ফটাঢোল

অণুগল্প – আত্ৰেয়ী গোস্বামী

(১)জুঠা

চিক্‌চাক্‌ ছোৱালীজনীয়ে বিয়াৰ আগতে নিজৰ ভাই-ভনী দুটাৰ জুঠাও নাখাইছিল৷ বিয়াৰ পিচত শাহুৱেকে ভাতৰ কাষত দিয়া পোৰা মাছৰ পিটিকাকণ লিৰিকি-বিদাৰি থাকিছিল৷ ল’ৰা-ছোৱালী দুটাই কৈশোৰ গৰকোঁতেহে তেওঁ গম পালে স্বামীৰ শৈশৱৰে পৰা নলে-গলে লগা বান্ধৱীজনী বিয়া নোহোৱাৰ আচল কাৰণটো৷

(২)দেউতা

বিয়ালৈ মাত্ৰ কেইদিন মান থাকোতে কাম কৰি আহৰি নোপোৱা মানুহজনী বিচাৰি তাইৰ ৰূমটোতে পালেগৈ৷ কাপোৰ জাপি আছিল৷ তাইৰ মেজখনৰ কলম এটা হাতলৈ তুলি ক’লে,- “হেৰা,  তাই এইবোৰ সব্‌ এৰি থৈ যাব নহয়“৷

:আমাকো৷

মানুহটোৱে হুকহুকাই কান্দি পেলালে৷

(৩)পাগলী

মনৰ কথাবোৰ খুলি ক’বলৈ তাইৰ কোনো নোহোৱা হৈছিল৷ ছমহীয়া কেঁচুৱাটোকে বুকুত বান্ধি কথাবোৰ বিৰবিৰাইছিল৷ স্বামীয়ে শুনি হুলস্থূল কৰিলে তাই বলিয়া হ’ল বুলি৷ মলিয়ন সাজেৰে কেঁচুৱাটি চাবলৈ মানুহজনী এতিয়া সদায় আহে৷ তাইৰ সন্তানে তাইক দেখিলে আইতাকৰ কোলাৰ পৰা পাগলী বুলি চিঞঁৰিব পৰা হ’ল৷

(৪)অভিমন্যু

মই কিয় নিশিকিলো মিছা ক’বলৈ? মই কিয় মানুহক বেয়া পাব নোৱাৰোঁ?

:তোমাৰ আয়েও নাজানিছিল এইবোৰ৷

(৫)কৰ্মফল

আজি শাহুৱেকে তাইক কোৱা তিতা কথা কেইষাৰ তাই সৰু থাকোঁতে আইতাকে মাকক কোৱা শুনিছিল৷ তাই আইতাকৰ আলাসৰ লাৰু আছিল৷ এতিয়া তাইৰ ছোৱালীজনীও আইতাকৰ দেহলাও৷

☆★☆★☆

 

Leave a Reply

Your email address will not be published. Required fields are marked *