মাল, অনলাইন মাৰ্কেটিং ইত্যাদি – ৰাজীৱ শৰ্মা
মাইক লগোৱা টেম্পো এখনত কিবা এটা ঘোষণা বাৰে বাৰে শুনাই ৰাস্তাৰে আগবাঢ়িছিল। হোষ্টেলীয়া আমিবোৰ মুহুৰ্ততে কোঠাৰ পৰা ওলাই বাৰান্দা পালোহি।এই উৎসুকতাৰ কাৰণ আছিল ঘোষণাৰ এটা বিশেষ শব্দ। উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ আমিবোৰৰ বাবে মন ৰঙিয়াল কৰি পেলাবলৈ যথেষ্ট। তাতে হোষ্টেলত মোৰ দৰে গাঁৱৰ পৰা জীৱনত প্ৰথম টাউনত থাকি পঢ়িবলৈ যোৱা ল’ৰাৰ সংখ্যাই বেছি।বেয়া কথা বা শব্দ নাজানিছিলোৱেই, শুনিলেও লাজতে মৰি যাম যেন!লাহে লাহে হোষ্টেলৰ ডাঙৰ খিনিৰ পৰা আমাৰো লাজ ভাগিল।শেষলৈ এনে মাত ডাঙৰকৈ চিঞৰিব পৰাটো ভাতৰ লগত পানী খোৱাৰ দৰেই হ’লগৈ।
সেই দিনতে এই শব্দৰে ঘোষণা ৰাস্তাত।তাকো মাইকত।মই হতবাক।পৃথিৱীৰ সমস্ত লাজ আহি মোৰ গাত ঠিত ল’লেহি।আজি গধুলিটো যেন ৰুমৰ পৰা নোলামেই।হোষ্টেলৰ লগৰ সকল তথা দাদা সকলৰ আগত ওলাম কেনেকৈ আজি!
লাহে লাহে সন্ধ্যা লাগিল।পঢ়া টেবুলত বহিলো কিন্তু চকু অনবৰতে ঘড়ীটোত। কেতিয়া আঠ বাজে! ঘোষণা মতে তেওঁলোক অহাৰ সময়। আঠ বজাত আহিব মানে নিশ্চয় দহ বাজিব। হাতত বহুত সময়, মনত তেওঁলোকক চাই নয়ন সাৰ্থক কৰাৰ দুৰ্বাৰ আকাংক্ষা। কিন্তু যাম কাৰ লগত। অৱশেষত মোৰ দৰেই গাঁৱলীয়া, পৃথিৱীৰ একো কথা নজনা যেন লগৰ এটাক সৈমান কৰালো মাল চাবলৈ যাবলৈ। সিয়ো লাজতে মৰিছে। আমি দুয়োটাই লাজ লাজ কৈ লগৰ ছোৱালী কেইজনীলৈ মনত পেলাইছো। কোনজনী ধুনীয়া, কোনজনী নহয় এই জাতীয়। ষ্টেজত নিজক দেখুৱাবলৈ অহা মাল কেইজনী নিশ্চয় খুব সুন্দৰী হ’ব। মনৰ ভাব।আশা।
সকলো কথা মিলি আমাৰ দুয়োৰে গধুলিটো পঢ়া নহ’ল। অজান উত্তেজনাত। অৱশেষত সেই ক্ষণটো। উস্ কি কম, কেনে অনুভৱ হৈছিল! সকলো ল’ৰাৰে মুখে মুখে ফুটা মাল ষ্টেজত নিজক দেখুৱাবলৈ উঠিব। গাৰ কঁপনি আৰু বুকুৰ ধপধপনি বাঢ়ি আহোঁতেই –।ই কি, ষ্টেজত ঘোষকৰ ঘোষণাৰ লগে লগে দুজন কুস্তি খেলুৱৈহে চোন! হায়ৰে, সেইক্ষণৰ পৰাই মাল চোৱাৰ ধাণ্ডা জীৱনলৈ বাট দিলো।
অনলাইন মাৰ্কেটিং
দুপৰীয়া ভাত কেইটা খাই বিচনাত বাগৰ দিবলৈ লওঁতেই ফোনটো বাজিল। অচিনাকী নম্বৰ। ছোৱালী দুজনী স্কুলত, পৰিবাৰ মহিলা সমিতিৰ মিটিঙত। টোপনি ভগাৰ এলাহত নধৰোঁ বুলি ভাবিও ফোনটো ধৰিলো কিজানি দৰকাৰী ফোনেই। অ আই, মই হেল্ল’ বুলিবলৈ পালোহে, সিফালৰ পৰা এগৰাকীৰ পাঁচ মুখী ৰুদ্ৰাক্ষৰ গুণ-বৰ্ণনা আৰম্ভ হ’ল। ফোনটো কাটিবলৈ লৈও ৰৈ গ’লো। মনলৈ এটা দুষ্ট বুদ্ধি আহিল। এনেও আজিকালি কথা-বতৰা পাতিবলৈ ঘৰত মানুহো নাই, সময়ো নাই। গতিকে হাতলৈ অহা এই সুযোগটো হেৰুৱাও কিয়? তাতে সিপাৰৰ গৰাকীৰ যিহে লেনচেলোৱা মাত। মোৰ আগ্ৰহ দেখি ফোনৰ সিটো পাৰ উৎফুল্লিত হৈ পৰিল। হয়তু নিজৰ ব্যৱসায়ত সফল হোৱাৰ এটা সামান্য চিদ্ৰ দেখি। অনৰ্গল এঘন্টা সময় পাঁচ মুখী ৰুদ্ৰাক্ষৰ গুণ। পিন্ধিলে কি হয়, জপ কৰিলে কি হয়, ধন-ধান, সা-সম্পতি, পৰিয়ালৰ উন্নতি আৰু কত কি?
নিজলৈকে ধিক্কাৰ উপজিল। জীৱনত উন্নতিৰ ইমান সহজ উপায় থাকোতেও তাক নেদেখিলো। গোটেই জীৱনটো সুখ বিচৰাৰ নামত কিতাপ-পত্ৰ, চাকৰি, ধন-পইচাৰ পাছত দৌৰোতেই পানী হ’ল। অথচ এটা সুন্দৰ, সুখী, ধনে- ধানে পৰিপূৰ্ণ জীৱন পাবলৈ ইমানবোৰ কষ্টৰ এটাই পথ আছিল – পাঁচ মুখী ৰুদ্ৰাক্ষ। মাত্ৰ এই এটা ৰুদ্ৰাক্ষই মোৰ জীৱনৰ গতি সলাই দিলাহেঁতেন এক টিলিকতে। মোৰ বিভিন্ন প্ৰশ্নৰ ইমান সলসলীয়া উত্তৰ সিগৰাকীৰ!মই অবাক হৈ গ’লো। ইপিনে ঘড়ীৰ কাঁটাই ঘন্টাৰ ঘৰ পাৰ কৰিলে। ফোন থোৱাৰ কোনো নামেই নলয়। ইতিমধ্যে মোৰ নাম ঠিকনা, বংশ-পৰিচয় সকলো দিয়া হৈ গৈছে। কৰুণাত বিগলিত সিগৰাকীয়েও নিজৰ জীৱনৰ দুখ-দুৰ্দশাৰ সবিস্তাৰ বৰ্ণনাৰে কেইটামান পাঁচমুখী ৰুদ্ৰাক্ষ মোক বেচিলে তেওঁৰ চৌকাৰ তলত জুই জ্বলাব পাৰিব বুলি বিনাবলৈহে বাকী।
পাঁচমুখী ৰুদ্ৰাক্ষৰ বিষয়ে সকলো শুনাৰ অন্তত মই সেয়ে তেওঁক সুধিলো-” পাঁচমুখী ৰুদ্ৰাক্ষৰ ইমানবোৰ গুণ থকাৰ পাছতো তুমি ডিঙিত দহোটামান আঁৰিলোৱা নাই কিয়? সিগৰাকী জকজকাই উঠিল। মই কেনেকৈ জানিলো তেওঁযে ৰুদ্ৰাক্ষ পিন্ধা নাই। মই বোলো যদি পিন্ধিছা তেন্তে ধনী, সুখী হোৱা নাই কিয়? কিয় এই ভৰ দুপৰীয়া আনক ফোন কৰি দিগদাৰ দিছা?
এইবাৰহে সুন্দৰীৰ আচল স্বৰূপ ওলাল। মহিলাৰ লগত ফোনত কথা পাতিব নজনাৰ দোষত দোষী কৰি মোৰ চৈধ্য পুৰুষ উদ্ধাৰ কৰি এনে গালি ঐ!
এনেতে দীঘলীয়াকৈ বজা কলিংবেলৰ শব্দত টোপনিৰ পৰা খপজপাই উঠিলো।
এইবাৰ পৰিবাৰৰ গালি সপনি আৰম্ভ হ’ল। বাস্তৱতে।
☆★☆★☆
11:05 am
এৰা দেই। মুঠতে সমস্যা আৰু। পঢ়িলো ভাল লাগিল।
5:38 pm
বঢ়িয়া লাগিল। সাংঘাটিক অভিজ্ঞতা এইবোৰ।
11:18 am
সেয়ে মই একো মণি নিপিন্ধো । ভাল লিখিছা ।