ফটাঢোল

বিজ্ঞাপনৰ পাৰ্শ্বক্ৰিয়া – জিমী শইকীয়া

“সাত সমুন্দৰ পাৰ  ম্যেই তেৰে

পিছে পিছে আ গয়ী…”

টি.ভি.ত দি আছে মোৰ প্ৰিয় গীতৰ এটি অন্যতম গীত। শুনা মাত্ৰেই ৰ’ব‌ই নোৱাৰিলো। সাত-সুমন্দৰৰ সুৰ শুনি ময়ো পাকঘৰৰ দহো-বন কাতি কৰি ল’ৰি আহিলোঁ টি.ভি.ৰ সন্মুখলৈ। কাম কৰিবলৈ বহু সময় পাম। আহি দেখিলো দুগৰাকী মহিলাই এক বিশেষ চাৱনিৰে পৰস্পৰৰ মুখলৈ চাইছে। অনুমান কৰি ক’ব পাৰি যে তাৰে এগৰাকী শাহু আৰু আনগৰাকী বোৱাৰী। বোৱাৰীগৰাকীয়ে নিজে খাই থকাৰ ভাগৰ পৰা এডোখৰ চকলেট শাহুআইলৈও আগবঢ়াই দিলে। তাৰপিচত দুয়োগৰাকীয়ে দৌৰি আহি জঁপিয়াই, কঁকাল ভাঙি নাচিবলৈ ধৰিলে। সেয়া কোনো প্ৰগ্ৰেম নাছিল। এইয়া আছিল এটি বিশেষ চকলেটৰ বিজ্ঞাপন। কিছু সময়ৰ আগলৈকে শাহু -বোৱাৰীৰ মাজত বিৰাজ কৰা প্ৰতিকুল পৰিৱেশটো অনুকূল কৰাৰ মূল ৰহস্যটো হৈছে সেই বিশেষ ডেইৰীমিল্ক(Dairy Milk)চকলেটটো। শাহু-বোৱাৰীৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ হ’লে চকলেট ভগাই খালেই হ’ল। মিছামিছি কষ্ট কৰি ইম্প্ৰেচ নকৰিলেও হ’ব। যদি সেইটোৱেই হয় আজিৰ পৰাই ঘৰত সেইবিধ মজুত ৰাখক আৰু পাৰিলে জোৰণতে দি দিব লাগে, তেতিয়া আৰু শাহু-বোৱাৰীয়ে লগে-ভাগে নাচি থাকিব পাৰিব। কেতিয়াও নিৰ্যাতিতা শাহু-বোৱাৰী নোলাব আৰু আগলৈ। আমাৰ ওচৰৰ মিনু বৌকো শাহুৱেকে মানে চেনেহী বৰমায়ে কেটকেটাইয়েই থাকে চৌবিশ ঘণ্টাই। মোৰো আইডিয়া আহি গ’ল নহয়। মিনু বৌক ক’ব লাগিব যে শাহুৱেকক এই চকলেটটো খুৱাই দিবলৈ।(এদিন আবেলি চেনেহী বৰমায়ে গালি পৰা শুনিলো -“লাট চাহাবৰ বেটী! চকলেট হে খাই তাই। বুঢ়া বয়সত মোক লোভ দেখুৱাবলৈ আহিছ। বাপেৰৰ ঘৰত…….)

পিছে সেইদিনা শাহু-বোৱাৰীৰ মিলন চাই থাকোতে পোৰা পোৰা গোন্ধতহে ডেইৰী মিল্কৰ জগতৰ পৰা উভতি আহিলোঁ। এইযে গাখীৰখিনি গেছৰ ওপৰতে বহাই থৈ আহিছিলোঁ, পাহৰিয়েই থাকিলোঁ নহয়! গৈ পাওঁ মানে চচপেনটো ক’লা। দেউতাৰ গালি, -“মাৰা এদিন ঘৰত নাথাকোঁতেই এয়া। গাখীৰকণো গৰমাবলৈ ধৈৰ্য্য নাই।”- হেনতেনকৈ এসোপা গালি খালোঁ। গাখীৰৰ বৈশিষ্ট্য‌ই এইটো। ওচৰত ৰৈ ৰৈ চাই থাকিব ফুলো নুফুলোকৈ ভেম ধৰি আপোনাৰ ধৈৰ্য্য পৰীক্ষা কৰিব। এক ছেকেণ্ড আঁতৰি যাওঁক ওফোন্দ পাতি ফুলি উঠিব আৰু আপুনি অত সময়ৰ পৰা বোন্দা পৰ দি থকা সত্বেও গালি এসোপা শুনিব। মুঠতে গাখীৰ নপৰাকৈ গৰমাব পৰাটো এটা ৰিক্স।

গাখীৰ জ্বলি যোৱা চচপেনটো এতিয়া চাফা কৰিব‌ই লাগিব। দেখিয়েই জ্বৰ উঠিছে। পিচে বাচন ধোৱা ঠাইত ভীম চাবোন ডোখৰ দেখিহে মুখলৈ পানী আহিল। খাৰ-ফুটছাঁয়ে কেতিয়াবাই মেলানি মাগিছে। টি.ভি.ত দেখুৱাই নহয় এই ভীম চাবোনৰ কিমান দম। এশটা নেমুৰ শক্তি থাকে(সেইবুলি গৰম দিনত চৰবট নাখাব ভীমবাৰেৰে), আটাইতকৈ লেতেৰা তেলচিকটিও একপাকতে নাইকিয়া কৰি দি মুখ চাব পৰাকৈ চিকচিকিয়া কৰি তোলে। বিজ্ঞাপনত দেখাৰ দৰেই প্ৰথমে আলফুলে চাবোন লেটিয়াই চচপেনটোত এপাক পকাই দিলোঁ। নাই কেটকুটেই নকৰিলে।পিচত ধৰিবা খচক খচকৈ, শেষত ৰকহ ৰকহকৈ ব্লেড মাৰিহে ছেগা-চোৰোকাকৈ ডেই যোৱা ৰংটো এৰুৱালোঁ। হে হৰি! কিয় বাৰু কথাবোৰ এডভাৰটাইজত দেখুৱাৰ দৰে সহজতে নহয় বাৰু!!!

পুৰণি ক’লগেটটোৰে দাঁত মাজিবলৈ ভয় লাগে নহয়। নিমখ নাইযে! কিজানি ক’ৰবাৰ পৰা টোপা কাঁড় অহাদি উৰি আহি প্ৰিয়াংকা চোপ্ৰাই দম দি সুধি দিয়ে-’কিয়া আপকী টুথপেষ্ট মেই নমখ হে?’ আজিকালি আকৌ নিম আছেনে বুলিও সোধে। সদায় সদায় সিহঁতে নতুন নতুন বস্তু দি ক’লগেট বনাব আৰু আমি কিনাৰ সময়ত বিপাঙত পৰো। আৰু টুথপেষ্টৰ কোম্পানী চিলেক্ট কৰোঁতেও মহা সমস্যা। আমাৰ ঘৰৰ ওচৰৰ দাদা এজনৰ গাৰ্লফ্ৰেণ্ডজনী তেওঁৰ পৰা আঁতৰি গৈছে। ম‌ই বোলো আপুনি ক্ল’জ আপ (Cloose Up) লগাওক। সেইটো বিজ্ঞাপনতহে “পাছ আঔ ,পাছ আঔ, পাছ আঔ না…” -বুলি কয়। আপোনাৰ যদি গাৰ্লফ্ৰেণ্ড আপোনাৰ পৰা আঁতৰি গৈছে তেন্তে এইটো টুথপেষ্ট লগাব পাৰে। আপোনাৰ কাষলৈ উৰি আহিব একেবাৰে।

এলেহুৱাসকলে কলগেট মেক্সফ্ৰেছ (Colgate Max Fresh) লগাব পাৰে। এইটো হৈছে Tazgika Dhamaka ধৰণৰ টুথপেষ্ট। ৰণবীৰে এইটোৰেই দাঁত ঘঁহি উৰি ফুৰে।

ইফালে টুথব্ৰাচ অ’ৰেল বি, প্ৰো’ হেল্থ (Oral_B PRO Health)   নে ক’লগেট (colgate) ৰ ডাল ব্যৱহাৰ কৰিব সেয়া ভালকৈ চাই ল’ব দেই। ভোট‌ এৰা, সৌৰা ঠাৰি কোন কাহানিবাই মুৰ্দাবাদ হ’ল।

এতিয়া আকৌ চাহপাত কি খাব বাৰু! ৰেড লেবেল(Red Label) চোৱাদ(সোৱাদ)অপনেপনকা নে তাজমহল (Tajmahal)   নে টাটা টি (Ta Ta Tea) খাব নে শ্বামীৰন (shamiran) খাব?

আমাৰ জেঠাইৰ নাতিনীজনীয়ে আকৌ আমূল দুধ(Amul Dudh) ৰ বিজ্ঞাপনটো দেখি ঘৰৰ কলী গাইজনীৰ গাখীৰেই খাবলৈ মন ন’কৰা হ’ল। কাৰণ সমগ্ৰ ইণ্ডিয়াই নাচি- বাগি সেইটোৱেই খাই যেন লাগে। সেইটোহে বেছি নিভাঁজ। হ’ব‌ও পাৰে দেই! সিহঁতৰ ঘৰৰ ক’লী গাইজনীয়ে সেই সাৰ দিয়া নাইবা গেলা-পঁচা পাঁচলি সোপা নাইবা আগদিনা ৰাতিৰ পৰা গোটাই থোৱা পানীহে খায়। সেইবোৰ খাইনো তাই কিডাল ’পিউৰ’ গাখীৰ দিবহে! তাতকৈ আমূল দুধেই জিন্দাবাদ।

উস্!চাবোন, মুখত ঘঁহা, গাত ঘঁহাৰ এডভাৰটাইজে আৰু বিপাঙত পেলায়। কোনটো ঘঁহিম কোনটো নঘঁহিম লাগে! ইমান দামী দামী মডেল, তাৰকাই বিজ্ঞাপন দিয়ে যে আমি সাধাৰণ জীৱবোৰ মহা সমস্যাত পৰোঁ। লাক্স, নিৰ্মা, লিৰিল ঘঁহি কৰীণা, দিপীকা পাডুকণ, সোণালীহঁতৰ নিচিনা তাৰকাই আমাক দেখুৱাই দিছে তেওঁলোকৰ সৌন্দৰ্য্যৰ ৰহস্য। বৰ পৰোপকাৰী বেচেৰীহঁত। কোম্পানীকেইটাই অকল ডাঙৰ ডাঙৰ ষ্টাৰে ঘঁহিব পৰাকৈ এইবোৰ তৈয়াৰ কৰা নাই। দুখীয়াৰ দুখ বুজা, গাঁৱৰ নদাই-ভদাইহঁতৰ জীয়ৰী-বোৱাৰী-পত্নীয়েও সানিব পৰাকৈ পাঁচ-দহ টকীয়া চাবোনৰো ব্যৱস্থা কৰি থৈছে। পিছে লাক্স চাবোনৰ বিজ্ঞাপন দিওঁতে তাৰকাগৰাকীয়ে গোলাপৰ মাজত সোমাই থকাৰ দৰে যি অনুভৱ কৰে, সাত-হাত মান কাপোৰ চোঁচৰাই মানুহৰ মাজত সুবাসিত শৰীৰটো লৈ যিদৰে খোজ কাঢ়ি যায়, সেয়া অনুভৱ, সেই লয়লাস ভংগীমাৰ খোজ আৰু আমাৰ বালিময় ৰাস্তা-ঘাটত ক’ত সম্ভৱ। ইমান আলফুলে চাবোন পিচলাই থাকি গা ধুলেও ভোলৰ জীম নমৰালৈকে মলিয়েই নাযায় দেখোন। লাক্স চাবোনৰ লগত ভোলৰ জীমটো হ’লে নেদেখুৱায়।

এতিয়া বাৰু জাৰ কাল নে জহকাল! সেয়া জানিবলৈ আপুনি টি.ভি.ৰ বিজ্ঞাপন চাওক। আপোনাৰ মুখ, গাৰ ছাল, চুলি, ফটা গোৰোহাৰ সমস্যাৰ সমাধানলৈ ৰৈ আছে বহু ক্ৰীম, বডিলোচন, চেম্পু, তেল। পিচে ইমানবোৰ কোম্পানীৰ মাজত আপুনি-ম‌ই কাক নিৰ্বাচন কৰোঁ বাৰু! ফেয়াৰ এণ্ড লাভলীৰ বিজ্ঞাপন দিয়া সুন্দৰীজনীৰ কথা শুনিব নে লেকমী ঘঁহি সুন্দৰী হোৱাগৰাকীৰ কথা শুনিব নে অলে নে প‌উণ্ডছৰ বিজ্ঞাপনৰ কথাই শুনিব বাৰু! শেষত কাৰো মন নাভাঙো বুলি এবাৰ এটা এবাৰ এটাকৈ গোটেইকেইটা ঘঁহি চাবলৈ গৈ আপুনি-ম‌ই নিজৰ স্কীনখনক ইমানেই নিৰ্যাতন চলালোঁ যে শেষত এমুখ শালম‌ইনা লৈ আমাৰ স্কীন অনশনত বহে।

জ্যেষ্ঠ বুলি অমিতাভ বচনৰ কথা পেলাবলৈও বেয়া লাগে দিয়কচোন! ব’ৰলীন ঘঁহি পিচে দিনত নোলাব! হিতে বিপৰীতহে হ’ব। পিছে দিনত এটা ৰাতি এটা, ওঁঠ এটা, নখত এটা, গোৰোহাত এটা, গাত এটা কৰি থাকিবলৈকে ঘৰখনত চাকৰি এটা লাগে। ৱেচলীন (Vasline) বডীলোচনটো নঘঁহিম বুলি ভাবিছিলোঁ এইবাৰ, পিচে লগত দিয়া দহটকীয়া ড’ভ চাবোনটো ফ্ৰীতে পোৱাৰ আশাত কিনিয়েই পেলালোঁ।

হেয়াৰ এণ্ড কেয়াৰ ফ্ৰুট অইলত ইমানবোৰ ফল দেখুৱাই যে কিছুমান ফল খায়েই পোৱা নাই।(বেমাৰীৰ খবৰ ল’বলৈ যাওঁতে সেইবুলি এইটো তেল নিনিব)। সেইটো তেল ঘঁহিয়েই বিদ্যা বালানৰ ইমান সুন্দৰ চুলিকোচা। মোৰহে দেখোন নিগনিৰ নেজ দালৰ নিচিনা।

শিল্পা চেত্ৰীয়ে চুলিত তেওঁ কোৱা চেম্পুটো নঘঁহাৰ বাবে ছোৱালীজনীক কেনেকৈ অপহৰণ কৰি লৈ যায় দেখিছোঁ। তাৰ পিচত সেইটো চেম্পুৰে মূৰ ধুৱাই চুলিকোচা সুন্দৰ কৰিহে এৰি দিয়ে। পিছে আমাৰহে কপালত সেই অপহৰণটো নহয়গৈ। ইফালে ঠাণ্ডাৰ দিনত কোনো গাভৰুৰ কাষৰ পৰা বয়ফ্ৰেণ্ড আঁতৰি গৈছে যদি নিশ্চয়কৈ জানিব সেই গাভৰুৰ উফিৰ সমস্যা হৈছে। হেড এণ্ড চ’লজাৰ লগালেই সমাধান পাব।

ইফালে কোনোবাজনৰ আকৌ পকা চুলিৰ সমস্যা। আপুনি ৰং কৰক কোনেও গমকে নাপাব বুলি সকলোকে কৈ কৈ গডৰেজ, ইণ্ডিকা, কালাৰ মেডৰ এডভাৰটাইজ দিয়া কেইগৰাকীৰ পৰাই কথাটো সকলোৱে গম পালে। হেৰৌ বুদ্ধি দিছা কোনেও গম নোপোৱাকৈ দিয়া! এতিয়া আৰু আধা বয়সত চুলি, দাঢ়ি কেঁচা দেখিলে পেন্দুকণা এটাইও জানে ৰং লগোৱা বুলি।

“অগৰ দাগ লগনে চে কুছ আটছা হৌতা হে তৌ দাগ অটছা হ্যায়” অথবা “দাগ কৌ হৰানে ম্যা চাৰ্ফ এক্সেল” -এয়া চাৰ্ফৰ বিজ্ঞাপন। এতিয়া আপোনাৰ কণমানিটোৱে কাপোৰ লেতেৰা কৰিলেও আৰু গালি নাপাৰিব। দহ টকাতে পোৱা যায় এই চাৰ্ফ। আকৌ টাইড, এৰিয়েল আদিও কাপোৰ বগা কৰাত নহয় কম। হাৰ্টৰ ৰোগীসকললৈ এটি অনুৰোধ, গোমা ৰঙৰ বগা কাপোৰ পিন্ধি বাহিৰলৈ নোলাব। কেনেবাকৈ ৰাস্তাত ঘচককৈ আপোনাৰ কাপোৰেদি চাৰ্ফৰ পেকেট পাৰহৈ যাব লাগিলে আপুনি চক্ খাই হাৰ্টফেইল নকৰিবনে বাৰু! টাইডৰ এডভাৰটাজত তাকেইতো দেখুৱায়।

ইফালে শ্বাহৰুখ খান আদি দৰে হিৰো’ৱেই যেতিয়া ক’ব যে ল’ৰা মানুহে ছোৱালীৰ ক্ৰীম নঘঁহে নহয় ফেয়াৰ এণ্ড হেণ্ডচামহে ঘঁহে, তেতিয়া আৰু দাদা, ভাইটিসকলে নতুনকৈ খৰচ এটা কৰিব লগা হ’ল। বাইদেউ, ভণ্টিৰ ক্ৰীম কেইটাই তেও দুদিন বেছি আয়ুস বেছিকৈ পালে!

আজিকালি ল’ৰাহঁতক বিমল, ৰজনীগন্ধা আদি খাবলৈ বিজ্ঞাপনেই শিকালেহে! যিহে দামী দামী এক্টৰে ক’ব ল’ৰাহঁতৰ নামানি উপায় আছে জানো? বোলো অজয় দেৱগণে যিমান ধুনীয়াকৈ বিমলৰ কথা ক’লে আৰু আমিও শিকি গ’লো, তেনেকৈ যদি আমাৰ ছাৰ-বাইদেউৱে বুজোৱা কথাবোৰ বুজিলোহেঁতেন ঐ!

ৰজনীগন্ধা-(মুহ ম্যেয় ৰজনীগন্ধা কদমৌ ম্যেয় দুনীয়া), বিমাল-(দানে দানে ম্যেয় কেশৰ কা দম)

এইবোৰ খাই খায়েই নেকি ল’ৰাহঁতে দম দি দি ঘৰ হিলাই থাকে।

আকৌ সাধাৰণ বিস্কুটটোও ইমান অসাধাৰণ ভংগীমাত খাব যে লোভেই লাগি যায়। চিপছ, চকলেট খোৱাৰ ভংগীমাবোৰ দেখি বাটে-পথে খাবলৈকে ভয় লাগে, জানোচা নিজৰ অজানিতে মুখৰ অৱয়ৱবোৰ বিজ্ঞাপনৰ দৰে হৈ যায় বুলি।

‌আৰ্শীবাদ আটাৰ ৰুটি যি গতিত ফুলিব, আপুনি মই কোন সতে নিকিনাকৈ থাকো বাৰু! মিঠাতেল, নিমখ কোনটো খোৱা ভাল হ’ব!

এইযে বিজ্ঞাপনবোৰে প্ৰায়েই জ্বলাই মাৰে কোনো সময়ত নহয়নে? আপুনি, ম‌ই বহিম আগ্ৰহেৰে মন-পচন্দৰ চেনেলটোত মন-পচন্দৰ অনুষ্ঠান চাম বুলি। আহিয়েই গ’ল নহয় বিজ্ঞাপনৰ ধুমুহা। কেতিয়াবা ভাব হয় নিউজ বা চিৰিয়েলৰ বিৰতিত বিজ্ঞাপন দিয়ে নে বিজ্ঞাপনৰ বিৰতিত নিউজ, চিৰিয়েল দিয়ে! মানে বিজ্ঞাপনবোৰেই আচলতে মেইন প্ৰগেম। প্ৰগেমবোৰহে বিজ্ঞাপন‌।

পিছে এই বিজ্ঞাপনবোৰৰ কাহিনী সৃষ্টি কৰোঁতা কেইজনটো কম নহয়! ছেকেণ্ডতে কাহিনী এটা কৈ দিব পাৰে অনুগল্পৰ দৰে। চুটি চুটি সংলাপ একোটাত ডাঙৰ অৰ্থ সুমুৱাই থৈ দিয়ে। একোটা বাক্যৰ আকৰ্ষণতে আমি বস্তু কিনিবলৈ বাধ্য হৈ যাওঁ।

“ফেয়াৰ এণ্ড লভলী লগাওক মেক আপ ৱালা লুক” মিনিটতে ঘৰতে পাব। মানে পাৰ্লাৰবোৰ যেন আইনা চাবলৈহে যায়।

“অগৰ দাগ লগনেচে কুছ অট্ছা হৌতা হে তৌ দাগ অতছে হে”-এয়া আকৌ চাৰ্ফৰ বিজ্ঞাপন। কিমান সুন্দৰ কথা। এই বাক্যফাকি ভাবিব লগীয়া।

ল’ৰা পতোৱা, ছোৱালী পতোৱা, শাহু পতোৱা, বন্ধু পতোৱা সকলো গুণ আমি বিজ্ঞাপন চাই আয়ত্ত্ব কৰিব পাৰো।

এটা কথা কিন্তু দেই, বিজ্ঞাপনবোৰ নাচালেও বহু বস্তুৰ ব্যৱহাৰেই নাজানিম। সেয়ে মাজে মাজে চাওঁ। কাৰণ কোনটো কেনেকৈ খাব, ঘঁহিব, পিন্ধিব, ৰাখিব বিজ্ঞাপনে তন্ন-তন্নকৈ বুজাই দিয়ে। বিজ্ঞাপন নাচালে আমাৰ বিমলী আইতা, ৰেণুমাই খুড়ীৰ দৰে দশাই হ’ব। সৌ সিদিনা বিমলী আইতাই নিমখ বুলি চাৰ্ফকে দি দিলে মাটিমাহৰ তৰকাৰীত। আকৌ ৰেণুমাই খুড়ীয়েতো জলকীয়া গুৰাৰ পেকেট বুলি মাংসত পুষ্পা হেনাকে ঢালি দিলে। আমাৰ ৰত্নেশ্বৰ দাইটি ফেচৱাছেৰে দাঁত ঘঁহা মানুহ। আকৌ আমাৰ মা আৰু এখোপ ওপৰত, আগৰ কলগেটটো শেষ হোৱা যেন দেখি চেনচুডাইনটো আনি থ’লো। মায়ে আকৌ সেইটো মুখত সনা বুলি এলেপা লগাই গোটৰ মিটিঙলৈকে ওলাল। আমি বোলো ক’ৰবাত নিজেও লাজ পাবা, আমাকো পোৱাবা। সেয়ে আজিকালি আমি ঘৰৰ সকলোৱে মিলি এডভাৰটাইজ চাওঁ। মহীৰাম বৰদেউতা চৌখিন মানুহ। নতুন বিয়ৈৰ ঘৰলৈ যাওঁতে ড্ৰেচিংখনতে থৈ দিয়া পুতেকৰ বডীস্প্ৰেটোকে অকণ মাৰি যাওঁ বুলি মাৰি ল’লে। পিছে গোন্ধটো কেনেবা দেখোন! পিছত ধৰিবা গম পালে যে সেইটো মহ মৰা কালাহীট বুলি। বৰমাৰ গালি বোলে নিউজ চালেই নহয় এডভাৰটাইজো চাব লাগে।

কুকাৰ বাৰু কোনটো ল’ব ক‌ওঁকচোন! গাজৰৰ হালোৱা ৰান্ধি খুওৱা মানুহজনীয়ে ব্যৱহাৰ কৰা হকিঞ্চ প্ৰেছাৰ কুকাৰটো ভাল বুলি কৈছে। কিন্তু ইফালে অভিষেক আৰু ঐশ্বৰ্য্য ৰায়ে কয় দেখোন প্ৰেষ্টিজ বোলা কুকাৰটোহে ভাল।(যৌ বীবী চে কৰে প্যাৰ বৌহ প্ৰেষ্টিছ চে কেচে কৰে ইনকাৰ)!

মুঠতে বিজ্ঞাপনবোৰেই ব্লাডপ্ৰেচাৰ বঢ়াই দেই। ঘৰৰ অভাৱবোৰো মনলৈ আনে। মানে পুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে বিজ্ঞাপনৰ বস্তুৰেই চলিছোঁ। এককথাত “বিজ্ঞাপনত চলিছে ভূমণ্ডল”।

ইটো কোম্পানীয়ে বোলে ষ্টাৰ (Star)  চিমেণ্ট ভাল, সিটোৱে বোলে টাইগাৰ (Tiger)  চিমেণ্টহে ভাল। ঘৰ বনাবলৈ লৈ আপুনি দোমোঁজাত।

ক’কক’লা, থামছ আপৰ বিজ্ঞাপনত নামী–দামী বলীউদৰ এক্টৰে যেনেকৈ কটকটকৈ খাই দেখুৱাই আমিনো নাখাম কিয়?

বিজ্ঞাপন চায়ো এটা আমোদ আছে। আমাৰ সৰু সৰু প্ৰয়োজনৰ পৰা ডাঙৰ ডাঙৰ প্ৰয়োজনলৈকে তেওঁলোকে অৱগত কৰে, চিন্তা কৰে।

অ’ আপোনাৰ মোৰ কুবেৰ স্বভাৱটোও জানিলে দেই। আগতে দাম বেছি বস্তু কম বুলি কিনা নাছিল নহয়। এতিয়া কিনিব পাৰিব, ২০% নাইবা ২৫% এক্সট্ৰা দিও দিছে। জাম, জেলী এতিয়া ল’ছালী কেইটিক এলেপা এলেপা দিব পাৰিব। হৰলিক্স এঘোকা এঘোকা খুৱাব পাৰিব।

এইবোৰ দেখি-শুনি-বুজি এনে লাগে যেন বিজ্ঞাপন আৰু জবকাৰ্ডৰ মাজত এটা সাংঘাটিক মিল আছে। জবকাৰ্ডত বহি কথা পাতি আমনি লাগিলে কাম কৰে আৰু বিজ্ঞাপন দি আমনি লাগিলেহে প্ৰগেমবোৰ দিয়ে।

শেহতীয়াকৈ আকৌ নতুন কোম্পানী এটাই বাকী সকলো কোম্পানীৰ মূৰত মাধমাৰ সোধাইছে। আপুনি চ’ফ’লা (soffala), ধাৰা (dhara) ৰ তেল পাব, মূখত সনা, মূৰত সনা নাপায়। বিস্কফাৰ্মৰ বিস্কুট পাব, জুছ নাপাব, গেছৰ ঔষধ নাপাব। একেদৰে লেকমি (Lakme) ৰ বিউটি প্ৰডাকচন পাব, কিন্তু চাৰ্ফ, বাচন ধোৱা চাবোন নাপাব। কিন্তু এই বিশেষ কোম্পানীটোৱে আমাৰ প্ৰয়োজনীয় সকলো সামগ্ৰীৰে উৎপাদন কৰি আমাক সেই কোম্পানীৰ প্ৰেমত পেলাইহে এৰিলে। এৰা! এইটোৱেই হৈছে সকলোৰে বুকুৰ কুটুম পটঞ্জলী কোম্পানী। বাবা ৰামদেৱে ভালকৈ বুজিলে যে বিজ্ঞাপন অবিহনে আমিবোৰে তেওঁৰ বস্তুক ভাৰষা নকৰিম, বিশ্বাস নকৰিম। সেয়ে নিজেই নামি গ’ল বিজ্ঞাপনৰ প্ৰতিযোগিতাত আৰু জয়ীও হৈছে। কি পায় হিচাপ কৰাতকৈ কি নাপায় ইয়াত ভাবক। আপোনাৰ পাকঘৰৰ খোৱা সামগ্ৰী, মুখত ঘঁহা, চুলিত ঘঁহা,  চকুত সনা কাজল,  দুৰাৰোগ্য অসুখৰ ঔষধৰ পৰা আৰম্ভ কৰি আচাৰ, জুছ কি নো নাপায় ইয়াত! আমাৰ সাদৰী পেহীৰ ঘৰলৈ গৈ যেনি চাওঁ তেনিয়েই পটঞ্জলীকে দেখিলোঁ। টুথপেষ্ট, চাহপাত(দিব্যপিয়া), ঘিঁউ, মৌ, এল’ভেৰা জুছ, জেল, চাবোন, মিঠাতেল, দালি, আচাৰ, চাৰ্ফ, চেম্পূ ,বাচন ধোৱা চাবোন, মূৰৰ বিষৰ ভিক্সটোলৈকে মুঠতে পটঞ্জলী আৰু পটঞ্জলী। পটঞ্জলীৰ কপাহ, তুলা পোৱাহেঁতেন চাগৈ পেহীহঁতৰ ঘৰৰ বেডক’ভাৰ, তুলি আদিও পটঞ্জলীৰে হ’লহেঁতেন! ব্যৱহাৰ নকৰিবনো কিয় বাৰু! বাবাই নিজেই ইমান ধুনীয়াকৈ বিজ্ঞাপন দি কেমিকেল থকা বস্তুবোৰৰ কথা বুজাই দিয়ে। তাতে তেওঁ হৈছে যোগগুৰু। বিশ্বাসৰ কথাই দিয়কচোন। পিচে যি নহ‌ওঁক পটঞ্জলীৰ বাবেই আমাৰ দেশৰ নিবনুৱা অলপে সংস্থাপন পাইছে। ভাল কথা এইটো। নিজৰে মানুহ, নিজৰে বস্তু বুলি আত্মীয়তাৰ ভাবেৰে বস্তুবোৰ আপোন কৰি লৈছোঁ। তথাপি কিয় বিজ্ঞাপনত দেখুউৱাৰ দৰে কথাবোৰ নহয়গৈ বাৰু!

সঁচাকৈ আজিকালি বিজ্ঞাপন অবিহনে আমি একোকে বিশ্বাস নকৰা হৈছোঁ। এনেকৈ মোহিনী বাণ মাৰি বিজ্ঞাপন দিয়ে যে আপুনি-ম‌ই বস্তুটো কিনিবলৈ বাধ্য হৈ যাওঁ। কিছুমান বিজ্ঞাপনৰ অৱশ্যেই প্ৰয়োজন নথকা নহয়। বহুদিনৰ আগতে কন্যা শিশু হত্যা নকৰি পালন কৰিবলৈ পৰামৰ্শ দি বিজ্ঞাপন দিছিল। “বেটি কে জন্ম চে উৎসৱ মনাঔ, প্যাৰ কে বদলে প্যাৰ নিভাঔ।” কেতিয়াবা সাধাৰণ মানুহৰ মানত সচেতনতা বঢ়াবলৈও কেতবোৰ বিজ্ঞাপন দিয়া হয় অথবা এনেধৰণৰ বিজ্ঞাপনৰ প্ৰয়োজনীয়তা আছে।

পিচে কোম্পানীবোৰৰ প্ৰতিযোগিতাত আমি দোকান-বজাৰলৈ গৈ কিংকৰ্তব্য বিমূঢ় হ‌ওঁ। কেতিয়াবা ভাবোঁ বিজ্ঞাপনত দেখুৱাৰ দৰেই যদি কথাবোৰ ইমান সহজ হ’লহেঁতেন!

“চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি

ফুলিলে ভেবেলী লতা।

কৈয়েই থাকো মানে ওৰকে নপৰে

সহস্ৰ বিজ্ঞাপনৰ কথা।।“

☆★☆★☆

 

30 Comments

  • মণি দাস

    বহুত সুন্দৰ….বিজ্ঞাপনৰ অবিহনে যেন মানৱ জাতি অসাৰ…খুৱ সুন্দৰ কৈ দাঙি ধৰিছা বিজ্ঞাপনৰ দৃশ্য খিনি

    Reply
    • জিমী শ‌ইকীয়া

      ধন্যবাদ আন্তৰিকতাৰে।পঢ়ি চাই মোক উৎসাহ দিয়াৰ বাবে।

      Reply
  • মৃদুপৱন গোহাঁই

    এইটো যদি পেপাৰত উলাই যায় নহয় আপুনি আম্বানীৰো ওপৰত যোৱাটো খাটাং। একেলগে ইমান বোৰ কোম্পানীৰ টকা ক’ত থব হয়?

    Reply
    • জিমী শ‌ইকীয়া

      তাকেহে চিন্তা কৰিছোঁ দেই!নিদিওঁ নেকি পেপাৰত। ধন্যবাদ পঢ়ি চোৱাৰ বাবে।

      Reply
  • নীলকমল

    এৰা হে… ফেয়াৰ এণ্ড লাভলী সনাজনী ইমানেই জিলিকে যেন মানুহৰ মুখ নহয় এল ই ডি বাল্বহে । অমুকাই এমাহমান ফেয়াৰ এণ্ড হেণ্ডচাম লগাইছিলো, না বগা হ’লো , না কোনোবা ধুনীয়া ছোৱালীয়ে ঘুৰি চাই মাত দিলে ।

    Reply
    • জিমী শ‌ইকীয়া

      লাক্সৰ গেঞ্জী এটা পিন্ধি বুলেট চলাই ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ চাব পাৰা দেই।চাব‌ই চাব গেৰাণ্টি ।ধন্যবাদ বান্ধৈ।

      Reply
  • Silpasree

    খুব সৰস বৰ্ণনাৰে বিজ্ঞাপনৰ ওপৰত লিখিছা। খুব ভাল লাগিল।

    Reply
    • জিমী শ‌ইকীয়া

      ধন্যবাদ তোমালৈয়ো ।প্ৰায়বোৰ লিখাই পঢ়া ।

      Reply
  • পৰিস্মীতা গগৈ

    এ…… এএএ মজ্জা লাগিল দেই।

    Reply
    • জিমী শ‌ইকীয়া

      হেইইইই…ধন্যবাদ ।

      Reply
  • হেমন্ত কাকতি

    চুপাৰ ডুপাৰ জিমি!
    তামাম ভাল লিখিছা৷ কোনোবা নিউজ পেপাৰলৈ পথিয়াই দিয়া৷
    বৰ ভাল লাগিল৷

    Reply
    • জিমী শ‌ইকীয়া

      ধন্যবাদ কাকতি দা।চেষ্টা নিশ্চয় কৰিম।আৰ্শীবাদ কৰিব।

      Reply
  • ভাল লাগিল দেই ৷

    Reply
    • জিমী শ‌ইকীয়া

      ধন্যবাদ ।পঢ়ি চালে ভাল লাগে।

      Reply
  • অৰ্চনাময়ী বড়া

    বিজ্ঞাপনৰেই সমাসাৰ,ভাল লাগিল.

    Reply
    • জিমী শ‌ইকীয়া

      আজিকালি সবতে বিজ্ঞাপনেই যে।ৰাস্তাই -ঘাটে সকলোতে। ধন্যবাদ দেই

      Reply
  • ৰাজীৱ শৰ্মা

    এইটো জিমিৰেই বিজ্ঞাপন,এগৰাকী সফল লেখিকাৰ সকলো গুণেই ফুটি উঠিছে ইয়াত।

    Reply
    • জিমী শ‌ইকীয়া

      ধন্যবাদ ৰাজীৱ দা। এনেকৈ ক’লে লিখি দিওঁ যেন লাগে হে!আৰ্শীবাদ কৰিব।

      Reply
  • Rajdeep Borah

    বাঃ জিমি ! হাইক্লাছ লিখিলা ।

    Reply
    • জিমী শ‌ইকীয়া

      ধন্যবাদ আপোনাকো।উৎসাহ দিয়ে আমাৰ দৰে নতুনকৈ লিখা সকলক।আপোনালৈও শুভেচ্ছা থাকিল।

      Reply
      • Rajdeep Borah

        তোমালেকে লিখা-মেলা কৰিলে ভাল লাগে । সেইকাৰণে motivate কৰোঁ

        Reply
  • এককথাত ফালি দিছা

    Reply
    • জিমী শ‌ইকীয়া

      সোণটো দা!এই লিখাটোত আৰু সংযোগ ঘটাবলৈ তুমিও এদিন কৈছিল। ধন্যবাদ তোমালৈয়ো থাকিল।

      Reply
  • পাৰবীন

    ইমান ধুনীয়া লিখিছে ছোৱালীজনীয়ে

    Reply
    • জিমী শ‌ইকীয়া

      ধন্যবাদ পৰী বা।

      Reply
  • Khanindra

    তুমি কিমান টিভি চোৱা গম পাই গৈছোঁ

    Reply
    • জিমী শ‌ইকীয়া

      এডভাৰটাইজহে চাও অ খনিন্দ্ৰ

      Reply
  • ৰিণ্টু

    খুব ভাল লাগিল পঢ়ি জিমি। কেডবেৰীৰ সেই বিজ্ঞাপনটো কিন্তু সঁ‌চাকৈয়ে বৰ প্ৰিয় আছিল দেই, এতিয়াও ইউ টিউবত মাজে মাজে খুচৰি চাওঁ‌।

    গাখীৰ উতলোৱাৰ অভিজ্ঞতাটোৰ লগত সহমত, নিজৰো কেইবাবাৰো অভিজ্ঞতা হৈছে। ভাগ্য ভাল, গাখীৰ জ্বলি যোৱা চচপেনটো ধুব লগীয়া হোৱা নাই আজিলৈ।

    আগলৈও এই প্লেটফৰ্মত তোমাৰ লেখা পঢ়িবলৈ পাম বুলি আশা ৰাখিলো

    Reply
    • জিমী শ‌ইকীয়া

      ধন্যবাদ ।কি ভাবি এইটো লিখিলোঁ নাজানোঁ।আপোনালোকে পঢ়ি আদৰি লোৱা বাবে ভাল লাগিল।কেইটামান বিজ্ঞাপন ম‌ই চাই ভাল পাওঁ।

      Reply
  • Papari Barman

    ধুনীয়া লিখিছা জিমি । মই আজিহে পঢ়িব সময় পালো ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *