ফটাঢোল

এগৰাকী মহিলা ড্ৰাইভাৰৰ ইতিবৃত্ত – উৎপলা কৌৰ

সৰুৰেপৰা বৰ ইচ্ছা আছিল গাড়ী এখন চলাবলৈ শিকিম। ষ্টাইল কৰি ক’লা ছান গ্লাছ পিন্ধি ৰাস্তাৰে গহীন হৈ চলাই যাম। সৰুতে চিনেমাবোৰত দেখা নায়িকাবোৰ যেনে পাৰবীন বাবী, জিন্নত আমন, হেমা মালিনী আদিক গাড়ী চলাই যোৱা দেখি এই ইচ্ছা পুহি ৰাখিছিলো। তেতিয়া বৃহস্পতিবাৰ আৰু দেওবাৰে দিয়া চিনেমাবোৰত নায়িকাই গাড়ী চলোৱা দৃশ্যবোৰ য়েতিয়া দেখুৱাই মনুহঁতে, মানে আমাৰ গৰখীয়াটো আৰু লগৰবোৰে কৈছিল, “ইহ! ক’ত চলাব? এনেয়ে বহি ষ্টিয়েৰিঙত ধৰি আছে।” যেতিয়া গাড়ীখন নায়িকাৰে সৈতে দেখুৱাই সিহঁতে চিঞৰে, “ই, চা চা কেমেৰাৰ বাহাদুৰি। মাইকী মানুহে গাড়ী চলোৱা দেখুৱাইছে। একদম তাই চলোৱাৰ দৰে লাগিছে ভাই।” মুঠতে ছোৱালী, মহিলাই গাড়ী চলাব নোৱাৰে। এইটো এটা গছত গৰু উঠাৰ দৰে কথা। লাগিলে তাই বলীউডৰ নায়িকাই নহওক কিয়!

সৰুতে ভাবিছিলো যদিও ডাঙৰ হৈ অহাৰ পাছত দিনে দিনে ৰাস্তাত বাঢ়ি অহা গাড়ীৰ    সংখ্যা দেখি ভয় এটা সোমালে মনত। বিশেষকৈ গুৱাহাটীত পিলিঙা ল’ৰাই চলোৱা প্ৰকাণ্ড চিটি বাছবোৰৰ কাষে কাষে কেনেকৈ নিজে গাড়ীখন চলাই যাম ভাবিয়েই পেটতে হাত-ভৰি লুকাল। তেনেকৈয়ে চলি আছিল। বাছে অ’টোৱে জীৱনটো টানি লৈ ফুৰিছিলোঁ। এবাৰ সৰুজনী ছোৱালীৰ জ্বৰ-বমি হ’ল। ব’হাগ বিহুৰ বতৰ। গুৱাহাটীৰ ৰাস্তাবোৰত ‘প্ৰি-বিহু’ ট্ৰেফিক জামবোৰ আৰম্ভ হৈছেহে। অ’টো এখন লৈ ছয়মাইলৰ তাইক সৰুৰেপৰা দেখুৱাই থকা ডাক্তৰজনৰ ওচৰলৈ গ’লোঁ। কৈছো নহয়, বিহুৰ বতৰ তাতে আকৌ অন্য ঠাইত অচিনাকি অ’টোৱালাই পালে ভাৰাৰ নামত মোটামোটি ডিঙিটো কাটিয়েই দিয়ে। সেয়ে ঘৰৰ ওচৰৰপৰা লৈ যোৱা অটোখনকে ৰখাই থ’লো। ডাক্টৰজন আমাৰ পুৰণা বন্ধু। ৰোগী বহুত। কিছুমান পানী কেঁচুৱা, অহৰহ টেৱাঁ টেৱাঁ সুৰেৰে সমবেত সংগীত গাই আছে। লগত অহা অভিভাৱক সদৃশ মানুহবোৰে পাল পাতি লৈ লৈ নিচুকাবলৈ বৃথা চেষ্টা কৰি আছে। সেয়ে সোনকালে আমাক ভিতৰলৈ মাতি নিয়াৰ পৰিবেশ নাছিল সেইদিনা। এনেয়ো চিনাকি বুলি আগৰপৰা ৰৈ থকা কণ কণসকলক বঞ্চিত কৰি দেৰিকৈ গৈ আগতে সোমাবলৈ ভাল নাপাওঁ মই। প্ৰায় ডেৰঘণ্টাৰ মূৰত ডাক্টৰক দেখুৱাই ওলাই আহি মোৰ ঘৰৰ সন্মুখত অ’টোৰ পৰা নামি কিমান দিম সুধিলো। অ’টোচালকে ক’লে বোলে “বাইদেউ বেলেগৰপৰা হাজাৰ টকা ল’লো হয়। আপোনাৰপৰা কি ল’ম আৰু! আঠশ টকা দিয়ক!” চকু কপালত উঠিছিল যদিও দিলোঁ, পুৰণা চিনাকি অটো এইখন। বিপদে-আপদে লাগে। তথাপি মনটো চেকচেকাই থাকিল বহু দিনলৈ। গাড়ী কিনাৰ আইদিয়াটোক মনৰ একোণত ভয়ৰ কম্বল জাপি শুই থকাৰ পৰা জগালোঁ। দুই এক বন্ধু বান্ধৱ আৰু পৰিয়ালৰ মানুহৰ আগত ইচ্ছাটো ব্যক্ত কৰিলোঁ। ক’ত অকণ সাহস-উৎসাহ দিব, সকলোৰে চকুত অবিশ্বাস আৰু ভয়হে দেখিলোঁ! “ইস! পাৰিবহে যেন!” কোনো কোনোৱে আকৌ গাজা শুনাৰ দৰে শুনি হাঁহি উফৰাই দিলে কথাটো।

“কিয় নোৱাৰিম আকৌ? অমুকে চলাই, তমুকে চলাব পাৰিলে মই কিয় নোৱাৰিম আকৌ?” এনেকৈ ক’লোঁ যদিও মানুহবোৰৰ কথা-বতৰা দেখি ইচ্ছাটো পুনৰ তাপ মাৰোঁ মাৰোঁ হ’ল। এদিন আদাবাৰীৰ কাষৰে বাইদেউহঁতৰ ক’ৰবাৰপৰা অাহোঁতে বাইদেউ আৰু ভাগিনটোক ক’লো বোলো ব’লছোন চেকেণ্ডহেণ্ড গাড়ী চাওঁ। সোমালো তাত থকা প্ৰকাণ্ড গাড়ীৰ শ্ব’ৰূমটোত। আমাক দেখি কেইবাজনো ইউনিফৰ্ম পৰিহিত সুদৰ্শন ডেকা আগবাঢ়ি আহিল আৰু অত্যন্ত সন্মান-সহকাৰে আমাৰ লগত কথা পাতিবলৈ ধৰিলে। এপ্ৰ’ন পিন্ধা মহিলা এগৰাকীয়ে আইনাৰ গিলাছত প্ৰথমে পানী আৰু অলপ পাছত ধুনীয়া বগা কাপত কফি দি গ’ল। পানী আৰু কফি খাই উঠাৰ পাছত ডেকা এজনে শ্বো ৰূমৰ পিছফালৰ ডাঙৰ ঠাই এখনলৈ লৈ গ’ল। প্ৰকাণ্ড টিনৰ গুদামৰ নিচিনা ঘৰ এটাত শাৰী শাৰীকৈ পুৰণা মাৰুটি অল্ট’, পুৰণা মডেলৰ জেন, ৱাগন-আৰ, জেন এষ্টিলো আদি মডেলৰ গাড়ীবোৰ ৰাখি থোৱা অাছে। কোনোবাখন দেখিবলৈ নতুনেই হৈ আছে কিন্তু দুবছৰত মাত্ৰ (!) চল্লিশ হেজাৰ কিলোমিটাৰ চলিছে। কোনোবাখন দহ-এঘাৰবছৰ পুৰণি। জেন এষ্টিলোখন দুইফালৰপৰা তুলনামূলকভাৱে ভালেই আছিল। তিনিবছৰত মাত্ৰ পঁয়ত্ৰিশ হাজাৰ কিলোমিটাৰ চলিছে! আমাক দেখুৱাই থকা ল’ৰাজনে ক’লে ‘এইখন টিপ টপ গাড়ী। কমফ’ৰ্টেবল আৰু ‘লেডিজ’ৰ কাৰণে ‘বেষ্ট’ গাড়ী আৰু আমি ল’লে বোলে দামটোও চাই-চিতি দিব। কিন্তু সন্মুখৰ ভাগৰ ডিজাইনটো দেখিবলৈ ভাল নালাগিল। তথাপি ল’ৰাজনৰ ব্যৱহাৰত আৰু আদৰ-সাদৰত ‘ফিদা’ হৈ গৈছিলোঁ। ‘না’ ক’বলৈ বেয়া লাগি তেওঁৰ মন ৰাখিবলৈয়ে মোটামোটি কিনিম বুলি কথা দি গুছি আহিলোঁ।

কথাটো ঘৰৰ মানুহে আৰু বন্ধুগণে গম পোৱাৰ পাছত আকৌ এবাৰ হাঁহাকাৰ লাগিল। ‘মাইকী’ মানুহজনী হৈ চেকেণ্ডহেণ্ড গাড়ী ল’বলৈ ওলাইছ? ক’ৰবাত ৰাতি-বিয়লি বেয়া হ’লে কি কৰিবি? কোনোৱে ক’লে বোলে ভালে থাকিলে গাড়ী বেচিব নে কোনোবাই? এক্সিডেণ্ট হৈ কোনোবা মৰিছে কিজানি সেইখনত। ‘কুফা’ গাড়ী বুলি বেচি দিছে। কথাবোৰ অমূলক নহয়। এনেয়ে মই ভূতলৈ ভয় নকৰোঁ। কিন্তু কোনোবা ঢুকালে কেইদিনমানলৈ অকলশৰে থকা অৱস্থাত সেই ‘আত্মা’ বোলা বস্তুটোলৈ ভয় লাগে মোৰ।

সেইবোৰ কথা মই ভবাই নাছিলোঁ। গতিকে চেকেণ্ডহেণ্ড গাড়ী লোৱাৰ সিদ্ধান্ত ‘কেঞ্চেল’ হ’ল। মুঙ্গেৰিলালৰ দৰে সেইকেইদিন গুৱাহাটীৰ ৰাস্তাত গাড়ী চলাই ফুৰিছিলোঁ। মাহঁতৰ ঘৰলৈ গৈছিলোঁ। ঘৰৰপৰা দুই কিলোমিটাৰ দূৰৰ সৰু টাউনখনত বজাৰ কৰি উইংগাৰ, অ’টোলৈ ৰৈ থকা ঘৰৰ কাষৰ খুৰা, পেহীহঁতক গাড়ীত বহুৱাই আনি তেওঁলোকৰ ঘৰৰ পদূলিত মিচিকিয়াই হাঁহি নমাই দিছিলোঁ, আশ্বৰ্যচকিত মুখেৰে তেওঁলোকে ‘কেইদিন থাকিবি? ল’ৰা-ছোৱালী দুটা লৈ আমাৰ ফালে এপাক মাৰিবি’ জাতীয় কথাৰে বিদায় লৈ আছিল মোৰপৰা। সেয়ে গাড়ী লোৱা সিদ্ধান্তটো এইবাৰ কেঞ্চেল কৰিবলৈ একেবাৰে ভাল নালাগিল। মনত বহি ল’লে সপোনবোৰে। গাড়ী চলোৱা মহিলাৰ সম্ভাব্য গ্লেমাৰে! সেয়ে এইবাৰ শ্ব’ৰূম কিছুমানলৈ গৈ নতুন গাড়ী চোৱা আৰম্ভ কৰিলোঁ।

গাড়ী ল’মেই বুলি শেষ সিদ্ধান্ত লোৱাৰ পাছত সকলো শুভাকাংক্ষীৰে চিন্তা এইবাৰ গাড়ীৰ নাকটো অৰ্থাৎ সন্মুখৰ অংশত গৈ থিতাপি ল’লেগৈ। মানে গাড়ীখনৰ সন্মুখৰ অংশ যদি  ড্ৰাইভিং ছীটৰ পৰা ভালকৈ দেখা নাপাওঁ, তেনেহ’লে বৰ ‘ৰিস্ক’ৰ কথা। কাৰণ পাৰ্কিং কৰিলে সন্মুখৰ গাড়ীত খুন্দা নমৰাকৈ কিমান দূৰত ৰাখিব লাগিব বা সন্মুখেৰে চলি থকা গাড়ীখনৰ সৈতে কিমান ব্যৱধান ৰাখি চলাব লাগিব সেয়া বোলে ‘আইডিয়া’ নাপাম। আকৌ কোনখনৰ ছীটবোৰ আৰামী, সেয়াও চাব লাগিব কাৰণ ‘মাইকী’ মানুহ, কেতিয়াবা কঁকালৰ বিষ-চিষ হ’ব পাৰে। মোৰ বাজেটে ঢুকি পোৱা গাড়ীখন আকৌ চাপৰ (গুৱাহাটীত অলপ বৰষুণ দিলেই যি বানপানী হয়!) আৰু ‘কমন’ মানে বেছিভাগ মোৰ সমান পইছা থকা মানুহৰ সেইখন গাড়ীয়েই আছে। মুঠতে ঢেৰ সমস্যা। শেষত গৈ এখন মোৰ পচন্দ হ’ল। ওখ, মাটিৰপৰাও আৰু হুডটোও ওখ। এচিও খুব ভাল, পটকৈ ঠাণ্ডা হয়। সৰু, য’তে ত’তে পাৰ্কিং কৰিব পাৰি। পাৱাৰ ষ্টিয়াৰিং। কোমলাংগী মানুহ অৰ্থাৎ মহিলাৰ কাৰণে ভাল কাৰণ ঘূৰাওঁতে পকাওঁতে বেছি জোৰ দিব নালাগে। দামটো সেই ‘কমন’ আৰু চাপৰ গাড়ীখনতকৈ এক লাখমান বেছি। নতুন, চিকচিকিয়া গাড়ী দেখি বেংকৰ একাউণ্টটোৰ কথা পাহৰি থাকিলো সাময়িকভাবে আৰু সকলোৰে উপদেশ অমান্য কৰি সেইখনকে বুক কৰি থৈ আহিলোঁ। গাড়ী আহি পাওঁতে এসপ্তাহমান লাগিব বুলি ক’লে, মানে ‘অলৰেডী’ আহিয়েই আছে। গতিকে সোনকালে বুকিং নকৰিলে নাপাবও পাৰোঁ বোলে, বেলেগ কাষ্টমাৰে খবৰ লৈ আছে।

বুক কৰাৰ পাছতহে আচল কথাটো ভবা হ’ল, মানে গাড়ীখনটো মই চলাবলৈ শিকিব লাগিব। নহ’লে কোনে চলাব?  ড্ৰাইভাৰ ৰাখিলে কেৰেলাতকৈ গুটি দীঘল হ’ব। অসমৰ আটাইতকৈ আগশাৰীৰ মহিলা প্ৰশিক্ষকগৰাকীৰ লগত গাড়ী শিকাটো ঠিক হ’ল। গাড়ীৰ  এ, বি, চি শিকিলোঁ। এ মানে এক্সিলেটৰ, বি মানে ব্ৰেক আৰু চি মানে ক্লাটচ্। ভিৰ থকা মূল ৰাস্তাবোৰত দিনে এঘণ্টাকৈ তেওঁৰ তত্বাৱধানত গাড়ী চলালোঁ। ছয় দিনমানতে পৰা হ’লোঁ। তেওঁৰ তাত শিকাটো খৰছী কাৰবাৰ। ইতিমধ্যে বেংকৰ একাউণ্টটো গাড়ী কিনাৰ বাবে জামৰি পৰিছিল মোৰ। ছয়দিনৰ পাছত তেওঁক এৰি দিলোঁ। কিন্তু অকলে ৰাস্তাত চলাবলৈ ভয় লাগে। তাতে ‘নতুন গাড়ী’ বুলি কথাষাৰ মনত সোমাই আছে। ক’ৰবাত অকণমান আচোঁৰ খালেও কমখন দুখ লাগিব নে? এদিন ভয়ে ভয়ে গাড়ীখন ঘৰতে অগুৱা-পিছোৱা কৰি চালোঁ, তেতিয়াহে আচল সমস্যাত পৰিলোঁ। হে হৰি! ছীটবোৰ ইমান দ! বহিলে মোৰ পাঁচ ফুট দুই ইঞ্চিয়া শৰীৰটো আধামান ছীটৰ ভিতৰত সোমাই যোৱা যেন লাগে। এইখন কিনাৰ আগতে ছীটত বহি চাওঁতেও কিয় এবাৰো কথাষাৰ ভাবি নাচালোঁ বুলি ধিক্কাৰ জন্মিল নিজৰ ওপৰত। হিচাপত খাই-চলি-খৰচ কৰি জমা কৰা পইছাকেইটা এনেই গ’ল যেন লাগিল মোৰ! দুখে-শোকে কান্দি পেলালোঁ গাড়ীৰ ভিতৰতে। কন্দাৰ পাছত মগজটো অকণ ঠাণ্ডা হ’লতহে মূৰত খেলালে দুটা সৰু কুশ্বন তলত আৰু পিঠিৰ ফালে দি ল’লে সমস্যাটোৰপৰা ৰক্ষা পাম বুলি।

এদিন দুদিনকৈ বহুদিন নিজৰ গাড়ীখনত হাত নিদিয়াকৈ পাৰ হ’ল মোৰ। কি হ’ব এনেকৈ? কিয় ল’লো গাড়ীখন? কি হ’ব মোৰ এতিয়া?

এদিন মৰসাহ কৰি ৰাতিপুৱাৰ ভাগত দেওবাৰ এটা চাই ওলাই গ’লো। উজান বজাৰৰপৰা নুনমাটি হৈ গীতানগৰেদি জুৰোডৰ বাইদেউৰ ঘৰ পালোঁগৈ। তাতে পুৱাৰ আহাৰ খাই তাৰপৰা চান্দমাৰী হৈ ঘৰ সোমালোহি। কেইবা কিলোমিটাৰ একেলগে মুকলি ৰাস্তাত চলাই বেচ আত্মবিশ্বাস আহিল মোৰ। সেয়ে দিনটোৰ অইন সময়তো গাড়ী লৈ ওলাই যোৱা কৰিলোঁ। যোৱাত যাওঁ, কিন্তু ঘুৰি অহাৰ সময়তহে সমস্যাটো হ’ল। ইউ টাৰ্ণ লোৱাৰ সময়ত আকৌ হাত-ভৰিত কঁপনি উঠে। গাড়ীৰ ওচৰত ৰৈ থাকি অইন গাড়ী চলোৱা মানুহ বিচাৰি থাকোঁ, দেখিলে কাকুতি-মিনতি কৰোঁ। দাদা, গাড়ীখন ঘূৰাই দিয়কনা! কোনোৱে কিন্তু না নক’লে দেই! উলোটাই সহায় কৰিবলৈ পাই সাংঘাতিক দায়িত্বপূৰ্ণ কাম কৰিছে যেন ভাৱ এটা মুখত ফুটাই গাড়ীখন ৰাস্তাৰ পাৰ কৰাই দিয়ে। মই আগৰ সিটো ছীটত বহি লওঁ। আশ্বৰ্যপূৰ্ণ দৃষ্টিৰে মানুহজনক চাই থাকোঁ। ৰাস্তাৰ সিটো পাৰে মই নামি চকুত মোলৈ মৰম-চেনেহ লৈ থকা মানুহজনৰপৰা ছাবিটো লওঁ, ধন্যবাদ দিওঁ আৰু ঘৰলৈ উভতো। আগৰপৰা গাড়ী, স্কুটাৰ চলাই ফুৰা ভণ্টী এজনীয়ে এদিন ক’লে বোলে আপুনি ভয় কৰা যেন নেদেখুৱাব। গপচত লাহে লাহে গাড়ীৰ নাকটো আগবঢ়াই নি থাকিব, তেতিয়া সিফালৰপৰা আহি থকা গাড়ীৰ বেগ এনেও কমিব। নহ’লে ড্ৰাইভিং ছীটত মহিলা দেখিলে ‘নাৰ্ভাচ’ কৰাই দিবলৈ চান্স বিচাৰি থাকে ড্ৰাইভাৰবোৰে। হয়ো, বুদ্ধিটোৱে কাম দিলে।

ভালকৈ চলাবলৈ পৰা হোৱাৰ পাছত কথাবোৰ বদলিল। মহিলা হোৱাৰ বাবে এইবাৰ সুবিধাই সুবিধা। তাকো নিজে নিবিচৰাকৈ। ক’ৰবাত পাৰ্ক কৰিবলৈ গাড়ী ৰখাম, ওচৰে-পাজৰে থকা পুৰুষ দুই-তিনিজন নিজে নিজে আগবাঢ়ি আহে আৰু  হাতেৰে নিজৰ ফাললৈ গাড়ী আগুৱাই নিবলৈ ‘ইছাৰা’ দিবলৈ আৰম্ভ কৰে। হাতৰ সৰু গাঁঠিৰ পৰা তলুৱাখন এক বিশেষ ভংগীমাত লৰচৰ কৰে, ঠিক বিহু নাচনীবোৰৰ নিচিনা। যেন তলুৱাৰে নিজৰ ফাললৈ বতাহ ঠেলি দি আছে। সেইবোৰৰ অৰ্থ হ’ল ‘আৰু আগুৱাব পাৰিব, আহক আহক, আহি থাকক’। যি বুজিলো নিজৰ ঘৰত পানী এগিলাচো লৈ খাবলৈ বেয়া পোৱা মানুহে বাটৰ মহিলা ড্ৰাইভাৰক সহায় কৰিবলৈ সদা তৎপৰ হৈ থাকে।

ৰাস্তাত আকৌ কেতিয়াবা বিচিত্ৰ অভিজ্ঞতা হয়। হৰ্ণ মাৰিলেও আগৰ ড্ৰাইভাৰবোৰে ইচ্ছা কৰিয়েই ৰাস্তা এৰি নিদিয়ে। নিজে পিছ পৰি মহিলাক আগুৱাই যাবলৈ দিবনে? তাৰ ভিতৰত বহু শিক্ষিত ভদ্ৰলোক যেন দেখা মানুহো থাকে! তেওঁলোকক কেনেবাকৈ পিছ পেলাই যাব পাৰিলে সমান্তৰাল হ’লে ঘোপা চাৱনি এটা দি যাওঁ বুলি ভাবিলেও ভুুলতেও তেওঁলোকে আমাৰ মুখলৈ নাচায়। মুঠতে এনেকুৱা এটিট্যুড যে আমাক ৰাস্তাত গাড়ী চলোৱা চাই থাকি বৰ ডাঙৰ উপকাৰহে কৰিছে!

যেতিয়া ক’ৰবাত এজাকমান মহিলা গোট খাওঁ তেতিয়া বহুতে সগৌৰেৱেৰে ঘোষণা কৰে, “তেওঁ হেনো গাড়ী চলাবলৈ শিকাৰ কোনো প্ৰয়োজন নাই। মানুহজন ড্ৰাইভাৰ ৰাখি দিবলৈ সক্ষম। কি দৰকাৰ ইমান টেনচন ল’বলৈ?” যিকি নহওক গাড়ীখন শিকাৰ পাছত বহু কাম সহজ হ’ল। গাঁৱৰ ঘৰলৈ গ’লে ইটো সিটোক উঠাই বজাৰলৈ নি বা বজাৰৰপৰা ঘূৰাই ঘৰলৈ আনি অনাবিল আনন্দ পোৱা হ’লো। এবাৰ নগাৱঁলৈ বিয়া এখন খাবলৈ যাওঁতে নিৰ্মিয়মান ফ’ৰ লেনৰ খেলিমেলিৰ বাবে ডাঙৰ দুৰ্ঘটনা এটাৰপৰা কোনোমতে ৰক্ষা পৰিলো। যাত্ৰীসকলৰ কাৰো একো নহ’ল যদিও গাড়ীখন সন্মুখৰ ফালে চেপেটা হোৱাত স্থানীয় থানাত জমা দি অন্য এখন বাহন ভাৰাত লৈ বিয়াঘৰ পালোগৈ। আমাতকৈ আগতে দুৰ্ঘটনাৰ খবৰ বিয়াঘৰ পাইছিলগৈ। গৈ পোৱাৰ লগে লগে সকলোৱে দুৰ্ঘটনাৰ কথা সুধিছে আমাক। তেনেতে মোক বৰ মৰম কৰা মাহী এগৰাকীয়ে উধাতু খাই আহি ক’লে বোলে তই মাইকী মানুহজনীয়ে অতখন গাড়ী অকলে চলাই আনিব লাগে নে? মই বোলো আগে পিছেও আহোঁতো! আজিহে! কৈছে, ‘হ’লেও আজিৰপৰা নাহিবি কিন্তু।’ উফ! যেন কোনো পুৰুষে আজিলৈকে দুৰ্ঘটনা সংঘটিত কৰাই নাই।

গুৱাহাটীত গাড়ী চলোৱাৰ চখ পুৰা হৈ চলোৱা কামটো আমনিদায়ক হ’লগৈ এতিয়া। পৰাপক্ষত উবেৰ-অ’লাৰে কাম চলাবলৈ চেষ্টা কৰোঁ। ৰাস্তাৰ ভিৰ আৰু পাৰ্কিঙৰ জেগাৰ নাটনিৰ কাৰণে।

এবাৰ মোৰ জ্বৰ হওঁতে ডাক্তৰৰ তালৈ চিনাকি ড্ৰাইভাৰ এজন লৈ গৈছিলোঁ। ৰাস্তাত জাম লাগিছিল। কিন্তু আমাৰ অকণ দৌৰা-দৌৰি লাগিছিল কাৰণ ডাক্তৰে আমাক দিয়া সময় প্ৰায় হওঁ হওঁ হৈছিল। আমাৰ আগে আগে এজন মানুহে গাড়ী চলায় মোবাইলত কথা পাতি একদম লাহে লাহে গৈ আছিল। আমি তেওঁক অভাৰটেক কৰিব পৰাগৈ নাই। টেক্সি গাড়ী চলোৱা ড্ৰাইভাৰজনে তেওঁক দেখি ক’লে, “আজিকালি মাইকী মানুহেই যি স্পীডত গাড়ী চলায়। আমাকেই পিছ পেলাই থৈ যায় কেতিয়াবা। আমি একো নকওঁ বুলিহে! যা বোলো মাইকী মানুহ! চলাব মন গৈছে চলা আৰু!”

‘দেহি ঐ! কিমান দয়া কৰিছ’ বুলি ক’বলৈ বৰ মন আছিল। একো নকলো, জ্বৰৰ বাবে মূৰ বিষাই আছিল। কথাবতৰা বন্ধ কৰি চকু দুটা মুদি দি শোৱাৰ ভাও ধৰিলো যাতে সি একো নকয় আৰু!

☆★☆★☆

12 Comments

  • ভাল লাগিল পঢ়ি ৷সাহস লাগে মানুহক ৷

    Reply
  • ৰিণ্টু

    ভাল লাগিল পঢ়ি

    Reply
  • মনালিছা কলিতা

    ভাল লাগিলে।

    Reply
  • Dhruba Jyoti Arjuna

    এইটো মোৰ অল টাইম ফেভৰিতৰ তালিকাভূক্ত কৰিলো ।

    Reply
  • Jyotika Nayak

    Pohi val lagil baidew…. Moi matro 3 dinot gari solabole hikilu… Tothapiu besi virot olop voi lage….

    Reply
  • পাৰবীন

    বঢ়িয়া লাগিল পলাবা

    Reply
  • বৰ ভাল লাগিল পলা। সুন্দৰ অভিজ্ঞতা।

    Reply
  • Surjit Singh Arora

    Your experience is so well described. I am sure this would inspire those who are sitting on the fence and yet to learn this skill.

    Reply
  • Luku Dutta Borah

    ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    তোমাৰ ড্ৰাইভিঙৰ ইতিবৃত্ত পঢ়িলো৷ ভাল লাগিল৷

    Reply
  • Rajdeep Borah

    হাইফাই লিখিছে । বহুত ভাল লাগিল

    Reply
  • UTPALA KAUR

    আটাইকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *