বিয়া খালো – দেৱাংগ ভূষণ হাজৰিকা
গাঁৱৰ আটাইতকৈ চকুত লগা বিয়াখন। ধনে-মনে-জনে চহকী আমাৰ শইকীয়া খুড়াৰ ডাঙৰ জীয়েকৰ বিয়া। বোলো ন’গৈনো পাৰি নে নাখায় পাৰি! গ’লো। ৰভা তলিত বহো বুলি অলপ হাউলিছোহে, কণ দাইতিয়ে পিঠিত চপৰিয়াই বোলে-“একেকোবে খাই ল’বি ব’ল।পিচত বহিবি।”
লাজটো অলপ লাগিছিল, -আহিয়েই খাবলৈ যাম নে! পিচে নাই, – বোলো যিমানহে মানুহ বিয়া ঘৰত, সুবিধা পাওঁতেই খাই লোৱাই ভাল।
খোৱাৰ ডেক্সবোৰো বগা কাপোৰৰ ওপৰত ফুল-পাত দি ওপৰত পলিথিনেৰে মেৰিয়াই বৰ ধুনীয়াকৈ সজাইছে। মোৰ কাষতে বহিল ডেকা দা। ভাতৰ পাতত ভাত, পোলাও, মাটিৰ দাইল, মচুৰ দাইল, দুবিধ মাছ, খাহী মাংস, খাৰ, আচাৰ, খাৰলি, কাহুঁদি -উফ! বিধে বিধে ব্যঞ্জন। খোৱাৰ শেষৰ ফালে এঠা লগা ম’হৰ দৈ আৰু মিহি দানা আছেই। খাইছো- মানে সকলোৱে হেঁপাহ পলুৱাই খাইছে ।
ডেকাদাই বোলে দাইল অলপ লাগিছিল। তেতিয়ালৈকে তেওঁ কলপাতেৰে মেৰিয়াই দিয়া মাছ খোৱাই নাই। দাইলৰ বিলনীয়াজনক মাতিলো।
এলুমিনিয়ামৰ বাল্টিটো লৈ মুখত গামোচা মৰা দাইলৰ বিলনীয়া আহিল। আনখন হাতত দাইল ঢালিবলৈ সৰু মগ এটা।
-“দাইল।দাইল।দাইল।”
মই বোলো দিয়ক। পিচে দাইল আমাৰ ডেকা দাক হে লাগিছিল। ইমান ডাঠকৈ দাইল বনাইছে, সুযোগ পাওঁতেই অলপ নলওঁনো কিয়!
দিয়ক বুলি ক’বলৈহে পালো, বিলনীয়াই মই খাই থকা ভাত খিনিৰ ওপৰতে হাতত থকা মগটোৰে পুখুৰীৰ দৰে খোল এটা বনালে। তাৰপিচত মগটো বাল্টিত সুমুৱাই দাইল অলপ উলিয়াই ঢালি দিলে তেওঁ মোৰ ভাতৰ মাজত সৃষ্টি কৰা পুখুৰীটোত।
কৰ এতিয়া কি কৰ! ডেকা দাই গোটেই ঘটনাটো চাই আছিল। বিলনীয়াই এইবাৰ ডেকাদাক সুধিলে, –
” দাইল।দাইল।দাইল।”
ডেকা দাই বোলে, – “নালাগে।মোৰ হ’লেই।”
পানীৰ গিলাচটো লৈ উঠি যোৱা ডেকা দাক মাত দিলো, – “দাদা মাছ নেখালেই চোন।”
বৰ বেজাৰ মনেৰে কলপাতেৰে নুৰিয়াই থোৱা মাছৰ টোপোলা টোলৈ চালে ডেকাদাই।
-“সেই দাইলৰ বিলনীয়া জনকে দি দিয়া।”
পাতত নুৰিয়াই থোৱা মাছ পাতৰ ভিতৰতে থাকিল ।পানীৰ গিলাচটো লৈ মইও ডেকা দাৰ পিচ ল’লো ।
বিয়া খালো!
☆★☆★☆