তেলীৰ মুৰত তেল – বিজয় মহন্ত
তেলৰ ক্ৰমবৰ্দ্ধিত দামে মহাৰাজ যমক চিন্তাত পেলাবলৈ লৈছে। ইফালে পাপীৰ সংখ্যাও দিনক দিনে বেছিহে হৈছে। কোনোবাই যদি আগৰ জনমত কৰা পাপৰ বাবে কেন্সাৰৰ বাবে মৃত্যু হৈ গৰম তেলত উতলিব লগা হৈছে, কোনোবাই এই জনমত কৰা পাপৰ বাবেই গৰম তেলত উতলিব লগা হৈছে। গোটে গোটে মানুহ খিনিক উতলাওতে কম খিনি তেল লাগেনে? ইফালে বজাৰত তেলৰ দাম বানপানীৰ দৰে বেছি হৈ গৈয়ে আছে। উপায়হীন হৈ যমে তেওঁৰ প্ৰাইভেট সচিব চিত্ৰগুপ্তক পঠালে পৃথিৱীলৈ কেনেকৈ পাপীৰ সংখ্যা ইমান বেছি হৈছে তাৰ এক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ। চিত্ৰগুপ্ত আহিল যি আহিল। দিন বাগৰি মাহ হ’ল। কিন্তু চিত্ৰগুপ্তৰ খবৰ নাই। উপায়হীন যমে অৱশেষত তেওঁৰ আইফোনটো উলিয়াই চিত্ৰগুপ্তৰ ফোন নাম্বাৰ ডায়েল কৰিলে। বহুত বাৰ ট্ৰাই কৰাৰ পিচত চিত্ৰগুপ্তৰ ফোনত ধুম ধাম কিবা কিবি বজাত যমে ভয় খাই ফোনটো কাটি দিলে। অকনমান সময়ৰ পিচত বুকুত সাহস গোটাই আকৌ এবাৰ ডায়েল কৰিলত ধুম ধাম শব্দ কৰি নাকেৰে মতাৰ দৰে গান এটা বাজি উঠিল, –
“ডিস্ক’ ভন্টি নানাচিবা বেয়া লাগে বেয়া লাগে
তাকে ক’লে তুমি বেয়া পাবাই চাগে”
“হেল্ল ম ঠেং ঠুং হা।”
নাই তাৰ পিচত যমে আকৌ একো নুশুনা হ’ল। আকৌ ডায়েল কৰাত এসোপামান অফাৰৰ কথা কৈ কৈ নাৰী কন্ঠই কৈ উঠিল,- “আপুনি যি জন গ্ৰাহকৰ লগত কথা পাতিব বিছাৰিছে তেওঁ সংযোগ সীমাৰ বাহিৰত আছে। অনুগ্ৰহ কৰি ক্ষন্তেক পিচত চেষ্টা কৰক”।
যম মহা সমস্যাত পৰিল। না চিত্ৰগুপ্ত ঘুৰি আহিছে না ফোনত কিবা খবৰ পাইছে। চিন্তা কৰি থাকোতেই যমৰ ফোন বাজি উঠিল। চিত্ৰগুপ্তৰ ফোন,-
“কি হে তুমি যে ঘুৰিও নহা হ’লা, একো খবৰো নাই? আছা ক’ত তুমি? ফোন কৰিলেও নাপাও যে?”
“প্ৰভূ মই অসমত আছো। ইয়াত মবাইল নেটৱৰ্ক নাপাই আপোনাক ফোন কৰিবলেও।ইফালে কামো একেবাৰে হোৱা নাই ঘুৰি যাবলৈও।”
“কি কথা কোৱাহে? তুমি ডিজিটেল ইণ্ডিয়াৰ এটা পাৰ্টত আছা আৰু কৈছা মবাইলৰ নেটৱৰ্ক নোপোৱা?”
“প্ৰভূ ঠিকেই কৈছে। হওঁতে ইয়াত আটাইকেইটা মোবাইল কোম্পানীৰে টাৱাৰ আছে। আপুনি যদি ইয়ালৈ আহে দেখিব যে কোম্পানী কেইটাৰ ডাঙৰ ডাঙৰ হৰ্ডিঙৰ প্ৰকোপত বেলেগ একো নেদেখে। পিচে নেটৱৰ্ক হে এটাৰো ভাল নহয়। ইফালে বিদ্যুতৰ অভাৱত টাৱাৰ বিলাক দিনটো অফেই থাকে। বিশেষ কৈ গাওঁ বিলাকত।”
“কি কথা কোৱাহে? নতুন চৰকাৰে দেখোন ২৪ ঘন্টা বিদুৎ যোগানৰ প্ৰতিশ্ৰুতি দিছিল আৰু টাৱাৰ বিলাকত দেখোন এটাকৈ জেনেৰেটৰ থাকেই।”
“এ প্ৰভূ ভাল কথা কয় আৰু। চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই থাকিল” -ইয়াত বিদুৎ নাথাকে। আহেহে। আৰু জেনেৰেটৰ? কোম্পানী বিলাকে জেনেৰেটৰ ঠিকেই দিলে। পিছে জেনেৰেটৰ চলাবলৈ যি খিনি তেল দিয়ে সেইখিনি কোম্পানীৰ মানুহে চকীদাৰৰ লগত মিলি বিক্ৰী কৰি দিয়ে। গতিকে লাইন থকা খিনি সময়ত নেটৱৰ্ক থাকে বাকী সময় খিনি নেটৱৰ্ক নাথাকেই।”
“চেহ মানুহ খিনি বৰ বেয়া হ’ল হে। পিচে তুমি কেতিয়ালৈ ঘুৰিবা?”
“প্ৰভূ সেয়াহে ক’ব নোৱাৰিম। ৰাস্তা-ঘাটৰ যি হে অৱস্থা, এদিন ঘুৰিলে দুদিন শুব লাগে”।
“কি কোৱাহে। আকৌ বোলে অসমত ৰাস্তা-পদুলীৰ খুব উন্নতি হৈছে। ফ’ৰ লেনৰো কাম হৈ আছে।”
“হে হে প্ৰভূ, ফ’ৰ লেনৰ কথা নক’ব আৰু! মস্ত ঘোটালা হৈ আছে। চৰকাৰী কৰ্মচাৰীৰ কৃপা দৃষ্টিত কাৰোবাৰ এজোপা তামোলেই লাখ টকা পাইছে। মণ্ডলৰ পৰা ডিচি লৈকে চব কোটিপতি হৈছে। পিছে ৰাস্তাত হে এচপৰা মাটিও পৰা নাই। আপাৰ আছামলৈ গ’লে ৰাস্তাত খাল আছে নে খালৰ মাজত ৰাস্তা আছে ধৰিবই নোৱাৰি।”
“ইমান কেলেংকাৰী হৈ আছে, চৰকাৰ খনে কি কৰি আছে?”
“প্ৰভূ, তদন্ত ঘোষণা কৰি বহি আছে। ডাঙৰ ডাঙৰ বিষয়া সকল সুৰুঙাৰে ওলাই মণ্ডল কানুনগো বিলাকক জেইলত ভৰাই থৈছে।”
“বাৰু সেইবোৰ যি হয় হওক , তুমি তোমাৰ কাম কৰি সোনকালে ঘুৰি আহা”
“হ’ব প্ৰভূ। মই যিমান পাৰো সোনকালেই ঘুৰিব চেষ্টা কৰিম।”
চিত্ৰগুপ্তই প্ৰায় এমাহ জুৰি অসম মুলুকৰ বিভিন্ন অফিচ কাছাৰী ঘুৰি এদিন গৈ যমৰ ভৰিত দীঘল দি পৰিল গৈ।
“প্ৰভূ, মাৰে কাটে যি কৰে কৰক। মই আপোনাক প্ৰতিবেদন দিব নোৱাৰো।”
“উৱা কিয়, কি হ’ল? অসমত পাপী মানুহ নায়েই নেকি?”
“প্ৰভূ, মই যদি প্ৰতিবেদন দিওঁ আপুনি গোটেই খিনিকে ধৰি বান্ধি আনি উতলা তেলত দিব বিছাৰিব। কিন্তু ইমান খিনি তেল আপুনি পাব ক’ত? হেড অফিচৰ পৰা ইমান তেল চেংচন কৰাব কেনেকৈ?”
“কি কোৱা হে চিত্ৰগুপ্ত? অসমত ইমান পাপী মানুহ ওলাল নে?”
“নক’ব আৰু প্ৰভূ। এই ডেৰ-দুমাহ অসমত থাকি দেখিলো-শুনিলো বহুত কথা। প্ৰথম দহ পোন্ধৰ দিন মান অসমৰ কথা ভালকৈ জানিবলৈ মই সহায় লৈছিলো তাৰ লোকেল চেনেল কেইটাৰ। কি ক’ম প্ৰভূ, তিনি-চাৰিটা চেনেল দিনটো চাওঁ, একেটা বাতৰিকে এটাই যদি চৰকাৰক সমালোচনা কৰে আনটোৱে চৰকাৰৰ সিদ্ধান্তক শুদ্ধ দেখুৱাবলৈ দিনটো ৰেপি থাকে। আকৌ কালিলৈকে এটা চেনেলত গালি পাৰি থকা সাংবাদিকজন আজি বেলেগ এটা চেনেলত আহি চৰকাৰক প্ৰশংসা কৰি আছে। সেই লিলিমাই খিনি চাই চাই আমনি লগাত বাতৰি কাকত দুখন মানকে চাওঁ বুলি ভাবিলো। তাতো একেই। প্ৰথম পৃষ্ঠাতে বিজ্ঞাপনৰ নামত যি বিলাকহে ফটো দিয়ে, নাজানো আৰু দেই তাৰ মানুহবোৰে পৰিয়ালৰ মানুহৰ সন্মুখত সেইবোৰ কেনেকৈ খোলে। বাতৰি কাকত, চেনেল এইবোৰ বাদ দি ভাবিলো ৰাষ্টাই-ঘাটে, অফিচে-কাছাৰীয়ে ঘূৰা যাওক। প্ৰভূ, কি ক’ম আৰু? কোনোবাটো অফিচত যদি কৰ্মচাৰী বাৰ বজালৈকে নাহে, কোনোবাটোত আকৌ কৰ্মচাৰী আহি প্ৰভূ ৰামচন্দ্ৰৰ খৰম জোৰ ৰাজসিংহাসনত থোৱাৰ দৰে জেকেটটো চকীত থৈ মানুহ নাই। স্কুলৰ মাষ্টৰে ল’ৰা-ছোৱালী স্কুললৈ আহিলে ভাল পোৱাৰ সলনি বেয়া পাই।কাৰণ বেছিকৈ আহিলে দুপৰীয়া আহাৰৰ চাউল এক কেজী ঘৰলৈ কম কৈ যাব। গাড়ীৰ ধোঁৱাৰে মানুহৰ মুখ ক’লা কৰি যায় তথাপিও চলি থাকে, কাৰণ তাহাতৰ পলিউচন চাৰ্টিফিকেট থাকে। প্ৰভূ, কেৱল অফিচ-কছাৰীতেই নহয়, সাধাৰন মানুহ খিনিও আজিকালি সহজ পইছাৰ পিচত দৌৰা হ’ল। খেতি-বাতি নকৰি চৰকাৰে দিয়া তিনিটকীয়া চাউলৰ আশাত বহি থাকে। এনৰেগা নামৰ আঁচনি এখন আছে। তালৈ দা-কটাৰী-কোৰ লৈ ওলাই যায় ঠিকেই, কিন্তু কাম একোদাল নকৰে। আড্ডা মাৰি দিনটো কটায়। কিছুমানে কাৰ্ড খন লৈ ঘৰত সোমাই থাকে। পঞ্চায়তৰ সভাপতি সদস্যই লগ-লাগি এনেই পইচা লৈ আছে। যিটো কাম ঠিকাত এদিনত কৰি শেষ কৰে, হাজিৰা লগালে তিনিদিন লাগে। মন্ত্ৰী-এমেলেৰ পৰা সাধাৰণ মানুহলৈকে চব দুৰ্ণীতিৰ অংশীদাৰ হৈছে। আপুনি কাক আনিব পাপী বুলি? গোটেই খিনিকে যদি লৈ আহে আপোনাৰ ইমান তেল হ’ব জানো প্ৰভূ?”
ইমান দেৰি কথা কৈ কৈ চিত্ৰগুপ্তই ওচৰতে থকা পানী গিলাচৰ পৰা পানী এঢোক গিলিলে।যমেও চিন্তাত পানী এগিলাচ কোট কোট কৈ গিলিলে।
“তেনেহলে চিত্ৰগুপ্ত পাপ কমোৱাৰ উপায় কি ?”
“প্ৰভূ, উপা এটাই আছে। ইমান দিন অসম মুলুকত ঘূৰি এটা কথাই বুজি পালো, তাৰ মানুহ খিনি মায়া-মোহত আৱদ্ধ হৈয়েই দুৰ্নীতিৰ দৰে পাপ কৰ্মবোৰ কৰি আছে।গতিকে প্ৰভূ এটা কাম কৰক। দহ জনী মান মহিলা একেলগে উঠাই আনি গৰম তেলত উতলাই দিয়ক। দেখিব তাত পাপ কমি যাব।”
“হাও কি কথা কোৱা হে? মাইকী মানুহক গৰম তেলত দিলে পাপ কমিব কেনেকৈ?”
“প্ৰভূ অসমত থকা কেইদিন লক্ষ্য কৰিছিলো মাইকী মানুহ খিনিৰ উৎপাতৰ বাবেই মতা মানুহ খিনিয়ে দুৰ্নীতি কৰিবলৈ বাধ্য হয়। শইকীয়াৰ ঘৰত নতুন গাড়ী ল’লে, কলিতাৰ ঘৰৰ চৰুৰ চৌকা কলিতানী য়ে নজ্বলাই। বাধ্য হৈ কলিতাই দুপইচা বাহিৰা কৈ গোটাই গাড়ী এখন লয়। বৰানীয়ে পাটৰ কাপোৰ ল’লে দত্তনী ৰোহঘৰত। দত্তই আকৌ বাহিৰাকৈ দুপইচা গোটাই এযোৰ আনি নিদিয়ালৈকে দত্তনীৰ গোবৰ পাচি হৈ থকা মুখ খনৰ পৰা মাত নোলায়। প্ৰভূ, অসম মুলুকত থাকোতে দুখন মান বিয়া খাব পাইছিলো। তাত দেখিছিলো জোৰোণত দৰা ঘৰৰ পৰা কি দিলে তাকো চৰ্চা কৰে মাইকী মানুহ খিনিয়ে। ছোৱালীয়ে যৌতুকত কি আনিলে তাকো চৰ্চা কৰে মাইকী মানুহ খিনিয়ে। মতা মানুহ খিনিয়ে মদে-মঙহে যদি এসাজ খাব পাইছে তাতে সুখী। গতিকে মাইকী মানুহ দহজনী মান আনি যদি উতলা তেলত দি দিয়ে, সেই ভয়তে তেওঁলোকে মতা মানুহ খিনিক পাপত লিপ্ত নকৰাব আৰু পাপীৰ সংখ্যা কমি যাব। তেতিয়া আপোনাৰো তেল ৰাহি হ’ব প্ৰভূ।”
“বৰ ভাল কথা ক’লা চিত্ৰগুপ্ত। তুমি গিৰিয়েকক পাপ কৰ্মত লিপ্ত কৰা দহজনী মানৰ লিষ্ট বনোৱা আৰু সৈন্য বোৰক তেল ৰেডী কৰিব কোৱা।”
☆★☆★☆
1:50 pm
সুন্দৰ লিখনী, পিছে আধাতে শেষ হ’ল যেন লাগিল। আৰু দীঘল কৰাৰ স্কো’প আছিল।
বঢ়িয়া বিজয়
1:55 pm
ভাল লিখিছা বিজয়। সুন্দৰ ব্যংগ ৰচনা।
2:00 pm
মজ্জা লিখিছা বিজয়, দুটামান বানান ঠিক কৰিলো দেই!
2:22 pm
বেলেগ ধৰণত লিখনি। এইটো পঢ়ি বিজয়ে যে লিখিবলৈ এলাহ কৰে বুলি অনুভৱ হ’ল। এলাহ এৰা দেই!
2:36 pm
অসমখনত সচাঁকৈ পাপী বেছি হল, ভাল লাগিল.
2:46 pm
ঝাক্কাচ্ লিখনি ৷ দুৰ্ণীতি নিবাৰণৰ উপায়টো কিন্তু মানিব লগীয়া ৷
3:20 pm
বাস্তৱিক ছবিৰ সুন্দৰ লিখনি। আধৰুৱা হ’ল বুলি মোৰো মনে কয়……..
4:09 pm
আপুনি লিখি থাকক। কিবা বেলেগ আছে অইনতকে
5:03 pm
আজিৰ যুগৰ লগত মিলা সুন্দৰ ব্যংগ।
5:36 pm
ভাল লাগিল ৷
6:12 pm
বেমাৰী ভাল কৰাতকৈ বেমাৰৰ উৎসটো নাইকিয়া কৰাই ভাল।অতি সুন্দৰ লিখনি।পাপীও কমিল যমৰ তেলো বাচিল
6:39 pm
ধুনীয়া আৰু সত্য ব্যংগ লিখিছা ।
7:22 pm
সুন্দৰ ব্যংগ।
7:34 pm
ধন্যবাদ
9:03 pm
ব্যংগ কিন্তু বাস্তৱিক
6:40 am
মজা হৈছে । ভাল পালো দিয়ক ।
11:55 am
বঢ়িয়া লাগিল বিজয়দা
6:05 pm
ভাল লাগিল।