ফটাঢোল

মই অসমৰ তেজাল যুৱক – ধ্ৰুৱজ্যোতি অৰ্জুনা

মই অসমৰ ডেকাল’ৰা। অসমৰ সংস্কৃতি মোৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিৰাজমান। এই দেশৰ মাটি সাৰুৱা। গতিকে ইয়াত মই একো নকৰিলেও কিবা কিবি গজিবই! এই গজাবোৰৰ ভিতৰত অলেখ পাবত গজাও পাব। যেনে বিভিন্ন নামধাৰী সংগঠন, নিজকে নিবনুৱা বুলি অহংকাৰ কৰা সংস্থা,  চান্দা সংন্থা,  অমুক সংন্থা,  তমুক সংন্থা ইত্যাদি। বেছি সাৰুৱা মাটিত গজাবোৰে কেতিয়াবা অস্ত্ৰ-শস্ত্ৰ লৈও গজে। সেই অস্ত্ৰ-শস্ত্ৰবোৰ এনেয়ে পেলাই থ’লে ভোটা হ’ব বুলি কেতিয়াবা দলঙে-বজাৰে তাৰ চোক পৰীক্ষা কৰিও চোৱা হয়। সেই পৰীক্ষাত দুই চাৰিজন সাধাৰণ মানুহ নিহত হ’লেও সেই কথা স্বাভাবিক বুলিয়েই ধৰিব লাগিব। তাহানিতে আতন বুঢ়াগোঁহায়ে কৈয়ে গৈছিল,- “পুখুৰী সিচোঁতে দুই চাৰিক শিঙি মাছে বিন্ধিবই।” সেই শিক্ষা আজিও আমাৰ মনৰ ভিতৰত দকৈ বহি আছে। সেই আপ্তবাক্যশাৰী আমি অন্য ক্ষেত্ৰতো ব্যৱহাৰ কৰোঁ। কেতিয়াবা চান্দা তোলোতে দুই চাৰি বহিঃৰাজ্যৰ মানুহে আমাৰ ল’ৰাৰ গাত হাত দিয়ে। তেতিয়া আমি হতাশ নহৈ দুগুন উদ্যমেৰে জপিয়াই পৰো তেনে জাতিৰ শত্ৰুবোৰৰ ওপৰত। কাৰণ আমাৰ অসম দেশত আমি বহুত আছে কাৰণে একো নকৰি তাঁহাতক কাম কৰিবলৈ সুবিধা প্ৰদান কৰোঁ। নহ’লে তাঁহাতে খাব কি? ই বিশ্বৰ ওচৰত আমাৰ উদাৰ মনৰ পৰিচয় বহন কৰাৰ অন্যতম নিৰ্দশন। তাহাতে আকৌ সেই কথাটো নামানি আমাৰ ঘৰতে আমাক উভটি ধৰিলে তাৰ সমুচিত প্ৰত্যুত্তৰ স্বৰুপে আমি বন্ধ,  ধৰ্ণা আৰু মূৰ্দাবাদ ধ্বনিৰে অসমৰ আকাশ-বতাহ কঁপাই দিব পাৰোঁ। এনে বন্ধেৰে অসমৰ অফিচ-কাছাৰীৰ কৰ্মচাৰী আৰু পৰিয়ালসকলৰ আৰ্শীবাদো আমি লাভ কৰোঁ। সেয়া আমাৰ বাবে মহা-মূল্যৱান পৰম সম্পদ। কাৰণ দুদিন মাত্ৰ ছুটি লৈ তিনি নম্বৰ দিনৰ দিনা প্ৰক্সি মাৰি চাৰিদিনীয়াকৈ শহুৰৰ ঘৰলৈ যোৱা নিমাখিত কৰ্মচাৰীজনৰ পৰিয়ালে এদিন অধিককৈ আলহী ঘৰত থকাৰ সুবিধা পায়! ই জাতীয় অৰ্থনীতিতো পোনপটিয়াকৈ প্ৰভাৱ পেলায়!

তাৰ বিনিময়ত তেওঁলোকেই বহু সময়ত আমাৰ দৰে নেতাক ঠিকা-ঠুকুলিৰ যোগান আদিৰ দৰে কামেৰে প্ৰতিদান দিবৰ যত্ন কৰে। ঠিকা মানে এই ধৰক মঠাউৰি, ৰাস্তা-ঘাট মেৰামতি আদিৰ দৰে কাম। তাতোতকৈ ডাঙৰ লাখ-কোটি টকীয়া কাম কৰিবলৈ আমাৰ সময় নাই। সেয়ে সেইবোৰ বিদেশী অথবা বহুজাতিক কোম্পানীক গতাই দিয়াটো আমি কামনা কৰোঁ। আমাৰ এই আত্মত্যাগৰ বিনিময়ত তেওঁলোকে দেশ মাতৃৰ সেৱাৰ বাৱদ আমালৈ এটি সৰু অৰিহনা  আগবঢ়ালেই আমি সন্তুষ্ট হওঁ। মথাউৰি, ৰাস্তা-ঘাট মেৰামতি কামতো আমি ৰাইজৰ সেৱাৰ কথাই প্ৰধানকৈ গুৰুত্ব দিওঁ। পানী অসমৰ অন্যতম সম্পদ। সেই সম্পদ আমাৰ উভৈনদী হৈ থকা দেখুৱাবলৈকে আমি মথাউৰি মেৰামতি কামটো জোৰা-টাপলি মাৰি থওঁ। দুনীয়াই দেখক আমাৰ ইয়াত পানীৰ অভাৱ নাই। তাতে ৰাইজেও এই সুবিধাতে চৰকাৰৰ পৰা ফ্ৰীকৈ চাউল-পাত পোৱাৰ সুবিধাটোও হয়। দুই-চাৰিজন চৰকাৰী কৰ্মচাৰীৰো বহুদিনীয়া অৰ্থ সংকট জোৰা মৰে এই সময়তে।

অসমত খৰালি কালত বাটে পোৱালি মেলে। চৰকাৰে বনোৱা ৰাষ্টা-ঘাটৰ বিশেষ প্ৰয়োজন নহয়। তাতে আমি ৰঙ-ৰহইচ ভাল পোৱা জাতি। খ্ৰীষ্টমাছ, নিউ ইয়েৰ, মাঘ বিহু, সকলো আমাৰ চকুত সমান। গতিকে সকলোতে আমি সমানে স্ফূৰ্তি কৰিবৰ যত্ন কৰোঁ। চ’থ পুজাত ভাংৰা লগাই বিহু নাচি আমি সমন্বয়ৰ প্ৰমাণ দিওঁ। বেছি নাচি নাচি গা-বিষালে আমি স্ফূৰ্তি পানীকণ লৈ পুনৰ নাচন দিওঁ। স্ফুৰ্তি পানীকন লৈ আমি চৰকাৰৰ ৰাজহ বঢ়োৱাতো সহায়ক হওঁ। ই আমাৰ ৰাজ্যৰ অৰ্থনীতিৰ ভেটি মজবুত কৰাটো সহায় কৰে।

শুই থকা সিংহ আমি, যিদিনা জাগিম পৃথিৱী ওলোটাই দিম। অসমে ভাত মাৰিব পাৰিব অন্য বহুতো ৰাজ্যৰ। এই ৰাজ্যলৈ ভাত মোকোলাবলৈ অহা বহুতৰে ভিকাচন ভাগিব। তেতিয়া তেনে বহু পৰিয়ালৰ চৌকাত জুই নজ্বলিব। সেয়ে খাও অঔৰ খিলাঔ নীতিৰে আমি শুইয়ে থাকিম। কাৰো শাওপাত নলওঁ নহয়।

জয় অসমৰ সন্তান ।

☆★☆★☆

 

32 Comments

  • হেমন্ত কাকতি

    চুপাৰ্ব অৰজুন! বৰ ভাল লাগিল এইটো পঢ়ি৷ একেবাৰে আয়না চোৱা হেন লাগিল!

    Reply
  • ভাল লাগিল দাদা..আৰু লিখি যাওক..

    Reply
  • শঙ্কৰ জ্যোতি বৰা

    মজ্জা

    Reply
  • আজিৰ সমাজ— অপ্ৰিয় সত্য এইবোৰ। ভাল লাগিল।

    Reply
  • Tridip

    কেইটামানৰ গাত যদি অলপো চেঙা লাগিল হয়….

    Reply
  • প্ৰিয়ম চুতীয়া

    আপুনি প্ৰকৃত অসমৰ তেজাল যুৱক

    Reply
  • প্ৰণৱ সিংহ

    বেজবেজাই গল

    Reply
  • Gitika Saikia

    আজিৰ সমাজৰ এখন জীয়া ছবি। সুন্দৰভাৱে আঁকিলা।

    Reply
  • অৰ্চনাময়ী বড়া

    সচাঁকৈ য়ে ভিন্নস্বাদ….

    Reply
  • Manash saikia

    কিছু লিখিলা দেই৷ অতি সুন্দৰ৷

    Reply
  • বিশ্বজিত বনিয়া

    বৰ ভাল লিখিছে। ভাল লাগিল

    Reply
  • জুপিতৰা দত্ত

    ভাল হৈছে

    Reply
  • ভাল লাগিল পঢ়ি ৷ বৰ্তমানৰ জীয়া ছবি ৷

    Reply
  • বন্দিতা গগৈ বৰা

    তেজাল

    Reply
  • Somoron gogoi

    মজা

    Reply
  • Somiron gogoi

    মজা

    Reply
  • ৰাজীৱ শৰ্মা

    বহু কথাই কৈ দিলে দেই লিখনিটোৰে।

    Reply
  • অসমী গগৈ।

    সাম্প্ৰতিক কালৰ এখন সুন্দৰ ছবি । ভাল লাগিল পঢ়ি।

    Reply
  • Rajdeep Borah

    অনাগত দিনত এনেকুৱা লিখনি সদায় আশা কৰিম তোমাৰ পৰা !

    Reply
  • Silpasree

    তীক্ষ্ণধাৰ ব্যংগ। বঢ়িয়া লাগিল।

    Reply
  • Poban

    আপোনাৰ লিখনিৰ লগত সংগতি থকা এটা প্ৰশ্ন মোৰ মনৰ পৰা ব্যক্ত কৰিছিলো এজনক – আমি বাৰু বহুত বেছি আমোদপ্ৰিয়, ভ্ৰমণপ্ৰিয়, আৰু ৰুচিপ্ৰিয় হৈ গৈছো নেকি দিনে দিনে ৷ সঁচাই মই কিন্তু যথেষ্ট সলনি হলো পূৰ্ৱতকৈ ৷ আপোনাৰ কথাই মোকো বেজবেজালে ৷

    Reply
  • চাও খুন্ শিৱ ডেকা

    অসমীয়াই দপোন চোৱাৰ সময় এইয়া , কথা খিনি ব্যংগৰ মাজেৰে বৰ সুন্দৰকৈ প্ৰকাশ কৰিলে | এক কথাত ক’বলৈ গ’লে “চুপাৰ হিট্ ” হৈছে |

    Reply
  • জিমী শ‌ইকীয়া

    ভাল লিখিছে।কথাটো হয় দেই।

    Reply
  • Sanjeev Mazoomdar

    সুন্দৰ আৰু সময়োপযোগী বিশ্লেষণ। বহুত ভাল লিখিছা।

    Reply
  • মিৰাজ

    বৰ ভাল লিখিছে। অৱশ্যে এই বিষয়টো কিমান ভয়ংকৰ সেয়া অসমীয়া আৰু ১০ বছৰ পিছত বুজিব। সকলোকে আদৰি নিজৰখিনি যে লাহে লাহে পাহৰিব ধৰিছে সেয়া বুজা সকলে বুজিছে । হাতত সময় কম ।ভুপেন দাই ভৱিষ্যৎ জানিছিল বাবে গাইছিল…… আজিৰ অসমীয়াই জিজক নিচিনিলে অসম ৰসাতলে যায় ।

    Reply
  • পাৰবীন

    ধাৰাল লিখনি

    Reply
  • মুকুট ভট্টাচাৰ্য্য

    ভাল লিখিলে

    Reply
  • বিজু গগৈ

    ভাল লিখিছা৷

    Reply
  • ৰিণ্টু

    তীক্ষ্ণধাৰ লেখা, খুব ভাল লাগিল পঢ়ি

    Reply
  • Dipmoina Dowarah

    Your writing has the strength.

    Reply
  • Papari Barman

    সুন্দৰ লিখনি । আজিহে সময় পালো পঢ়িবলৈ ।

    Reply
  • Kushal Boruah

    ভাল লাগিল পঢ়ি ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *