সাম্প্রতিক অপ্রিয় বাস্তব – দিব্যজ্যোতি চৌধুৰী
হোটেল “সোৱাদ”ৰ সন্মুখত এখন ধুনীয়া কাৰ ৰ’লহি। ড্রাইভিং চিটৰপৰা এজন সুদৰ্শন যুৱক নামি আহিল। যুৱকে হোটেলৰ কাউণ্টাৰৰ ফালে খোজ ল’লে।
: গৰম চিঙৰা হ’ব নেকি?
যুৱকে কাউণ্টাৰত বহি থকা মানুহজনক সুধিলে। কাউণ্টাৰত বহি থকা মানুহজন অলপ যেন আচৰিত হ’ল! হয়তো তেওঁ দামী মিঠাইৰ কথা সুধিব বুলি ভাবিছিল!
: হ’ব, বহক।
কাউণ্টাৰৰ মানুহজনে ক’লে।
: নাই নবহোঁ। আপুনি দহটা গৰম চিঙৰা বনাই থওক। মই এক ঘণ্টাৰ পিছত আহি আছো। কিমান হ’ব দহটা চিঙৰাত?
যুৱকে সুধিলে।
: এশ টকা।
কাউণ্টাৰৰ মানুহজনে কোৱাৰ লগে লগে যুৱকে পকেটৰপৰা মানিবেগটো উলিয়াই এশ টকা আগবঢ়াই দিলে।
: হ’ব, আপুনি এঘণ্টাৰ পিছত আহিলে পাই যাব। মই পেকিং কৰাই থ’ম।
কাউণ্টাৰৰ মানুহজনে হাঁহি ক’লে।
যুৱক গাড়ীলৈ উভতি গ’ল আৰু গাড়ী ষ্টাৰ্ট দিলে। গাড়ী আগবাঢ়িল। ব্যস্ত চহৰখনৰ মাজেৰে অলপ দূৰ গাড়ী চলাই যুৱকে এঠাইত গাড়ী ৰাখি গাড়ীৰপৰা নামি গ’ল।
“মিনাক্ষী” জুৱেলাৰ্ছ। চহৰখনৰ এখন অন্যতম অলংকাৰৰ দোকান। যুৱক সোমাই আহিল মিনাক্ষী জুৱেলাৰ্ছলৈ।
: বহক, কিবা প্রয়োজন?
জুৱেলাৰ্ছৰ মালিক প্রণৱ পোদ্দাৰে প্রশ্নবোধক দৃষ্টিৰে যুৱকলৈ চালে।
: হয়। বিশ জানুৱাৰীত মোৰ বিয়া। মই চেন্নাইত থাকো। পাপাই বিয়া ঠিকেই কৰি পেলালে। এতিয়া গহনা বনাই থাকিবলৈ সময় নাই। গতিকে ৰেডিমেড গহনাকে দিম বুলি ভাবিছো। আপোনাৰ তাত ৰেডিমেড গহনাটো পোৱা যায়?
যুৱকে প্রশ্ন কৰিলে পোদ্দাৰক।
: পাব পাব। আইটেম বহুত আছে। সকলোবোৰেই হ’লমাৰ্কৰ। প্রথমে কেটলেগ চাই লওক।
পোদ্দাৰে দুখন কেটলেগ যুৱকলৈ আগবঢ়াই দিলে। যুৱকে কেটলেকত চকু ফুৰালে।
: মই অলপ অৰ্ণামেণ্টচ লগত আনিছোৱেই। কিন্তু সেয়াই কমিব। ষ্টেটাছ বোলা বস্তু এটা আছেতো।
যুৱকে হাঁহি হাঁহি ক’লে।
: ৰাইট।
পোদ্দাৰে হাঁহিলে।
যুৱকে কেটলেগৰপৰা চাই চাই অলংকাৰ চিলেক্ট কৰিলে। যুৱকে বাচনি কৰি দিয়া মতেই পোদ্দাৰে অলংকাৰবোৰ উলিয়াই আনিলে।
: কিমান টকা হ’ব হিচাপ কৰকচোন সোনকালে। সময় বৰ কম মোৰ। বহু মানুহক নিমন্ত্রণ দিবলৈ আছে।
যুৱকে কৈ উঠিল। পোদ্দাৰে কেলকুলেটৰ উলিয়াই সৰ্বমুঠ দাম উলিওৱাত ব্যস্ত হ’ল।
: তিনি লাখ আশী হাজাৰ হ’ল আপোনাৰ।
কেলকুলেটৰৰপৰা মূৰ তুলি পোদ্দাৰে কৈ উঠিল। যুৱকে পোদ্দাৰে দিয়া হিচাপটো পুনৰ নিজে কৰিবলৈ আৰম্ভ কৰিলে।
: হিচাপ ঠিকে আছে। কিন্তু বৰ্তমান মোৰ হাতত আঢ়ৈলাখ মানহে আহিল। চেহ। মোৰ আৰু এইবোৰ কিনি থাকিবলৈ সময় নাই। এইবোৰ চব মা-পাপাৰ কাৰণে হৈছে। ইমান কম সময় হাতত লৈ বিয়া ঠিক কৰেনে বাৰু! বিয়া নাপাতো বুলি আছিলো ভালেই আছিল বুইছে। মা-পাপাই যি হুলস্থুল লগাই লগালে আৰু।
: সেইটোনো কি কথা! উপযুক্ত বয়সত মানুহে বিয়া কৰাব লাগে। আপোনাৰ মা-পাপাই ঠিক চিন্তাই কৰিছে।
পোদ্দাৰে ক’লে।
: সেয়ে ময়ো মত দিলো। কিন্তু হাতত সময় অলপ লৈ বিয়াখন পাতিব লাগে। মাত্র দুসপ্তাহ হাতত লৈ বিয়া পাতিব ওলাইছে পাপাই। ইপিনে পাপা বৰ্তমান আছেগৈ নাৰ্চিংহোমত।
: কিয়?
: চুগাৰ, প্রেছাৰ চব বাঢ়ি গ’ল। পটেছিয়াম কমি আছে। ইফালে হাৰ্টত প্রেছমেকাৰ। কি যে কৰো নহয়।
যুৱকে নিজৰেই চুলি আজুৰিলে।
: ইচ, আপোনাৰ বৰ বিপদ হ’ল দেই। বিয়াখন এতিয়া….
: নাই, বিয়া হ’বই! কালিলৈ পাপাক ৰিলিজ লৈ আহিম। কিন্তু পাপাক একো কৰিবলৈ নিদিওঁ। চব ময়েই কৰিম। সেয়ে সময় কম মোৰ। যাওঁ, কথা পাতি নাথাকো। আপুনি মোৰ লগত দুজন মানুহ দিব নেকি? মই ঘৰৰপৰাই বাকী টকাখিনি পঠিয়াই দিম। আৰু একলাখ বিশ দিব লাগিব।
: তেনেকৈতো অসুবিধা হ’ব।
: ঘৰ বেছি দূৰত নহয় মোৰ।
: আপোনাৰ ঘৰ ক’তনো?
: ওচৰতে, বকুলপুৰত মোৰ ঘৰ।
: বকুলপুৰৰ কোনখিনিত ঘৰ আপোনাৰ?
: বকুলপুৰৰ দুই নং বাইলেনৰ ওচৰতে থকা শিৱ মন্দিৰটো দেখিছে?
: অঁ হয়, দেখিছো।
: মন্দিৰৰ কাষেৰে যোৱা গলিটোৰ সোঁফালে থকা দুমহলীয়া ঘৰটোৱেই মোৰ ঘৰ।
: প্রথমটোতো এক্স এম এল এ বিপুল বৰুৱাৰ ঘৰ।
: হয়, বিপুল বৰুৱাৰ ভতিজাক হওঁ মই। মোৰ খুড়া হয় বিপুল বৰুৱা।
: অঁ তুমি তেতিয়াহলে এডভোকেট অৰিন্দম বৰুৱাৰ ল’ৰা?
পোদ্দাৰে হাঁহি পেলালে।
: হয়।
যুৱকে মূৰ দুপিয়ালে।
: তোমাৰ পাপাক চিনি পাওঁ নহয়। অঁ তুমিয়ে চেন্নাইত থকা ল’ৰাজন! তোমাৰ কথা পাপাই কয় নহয় মোৰ আগত। তুমি যে চেন্নাইত ইঞ্জিনীয়াৰ চাকৰি কৰা মই গম পাওঁ। বিপুল বৰুৱাৰ ঘৰলৈ মই প্রায়ে যাওঁ। তাতো তোমাৰ কথা ওলায় কেতিয়াবা। চেহ, তোমাৰ পাপাৰ খবৰ এটা ল’ব লাগিব। তুমি যাওঁতে তোমাৰ পাপাৰ ফোনৰ নম্বৰটো দি যাবাচোন।
: ফোনত নাপাব পাপাক। ডাক্টৰে ফোনত কথা পাতিবলৈ দিয়া নাই। আপুনি আমাৰ ঘৰলৈকে আহিব।
: নিশ্চয় নিশ্চয়, ঘৰলৈকে যাম দিয়া। তুমি এটা কাম কৰা, অলংকাৰ বাকী নিদিওঁ বাৰু, তুমি দোকানৰ ল’ৰা দুটা লৈ যোৱা। টকাটো দি ল’ৰা দুটা টেম্পু এখনতে পঠাই দিবা।
: হ’ব আংকোল।
: তোমাৰ নামটোৱেই সোধা হোৱা নাই।
: ৰক্তিম বৰুৱা।
যুৱকে কৈ উঠিল।
: অঁ মনত পৰিছে পৰিছে। তোমাৰ কথা ৰক্তিম ৰক্তিম বুলি পাতি থকা শুনিয়ে থাকোঁ। ঐ ৰাজা আৰু নাৰায়ণ, এইফালে আহ।
পোদ্দাৰে ল’ৰা দুটাক মাতিলে। ল’ৰা দুটা চাপি আহিল।
: তহঁত দুটা এওঁৰ লগত যা। এক লাখ ত্রিশ হাজাৰ টকা দিব লৈ আহিবি। বুজিছনে?
: অঁ ঠিক আছে।
ৰাজাই ক’লে।
: ৰক্তিম, আঢ়ৈ লাখ দিয়া।
পোদ্দাৰৰ কথাত ৰক্তিমে আঢ়ৈ লাখ টকা দি দিলে। পোদ্দাৰে টকা গণি লৈ অলংকাৰখিনি ভালদৰে পেকিং কৰি ৰক্তিমৰ হাতত দিলে।
: যাওঁ আকোংল। মোৰ বিয়ালৈ নিমন্ত্রণ দিমহি। যাব লাগিব কিন্তু।
ৰক্তিমে ক’লে।
: নিশ্চয় যাম।
পোদ্দাৰে হাঁহিলে।
: তহঁত দুটা যা। তোমাৰ গাড়ী সৌখন নহয় জানো?
পোদ্দাৰে ৰক্তিমৰ গাড়ীখনলৈ আঙুলিয়ালে।
: হয়, অৰা তোমালোক বহাগৈ যোৱা। মই লক খুলি দিছোঁ। ৰক্তিমে সেই ঠাইৰপৰাই চাবি টোৱাই গাড়ীৰ লক খুলি দিলে।
: আংকোল আহিছো।
: শুনাচোন, টকা ৰাজাৰ হাতত দিবা। ৰাজা মোৰেই ল’ৰা।
পোদ্দাৰে সৰুকৈ ক’লে।
: হয় নেকি ? হ’ব আংকোল, আহিছো।
: অঁ যোৱা।
ৰক্তিম ওলাই গৈ গাড়ীত বহিল। ৰাজা আৰু নাৰায়ণ ইতিমধ্যে পিছৰ চিটত বহিয়েই আছিল। ৰক্তিমে গাড়ী ষ্টাৰ্ট দিলে।
ৰক্তিমৰ গাড়ী গৈ হোটেল সোৱাদৰ সন্মুখত ৰ’ল।
: মোৰ বস্তুটো হ’লনে?
ৰক্তিমে গাড়ীৰ ভিতৰৰপৰাই কাউণ্টাৰত থকা মানুহজনক সুধিলে।
: হ’ল হ’ল, মই পেকিং কৰি থৈছো।
কাউণ্টাৰৰ মানুহজনে ক’লে।
: অঁ, এওঁলোকক দি দিয়ক। অউৰা, ৰাজা আৰু নাৰায়ণ, এই মানুহজনে দিব যোৱা।
ৰক্তিমে ৰাজা আৰু নাৰায়ণক ক’লে। ৰাজা আৰু নাৰায়ণ নামি গ’ল। ৰক্তিমে গাড়ী চলাই গুচি গ’ল।
ৰাজা আৰু নাৰায়ণ হোটেলৰ কাউণ্টাৰৰ ফালে আগবাঢ়ি গ’ল। কাউণ্টাৰৰ মানুহজনে চিঙৰাৰ পেকেটটো ৰাজালৈ আগবঢ়াই দিলে। একলাখ ত্রিশ হাজাৰ টকাৰ পেকেটটো ইমান ডাঙৰনে? তাকো তেলৰ নিচিনা লাগি আছে পেকেটটোত! ৰাজাই ভাবিলে। ৰাজাই পেকেটটো ল’লে।
: গৰম দেখোন।
ৰাজাই ক’লে।
: অঁ, গৰম গৰম লাগে বুলি কৈছে তেখেতে। কাউণ্টাৰৰ মানুহজনে ক’লে।
: এইবোৰ দেখুন চিঙৰা!
পেকেট খুলি চিঙৰাবোৰ দেখি ৰাজাই চিঞৰি উঠিল।
: অঁ চিঙৰা! তাতে কি হ’ল? চিঙৰা দেখি মানুহে এনেকৈ চিঞৰেনে?
কাউণ্টাৰৰ মানুহজনে আচৰিত হৈ ক’লে।
: মই কিবা চিঙৰা বিচাৰি আহিছো নেকি? এক লাখ ত্রিশ হাজাৰ টকা দিয়ক।
ৰাজাই খঙেৰে ক’লে।
: এক লাখ ত্রিশ হাজাৰ টকা?
মানুহটো যেন আকাশৰপৰাহে পৰিল।
: অঁ, মোৰ টকাখিনি দিয়ক।
: মাথা গৰম হৈছে নেকি আপোনাৰ? কিয় মই একলাখ ত্রিশ হাজাৰ টকা দিব লাগে? সেই গাড়ী লৈ অহা ল’ৰাটোৱে এশ টকা দি দহটা চিঙৰাৰ অৰ্ডাৰ দি গৈছে আৰু এতিয়া আহি আপোনাৰ আগতে আপোনাক দিবলৈ কৈছে মই দিছো। আকৌ আপুনি কি আজে-বাজে বকি আছে?
মানুহজনে খঙেৰে ক’লে।
: কি?
ৰাজাৰ মূৰটো ঘূৰাই গ’ল।
: অঁ, মই কিবা মিছা কৈছো যদি মাতি আনক তেখেতক।
মানুহজনে কোৱাৰ লগে লগে ৰাজাই বাহিৰলৈ দৌৰ দিলে। ৰক্তিমৰ গাড়ীখন তেতিয়া তাত নাছিল।
হোটেলৰ ভিতৰত হুলস্থুলৰ সৃষ্টি হ’ল। নাৰায়ণৰপৰা কাউণ্টাৰৰ মানুহজনে সকলো শুনাৰ পাছত চিঞৰি উঠিল,
“চাল্লা দহটা চিঙৰা এশ টকাত কিনি এক লাখ ত্রিশ হাজাৰ টকাত বেছি দিলে। ই কেনেকুৱা বেপাৰী ঔ…..
* * * *
ৰক্তিমৰ গাড়ীখন চহৰ পাৰ হৈ এটা গাঁৱলীয়া ৰাস্তাৰে সোমাই গ’ল। তাৰ অপাৰেশ্বনটো চাকচেছ হোৱাত মনটো ভালো লাগি আছে। তাৰ প্রকৃত নাম জাহিৰ আলি। বাংলাদেশৰপৰা অহা তাৰ ডেৰ বছৰমান হৈছে। সি সম্পূৰ্ণকৈ প্রশিক্ষণ লৈয়েই আহিছে। অসমীয়া ভাষাও সি অলপ-চলপ তাতেই শিকা। আজি ডেৰ বছৰত তাৰ অসমীয়া ভাষা সলসলীয়া হ’ল। মানুহক ঠগাৰ বহু কায়দা তাৰ হাতত মজুত আছে। তাৰ মিশ্ব্যনবোৰৰ সফলতাৰ আঁৰত তাৰ সুন্দৰ চেহেৰাৰো অৱদান আছে। আজি ডেৰ বছৰে সি বহু টকা ঘটিছে। তাৰ এইটো অপাৰেশ্ব্যনত সি ডেৰমাহ সময় লৈছে। বিপুল বৰুৱা, অৰিন্দম বৰুৱাৰ পৰিয়ালক সি বহুত অধ্যয়ন কৰিব লগা হৈছে। এই দুটা পৰিয়ালৰ সমস্ত বায়’ডাটা দহ হাজাৰ টকাত পৰেশ নামৰ এটা অসমীয়া ল’ৰাই তাক গোটাই দিছে। ৰক্তিম বৰুৱাৰ অভিনয় কৰিবলৈ সি বহুত কষ্ট কৰিবলগীয়া হৈছে। ৰক্তিম বৰুৱা যে চেন্নাইত থাকে, সোনকালে বিয়া পাতিব, দেউতাক অৰিন্দম বৰুৱাৰ বেমাৰ, এই সকলোবোৰ খবৰ পৰেশেই তাক যোগাৰ কৰি দিছে। এতিয়া তাৰ পৰৱৰ্তী মিশ্ব্যন হ’ব দহজনী অসমীয়া ছোৱালী। তাৰবাবে সি প্লেন বনাব লাগিব। পৰেশেই তাক সহায় কৰিব। বহু ছোৱালীৰ লগত তাৰ যোগাযোগ আছে। সকলো ছোৱালীকে নোৱাৰি যদিও বহু বুৰ্বক অসমীয়া ছোৱালী আছে যিয়ে গাড়ী আৰু টকা দেখিলেই দৌৰে। তাৰ টাৰ্গেট হ’ব তেনে ছোৱালীবোৰ। বাহিৰত অসমীয়া ছোৱালীৰ চাহিদা বহুত বেছি। সি থকা ঘৰটোলৈ লাহে লাহে গাড়ী চলাই নিলে।
☆★☆★☆
5:10 pm
ভাল লাগিল। আনক সহজতে বিশ্বাসত লোৱাটোৱেই আমাৰ ডাঙৰ দুৰ্বলতা।
5:36 pm
ভাল লাগিল
6:47 pm
কি বুদ্ধি!!
7:07 pm
ঠগবাজিৰে চলিবৰ কাৰণেও তীক্ষ্ণ বুদ্ধিৰ হ’ব লাগে। শিকিলো দেই।
12:35 pm
ভাল লাগিল ৷