সাধুকথা নহয়, ৰগৰহে – কবীন্দ্ৰ ডেকা
১) বাদুলিয়ে হেনো সকলোকে ঠগি ফুৰে। কথাটো শুনি হাতীৰ বৰ খং উঠিল। সি ভাবিলে, সামান্য বাদুলি এটাৰ ইমান বুদ্ধি থাকিব পাৰেনে! বাৰু, ই মোক কেনেকৈ ঠগে মই চাই লওঁ! এইবুলি হাতীটোৱে বাদুলিক বিচাৰি ওলাল। বহুত দূৰ গৈ বাটত বাদুলিক দেখা পাই ক’লে —
“ঐ বাদুলি, এইফালে আহ, এইডাল চেহেৰা লৈ তই হেনো সকলোকে ঠগি ফুৰ! বাৰু চাওঁচোন তোৰ কিমান ক্ষমতা আছে, মোক ঠগিব পাৰিবি?”
বাদুলিয়ে থতমত খালেও পিছমুহূৰ্ত্ততে কৈ উঠিল, –
“মহাৰাজ, এনেকৈ হঠাতে ঠগো বুলি ঠগিব পাৰি জানো! মই এটা বিশেষ জৰুৰী কামত এঠাইলৈ গৈ আছো। আপুনি মাত্ৰ ৫ মিনিট সময় ইয়াতে ৰৈ থাকক, মই সাউৎকৈ কামটো কৰিয়েই গুচি আহি আপোনাক ঠগিম।”
“বাৰু,যা।”- অশেষ কৌতুহলেৰে হাতীটো তাত ৰৈ থাকিল।
পিচে, বাদুলিটো যি গ’ল, গ’লেই আৰু! ঘূৰি আৰু নাহিল।
হাতীটোৱে বহুদেৰিৰ পাছত বুজি পালে – “ই মোক ব্ৰহ্মঠগন দিলে!”
(নীতিশিক্ষা-ভেমপুৰীয়া ক্ষমতাশালী লোকলৈ সতৰ্কবাণী — “তোমাৰ ক্ষমতাৰ ভেম ভাঙিবলৈ আমাৰ দৰে নিঃকিনজনৰ বুদ্ধি অকণ থাকিব পাৰে ভাবিবা”)
২) গঁড় এটাই অকলে হাঁহি থকা দেখি শিয়াল পোৱালিটোৱে মাকক সুধিলে-
“মা, গঁড়টোৱে অকলে কিয় হাঁহি আছে?”
মাকে ক’লে,- “পৰহি বান্দৰ এটাই তাক ভাকুটকুটাই দিছিল, গঁড়ৰ ছাল বৰ ডাঠ যে আজিহে তাৰ সুৰসুৰণিটো উঠিছে।”
(নীতিশিক্ষা – কিছুমান লোকৰ উপলব্ধিৰ লক্ষণো গঁড়ৰ ছালৰ দৰে ডাঠ)
৩) শিয়াল – “ইয়াত হঠাতে যদি এটা বাঘ ওলায়, কি বুদ্ধি কৰিবা?”
মেকুৰী – “মোৰ তেনেকুৱা বিশেষ বুদ্ধি নাই, মই একেজাপে গৈ গছত উঠিম।”
শিয়াল – “মোৰ জানা, এশ এটা বুদ্ধি। তাৰে যিকোনো এটা বুধি খটুৱাই দিব পাৰো।”
সঁচাকৈয়ে এদিন বাঘ এটা ওলাল। মেকুৰী গৈ সাউৎকৈ গছত উঠিল। শিয়ালে তাৰ এশ বুধিৰ ভিতৰত কোনটো ঠিক হ’ব ভাবি থাকোঁতে বাঘে ধৰি খায়েই পেলালে।
(নীতিশিক্ষা – ধূৰ্তলোকৰ বাৰেৰহণীয়া বুদ্ধিতকৈ অৰ্হতাত বেছি আস্থা ৰাখিব লাগে)
৪) দেখাত একে তিনিটা ক’লা কুকুৰ একেলগ হৈ খাদ্য বিচাৰি গৈ থাকোতে এখন বিয়াঘৰ পালে। প্ৰথম কুকুৰটোৱে মনৰ উচাহতে ক’লে, “বাঃ বঢ়িয়া! ইয়াতেই আজি ঠিকমতে খাই লোৱা ভাল হ’ব। আঃ কি মলমলীয়া গোন্ধ! পিছে এটা কথা, আগতে অলপ আলেখ-লেখ লৈ অহাটো ভাল হয় নেকি। প্ৰথমতে ময়েই গৈ কন্দিচন মানে পৰিস্থিতিটো চাই আহোঁ, তহঁত দুটা ইয়াতে ৰৈ থাক।”
এইবুলি প্ৰথম কুকুৰটো ৰান্ধনিঘৰ ওলালগৈ। কুকুৰ দেখি ৰান্ধনিয়ে ফলা খৰি এডালেৰে তাক ভাল কোব এটা মাৰিলে। কোব খাই সি গুচি আহিল যদিও লগৰ দুটাক তাৰ অৱস্থাটোৰ কথা ক’বলৈ লাজ লাগিল। সি অলপ ঠিক-ঠাক হৈ আহি লগৰ দুটাৰ ওচৰ পালে।
লগৰ দুটাই উদগ্ৰীৱ হৈ সুধিব ধৰিলে– “কচোন ভাই, কি খবৰ?
“মোক যোৱাৰ লগে লগেই বহুৱাই দিলে।”
কথা শুনি দুয়োটাৰ লোভ লাগি গ’ল। দ্বিতীয় কুকুৰটোৱে ক’লে- “সেইবাবে এটা এটাকৈ যোৱাই ভাল, তেতিয়া মৰম পায়। এইবাৰ মই যাওঁ। মোকো নিশ্চয় যোৱাৰ লগে লগে খাবলৈ বহুৱাই দিব!”
ৰান্ধনিয়ে বোলে, –“আও, ই আকৌ আহিছে! খৰিৰ কোব ঠিক নহ’ল নেকি! ৰহ তোক!” এইবুলি তাৰ গাত উতলি থকা গৰম পানী এচৰিয়া মাৰি পঠিয়ালে। কেংকেঙাই উঠি লৰ দিলে যদিও তাৰ সেই দশাটো লগৰ দুটাক দেখুৱাবলৈ সত নগ’ল। ওচৰৰ কচুৱনিত গা-মূৰ জোকাৰি কিছু সময় পাছত বাকী দুটাৰ ওচৰ পালেহি।
তৃতীয় কুকুৰটো অধৈৰ্য হৈ আছিলেই -“কচোন ভাই, কেনে পালি, কি কি খালি?”
“ভাই, একদম গৰমে গৰমে।”
কথা শুনি তৃতীয়টো আৰু এখন্তেকো নৰ’ল। চিধাই গৈ ৰান্ধনিশাল পালেগৈ।
“উৱা! কুকুৰটো বাৰে বাৰে আহি আহি আছে! ভাত-আঞ্জাত কিবাকৈ মুখ দিব লাগিলে গৃহস্থ আৰু ৰাইজে মোক….”
এইবুলি ৰান্ধনিয়ে ল’ৰাকেইজনমানৰ হতুৱাই কুকুৰটোক ধৰি বান্ধি থৈ দিলে।
দুদিন পাছত সি কিবাকৈ মুকলি হৈ আহিল।
লগৰ দুটাই লগ পাই সুধিলে, -“কি হ’ল অ’ তোৰ! খাবলৈ গৈ নহাই হ’লি!”
“ভাই, মোক আহিবলৈকে নিদিয়ে নহয় আকৌ!”
(সাৰ তত্ত্ব– নিজৰ দুখ-বেদনাক ঢাকি এনেকৈয়ে বহু সময়ত মুখলজ্জাৰ পৰা বচাই ৰখা হয়, আৰু এনেদৰেই সমস্যাবোৰ সমস্যা হৈয়েই থাকে)
৫) এবাৰ বানপানীত শিয়াল এটাই তাৰ পৰিয়ালটো লৈ নিৰাপদ ঠাই বিচাৰি ওলাল।পৰিয়াল মানে শিয়ালনী আৰু পোৱালি চাৰিটা। গৈ গৈ ওখ ঠাইত এটা গাঁত পাই শিয়ালটোৱে পৰিয়ালটিক গাঁতৰ ভিতৰলৈ লৈ গ’ল। গাঁতৰ ভিতৰ পাই সিহঁতে দেখিলে বাঘৰ পোৱালি দুটাই উমলি আছে। দুখে-বেজাৰে শিয়ালনীৰ মুখেদি ওলাল- “মৰা, এতিয়া মৰা! বানপানীত কিবাকৈ বাচি আহি এইবাৰ সোমালোহি বাঘৰ গাঁতত।”
শিয়াল– “ৰ’বাচোন, অধৈৰ্য নহ’বা। ঘপকৈ দৌৰ মাৰিলে সিহঁতে আমাৰ ওপৰত জঁপিয়াই পৰিব। কিছু সময় সিহঁতক ভয় খুৱাই ৰাখি বুধিৰে ওলাই যাম।”
শিয়ালনী- “যদি বাঘ-বাঘিনী দুটা আহি ওলায়!”
এনেকৈ কৈ শিয়ালনীয়ে গাঁতৰ মুখৰপৰা জুমি চাই দেখে প্ৰকাণ্ড বাঘটোৱে বাঘিনীক লৈ গাঁতলৈকে আহি আছে। শিয়ালনীয়ে আতংকিত মনেৰে শিয়ালক খামুচি ধৰি কৈ উঠিল- “হেৰি, বাঘ-বাঘিনী দুইটাই আহি আছে, গোটেইমখাই মৰিলো আজি!”
শিয়াল- “ৰ’বা ৰ’বা, ভয় নকৰিবা, তোমালোক আটায়ে বাঘ খাওঁ বাঘ খাওঁ বুলি চিয়ঁৰিবলৈ ধৰা।”
বুধিমতে আটাইকেইটাই তাকে কৰিবলৈ ধৰিলে আৰু ইফালে শিয়ালটোৱে গাঁতৰ মুখলৈ আহি বাঘ-বাঘিনীয়ে নেদেখাকৈ কিন্তু ভালকৈ শুনি পোৱাকৈ ক’বলৈ ধৰিলে – “ইহঁতে কেৱল বাঘহে খায়, ৰাতিপুৱাৰপৰা কেইটা যে বাঘ খালে পেটেই ভৰা নাই! হঠাতেনো ক’ত ডাঙৰ বাঘ পাওঁ!”
কথা শুনি বাঘ-বাঘিনী দুইটাই প্ৰাণপণে দৌৰ মাৰি পলাই কিছু দূৰৈত ফোঁপাবলৈ ধৰিলে।
এই কাণ্ডটো গছৰ ডালৰপৰা এটা বান্দৰে চাই আছিল। সি বাঘ-বাঘিনীৰ ওচৰলৈ আহি ক’বলৈ ধৰিলে –”হেৰা তোমালোকে ইমান ভয় খাই দৌৰিছা কিয়?’’
“নক’বাহে, সাংঘাটিক কথা হৈছে, গাঁতত কিবা এটা ভয়ংকৰ জীৱ সোমাইছে, বাঘ খায়”
বান্দৰে বুজালে সেইকেইটা শিয়ালহে। বাঘে বিশ্বাস কৰিব নোখোজাত বান্দৰে ক’লে – “মই চব চাই আছিলো। শিয়ালে নিজক বচাবলৈ বুদ্ধি কৰি এইবোৰ কৰিছে। বিশ্বাস নকৰা যদি মোক লৈ ব’লা লগত।”
“তুমিওতো বুদ্ধি কৰিব পাৰা।”
“তেনেহ’লে এটা কাম কৰা। তোমাৰ এখন ঠেঙত মোৰ এখন ঠেং ৰচীৰে বান্ধি যুটি লোৱা আৰু আনখ্ন ঠেং বাঘিনীৰ ঠেঙত যুটি লোৱা, তেতিয়াতো….”
বান্দৰৰ কথামতে তেনেধৰণে তিনিও আহি গাঁতৰ ওচৰ পালেহি।
শিয়ালে দেখিলে এইবাৰ সৰ্বনাশ, বান্দৰটোৱে আচল কথা গম পাই সাক্ষী হিচাবে একেলগে আহিছে।
এইবাৰ শিয়ালে নিজক লুকাই তিনিও শুনাকৈ ক’বলৈ ধৰিলে– “বান্দৰটোক সেই তেতিয়াই অগ্ৰিম টকা দি পঠালো বাঘ দুটা কিবা বুধিৰে ধৰি আনিবলৈ, এতিয়ালৈ খবৰেই নাই! মহা ফাঁকিবাজ এই জাতটো।”
কথা শুনি বাঘ-বাঘিনী দুয়ো দুফালে লৰ মাৰোঁতে বান্ধি ৰখা বান্দৰৰ ঠেং দুটা চিঙি গৈ গোটেই বান্দৰটো দুফাল হৈ গ’ল।
ইয়াৰ পিছত শিয়ালৰ পৰিয়ালটো গাঁতৰপৰা ওলাই এটা মথাউৰি পালে। মথাউৰিত উঠিয়েই শিয়ালনীয়ে দেখিলে এটা প্ৰকাণ্ড বাঘ পিছমুৱা দি ৰৈ আছে। শিয়ালনীয়ে ঘপকৈ কচুপাত এটাৰে মুখখন ঢাকি বাঘক সুধিলে- ”ভাই-শহুৰ ক’ত যায়?”
ভাই-বোৱাৰীৰ মুখ চাব নাপায় কাৰণে বাঘটো সেই ঠাইৰপৰা আঁতৰি গ’ল।
“ৰাতিপুৱাই কাৰ যে মুখ দেখিছিলো আজি! যা হওক বাচিলো আৰু! শিয়াল-শিয়ালনীৰ স্বগতোক্তি।
(নীতিশিক্ষা-কাঁচিয়ে কাঁটে মানে, বেলিয়ে আঁটে মানে নিজৰ চিন্তা-বুদ্ধি-শ্ৰম-মনোবলক কামত লগোৱা)
৬) এটা শিয়াল, এটা কাউৰী আৰু এটা শহাপহু বহুদিন ধৰি সখী হিচাপে বাস কৰি আহিছিল। সখী হ’লেও পিচে শহাই শিয়ালৰ একেবাৰে ওচৰ চপা নাছিল, কিবা এটা ভয় ভয় ভাৱৰ বাবে।
এনেকৈ দিনবোৰ চলি গৈছিল। পিছে স্বভাৱজাত হিচাপেই ধূৰ্ত শিয়ালৰ প্ৰবৃত্তি উক দি উঠিল এই শিয়ালটোৰ মনতো। এদিন শিয়ালে কাউৰীক ক’লে- “সখি, দেখিছানে শহাটো দিনক দিনে কেনেকৈ নোদোকাটো হৈ আহিছে! কোনে জানে কাইলৈ কি হয়, কোনে তাক ধৰি-মাৰি খায়, একো ঠিক নাই। গতিকে, কিবা বুধি এটা কৰি আমিয়ে তাক খাই থোৱা ভাল। (মনতে ভাবিছে, সি মোৰ একেবাৰে ওচৰ নাচাপে। নহ’লে কাউৰীক নোকোৱাকৈ ময়েই অকলে গতি লগাব পাৰিলোহেঁতেন!)
কাউৰীয়ে বোলে- “সখী, কেনেকুৱা কথা কোৱাহে তুমি! ইমান দিনৰ পৰা শহাটো আমাৰ আপোন সখী হৈ আছে, কি সতে এতিয়া তাক খাওঁ!
শিয়াল- “তুমি বুজা নাই সখী! আজি সখী হ’লেও সদায়েই যে সি আমাৰ সখী হৈ থাকিব, সেই কথা নাভাবিবা। এদিন যদি সি নিজে আঁতৰি যায়, তেতিয়া? আমি বাৰু তাক নেখালো, তাক যে বাঘ-সিংহ বা আন শিয়াল-কুকুৰে নেখাব, তাৰ কি ভৰষা আছে!”
এনেকৈ বুজাই-বঢ়াই শিয়ালে কাউৰীক মান্তি কৰালে।
কাউৰী- “পিছে শহাক ধৰিবা কেনেকৈ?”
শিয়াল – “মই মৰা ভাও জুৰি ইয়াতে শুই থাকিম। তুমি কান্দি কান্দি গৈ তাক খবৰটো দিবাগৈ আৰু ক’বা মৃত্যুৰ আগতে শিয়াল সখীয়ে কৈ গৈছিল, আমি দুই সখীয়ে যাতে মৃতদেহটো নি সৎকাৰ কৰোঁ!”
খবৰটো পাই শহাৰো বৰ দুখ লাগিল আৰু কাউৰীৰ লগতেই শিয়ালৰ ওচৰলৈকে বুলি যাত্ৰা কৰিলে।
হেজাৰ হওক, শিয়াল শিয়ালেই। শহাই সন্দেহ মাৰ নিয়াবলৈ কিছু দূৰৈৰপৰা শিয়ালটোৰ কাণত পৰিব পৰাকৈ কাউৰীক ক’লে- “হেৰা কাউৰী সখি! আমাৰ ফালেচোন শিয়াল মৰিলে নেজডাল লৰি থাকে। এওঁৰ নেজডাল দেখোন লৰি থকা নাই, সখি মৰা নাই, তুমি চিন্তা নকৰিবা।”
কথা শুনি শিয়ালে নেজডাল জোঁকাৰি দিবলৈ ধৰিলে।
শিয়ালৰ ফন্দি বুজি পাই শহাই ভিৰাই লৰ মাৰিলে আৰু চিৰদিনৰ বাবে বন্ধুত্ব এৰি পেলালে।
(নীতিশিক্ষা — কিছু প্ৰবৃত্তি কাৰোবাৰ সহজাত, কিছুমান আকৌ আনৰদ্বাৰা প্ৰৰোচিত হয়; কিন্তু সাধুজনৰ বাবে উত্তম উপায় হ’ল জ্ঞান-বুদ্ধি-কৌশলেৰে অসাধুৰ পৰা নিজক সদা সষ্টম কৰি ৰখা)
☆★☆★☆
3:53 pm
গোটেই কেইটা গল্পই নীতিশিক্ষাপূৰ্ণ।
ছয় নম্বৰটো বৰ ভাল লাগিল।
11:42 am
গুৰুত্বপূৰ্ণ লিখনি ।