ফটাঢোল

কুকাৰত কুকুৰা – জীমণি গগৈ

মাজতে বাবাদাহঁতৰ ঘৰটো। এইপাৰে “জোনাক লেডীজ ল’জ” আৰু সিপাৰে “দেৱদাৰু” নামৰ প্ৰাইভেট বয়জ হোষ্টেলটো। ইউনিভাৰ্চিটিৰ হোষ্টেলত সোমোৱাৰ আগতে ময়ো এই জোনাক ল’জতে জীৱনৰ বৰ্ণময় দুটামাহ কটাইছিলোঁ। মাজত মাত্ৰ এটা ঘৰৰ ব্যৱধানত ইউনিভাৰ্চিটিৰ বিশটামান ল’ৰাই ঠাহ্ খাই থকা এটা বয়জ হোষ্টেল আৰু এইপাৰে আমাৰ দহজনীয়া লেডীজ্ ল’জটো। সহজে অনুমেয় আমাৰ জোনাক ল’জৰ সন্ধিয়াবোৰ কি পৰ্যায়ৰ আলোচনা-বিলোচনাৰে প্ৰাণময় হৈ উঠিছিল।আমাৰ আলোচনাবোৰক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল আন এটা কথাই-সেইটো হৈছে- এই যে “বাবাদা”জন আছিল বৈদ্য হেণ্ডছম! কাজেই জোনাক লেডীজ্ ল’জৰ প্ৰতিজনী ছোৱালীয়ে ওলাওঁতে-সোমাওঁতে বাবা’দাৰ এক ঝলক দৰ্শন অথবা এক অনুপলৰ বাবে হ’লেও বাবা দাৰ মুখৰ জান-নেজান হাঁহিটো দেখিবলৈ পোৱাৰ আশাত মজি ৰৈছিল প্ৰতিপল।

আমাৰ ল’জটো আছিল মালিকৰ ঘৰৰ সৈতে প্ৰায় সংলগ্ন।  মাজত মাত্ৰ এক ফাৰলং মানৰ ব্যৱধান। আমাৰ ৰূমবোৰলৈ মালিকনী আৰু বিশেষকৈ মালিকৰ বাৰবছৰীয়া ছোৱালীজনীৰ অবাধ আহ-যাহ।কেতিয়াবা ৰাতি ভাত-পানী খাই-বৈ উঠিও আহি আমাৰ লগত কথা পাতি থাকেহি দুয়ো।

ঠিক-ঠাক গৈ আছিল দিনবোৰ। সেইদিনা দেওবাৰ আছিল। মালিকৰ সপৰিয়ালে কোনোবা সম্পৰ্কীয়ৰ ঘৰলৈ ৰাতি থকাকৈ গৈছিল। ঠিক আবেলি হঠাৎ ক’ৰবাৰ পৰা কুকুৰা এটা আহি সোমাল ইন্দ্ৰনীহঁতৰ  ৰূমত! কুকুৰাটো দেখা পাই ‘যাহ’,’চুহ’  কৰি ইন্দ্ৰানী আৰু সেইটো ৰুমত থকা ববী আৰু আইনীয়ে চিঞৰ-বাখৰ লগালে। ভয়তে কুকুৰাটোৱে ৰুমৰ পৰা ওলোৱা বাট হেৰুৱাই ইফালে-সিফালে লৰি-ঢাপৰি এপাকত গৈ ইন্দ্ৰানীৰ টেবুলত উঠিলগৈ। তাকে দেখি ইন্দ্ৰানীয়ে যি তাল-ফাল লগালে কুকুৰাই আৰু অধিক হুৰমূৰ কৰাৰ ফলত তাইৰ টেবুলত  থকা ‘দিল’ আকৃতিৰ  এলাৰ্ম ক্লৰ্কটো পকাত পৰি তিনিডোখৰ হ’ল। সেইটো আকৌ মাত্ৰ তিনিদিন আগত ইন্দ্ৰানীৰ প্রেমিকে তাইক উপহাৰ দিছিল!! তেনেকুৱাতে  সিটো ৰুমৰ পৰা ইংলিছৰ পৰীস্মিতাই আহি দিলেহি ইন্দ্ৰানীহঁতৰ ৰুমৰ দুৱাৰখন বন্ধ কৰি!

” এইটো খায়ে পেলাওঁ দে আজি …” পৰীস্মিতাৰ মুখৰ পৰা কথাষাৰ সৰি পৰিবলৈহে পালে,  গোটেইজাক ছোৱালী আহি উবুৰি খাই পৰিলহি। মুঠতে আমাৰ দহজনীয়া দলটো আৰু তাণ্ডৱ সৃষ্টিকাৰী কুকুৰাটোৰ মাজত প্ৰায় দনমিনিটমান জোৰা খেদাখেদিৰ অন্তত অৱশেষত ইকনমিক্সৰ মৌচুমীৰ হাতত লেবেজান কুকুৰাটো জব্দ হ’ল। এইবাৰ আৰু আমাক কোনে পায়! যুদ্ধজয়ৰ উল্লাসেৰে জোনাক লেডীজ ল’জ উৰি যাওঁ যেন হ’ল।

তেনেতে মোৰ চেতনা আহিল- আমাৰ এই দুঃসাহসিক অভিজানটোৰ সমগ্ৰ কথা কাণ্ড একমাত্ৰ বাউণ্ডেৰী ৱালখনৰ সিপাৰে থকা ‘আমাৰ বাবাদাহঁতে শুনি থকা নাইতো!  মোৰ মুখত সেইকথা শুনি আটাইকেইজনী মুখত আঙুলি দি চকু ডাঙৰ কৰি তাপ মাৰি ৰ’ল। মই লাহেকৈ ক’লো–

“বাদদে বুইছ,  এৰি দে কুকুৰাটো। কাৰ বা হয়! বেয়া কথা হ’ব।” ক’বলৈহে পালোঁ,  গোটেইকেইজনী জাঙুৰ খাই উঠিল। চেপা অথচ তীব্ৰভাবে ধমক দি মৌচুমীয়ে ক’লে, –

“তই নেখাৱ নাই। তোলৈ ভাততে আলু এটা দি দিম। মুঠতে আমি খাম।”- মই বুজিলো মোৰ কথা নৰজে। তথাপি কৈ চালো, –

” নহয় চা, আমিতো কোনেও মাৰিবও নাজানো। কেনেকে মাৰিবি ক!” ইজনীয়ে সিজনীৰ চকুলৈ চালে।

ববীয়ে ক’লে -” পাখিৰ তলত কোনোবাখিনিত টিপি ধৰি থাকিলে মৰে বুলি শুনিছোঁ। ভালকৈ নাজানো।”

ত্ৰিবেণীয়ে ক’লে-“ডিঙিটো মুছৰী ধৰিলেও মৰিব পাৰে কিন্তু!”

কোনোবা এজনীয়ে ক’লে- “নহ’লে এটা কাম কৰোঁ,  চুলিত মৰা ৰাবাৰ এডালেৰে মুখখন জোৰকৈ বান্ধি থওঁ। মৰিব চাগে!”

মুঠতে প্ৰত্যেকে কিবাকিবি বিধান দিলে কিন্তু আটাইবোৰ শুনিছোঁ,  চাগে , পাৰে জাতীয়। কেইমিনিটমান তেনেকৈ আলোচনা-বিলোচনাৰ অন্তত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হ’ল যে আমাৰ ভাত বনোৱা কুকাৰটোত কুকুৰাটো সুমুৱাই ঢাকনিখন বন্ধ কৰি থোৱা হওক। তেনেকৈ মৰিব চিওৰ!

কুকাৰ বন্ধ কৰি পৰীস্মিতাৰ বিচনাৰ তলত থোৱা হ’ল। অৱশেষত সন্ধিয়াৰ ফালে কুকুৰাটো মৰিল। সেইখিনি লৈকে ঠিকেই আছিল।

হঠাৎ গম পালোঁ মালিকৰ পৰিয়াল ঘৰ পাইছেহি। কথা পাতি গম পালোঁ গন্তব্যস্থান পোৱাৰ আগতে কিবা খবৰ এটা পাই ঘূৰি আহিল। আমি আটাইকেইজনীয়ে পৰস্পৰে-পৰস্পৰলৈ চালোঁ। চাৱনিৰ অৰ্থবোৰ এনেকুৱা– এইগালে আজিহে আধা বাটৰ পৰা ঘূৰিবলৈ পালে।

সেইখিনিলৈকেও মোটামুটি ঠিকেই আছিল। পাঁচ মিনিটমানৰ পাছত মালিকনী বাইদেউ আহি মোক বাৰান্দাতে পাই সুধিলে, –

” জী, আমাৰ সেই চাইডৰ ফালে মুৰ্গী এটা বান্ধি থোৱা আছিল। মই যাওঁতে ভিতৰত ভৰাই থবলৈ পাহৰিলোঁ। এতিয়া নাই দেখোন। তোমালোকে দিনত মন কৰিছিলা নেকি বাৰু আছিল নে নাই।”

মোৰ মুখেদি কি ওলাইছিল মই নিজেও শুনি পোৱা নাছিলো। ইতিমধ্যে কোনোবাকেইজনীমান আহি মোৰ পিচফালে থিয় দিছিলহি। পৰীস্মিতাই মোক আঁৰ কৰি কি হ’লনো, কি কুকুৰা,  কেনেকুৱা,ল  কিমান ডাঙৰ ইত্যাদি অনেক প্ৰশ্ন, উত্তৰ, প্ৰত্যুত্তৰ আদিৰে মুঠতে আমি যে কোনেও কেতিয়াও ক’তো কাৰো কোনো কুকুৰা দেখা নাই মালিকনীক পতিয়ন নিয়াই পঠালে। সেইমুহূৰ্তলৈকে আমাৰ মনলৈ ভুলতেও এবাৰলৈও অহা নাছিল যে সেইটো মালিকৰ ঘৰৰ খাবলৈ আনি থোৱা কুকুৰা হ’ব পাৰে !!

পাছৰ কথাখিনি আছিল এনেকুৱা—

মালিকৰ ঘৰৰ মানুহৰ যিহেতু আমাৰ ল’জলৈ অবাধ আহ-যাহ, সেয়ে কোন মুহূৰ্তত আহি ওলাব পাৰে ঠিক নাই। গতিকে তেওঁলোক নোশোৱালৈকে কুকুৰা কুকাৰতে সোমাই থাকিল। অৱশেষত আলু পিয়াজ কেইটাও ৰেপি ৰেপি কাটিব লগা হোৱা চুৰীৰে কুকুৰা কাটি-বাচি-ৰান্ধি খাওঁমানে ৰাতি দোভাগ হৈছিল। মালিকৰ ঘৰৰ চাৰিজনীয়া পৰিয়ালটোৱে খাবলৈ অনা আধা কেজিয়ামানৰ কুকুৰাটো আমি গজগজীয়া দহজনীয়ে খাওঁতে ভাগত কিমানকৈ পৰিছিল মনত পৰিলে আজিও বুকুখনত বিষ এটা উজাই আহিব খোজে। যি নহওক, খাই-বৈ উঠি ঠিক কৰা হ’ল যে পিছদিনা মৰ্ণিংৱাক কৰাৰ চলেৰে কুকুৰাৰ পাখি-পেটু যত যি পেলনীয়খিনি আমাৰ ল’জৰ পৰা অলপ উজাই গৈ পোৱা তিনি আলিৰ খাৱৈটোত পেলাই অহা হ’ব। কামটো কৰিবলৈ দায়িত্ব পৰিল মোৰ আৰু পৰীস্মিতাৰ ওপৰত। লগৰকেইজনীৰ মতে কিবা খেলিমেলি হ’লে পৰীস্মিতাই চম্ভালি ল’ব পাৰিব আৰু আনটো কথা হ’ল মোক সহজতে কোনেও সন্দেহ নকৰে।

পিচদিনা ব্ৰহ্মপুৱাতে কুকুৰাৰ পাখি-পেটু ভৰ্তি পলিথিনৰ বেগটো লৈ মৰ্নিংৱাকলৈ ওলালোঁ। তিনিআলিটো পাই হাতৰ পলিথিনটো দলিয়াব লওঁতেই চিনেমাৰ কাহিনীৰ ক্লাইমেক্সৰ দৰে বিপৰীত দিশৰ পৰা ওলালহি স্বয়ং ‘আমাৰ বাবাদা!’  এনেই বাৰু আমি ল’জৰ প্ৰত্যেকজনীয়ে নিজকে বাবাদাৰ সৈতে যোৰা দি ভাল পাইছিলোঁ, তথাপি পৰীস্মিতা কিন্তু ভিতৰি সঁচাকৈয়ে যে অলপ হিলিছিল ইতিমধ্যে আমি আটাইকেইজনীয়ে কথাটো জানিছিলোঁ।

“গুড মৰ্নিং”- হাস্যবদনেৰে গলগলীয়া মাতেৰে বাবাদাই সম্ভাষণ জনালে। পৰিস্থিতি চম্ভালাত পৰীস্মিতা অলপ বেছিয়ে ভাল যদিও সেইহেন বিষম পৰিস্থিতিত তাইও অলপ থতমত খালে। তথাপি এফালে কুকুৰাৰ পাখি-পেটুৰ পলিথিনটো আৰু আনফালে সপোন কোঁৱৰক সমুখত পাই মনৰ মাজত ফট ফাটকৈ ফুটা লাড্ডুবোৰ চম্ভালিলৈ বেছ স্বাভাৱিক যেন হৈ তাই বাবাদাৰ লগত কথা পতাত লাগিল।

” জীমণি,  কি খবৰ?” – হঠাৎ মোৰ ফালে চাই বাবাদাই  কৈ উঠিল। সঁচা কথা ক’বলৈ হ’লে বাবাদাৰ সৈতে কথা পতাৰ হেঁপাহ মোৰ মনতো নোহোৱা নহয়। কিন্তু হাতত থকা এট’ম ব’ম সদৃশ পলিথিনটোৱে অন্তত সেইমুহূৰ্তত মোৰ মনৰ পৰা  পৃথিৱীৰ সমস্ত হেঁপাহ অন্তিৰ্হিত কৰিছিল। মই কিবা উত্তৰ দিয়াৰ আগেয়ে বাবাদাই মোৰ হাতত থকা পলিথিনটোলৈ চাই পুনৰ ক’লে-

“মৰ্নিং ৱাকত আহোঁতেও কেৰি বেগত কি লৈ আহিছা?  নে খোজ কাঢ়ি কাঢ়ি ব্ৰেকফাষ্ট কৰা?  দিয়া আকৌ কি আনিছা আমিও খাওঁ।”

“নাই, নহয়…মানে…. ” -যতদূৰ  মনত পৰা মই ডিচেম্বৰ মাহৰ ঠাণ্ডাতো ঘামিছিলোঁ।

“অহ্, নহয় মানে ঘূৰি যাওঁতে তাইৰ কুৰ্তি এটা কিবা ফিটিং কৰাবলৈ আছে সেই তাত”- এইবুলি পৰীস্মিতাই তিনিআলিৰ সিটো পাৰে চকুত পৰাকৈ “ৰাজা টেইলাৰ্চ” বুলি লিখি তাঁৰেৰে বান্ধি ওলোমাই থোৱা বিবৰ্ণ বৰ্গাকৃতিৰ ফলকখনলৈ চকুৰে ইংগিত কৰি দেখুৱালে। মই মনে মনে প্ৰমাদ গনিলো! এই ঢল পুৱাতে ৰাজা টেইলাৰ্চ কেলেই খুলিব বাৰু!!!!

মই সেপ ঢুকি ক’লো–

” ঠিক আছে, আমি অলপ আগলৈ যাওঁ। আপুনি ঘূৰিব নে?”

 ভাগ্যই লগ দিলে। বাবাদা আমাক এৰি ঘৰৰ ফালে ঘূৰিল। অৱশেষত হাতৰ এট’ম ব’মটো খাৱৈটোলৈ দলিয়াই দীঘলকৈ উশাহ এটা টানিলোঁ।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *