহি গাড়ীৰ দুৱাৰ খোলাৰ লগে লগে সি বুলি ভাবি মই আকৌ চক খাই উঠিলো, দেখিলো সি অলপ দূৰলৈ গৈ মোলৈ চাই আছে।

কি হৈছিল মোৰ? নাজানিলো। জীৱনত হয়তো এনে পৰিস্থিতি আহে, কোনো কাৰণ নোহোৱাকৈয়ে কিছুমান অকাৰণ সঁচা হৈ পৰে। সিদিনাৰ কথাটো মনৰ পৰা মোহাৰি পেলালো।

দুমাহৰ মূৰত আকৌ এদিন দেখিলো সি মোৰ ঘৰৰ গলিটোত টহল দি আছে। নয়নক ক’লো। নয়নে পাত্তা নিদিলে। চহৰখনৰ বুকুত কতবোৰ ঘটনা। কোনে কাৰ হিচাপ ৰাখে? মই কলেজ যোৱালৈকে সি তাতে বহি থাকিল। মই তাক নেদেখাৰ ভাও ধৰি স্পীডত গাড়ী চলাই গুচি আহিলো। বেক মিৰৰেৰে দেখিলো, সি পিছে পিছে দৌৰি আহিছে।

কলেজৰ গেটখন পাই মোৰ আকৌ আচৰিত হোৱাৰ পাল। সি তাৰ লেতেৰা দাঁতকেইটা নিকতাই মোলৈ চাই হাঁহি আছে। তৰ্কিবই নোৱাৰিলো, ইমানদূৰ ৰাস্তা সি কিহেৰে আহিল।

কলেজত সোমায়েই নয়নক ফোন কৰিলো, উষ্মা জাৰিলো। নয়নে বোলে,- “কোনোবা হিষ্টিৰিয়াৰোগী হ’ব পাৰে। ৰ’বা পুলিচত খবৰ দিওঁ” ।

পুলিচৰ নাম শুনাৰ লগে লগে মোৰ পিছে বুকুখন ধহমহাইহে গ’ল।

“নালাগে নালাগে পুলিচত খবৰ দিব নালাগে, সি মোক একো অপকাৰ কৰা নাইতো।”

লাহে লাহে সি মোৰ খবৰ ৰখা হ’ল। গধূলিবোৰত তাৰ গোন্ধ পোৱা হ’লো। কোনোবাদিনা মই তাৰ ফালে নাচালে সি জাপ মাৰি আহি মোৰ চলন্ত গাড়ীৰ বনেটত বহি দিয়েহি। কোনোবা এদিন আকৌ দীঘল দীঘল খোজেৰে মোৰ সন্মুখেৰে পাৰ হৈ যায়। চিনাকী হৈ পৰিলেও তাৰ প্ৰতি মোৰ ভয় নকমিল। কিম্বা তাক উপেক্ষা কৰোঁ বুলিলেও উপেক্ষা কৰিব নোৱাৰা হ’লো। তাৰ স’তে কিবা যেন আত্মীয়তা আছে মোৰ। নয়নক সেই কথা ক’বলৈ ভয় লগা হ’ল। নয়নে এইবিলাক ‘ঝামেলা’ত সোমাব নিবিচাৰে। আত্মৰক্ষাৰ বাবে আইন আছে। আইনৰ সুপ্ৰয়োগ কৰিব লাগে। নয়নৰ সেই মতামত।

মোৰ দৃষ্টিভংগী অলপ বেলেগ। মই তাক কোনো মানসিক ডাক্তৰৰ ওচৰলৈ লৈ যাব খুজিছিলো। নয়নে মোক ধমকি দিলে।  নলগা জেঙত লগা মোৰ এই স্বভাৱটো নয়নে অলপো ভাল নাপায়।

“পৃথিৱীত অলেখজন এনেকুৱা মানুহ পাবা। কিমানজনৰ পিছত দৌৰি ফুৰিবা? কিমানজনক সহায় কৰিবা?”

“অন্তত এজনক”,- মই তপৰাই মাত মাতো।

নয়নৰ মুখখন কঠোৰ হৈ পৰে। মোক বুজোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা হেনো একেই কথা। প্ৰায়ে বন্ধুবৰ্গৰ আগত তেনে অভিযোগ কৰে।

বাস্তৱৰ অন্তঃভাগ:

দিন যায়, ৰাতি আহে। গছৰ পাতে ৰং সলায়। কিনকিনীয়া বৰষুণজাকে প্লাৱন আনে। প্ৰখৰ ৰ’দ গুচি কঁহুৱানি কোমল কৰা ৰ’দজাকৰ আগমন ঘটে। তাৰ পাছত আঘোণৰ গোন্ধ বিয়পাই কুঁৱলীৰে চহৰ ভৰে। সেই ৰাতিবোৰতো সি কঁপি কঁপি অভাৰব্ৰীজৰ ফুটপাথত পৰি থাকে। চহৰখনৰ এজুম মানুহ ব্যস্ততাৰে তাৰ কাষেৰে পাৰ হৈ যায়। সি কালৈকো নাচায়। কোনেও তালৈ নাচায়।

“তোমাকেই চায় সি। তোমাৰ পুৰুষ বন্ধুবোৰে তোমাৰ ৰূপৰ গুণ গায়। এতিয়া ৰাস্তাৰ পগলাটোৱেও তোমাকহে পায়”,- নয়নে ক্ষোভ উজাৰে।

উজাই অহা খঙটো দমাই থওঁ। সমানে সমানে খং কৰিলে মই যে মই হৈ নাথাকিম। মই সদায়েই শান্ত হৈ থাকিব খোজাৰ বিপৰীতে নয়নৰ খঙবোৰ দিনে দিনে বাঢ়ি গৈছে। সৰু সৰু কথাতে তেওঁ উত্তেজিত হৈ পৰে।

বাস্তৱৰ পশ্চাদপৃষ্ঠ:

এনে এটা সন্ধ্যাতে এদিন কান্ধত জেকেটটো পেলাই দীঘল খোজেৰে নয়ন সোমাই আহি বেতৰ চোফাখনত ধামকৈ বহি পৰে। মুখখন তেওঁৰ চিন্তাক্লিষ্ট। সদায় দেখি থকাৰ দৰে নহয়। কি হ’লনো? বুকুখন চিৰিংকৈ মাৰে মোৰ। ঘৰ সোমাই লেপটপ খুলি নয়নে ইণ্টাৰনেটত শ্বেয়াৰ মাৰ্কেট অধ্যয়ন কৰি থাকে। মাজতে বাজি উঠা ফোনটো দাঙি সিফালৰ কোনোবাজনক উচ্চস্বৰত গালি-গালাজ আৰম্ভ কৰে। ৰ’ব নোৱাৰি সুধি পেলাওঁ মই,—

“কি হ’লনো তোমাৰ? অফ মুডত আছা যে? টাৰ্গেট পূৰা হোৱা নাই নহয়?”

নয়ন গৰগৰাই উঠে,-“কিহ’ৰ টাৰ্গেটৰ কথা ক’লা সোনজনী? চাকৰিটো গ’ল মোৰ, চাকৰিটো গ’ল।”

চাকৰিটো গ’ল নয়নৰ? দিনে-ৰাতিয়ে ইমানকৈ কাম কৰাৰ পাছতো চাকৰি যাব পাৰে নয়নৰ? আচৰিত হ’লো। নয়নৰ চকুলৈ চালো। কোটৰত সোমোৱা শুকান এযোৰ চকু। পৰাজিত সৈনিকৰ দৰে আশাহত চেহেৰা। ধূসৰ হৈ উঁৱলি যোৱা মুখৰ বৰণ। শেঁতা ওঁঠ।

“কি হ’লনো অ’? চাকৰিটো গ’লেই যেনিবা, তাতেনো কি হয়? জীৱনক সহজভাৱে লোৱা নয়ন। চাকৰিটোহে গৈছে। বুদ্ধি নাশ হ’ব নোৱৰাকৈ মগজুটো এতিয়াও আছে। কাম কৰিব পৰাকৈ সবল দুখন হাত আছে। ঠিয় হ’ব পৰাকৈ দুখন ভৰিও আছে। আৰু কি লাগে হা? জীয়াই থাকিবলৈ আৰু কি লাগে?”,- ক’ব বিচৰা কথাবোৰ মনতে পাগুলি থওঁ। নকওঁ।

দুই মিনিটৰ মৌনতা উকলি যায়। তাৰ পাছত নিৰ্বিকাৰচিত্তে মই মাত লগাওঁ,- “হ’ব দিয়া। এতিয়া মুখহাত ধোৱা। মই ৰুটি সেকো। খাই লোৱা”।

টেবুলত বহিল যদিও নয়নৰ মুখখনৰ পৰা ডাৱৰখিনি দূৰ হৈ নাযায়। মেডিকেল ৰিপ্ৰেজেন্টিভ হৈ মেডিচিন কোম্পানী এটাৰ আঞ্চলিক শাখাৰ দায়িত্বত আছিল তেওঁ। তলৰ মানুহবোৰে ভালদৰে কাম কৰিব পৰা নাই। ঘৰতো এফালে মোৰ পুঁজিপতিবিৰোধী মন্তব্য, আগতে মাজে-সময়ে খোঁচ নিদিয়াকৈ থকা নাছিলো,–

“আচ্ছা। তোমালোকে যে ডাক্তৰৰ উপহাৰৰ নামত ইমান টকা খৰচ কৰা, কি লাভ হয় কোম্পানীৰ?”

“আৰে! তুমি এইবোৰ নুবুজিবা। এইবোৰ কোম্পানীৰ পলিচী বুজিছা”।

“কি পলিচী? বুজোৱা মোক। কিয় নুবুজিম?”

“ডাক্তৰজনক উপহাৰ দিলেহে ডাক্তৰে প্ৰেছক্ৰিপশ্বনত আমাৰ কোম্পানীৰ ঔষধৰ নাম লিখিব। তেতিয়াহে আমাৰ ঔষধৰ চাৰ্কুলেশ্বন বাঢ়িব”।

“আচ্চা। মানে ঘোচ দিয়া তোমালোকে। ধৰা পৰিলে দেখোন জেললৈ যাবা।”

“এই! কি কোৱা! কি কোৱা! ঘোচ নহয়, উপহাৰ বুলি কয়, উপহাৰ”,- নয়নৰ মাতটো টানকৈ ওলায়।

“ঘোচেই হয়। তোমালোকে ঘোচ দিয়া। ডাক্তৰে তোমালোকৰ কোম্পানীৰ ঔষধৰ নাম লিখে। দৰকাৰী ঔষধ নহলেও লিখে। তাৰ ফল সৰ্বসাধাৰণে ভূগে। বেমাৰ ভাল নহয়। বৰঞ্চ পানীৰ দৰে পইচা যায়। হেৰৌ পাপ হ’ব বুইছা। বেমাৰী মানুহৰ লগত ধেমালি কৰিব নাপায়।“

“ক’তনো ধেমালি? আমি ওপৰৱালাৰ নিৰ্দেশ মানি চলো।“

নয়নৰ লগত প্ৰায়ে এই কথাবোৰত উজুটি খাওঁ। বহুজাতিক কোম্পানীবোৰে আবেগ কিনিছে। আবেগৰ নামত ধন ঘটিছে। সৰ্বসাধাৰণ ৰাইজ হাথিয়াৰ হৈছে। কিন্তু কাকনো বুজাওঁ, কোনে পতিয়াব? সেয়ে মনে মনে থাকো। কলেজৰ লৰা-ছোৱালীবোৰক মই অৰ্থনীতি পঢ়াওঁ। পুঁজিপতিৰ সূত্ৰৰে অৰ্থনীতি ঠাহ খাই থাকে।

নিজৰ কলেজীয়া দিনলৈ ঘূৰি যাওঁ। মানসিকতাৰ আকৃতিত গঢ় লোৱা ভৱিষ্যতৰ ভাঁজবোৰে ৰূপ লয় য’ত।

“আমি এক বিপ্লৱ আৰম্ভ কৰোঁ আহ।“,-অৰ্থনীতিৰ কোনোবা এটা ক্লাছত ধ্ৰুৱই আৰম্ভ কৰিছিল কথাষাৰ।

“বিপ্লৱ!”,- নৱ, প্ৰণৱহঁতে একপ্ৰকাৰ চিঞৰিয়ে দিছিল।

“অ’ সেউজ বিপ্লৱ কৰিম। তহঁতে চিন্তা কৰ। ভোটজলকীয়াৰ খেতি কৰিম, ফুলৰ খেতি কৰিম, থলুৱা বস্তুৰ উপৰিও বজাৰৰ চাহিদা থকা শস্যও ৰোপণ কৰিম।

বিপৰীতে নয়নে মোক কৈছিল,- “মই এম বি এ কৰিম। আজিকালি এম বি এ কৰিলে খুব ডিমাণ্ড। লগে লগেই বাহিৰলৈ চুউউউউট”, হাতেৰে উৰি যোৱাৰ অভিনয় দেখুৱায় নয়নে।

চুউউউউউট……………

বাহিৰলৈ যোৱাৰ অনুশীলনত ব্যস্ত হৈ পৰিল নয়ন। চাকৰি, প্ৰমোচন, টাৰ্গেট, বনাচ, এক্সপ’জাৰ, বিদেশ যাত্ৰা এইবোৰত নয়নৰ সুখৰ গ্ৰাফডাল দোপতদোপে ওপৰলৈ উঠি যাবলৈ ধৰিলে। আৰু মই থাকিলো চহৰৰ চুক-কোণৰ সুখ-দুখবোৰ বিচাৰি। বৰষুণত তিতি তিতি গুমটিখনৰ পৰা চাহ-পকৰী খাওঁ, বজাৰত পাচলি বেচিবলৈ অহা সৰু লৰাটোক দুটকামান বেছিকৈ দি পেলাওঁ। সৰু মানুহ, সৰু সৰু সুখৰ অৰ্থনীতিৰ লগত নিজকে সাঙুৰ খোৱাই লওঁ।

‘অনৰ্থক কাৰবাৰ এইবোৰ’,- নয়নে ভোৰভোৰায়, “অৰ্থনীতিৰ মানুহ হৈ তুমি অৰ্থনীতি নাজানা”।

বজাৰ অধ্যয়ন কৰে নয়নে। মই অধ্যয়ন কৰোঁ বজাৰত বেচা-কিনা কৰা সুখ-দুখবোৰ। কাৰ পকেটত কিমান টকা সোমালে সুখ এমুঠি কিনিব পাৰিব, মোৰ সেই হিচাপত তল যায় নয়নৰ পাৰ্শ্বক্ৰিয়াযুক্ত ঔষধৰ বজাৰ মূল্য।

ৰাতিবোৰে আজিকালি মোৰ স’তে কথা পাতে। খিৰিকীমুখৰ কৰৱীজোপাৰ স’তে আলিংগনত ৰত হয় নিয়ৰকণাজাক। ভাৰসাম্য ৰাখিব নোৱাৰি নিয়ৰৰ টোপালবোৰ কৰৱীজোপাৰ পৰা তললৈ সৰি পৰাৰ শব্দতে মই সাৰ পাই যাওঁ। গাত উঁৱলা চোলা পিন্ধি ফুটপাথত পৰি থকা পগলাটো মনৰ পৰ্দাত জিলিকি উঠে। কিবা ক’ব খোজে সি মোক। হয়। হয়। কিন্তু কি ক’ব খোজে সি মোক? শীতৰ কোনো এক অস্থিৰ ৰাতিৰ এপৰত নয়নক জগাই দিওঁ,-

“নয়ন ! নয়ন !”

“হা কি হৈছে?”,- গভীৰ টোপনিৰ পৰা সাৰ পাই নয়ন খকমকাই উঠে।

“নয়ন তাৰ চাগৈ ঠাণ্ডা লাগিছে।“

নয়ন চক্ খাই বিছনাত বহি পৰে। কোন স্বামীয়ে পত্নীৰ পৰা এনে পাগলামি আশা কৰে? কেতিয়াবা মোৰ মনত শংকা হয়। আচলতে বলিয়া কোন? সি নে মই? নে নয়ন? নহয়। নয়ন হ’ব নোৱাৰে। নয়ন বাস্তৱবাদী। মোৰ পাল্লাত পৰিহে নয়নৰ ভ্ৰম হৈছে। মই ঠিক কৰিব লাগিব নিজকে”,- নিজেই নিজক প্ৰবোধ দি মই কম্বলখন টানি শুই পৰোঁ। নয়নে গাৰু লৈ চোফাৰ ফালে আগবাঢ়ি যায়। মই জাপ মাৰি বিছনাৰ পৰা নামো। নয়নৰ পিঠিত মুখ গুজি পিছপিনৰ পৰা সাৱটি ধৰো,-

“আৰু নকৰো নয়ন। এনেকুৱা আৰু নকৰো।”

নয়নে দেখোন আজিকালি বেলেগ আচৰণ কৰিবলৈ লৈছে। মাজে মাজে উদাসীনতা, মাজে মাজে খিংখিঙীয়া। খোৱা-পিন্ধাত ৰাপ নোহোৱা, ক’লৈকো ওলাই যাব নোখোজা। কেতিয়াবা দিনৰ দিনটো লেপটপ অন কৰি শ্বেয়াৰ মাৰ্কেটত ঘূৰি ফুৰে। তেওঁলোকৰ কোম্পানীটোৱে হেনো কোটি কোটি টকাৰ লোকচান ভৰিছে।

ৰাতি এপৰলৈকে নয়ন টেবুলত বহি থাকে। চিগাৰেটৰ ধোঁৱাৰে কোঠাটো উশাহবন্ধ হৈ পৰে। কোঠাটোৰ পৰা ধোঁৱাৰ কুণ্ডলীবোৰে মোক খেদি আহি বিছনাখন ভিৰ কৰেহি। কম্বলখন ধোঁৱাময় হৈ পৰে। ক’ৰবাত ভমককৈ একুৰা জুই জ্বলে। সেই জুয়ে মোক দহে। অহৰ্নিশে দহে। সেই দহনৰ পৰা পলাবলৈ আহি নয়নৰ পিঠিত হাত থওঁ। নয়নে সঁহাৰি নজনায়, মাত নামাতে, উচুপিও নুঠে।

মই ইন্টাৰনেট খুঁচৰো। ‘কি হৈছে নয়নৰ’ বুলি চাৰ্চ ইঞ্জিনত শাৰী পাতো। ইন্টাৰনেটে মোক সঁহাৰি জনাই উত্তৰ দিয়ে,- “নয়ন হতাশ হৈছে। সেয়ে সি উদভ্ৰান্তৰ দৰে আচৰণ কৰিছে”।

মই মৰমেৰে নয়নৰ চুলিকোচা লিৰিকি দিওঁ,- “হাত দুখন আছে নহয়? জীয়াই থাকিবলৈ কিমান টকা লাগেনো নয়ন?”

নয়নে কেতিয়াবা মোক সাৱটি সৰু লৰাৰ দৰে উচুপি উঠে। কেতিয়াবা কোনো প্ৰতিক্ৰিয়া নেদেখুৱাকৈ লেপটপৰ স্ক্ৰীণত চকু থৰ  কৰি মোক উপেক্ষা কৰে। মই পুনৰ বিছনাত পৰো। দুখন মুখ একাকাৰ হৈ যায়। নাই। মই মোৰ মনৰ জোৰেৰে নয়নক ধৰি ৰাখিব পৰা নাই।

নয়ন! নয়ন! নয়ন!

ৰাতি দুপৰত মই সাৰ পাই উঠো। নয়নক বিছনাত খেপিয়াই চাওঁ। নাই। নয়ন গৈ চোফাত পৰি থাকে। মইও হতাশ হৈছো। হতাশাৰ পিচৰ পৰ্যায়লৈ গুচি গৈছে নয়ন। নয়নৰ পিচে পিচে হয়তো মই! তাৰ পাছত হয়তো সমগ্ৰ পৃথিৱী।

সেই পগলাজনে তাৰ লেতেৰা দাঁতকেইটা নিকতাই মোলৈ চাই বিদ্ৰুপৰ হাঁহি এৰিছে। প্ৰশ্নবাণ এৰিছে,-

“অসুস্থ কোন আচলতে ? মই নে? সি নে? নে আমাৰ সমাজখন?”

এৰা। আমাৰ সমাজখন অসুস্থ। অসুস্থ আমি সকলোৱেই। ফেশ্বনৰ নামত নতুন নতুন কাপোৰেৰে ঘৰ ভৰাই পেলালেও নাঙঠজনৰ গাত এখন কাপোৰ মেৰিয়াই নিদিওঁ আমি। পুহমহীয়া জাৰত কঁপি কঁপি শুই থকা পগলাজনক কম্বল এখনৰ বৰ দৰকাৰ আছিল। মোৰ কম্বলখনে আকৌ মোক জুইৰ দৰে গ্ৰাস কৰিলে। জুইকুৰাই মোক ছাঁই কৰি তোলাৰ আগতেই মই এক আৰ্তনাদ শুনিলো। নয়ন চিৰিৰে বাগৰি পৰিছে। কেনেকৈ? কেনেকৈ? চোফাত শুই থকা নয়ন কি কাৰণত চিৰি পাইছিলগৈ? এগালমান প্ৰশ্নই জুমুৰি ধৰিলে মোক। দৌৰাদৌৰিকৈ এম্বুলেন্স মাতিলো। বিশেষ কোনো গভীৰ আঘাত পোৱা নাই নয়নে। অলপ সকাহ পালো। মূৰত দুটা চিলাই আৰু ভৰিত বেণ্ডেজ লৈ হস্পিতেলৰ পৰা ঘূৰিবৰ সময়তেই কেজুৱেলিটিৰ ডাক্তৰজনে ড০ শ্বেতাক মাতি লৈ মোক উদ্দেশ্যি কয়,-

“মিচেচ মালা, তেওঁক অলপ কাউন্সেলিঙৰ প্ৰয়োজন আছে । আশাকৰোঁ আপুনি আমাক সহায় কৰিব”।

ড০ শ্বেতাক মই চিনি পাওঁ। ভাল মানসিক বিশেষজ্ঞ। একে সময়তে মোৰ তালৈকো মনত পৰিল। কোন হয় সি, নাজানো মই। কিন্তু মোক অস্থিৰ কৰি ৰাখিব পৰা এক সত্তা হৈ পৰিছে সি। তাৰ চকুযুৰিলৈ মনত পৰিল। এসোপা প্ৰশ্ন দলিয়াই থৈ যোৱা এহাল চকু। ভীৰৰ মাজৰ পৰা আহি মোৰ কাষত থিয় হৈ ৰোৱা এহাল চকু। পুহমহীয়া ঠাণ্ডাত ৰাস্তাত কঁপি কঁপি সেই চকুহাল মুদি শুই থাকোতে মই তালৈ চাইছিলো এবাৰ। কিমান নিষ্পাপ আছিল শিশুৰ দৰে সেই চেহেৰা। কাৰো ওপৰতে যেন কোনো আক্ষেপ নাই। সেই দৃশ্যটোৱে মোক সদায়ৰ দৰেই আজিও আমনি কৰিলে। নয়নক চিকিৎসাৰ কাৰণে নিৰীক্ষণত ৰাখোতেও তালৈ মোৰ মনত পৰিছে। মই বাৰু সঁচাই বেয়া নেকি?

“মোক ক্ষমা কৰা নয়ন” -বুলি মই মুখ ঢাকি বহি পৰোঁ। কিবা এটা কৰোঁ। নহ’লে মই উদভ্ৰান্ত হ’ম। বুকুৰ জুইকুৰা দপদপাই জ্বলিছে। মনতে প্ৰাৰ্থনা কৰি থানাত খবৰ দিলো।‘তাৰ দায়িত্ব মই ল’ম’, হস্পিতেল কৰ্তৃপক্ষক সেই কথা জনাই দিলো। এম্বুলেন্সখনত দুজন পুলিচৰ সৈতে সি শান্তভাৱে পিচৰ চিটত বহি আহিছিল। মই তালৈ মাজে মাজে ঘূৰি চাওঁ। নাই। পৃথিৱীখনৰ কাৰো ওপৰতেই যেন তাৰ কোনো ওজৰ-আপত্তি নাই।

হস্পিতেলৰ এটা ৱাৰ্ডত নয়ন মোৰ বাবে অপেক্ষাৰত। সেই কথা জানিও মই সেই পগলাজনৰ চিকিৎসাৰ বাবে দৌৰি ফুৰিছো। নয়নক ৰিলিজ দিবৰ সময় হৈছে। যাৱতীয় কামবোৰ শেষ কৰি আহি নয়নক সাৱটি ধৰিলো। মোক জ্বলাই থকা জুইকুৰা এতিয়া অলপ শাঁত পৰিছে। সেই জুইকুৰাই এতিয়া দুজনক উম দিব। মোৰ পথৰ পৰা কিছু কুঁৱলী আঁতৰি গৈছে।

উপসংহাৰ :

নয়নে ভ্ৰম বকিছিল। চিকিৎসাৰ প্ৰথম ৰাতি নয়নে বিৰবিৰাই আছিল,-“হাত দুখন আছে নহয় মালা? কিবা এটা কৰি চলিব পাৰিম নহয় আমি?”। মোৰ দুহাতৰ মাজত শুকান হাতখন চেপি ধৰি নয়নক আশ্বাস দিছিলো,- “চিন্তা নকৰিবা নয়ন। মই আছোতো। মই আছো।”

লাহে লাহে নয়ন সুস্থ হ’বলৈ ধৰিছিল। ঘৰলৈ গৈ নয়নক এক মিনিটৰ বাবেও এৰি নিদিলো। ক’ৰবাত আমি সকলোৱেই অসুস্থতাৰ চিকাৰ। মানসিক অসুস্থতা, শাৰিৰীক অসুস্থতা নতুবা বৌদ্ধিক অসুস্থতাৰ। ক্ষণিক সুস্থতাক লৈ অহংকাৰ কৰি কি লাভ? নয়নৰ ভৰিৰ আঘাত খুব চিন্তনীয় নহয়। কিন্তু তেওঁৰ মনৰ ওপৰত গভীৰ চাপ পৰিছে, ড০ শ্বেতাই মোক সেই কথা কৈছিল। আৰু সমান্তৰালভাৱে সিজনৰো চিকিৎসা চলি আছিল। নয়নৰ অজ্ঞাতেই মই সেই দায়িত্ব লৈছিলো।

মাজে মাজে নয়নক চেকআপত আনো। নয়নৰ ভৰিৰ ড্ৰেছিং কৰাওঁ। সেইখিনি সময়তে ড০ শ্বেতাৰ লগত নিৰিবিলিকৈ কথা হওঁ। তেনেদৰেই আজিও মানসিক ৰোগীৰ কক্ষলৈ গৈ থকা ড০ শ্বেতাৰ কাষে কাষে খোজ কাঢ়ি মই তাৰ হিষ্টৰী শুনিলো,-

“বৰ ট্ৰেজিক ষ্টো’ৰী মালা। এসময়ত ই খুব মেধাবী ছাত্ৰ আছিল। গৱেষণাৰ কামত নিয়োজিত হৈ থকা সময়তে তাৰ হোষ্টেলৰ ৰূমত জুই লাগিছিল। তাৰ থেচিচ জ্বলি গৈছিল।“

“অহ! চ’ চেড!”,- মই হুমুনিয়াহ এৰিছিলো, “কিন্তু ড০ শ্বেতা! সি মোৰ লগত কিয় তেনে আচৰণ কৰিছিল?”,- মোৰ উৎকন্ঠাৰ অন্ত পৰা নাছিল।

“কাৰণ সি আপোনাক চিনি পায়। সি আপোনালোকৰে বেটচমেট আছিল। কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ আছিল।“

“মোৰ বেটচমেট? কেমিষ্ট্ৰি ডিপাৰ্টমেন্টৰ? নয়নেওতো কেমিষ্ট্ৰি ডিপাৰ্টমেন্টত এডমিছন লৈছিল। চিনি পোৱা নাই নেকি নয়নে?”

“পায় মালা। নয়নে তাক চিনি ভালকৈয়ে চিনি পায়। সেইকাৰণেই নয়ন আজিও অপৰাধবোধত ভূগি আছে”,- ভৰিত বেণ্ডেজ বন্ধা ভাগেৰেই নয়ন সোমাই আহে তাৰ ৱাৰ্ডলৈ।

“কি কথা নয়ন? কিবা লুকুৱাইছা মোৰ পৰা ?”,- মই আচৰিত হওঁ।

“অনিৰ্বাণ! সি অনিৰ্বাণ। আমাৰ ডিপাৰ্টমেন্টৰ এজন চোকা ল’ৰা আছিল”,- নয়নে কিবা কোৱাৰ আগতেই সি আহি নয়নক জপটিয়াই ধৰে। ৱাৰ্ডবয়কেইজনে  তাক আঁতৰাই নিয়ে। সি খিটখিটাই হাঁহি হাঁহি ৰেলিঙত ধৰি আমাৰ ফালে চাই থাকে। তাৰ পাছত নয়নলৈ চাই সি নিজৰ ওঁঠত আঙুলি লগাই চিঞৰি উঠে,-

“চুপ!”

নয়নৰ চকুহাল চলচলীয়া হৈ পৰে। চলচলীয়া চকুযোৰে প্ৰমাণ কৰে, নয়ন পুনৰ সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে।

ৰেলিঙৰ ফালে চাই পঠিয়াওঁ। চাফ-চিকুণ হৈ আছে সি। চেহেৰাত বুজা যায় সি কোনো ভাল ঘৰৰ ল’ৰা আছিল। হাঁহিৰ মাজেৰেই সি নয়নক পুনৰ অনুৰোধ কৰে,- “নয়ন ।চুপ!”

তাৰ হাঁহিটো আজি বিদ্ৰূপৰ হাঁহি নহয়। তাৰ হাঁহিবোৰত শ্লেষৰ ৰেশ নাই। তাৰ হাঁহিবোৰত যেন যীশুৰ দৰে ক্ষমাৰ বাণী জিলিকি উঠে।

বিজুলী সঞ্চাৰিত আধানৰ দৰে তড়িৎ গতিৰে অনিৰ্বাণ নামৰ এটা নামে মোৰ মগজুত খুন্দা মাৰেগৈ। হয় হয়। মনত পৰিছে। মনত পৰিছে। বয়জ হোষ্টেলৰ আৱাসী আছিল অনিৰ্বাণ। কলেজৰ কেমিষ্ট্ৰি ডিপাৰ্টমেন্টৰ আগেৰে পাৰ হৈ যাওঁতে হোষ্টেলৰ ল’ৰাবোৰে মোলৈ এখন চিঠি দলিয়াইছিল। কোনোবা এজনীয়ে বুটলি আনি সেইখনকে ক্লাছৰূমত আবৃত্তি কৰি শুনাইছিল। তাৰ কিছুদিন পাছত বিশ্ববিদ্যালয়ত ভৰি থৈছিল সিহঁতে। অনিৰ্বাণ গৈছিল নিজ পথে। নয়নৰ কক্ষপথ কিছু সুকীয়া। সি উৰ্ধমুখী গ্ৰাফৰ পক্ষপাতী।

কথাবোৰ পাগুলি থকাৰ মাজতে ড০ শ্বেতাই আমাক এৰি ৱাৰ্ড পায়গৈ। ৱাৰ্ডত অনিৰ্বাণৰ চিকিৎসা আৰম্ভ কৰে। দুয়োৰে কথাৰ টুকুৰা-টুকুৰা সুৰবোৰ আমাৰ কাণত পৰেহি । নয়ন আহি মোৰ হাতখনত ধৰেহি,-“মালা, মোক ক্ষমা কৰা”।

“ক্ষমাৰ কথা ক’ৰ পৰা আহিল নয়ন?”,- মই কলেজৰ কেমিষ্ট্ৰি ডিপাৰ্টমেন্টৰ পৰা মনটো বুটলি আনো।

নয়নে তলমূৰকৈ কৈ পেলায়,- “কাৰণ সি মোৰ জ্বলন হৈ পৰিছিল। এই জ্বলনৰ ফলস্বৰূপেই এদিন অনিৰ্বাণৰ লগত কাজিয়া কৰি তাৰ পঢ়া-টেবুলত জুই লগাই দিছিলো।”

আসঃ ! বুকুৰ চৰাইজনী ধৰফৰাই উঠে। মূক হৈ পৰোঁ মই! হৃদয়ৰ মণিকোঠত অনিৰ্বাণ নামৰ লৰাজনৰ চিঠি এখনে কুণ্ডলী পকাই থাকে। সেই কুণ্ডলীটোত ক্ৰমে পাক খাই পৰে অনিৰ্বাণৰ জ্বলন্ত গৱেষণাপত্ৰৰ এমুঠি ক’লা ছাঁইৰে কিনা নয়নৰ ভোগ-বিলাসেৰে পূৰ্ণ এখন উদভ্ৰান্ত পৃথিৱীৰ এটা নিমিলা অংক।

☆★☆★☆

 

24 Comments

  • Silpasree

    বৰ ভাল লগা গল্প এটি পঢ়িবলৈ উপহাৰ দিলে।

    Reply
    • পাৰবীন

      ধন্যবাদ শিল্পা । হাস্যৰসৰ নোহোৱাৰ বাবে ইয়াত দিব পাৰিনে নাই চিন্তা কৰি আছিলো । সম্পাদকে যে ইয়াত ঠাই দিলে তাৰ বাবে তেওঁৰ কৃতজ্ঞ হৈ ৰ’লো

      Reply
  • প্ৰিয়ম চুতীয়া

    পীৰবিন বা আপুনি কেনেকে ভাবে নো ইমান ধুনীয়াকে লিখে যে, আপোনাৰ যিকোনো লিখা পঢ়িবলৈ মই সদায় আগ্ৰহী হৈ থাকো কিয় নাজানো, আপোনাৰ লিখনশৈলী উন্নত মাণদণ্ডৰ

    Reply
  • পংকী বৰা

    আপোনাৰ গল্পটি পঢ়ি আপ্লুত হলো বাইদেউ।

    Reply
  • Rajdeep Borah

    কিছু লিখিছা পাৰবীন ! বহুত ভাল লাগিল

    Reply
    • পাৰবীন

      ধন্যবাদ জনালো ভিনদেউ

      Reply
  • Dhruba Jyoti Arjuna

    অাহ । কি যে পৰিসমাপ্তি ।

    Reply
    • পাৰবীন

      তোমাৰ নাম লৈছিলো । তুমি আদৰ্শ হৈ উঠা । বহুত শুভকামনা………

      Reply
  • পৰিস্মিতা বৰদলৈ

    পৰী বা , এক পৰম উৎকন্ঠাৰে পঢ়ি গ’লো শেষলৈকে ৷ মাজৰ বহু কথাই সাৰপানী যোগালে যেনে চাকৰি নাথাকিলি কি হ’ব কাম কৰিবলৈ হাত দুখনটো আছে,মন,মগজু আছে৷কাহিনীটো মৰ্মান্তিক ৷ আপোনাৰ কাপৰ মায়াজালত আবদ্ধ হ’লো পুনৰ৷

    Reply
    • পাৰবীন

      হয় পৰি । চাকৰি এটা নহ’লে জীৱন বৃথা বুলি ভবা বহুতকে মই তেনেদৰেই কওঁ…

      ধন্যবাদ জনালো তোমাক ।

      Reply
  • বিজু গগৈ

    বৰ ভাল পালো পঢ়ি ৷

    Reply
  • ফৰিজা আৰফিন

    উফ!!!! একো নক‍ও হা, নগাওত লগ পাও যদি তোমাৰ হাত দুখনিত চুমা এটি দিম।

    Reply
  • Kaveri

    মই জানিছিলো এ ।খুব ধূনীয়া হব ।বিৰাট ভাল লাগিল

    Reply
  • Khanindra

    কিছু লিখিলে দেই

    Reply
  • Gitika Saikia

    পৰীৰ লিখনিৰ প্ৰেমত পৰি গৈছো। যিয়েই লিখা সকলোবোৰেই ভাল লাগে। এই গল্পটো তোমাৰ আনবোৰ লিখনিতকৈ পৃথক। লিখাত তোমাৰ দক্ষতাৰ প্ৰকাশৰ আন এটা

    Reply
  • Gitika Saikia

    তোমাৰ লিখনিৰ প্ৰেমত পৰি গৈছো। যিয়েই লিখা সকলোবোৰেই ভাল লাগে। এই গল্পটো তোমাৰ আনবোৰ লিখনিতকৈ পৃথক। লিখাত তোমাৰ দক্ষতাৰ প্ৰকাশৰ আন এটা উদাহৰণ।

    Reply
  • Mousumi

    কাহিনি ভাষা বৰনণা ..everything is so perfect. Glad to read this.

    Reply
  • মনালিচা

    কি সুন্দৰ! আপ্লুত হ’লো

    Reply
  • হেমন্ত কাকতি

    “চাকৰিটো গ’লেই যেনিবা, তাতেনো কি হয়? জীৱনক সহজভাৱে লোৱা নয়ন। চাকৰিটোহে গৈছে। বুদ্ধি নাশ হ’ব নোৱৰাকৈ মগজুটো এতিয়াও আছে”
    তাৰ পিচতো, সি নোৱাৰিলে৷ পাৰিব বুলিওতো কথা নাই, সকলো তো চুপাৰ হিৰো নহয়! মানসিক চাপৰ চাকনৈয়াত পৰি ভাঙি চিৰাচিৰ হৈ যোৱা বহু নয়নৰ কাহিনী ইমান সুন্দৰকৈ বৰ্ননা কৰিলা৷ আমি গৌৰৱান্বিত যে পৰীৰ দৰে লিখিকা আমাৰ ফটাঢোলৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে৷ কি বুলি কম আৰু !

    কেলেপ কেলেপ কেলেপ বুলিয়েই কলো আৰু!

    Reply
  • জিমী শ‌ইকীয়া

    পাৰবীণ বা !কি বুলি ক’ম ভাবিছো।তিনিজনৰ মাজতেই সমাজখন উদ্ভাসিত হৈছে।ভাল লাগিল।

    Reply
  • মন্দিৰা

    পঢ়ি আপ্লুত হ’লো পাৰবীন।

    Reply
  • Priyankee Baruah

    উস্ বা । কি লিখিছে ! সঁচাকৈয়ে অভিভূত হৈ পৰিছো ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *