ফটা প্ৰেম – বিউটি হালৈ
কলেজত পঢ়া সময়ৰ কথা| হোষ্টেলৰ কাষৰ ঘৰটো দি আৰ এচ নামৰ এন জি ও এটাই ভাড়া লৈছে| বাহিৰৰ পৰা কেইজনমান ল’ৰা আহিছে ৰিচাৰ্চৰ কামত| অৱশ্যে মোৰ লগত থকা কেইজনীও অসমৰ বাহিৰৰ, গতিকে মোৰ বাহিৰে সিঁহত আটাইৰে বন্ধুত্ব হৈ গৈছে| মই শনিবাৰ পৰিলেই ঘৰলৈ আহো| মোৰ অন্তৰ্মুখী স্বভাৱৰ বাবে মই সহজতে কাৰো লগত বন্ধুত্ব কৰিব নোৱাৰিছিলো তেতিয়া| পিচিঅ’ৰ দিন তেতিয়া, হোষ্টেলৰ ওচৰৰ পিচিঅটোত আমাৰ লগতে সিহতৰো ফোনৰ আহ্ যাহ্| লগৰ এজনীয়ে লগ ধৰিলে পিচিঅ’ যাবলৈ মই গ’লো| মই পিচিঅ’ৰ মালিকৰ লগত কথা পাতি আছো, বান্ধৱীজনীয়ে ভিতৰত ফোন কৰি আছে| ল’ৰা এজন সোমাই আহি ডাইৰেক্ট কানেকছন …. ’এক্সিকিউজ মি … আপ ৰাজস্থান চে হো না? ’
মই ক’লো,-’নহি মেই য়হা কী হু’|
’আপকী চুল বহুত সুন্দৰ হেই… বুলি সি ওলাই গ’ল| ( সেইসময়ত মোৰ চুলিখিনি বহুত ভাল আছিল)।
মই থেংক ইউ বুলি ক’বৰো নহ’ল|
হোষ্টেলৰ কাহিনী …. ক’ব লাগেনে আৰু! আৰম্ভ হৈ গ’ল লগৰ কেইজনীৰ মনে সজা কাহিনী, যিবোৰ মই নাথাকিলে বান্ধৱী কেইজনীয়ে লিখিব ধৰিলে| মইও অনুভৱ কৰিলোঁ ইহঁতে যেন কিবা এটা গোলমাল কৰিব লৈছে| মোৰ জন্মদিন পৰিছিল সেইবাৰ শনিবাৰে, গতিকে পিচদিনা আকৌ মই ঘৰলৈ আহিলো| সোমবাৰে ঘূৰি গৈ চিধা মেজৰৰ ক্লাচত সোমালো, তাৰ পিচত হোষ্টেল গমন| প্লেনেটৰিয়ামৰ কাষ পাইছো, কোনোবাই ফ’ল’ কৰা যেন লাগিছে, ৰিক্সা এখন পাই উঠি দিলোঁ, যদিওবা দৰকাৰ নাছিল| সন্ধিয়া কথাটো ক’লো বান্ধৱীকেইজনীক|
এজনীয়ে ক’লে : জি.কে…থা তেৰে পিছে| কল পুছ ৰাহা থা তেৰে বাৰে মে…. ৱো লম্বী চুল ৱালী কহা হেই বো’লকে|
মই ক’লোঃ য়াৰ কৌন জি. কে. অঔৰ ক্য়ু ফ’ল’ কৰ ৰহা হেই মুঝে, ক্যা বাত হে, মুঝে বহুত দৰ লগ ৰহী হেই, ক্যা হুৱা বতাঅ’ না| মই সঁচাকৈয়ে বহুত ভয় খাইছিলো|
সিহঁতে ল’ৰাজনক আৰু মোক বুৰ্বক বনাই প্ৰেম কাহিনী লিখি শেষ কৰি দিলে|
কয় নহয় ’য’তে বাঘৰ ভয় ততে ৰাতি হয়’…. পৰিলো নহয় এদিন এনে পাল্লাত। চাপ্লাইৰ পানী অহা নাছিল বাবে ল’ৰাজনে আমাৰ ৰান্ধনীজনক মাতি আছে খোৱা পানীৰ বাবে এটা জগ হাতত লৈ| মই গোঁসানীয়ে গেট খুলি ভিতৰলৈ প্ৰৱেশ দেখি সি যেন সৰগ ঢুকি পালে, বেৰৰ কাষলৈ আহি দিলে জগটো আগবঢ়াই…!
’পিনে কী পানী নহী হেই… থোৰা পানী মিলেগা ক্যা, -মই ৰান্ধনীজনক চিঞঁৰি মাতি পানী দিব কৈ ভিতৰলৈ গলোঁ|
সেইদিনা তাৰ কথা শুনি মই ঘুৰি চাইছিলোঁ।
’আপ বহত চিৰিয়াচ ৰহতী হো, বাত ক্যা হেই’!
কিন্তু মই একো কোৱা নাছিলো, সি আকৌ কৈছিল…. ’আপ বহত ঘমন্দী ভী হো ক্যা ? ’ তাৰ মুখত দেখা হাঁহিটোৱে যেন মোক কিবা এটা কৈছিল|
তিনিমাহ মান পিচত সিহত চিফ্ট হৈছিল দিল্লী লৈ|
এদিন ৰাতিপুৱাই মোৰ নামত ফোন আহিল… কোন হ’ব পাৰে ?
ৰিচিভ কৰিলোঁ। সি নহয় তাৰ ভনীয়েক, মই আচৰিত হৈ ক’লোঁ, ’আপকো কেইচে নম্বাৰ মিলা’!
মই পাহৰি গৈছিলো সিওঁ যে ঘৰৰ মানুহৰ লগত সেই নম্বৰৰ পৰাই ফোন কৰিছিল| সি দিল্লীৰ পৰা ফোন কৰি ভনীয়েকক মোৰ খৱৰ ল’ব কৈছে| মনটো ভৰি পৰিছিল সেইদিনা অজান সুবাসৰ সুগন্ধিৰে!
পৰীক্ষা দি ঘৰলৈ আহিলো, ঘৰৰ মানুহৰ হেঁচাত বিয়াও হৈ গ’ল, বিয়াৰ পাছত ঘৰলৈ আহিছোঁ। মোৰ নামত ৰেজিষ্টাৰ্ড পত্র এখনো আহিছে সেইদিনা। চহী কৰি চিঠিখন ল’লো| ভিতৰত মাত্র মোৰ এড্ৰেছ ক’ত পালে তাৰ বৰ্ণনা। মোৰ গুণ্ডী বান্ধৱীকেইজনীয়ে হোষ্টেলৰ এন্ট্ৰি ৰেজিষ্টাৰৰ পৰা তাক মোৰ এড্ৰেছ যোগান ধৰিছিল বোলে! মোলৈ প্ৰেমৰ প্ৰস্তাৱ আৰু তাৰ নিজৰ চে’ল ফোন নম্বৰ| চিঠিখন পঢ়ি চকুপানী ওলাই গৈছিল। পিচদিনা ফোন লগাই মোৰ কথাখিনি কৈ দিলো |
আৰু মই এনেদৰেই মোৰ প্ৰেম কাহিনীৰ ’দি এন্ড’ কৰি দিলোঁ|
☆★☆★☆