প্ৰজাপতি – ঋতুপৰ্ণা মহন্ত
উজ্জ্বল কমলা ৰঙৰ শাৰীখনত সেউজীয়া, ক’লা ৰঙৰ ফুটফুটীয়া এসোপা ফুল। আঁচলৰ ফালে ফুলৰ পৰিমাণটো অলপ বেছিকৈ আছে। পৃথিৱীৰ কোনোবা ফুলনিত এনেকুৱা ফুল আছে নে নাই নাজানো, কিন্তু এতিয়া এই ফুলখিনিয়ে শাৰীখন বৰ শুৱনি কৰি তুলিছে। অনলাইনযোগে মগাই অনা শাৰীখনৰ পেকেটতো খুলি লৈ অথনিৰেপৰা লুটিয়াই বগৰাই চাই আছোঁ। মনটো ভাল লাগি গৈছে। মই যেনেকুৱা হ’ব বুলি কল্পনা কৰিছিলো, শাৰীখন একেবাৰে তেনেকুৱা।
এইখনৰ সৈতে কি গহনা মিলিব বাৰু? মোৰ চকুৰ আগেদি গহনাৰ চেটবোৰ এটা এটাকৈ পাৰ হৈ যাবলৈ ধৰিলে। অৱশেষত ব্লেক মেটেলৰ গহনাৰ চেটটোত মনটো ৰৈ গ’ল। মিলিব দেখোন ধুনীয়াকৈ। মনটো পোহৰ হৈ পৰিল। যা হওক, এটা চিন্তা দূৰ হ’ল।
গহনাৰ বাকচটো উলিয়াই লৈ শাৰীখনৰ সৈতে পিন্ধি চালো। ৰংটোৱে মোক শুৱাইছে যেন লাগিল। বয়সটো যেন একুৰিমান কমিহে গ’ল। ক্লাৱৰ বৰুৱানীয়ে কোৱা কথা এষাৰ মনত পৰিল। মোক দেখিলে হেনো কলেজত পঢ়ি থকা ছোৱালীৰ মাক যেন নালাগেই। মনৰ আনন্দতে গান এটা গুণগুণাই বাহিৰলৈ ওলাই আহিলো, এওঁক দেখুৱাওঁ বুলি। মোক দেখি এওঁৰ চকু যে থৰ হৈ পৰিব সেয়া খাটাং। কি ঠিক, এইটো ৰঙৰে পাটৰ কাপোৰ এসাজ লৈ থোৱা বুলিও কৈ দিব পাৰে!
এওঁ বাৰাণ্ডাতে বহি নিউজ পেপাৰ পঢ়ি আছিল। সন্তর্পণে গৈ কাষতে থিয় হ’লোগৈ।
: চোৱাচোন, কেনে লাগিছে মোক।
মোৰ মুখত হাঁহিটো লাগিয়েই আছিল। এওঁ নিউজ পেপাৰৰপৰা মূৰ দাঙি মোলৈ চালে। এপলক চায়েই আকৌ তললৈ মূৰ কৰিলে আৰু মুখৰ ভিতৰতে বিৰবিৰাই কোৱাদি ক’লে, “হুমম, ভালেই লাগিছে।”
: এইটো ৰঙে শুৱাইছে ন মোক?
মই আশা এৰি নিদিলো। তেওঁৰপৰা প্ৰশংসাসূচক কিবা এষাৰ শুনাৰ হেঁপাহত আকৌ এবাৰ কাণ উনাই ৰ’লো। কিন্তু তেওঁ এনেকুৱা কৰিলে যেন নিউজ পেপাৰখনৰপৰা চকু আঁতৰালে ৰসভংগহে হ’ব। তললৈ চাই চায়েই তেওঁ হোঁ হোঁ বুলি মূৰ জোকাৰিলে।
: এইবেলি বিহুত এইটো ৰঙৰে পাটৰ কাপোৰ এযোৰ লওঁ নেকি ভাবিছোঁ।
মোৰ হাঁহিটো স্তিমিত হৈ আহিছিল। তথাপি আশা এৰি নিদি শেষ অস্ত্রপাত মাৰি পঠিয়ালো। এওঁ এইবাৰ মুখেৰে একো নামাতি খৰধৰকৈ বাতৰি কাকতৰ পৃষ্ঠা লুটিয়ালে। এনে লাগিল, যেন মোৰ কথাটো নুশুনাৰ ভাও জুৰিবলৈকে তেওঁ কাকতখন লুটিয়াই বগৰাই পঢ়িবলৈ ধৰিলে। টিঙিচকৈ খংটো উঠি আহিল। উচাৎ মাৰি তেওঁৰ কাষৰপৰা গুছি আহিলো। পিন্ধি থকা নতুন শাৰীখন, গহনা গাঠৰি সোপাকে খুলি বিচনালৈ দলিয়াই দিয়াদি দিলো। ইস্, বৰ একেবাৰে! এবাৰ মুখলৈ ভালকৈ চাই ধুনীয়া লাগিছে বুলি প্ৰশংসা কৰি দিয়াহেঁতেননো কি হয়! সংসাৰ কৰা একুৰি বছৰ পাৰ হ’ল। এতিয়া আৰু সেই তাহানিৰ দৰে ৰোমাণ্টিক কিবা এটা আশা কৰাটো যে ভুল, সেয়া বাৰু জানো। সেইবুলি ভাল মাত এষাৰো পাব নাপায়নে! মোৰ চকুপানী ওলাওঁ ওলাওঁ হ’ল। বিয়াৰ আগে আগে সম্পৰ্কীয় নবৌ এজনীয়ে কোৱা কথা এষাৰ মনত পৰিল। বিয়াৰ পাছতে ক’ত ক’ত ফুৰিবলৈ যাম তাৰ বৰ্ণনা দি থাকোতে নবৌৱে কৈছিল, বোলে এতিয়াই যিমান পাৰ প্ৰেম পিৰীতি কৰি ল। দিন যোৱাৰ লগে লগে সংসাৰৰ চাউল ডাইলৰ হিচাপত সেইপিনে প্ৰেম শুকাই কৰকৰীয়া মাৰিব। দুই তিনিবছৰমানলৈকে ভাবি আছিলো বোলো নবৌৱে কোৱা কথাষাৰ ভুল হ’বলা। আমাৰ সংসাৰখনত দেখোন পিৰীতিৰ ৰসে চৌচৌৱাই আছে। কিন্তু লাহে লাহে বুজিলো, নবৌ অভিজ্ঞ মানুহ। তেওঁ সঁচা কথাই কৈছিল। বিয়াৰ দুই তিনিবছৰ পাছলৈকে মোক লৈ যিমানহে উথপথপ তেওঁৰ। ফুৰিবলৈ গ’লে মই কি পিন্ধিম, তাকে লৈ মোতকৈ বেছি তেওঁৰহে চিন্তা। লিপষ্টিক কাঢ়াকৈ লগােৱা, নেইল কালাৰ নলগোৱাকৈ নাথাকিবা এনেকুৱা কত যে কি ফৰমাইচ। মই তেতিয়া ভাবিছিলো বোলো সাংঘাতিক কপাল এখন লৈ আহিলো ময়ো। সাধি সাধি পাইছোঁ এইটো মানুহ। পিছে লাহে লাহে তেনে ফৰমাইচৰ পৰিমাণ কমিবলৈ ধৰিলে আৰু আজি এই অৱস্থা। ধুনীয়া কাপোৰ এসাজ পিন্ধি দেখুৱাইছোঁহে দেখুৱাইছোঁ। তেওঁৰ আক’ মূৰ তুলি চাবলৈকে সময় নাই। এই মতা মানুহবোৰো যে!
: হেৰা, ভাত বাঢ়া হে। ভোক লাগিছে।
এওঁ চিঞৰিলে। মোৰ খংটো দুগুণে বাঢ়িল। এৰা, মোৰনো কাম কি? এইবোৰহে। ভোক লাগিছে, মুখৰ আগত ভাত বাঢ়ি দিয়া, ঘৰ বিশৃংখল হৈছে, পৰিপাটি কৰি দিয়া, কাপোৰ কানি লেতেৰা হৈছে, ধুই দিয়া। চকুপানীখিনি এখন হাতেৰে মোহাৰি মোহাৰি পাকঘৰ পালোগৈ। এওঁলৈ ভাত বাঢ়ি টেবুলতে থ’লো।
: তুমি নোখোৱা নেকি?
এওঁ সুধিলে।
: নাখাওঁ মই।
মোৰ ফুলি থকা মুখখন গুৰুত্ব দি নাচালে হ’বলা তেওঁ।
: কিয়? কি হ’ল? গা বেয়া লাগিছে নেকি? খাবলৈ মন যোৱা নাই যে।
এওঁ সুধিলে। মই মুখেৰে একো নামাতি মূৰ জোকাৰিলো। নাইহোৱা গা বেয়া। কিন্তু মোৰ যে মন বেয়া হৈ আছে, সেই সাধাৰণ কথাটোও বুজা নাই নে বাৰু!
: গা বেয়া নহয় যদি নোখোৱা কিয়? ডায়েটিং কৰিছা নেকি? মানুহ মাৰিবা হে তুমিও। জোঁৱাই ঘটিবলৈ হ’ল। এতিয়ানো ডায়েটিং কৰিবলৈ বয়স আছে নে তোমাৰ বাৰু! এই বয়সত কোনে চাব হে তোমাক?
কথাকেইষাৰ কৈ তেওঁ ঢেকঢেকাই হাঁহিলে। কথা নহয় যেন বন্দুকৰ গুলীহে। এটা এটা শব্দই মোৰ বুকুতে বিন্ধিলেহি। জোৰকৈ চকুপানী ৰখাবলৈ চেষ্টা কৰি মই দাঁত ওঁঠ কামুৰি ধৰিলো।
সন্ধিয়ালৈ গাটো বেয়া লগা যেন লাগিল। নিজৰ ওপৰতে খং উঠিল। এইবোৰৰ আগত ঠেঁহ পেচ ধৰি নোখোৱাকৈ থাকিবলৈ পাইছিলনো কিহে বাৰু! এতিয়া গা বেয়া হ’লেও লেদেনা উকতি ফুৰিব লাগিব মইহে। ঠাণ্ডা ভাত দুটামানকে খাই লওঁ বুলি কাঁহী এখন উলিয়াওঁতেই মূৰটো আচন্দ্ৰাই কৰা যেন লাগিল। গাটো অসম্ভৱ বেয়া লাগি আহিল। হাতৰপৰা কাঁহীখন সৰি পৰিল। তাৰপাছত আৰু মোৰ একো মনত নাই।
যেতিয়া সাৰ পালো তেতিয়া মই বিচনাত। দেখিলো মোৰ মুখলৈকে চাই চাই কাষতে এওঁ বহি আছে। বহুপৰ শুলো নেকি বাৰু মই? উঠিবলৈ লওঁতে মূৰটো আকৌ ঘূৰোৱা যেন লাগিল। এওঁ খপজপাই উঠিল।
: নুঠিবা নুঠিবা। শুই থাকাচোন। ভাল পাইছানে বাৰু গাটো অলপ?
এওঁ বৰ মৰমেৰে সুধিলে। মাতষাৰ শুনি গাটো ভাল লগা যেনেই লাগি গ’ল। সময়বোৰ যেন কেইবছৰমান পিছুৱাইহে গ’ল।
: লো প্ৰেচাৰ তোমাৰ। এইমাত্ৰ বৰুৱা ডাক্তৰে আহি চাই গ’ল। খোৱা বোৱা ভালকৈ কৰিব লাগিব। এইবোৰ ডায়েটিং ফায়েটিং কৰিব নোৱাৰা হ’লে দেই, কৈ থ’লো মই। যেনেকৈ আছা, তেনেকৈয়ে ভাল।
এওঁ কৈ থাকিল। মই মুখেৰে একো নামাতিলো। সময় যোৱাৰ লগে লগে মানুহটো সলনি হৈ থাকিল বুলি ভাবি আছিলো, নাইহোৱা দেখোন।
: আমি বহুদিন ফুৰিবলৈ যোৱা নাই নহয়নে? গাটো টঙাই লোৱা তুমি। বিহুৰ পাছতে শ্বিলঙৰপৰাই আহিমগৈ এপাক। বেছি দূৰলৈ যাবলৈ পইছা নাই এতিয়া। গুণুুমাৰ কলেজ বন্ধ থাকিব নেকি তেতিয়া সুধিবাচোন। ঘৰলৈ যদি আহিব পাৰে সেইকেইদিনত, তেন্তে তাইও যাব পাৰিব।
এওঁ মোৰ মুখলৈ চাই কিছুসময় ৰ’ল। তাৰপাছত মোৰ উত্তৰলৈ বাট নাচায় আকৌ ক’লে,
: নহ’লে থাকক দিয়া। গুণুমা নালাগে যাব। সৌ সিদিনা কলেজৰ টিমটোৰ লগত ৰাজস্থানৰপৰা আহিছেহে। আমি দুটাই যাম।
এওঁ কথাষাৰ কৈ মিচিককৈ হাঁহিলে। মইও হাঁহিলো। ইস্! এই মতা মানুহবোৰো যে!
☆★☆★☆
6:54 pm
মৰম লাগি গ’ল অ । ধুনীয়া লিখিছা ঋতু