ফটাঢোল

এটা পিকনিকৰ কাহিনী – বন্দিতা গগৈ বৰা

দুই জানুৱাৰী 2018

স্কুলৰ নতুন বছৰৰ আজি প্ৰথম দিন। ল’ৰা-ছোৱালীৰ উপস্থিতি শূণ্য। শিক্ষক-শিক্ষয়িত্ৰীসকলে গছৰ তলত বা কমনৰুমত বহি কথা-বতৰাত অংশ লৈছে! পাৰ হৈ যোৱা বছৰটোৰ দুই এটা কথা পাতি সময়বোৰ কটাইছো, এই বছৰৰ শৈক্ষিক পৰিকল্পনাও কৰা হৈছে !

এনেতে, –

“জয়ন্ত, এই জয়ন্ত , শুনাচোন!””

মাতষাৰ অহাৰ ফালে আমি ঘূৰি চালোঁ,   জয়ন্তয়ো সচকিত হৈ চালে। বাৰাণ্ডাত আমাৰ ঠিক পাছফালে থিয় হৈ বিদ্যালয়ৰ চিনিয়ৰমোষ্ট বাইদেউৱে জয়ন্তক মাতিছে । সি উপায়ন্তৰ হৈ বাইদেউৰ কাষ পালেগৈ,  বাইদেউৱে তাক মূৰৰ পৰা ভৰিলৈকে চালে….

“বাইদেউ কিবা ক’ব !”” বিনয়েৰে জয়ন্তই ক’লে!

“তোমাৰ গা বেয়া নেকি ?””

“উৱা বাইদেউ,  ইমান ধুনীয়া নতুন জেকেট আৰু নতুন জোতা পিন্ধি অহাৰ পাছতো আপুনি মোক বেয়া দেখিলে ?”

“সকলো সময়তে ধেমালি ভাল নালাগে জয়ন্ত !”” বাইদেউৰ গহীন মাতত জয়ন্তই ভেবাচেকা খালে,  মুখৰ হাঁহিটো সামৰি সেপ ঢুকি বাইদেউৰ ফালে চালে, –

“তোমাৰ দৰে বয়সৰ ল’ৰা স্কুলত আছে, অথচ পিকনিক এটা আয়োজন কৰা নাই ?”

“”অ কথা এইটো,  পিকনিকৰ আয়োজন কৰাত মোৰ আপত্তি নাই,  কিন্তু আয়োজন কৰাৰ পিচত মানুহবোৰ নাযাওঁ নথওঁ কৰে যে,  তেতিয়া বিপদত পৰোঁ যে!””-জয়ন্তই এই খোচটো বাইদেউক দিছিল।

জয়ন্ত আৰু বাইদেউৱে আমি বহি থকা ঠাইৰ ঠিক পিচফালেই কথা পাতি আছিল আৰু কথাবোৰ আমাৰ কৰ্ণগোচৰ হৈ আছিল। বাইদেউৰ মুখৰ অভিব্যক্তিৰ পৰা বুজিলো যে খোচটো তেওঁৰ গাত ঠিকেই লাগিছে,  কিন্তু তেখেত ইমান সহজে হতি যোৱা মানুহ নহয় সেয়ে কৈ উঠিল, –

“আগে-পিছে কোনে কি কৰিলে নকৰিলে ভাবি জানো লাভ আছে,  সেইবোৰ পুৰণি কথা বাদ দিয়া,  মই এইবাৰ পূৰা গেৰাণ্টি দিছোঁ,  কোনোবা গ’লেও নগ’লেও মই যাম। তুমি এৰেণ্জ কৰা ফটাফট!”

“ৰ’ব বাইদেউ,  বাকী দুই-এজনৰ লগত আলোচনা কৰি লওঁ,  আচলতে মই এইবাৰ দায়িত্ব নলওঁ বুলি ভাবিছোঁ, বেলেগ এজনে…”

“আৰে তোমাৰ দৰে ইমান এনাৰজেটিক ল’ৰাটোৱে এইবোৰ ক’লে ভাল নালাগে, তুমিয়েই পাৰিবা,  আৰম্ভ কৰি দিয়া,  চিন্তা চৰ্চাত মই আছোঁ নহয় !”

“”আপুনিয়েই নহ’লে লওক দায়িত্ব আমি আছোঁ আপোনাৰ লগত !”

“ইচ্, নিজৰ বায়েকৰ লগৰ বায়েকক বাৰু এনেকৈ ক’বলৈ তোমাৰ বেয়া লগা নাইনে ?”

জয়ন্ত এইবাৰ দাঁত কামুৰি ৰৈ গ’ল,  বাইদেউৱে ফুল ভলিউমত কৈ আছে, –

“তোমাৰ আৰু মোৰ তুলনা হ’ব নি কোৱা?  তুমি হ’লা বিয়া বাৰু নপতা বৰলা উদঙীয়া ল’ৰা,  মই হ’লো সংসাৰী মহিলা, কোৱাচোন এইবোৰ দায়িত্ব কাৰ হ’ব লাগে !”

ইয়াৰ পাছত জয়ন্তৰ নাই নুই কৰাৰ সাহসে নুকুলালে চাগৈ,  আলোচনা কৰিবলৈ সি আমাৰ ওচৰ পালেহি,  পিচে পিচে বাইদেউয়ো আহিল।

“অ তোমালোকে প্লেনটো এতিয়াই ৰেডি কৰা,  গাইড কৰিবলৈ মই আছোঁ তোমালোকৰ লগত!”

বাইদেউৰ ৰেহৰূপ দেখি মোৰ মনে ক’লে, – “এইবাৰ শেনৰ এজাত,  বাইদেউ পিকনিক গৈহে এৰিব। কোনোবা এটাৰ পিকনিক গাত লাগিলেই, ছাত্ৰ- ছাত্ৰী নথকাৰ সুযোগ লৈ লাহেকৈ চিঞৰিলে,-

“হিপ হিপ হুৰে,  আমাৰ পিকনিক পাৰ্টি জিন্দাবাদ!”

জয়ন্তৰ পাছে পাছে বাইদেউ আহি আমাৰ ওচৰৰ খালী চকী এখনত বহি পৰিল । আমি আঁৰ চকুৰে জয়ন্তক লক্ষ্য কৰি থাকিলো। মুখ ফুটাই একো নক’লেও তাৰ মুখত ‘বলিৰ পঠা , ভাল ফচি গলোঁ’ ভাব এটি ফুটি উঠিছে। সিওঁ ধুপুচকৈ আহি আমাৰ কাষৰ চকীখনত বহিল,  সি যে মনে মনে ফাঁট দিয়া বসুমতী পাতালে লুকাওঁ ভাব এটি ৰাখিছে আমি কেইটাই বেছ বুজি আছোঁ। আমি পেটে-পেটে হাঁহি লৈ জয়ন্ত আৰু বাইদেউ দুয়োজনকে লক্ষ্য কৰি আছোঁ! বাইদেৱে বেগৰ পৰা খুচৰি খুচৰি পুৰণি ডায়েৰী এখন উলিয়াই আনিলে।

“আহা, এতিয়াই পিকনিকৰ প্লেনটো কৰি পেলাওঁ। এবাৰ এইটো ফাইনেল হ’লেই কোনেও না-কৰিব নোৱাৰিব,  আজিৰ পৰাই পইচা তুলিবলৈ ষ্টাৰ্ট কৰি দিবা জয়ন্ত!”

“হ’ব বাইদেউ!”

“আহা আমি খানাটো কি কি হ’ব ঠিক কৰোঁ। পিকনিকত আকৌ এই খানাটোৱেই মেইন দেই! যিমানে ভাল ভাল খোৱাৰ আইটেম কৰিবা সিমানেই মানুহে যাবলৈ ঠেং দাঙিব!”

কৈয়ে নিজৰ ৰসিকতাত নিজেই হাঁহিলে বাইদেউৱে। আমি ভেবা লাগি মাথোঁ তেওঁলৈ চাই ৰৈছোঁ। এইবাৰ বাইদেউৱে ডায়েৰীত লিখিবলৈ লাগিল।

“ব্ৰেকফাষ্টটো বৰ হেভী নকৰোঁ,  অকল ব্ৰেড আৰু বাটাৰ আৰু এটা এটা ডিম! আচল খানা কিন্তু জবৰদস্ত কৰিম বুইছা!”- খচখচকৈ তেওঁ লিখি গ’ল, আমি জুপি জুপি পঢ়িছোঁ।

“বেচন বেগুনী,  ফুলকবি পকোৰা,  দাইল,  মিক্স ভাজি,  চাহী পনীৰ,  মাছৰুম কাৰী (নিৰামিষ খোৱা সকলৰ বাবে),, লোকেল মাছৰ ফুলকবি বিলাহীৰ জোল,  লোকেল চিকেন, মাটন …..”

“বাইদেউ আইটেম বেছি হৈছে নেকি? পইচাৰ কথা আছে আৰু ইমান বোৰ খাবলৈ পাৰিম জানো ?”

“নাই নাই, বেছি কিয় হ’ব,  এইকেইটাটো নৰমেল আইটেম, আৰু পইচাৰ কথা চিন্তা নকৰিবা, মই চবকে এনেকৈ কনভিন্স কৰিম নহয় চাই থাকা। আৰু যদি তথাপিও পা-পইচাৰ দিগদাৰ আমি লিড লোৱা কেইটাই পঞ্চাশ টকা বেছিকৈ দি দিম দিয়া, বছৰত এবাৰত হে যাম পিকনিক , নে কি কোৱা!”

“এৰা কথাটো ঠিকেই, কিন্তু কাৰিকৰকেইজনৰ লগতো আলোচনা কৰিব লাগিব, তেওঁলোকে বা ইমান আইটেম পিকনিকত বনাই নে নবনায়…..”

“কাৰিকৰ লৈ চিন্তা নকৰিবা, মোৰ ওচৰত ফাৰ্ষ্ট ক্লাছ কাৰিকৰ আছে, এবাৰ যদি তোমালোকে সেইকেইটাৰ হাতৰ খানা খোৱা ঘৰত খাবলৈ এৰি দিবা। মোৰ ছোৱালীৰ বাৰ্থডেত খাইছিলা নহয়?”

“বাইদেউ ক’তা আপুনি চোন আমাক কোনোদিনে নিমন্ত্ৰণ কৰা নাই,  কেনেকৈ জানিম!”

“এহ তোমালোকক নিমন্ত্ৰণ কৰিবলৈ থাকিল নেকি? কিযে বঢ়িয়া মাটন, চিকেন আৰু ফ্ৰাইড ৰাইচ হৈছিল বুজিছা,  যি খাইছে পাহৰিব নাই পৰা চিউৰ।”

“বাইদেউ, এই স্কুলত প্ৰায় চাৰি বছৰ হ’ল চাকৰি কৰা, এবাৰো নামাতিলে, এইবাৰ পাহৰি নাযাব আমাক”– বিকাশৰ কথাত বাইদেউৱে তালৈ কেৰাহীকৈ চালে,  আমিয়ো -“হয়, মাতিব দেই এইবাৰ বুলি কৈ উঠিলোঁ।”

“সেইবোৰ আলোচনা এতিয়া বাদ দিয়া,  অদৰকাৰী কথা পাতি থাকিলে আমাৰ মূল আলোচনা তল পৰিব। এতিয়া পইচা কিমানকৈ তুলিলে ভাল হ’ব কোৱা আৰু কামত লাগি যোৱা!”

বাইদেউৰ কথাত আমি সেইফালেই তাপ মাৰিলো। কিমানকৈ তুলিলে ভাল হ’ব ঠিক কৰি বাইদেউৱে জয়ন্ত আৰু বিকাশক লগত লৈ বাকী সকলৰ কাষলৈ কথাটো ক’বলৈ আৰু টকা তুলিবলৈ গ’লগৈ ।

চাওঁতে চাওঁতে পিকনিকৰ দিনটো পালেহি। ইতিমধ্যে সকলো যা-যোগাৰ ল’ৰাকেইটাই কৰিছিল। গাড়ী ঠিক কৰা,  পানী,  খাদ্য সামগ্ৰীৰ বজাৰ আৰু বাকী যাবতীয় যি য’ত লাগে সকলো কিনাকুটা হৈ গ’ল। মানুহ প্ৰায় পঞ্চাশজন। আমি সীমাকো লগত লৈ যোৱাৰ সিদ্ধান্ত ল’লো। বাইদেউক পাছে কথাটো নকলো, কাৰণ বিয়াৰ সময়ত কৰা ব্যৱহাৰৰ বাবে দুইজনীয়ে দুইজনীক চকুপাৰি দেখিব নোৱাৰা হৈ আছে। বাইদেউৰ ফাৰ্ষ্ট ক্লাছ কাৰিকৰ কেইজনৰ লগত কিন্তু কাৰো দেখা-দেখি হোৱা নাছিল, বাইদেউৱে গেৰাণ্টি দি আছিল যে একো চিন্তা কৰিব নালাগে, সেইকেইজন তেওঁৰ খাচ মানুহ,  সময়ত আহি যাব। সিহঁতক কি কি আইটেম হ’ব ফোনত কোৱা হৈছিল আৰু কি কি মা-মছলা কি পৰিমাণে লাগিব হিচাব দিয়া হৈছিল,  সেইমতে বজাৰ কৰা হৈ গৈছিল!

পুৱা আঠবজাত স্কুল ফিল্ডত সকলো গোট খালে। ঠাইখন বেছি দূৰৈত নহয় বাবে আঠ বজাতে যাত্ৰা আৰম্ভ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল। পিছে সকলো আহিল, বাইদেউ নাই। ফোন কৰি কৰিয়ো যেতিয়া বাইদেউৰ ফোন চুইচ অফ পোৱা গ’ল, সকলোৰে গা বাজিল। সকলোৱে লগাই আছে ফোন, এবাৰ জয়ন্তৰ ফোনৰ পৰা বাইদেউৰ ফোন ৰিং হ’ল…

“হেল্ল বাইদেউ, কি হ’ল নাহে কিয়?”

“মইহে , মা নহয়!”

“অ জুমা, মা ক’ত, মাক দিয়া!”

জুমা বাইদেউৰ ছোৱালী! জুমাই ইফালে কিবা কৈ ফোনটো থলে, কাৰণ ফোন সামৰি জয়ন্ত কপাল থুপাই অলপ চিন্তা কৰি থিয় হৈ ৰ’ল। সকলোৰে টেনচন তুংগত…

“অই কি হ’ল ,নকৱ কিয়?”

“বাইদেউ আহিছে নে?”

“কিমান দেৰি হ’ব,  এনেই দেৰি হৈছে!”

সকলোৰে প্ৰশ্ন আৰু চিন্তা ওৰ পেলাই জয়ন্তই কপালত থপৰিয়াই কৈ উঠিল….

“তালুতে খোট মাৰি দিলে অই!”

তাৰ ভাব-ভংগী দেখি আমাৰ বুজিবলৈ বাকী নাথাকিলে যে বাইদেউৰ পৰা কিবা ঋনাত্মক খবৰ আহিছে!

“কি হ’ল, কোৱা অ!”

“বাইদেউৰ কালিৰ পৰা গা-বেয়া,  মূৰ-ঘুৰণি হৈ মূৰ তুলিব পৰা নাই, বাইদেউ আৰু জুমা নাযায়!”

“বাইদেউ নাযায়,  উপায় নাই,  কিন্তু বাইদেউৰ গ্যাৰাণ্টেড কাৰিকৰ ক’ত?”

“এৰা সেইকেইজন নহ’লেতো আমাৰ নহ’ব, এতিয়া নতুন মানুহো পোৱা নাযাব, সেইকেইজনো নাই যে?”

সকলোৰে মাজত গুণ-গুণনি আৰম্ভ হ’ল। বাইক লৈ জয়ন্ত আৰু বিকাশ বাইদেউৰ ঘৰলৈ ঢাপলি মেলিলে।

প্ৰায় আধাঘণ্টা মানৰ পাছত মাজত মানুহ এজন বহুৱাই সিহঁত দুটা উভতি আহিল। মানুহজন আমাৰ ওচৰত নামিলত দেখিলো সেইজন আমাৰ স্কুলৰ সৰস্বতী পূজা বা আন অনুষ্ঠানবোৰত ৰন্ধা-বঢ়া কৰা আমাৰ সকলোৰে পৰিচিত কাৰিকৰ জন। আচলতে বাইদেৱে নিজৰ গেৰাণ্টি যুক্ত মানুহ আছে বুলি কৈ তেওঁলোকৰ পূৰা দায়িত্ব লোৱা বাবেহে আমি এওঁক লগ ধৰা নাছিলোঁ। নহ’লে এখেতেই আমাৰ সদায়ে প্ৰথম আৰু শেষ প্ৰাধান্য আছিল। অলপ লাজো লাগিল,  মানুহজনক বিপদত পৰিহে মনত পেলোৱা বাবে। তেখেতে হাতত লৈ অহা হাতৰ দুই এপদ ৰন্ধাৰ সঁজুলি লৈ বাছত বহাৰ পাছত,  আমিও যাত্ৰা আৰম্ভ কৰিলোঁ। যাওঁতে জয়ন্ত আৰু বিকাশে বাকী কাহিনীটো শুনাই গ’ল।

সিহঁত দুটা গৈ বাইদেউৰ ঘৰৰ কলিং বেল বজাইছেহে বজাইছে কোনেও দুৱাৰ খুলি নিদিয়ে। শেষত খঙত দুৱাৰত ঢকিয়াবলৈ বাধ্য হ’ল। শেষত বাইদেউৰ ছোৱালী জনীয়ে খুলি দিলে…

“মা ক’ত?”

“মা শুই আছে!”

আগপিচ নুগুনি দুইটা দুপদুপাই গৈ বাইদেউৰ শুৱনি কোঠা পালেগৈ। বাইদেউ শুই থকা নাছিল,  বাহিৰৰ কথা-বাৰ্তা শুনি বিচনাত বহি আছিল। সিহঁত দুটা তেনেকৈ ভিতৰলৈ সোমাই যাব বুলি চাগৈ সপোনতো ভবা নাছিল।

“বাইদেউ পিকনিক যাবনে?”

“বোপাইহঁত, মোৰ গা একেবাৰে বেয়া অ’ ,কেনেকৈ যাম!”

“আপুনি নাযায় নাই,  আপোনাৰ ভালৰো ভাল কাৰিকৰ ক’ত?”

 অলপ সময়লৈ নিৰৱতা,  তাৰপাছত কেঁকাই-গেঠাই কৈ উঠিল, –

“সিহঁতৰ অলপ অসুবিধা হ’ল অ, যাব নোৱাৰিব!”

“কি কয় আপুনি,  আজি এইদৰে নাযাওঁ ক’লে কেনেকৈ হ’ব, আমি আজি হঠাৎ মানুহ ক’ত পাম!”- গৰজি উঠিল দুইটা!

“সিহঁত যোৱাটো খাটাং আছিল,  কালি বেলেগ এটা পিকনিক পাৰ্টিৰ লগত গৈ অলপ মানে মাল-তাল খাই কিবা মাৰপিট হৈ অলপ মানে ….”

“অ আপুনি চব জানিও আমাক একো খবৰ নিদি নিজে বেমাৰৰ..”

“এহ্ তেনেকৈ নকবা দেই, মোৰ সচাকৈয়ে গা বেয়া দেখিহে, নহ’লে মই নিজেই তোমালোকৰ লগত গৈ গোটেই খানা অকলেই কৰি দিলোঁ হয়। শুনিছোঁ তোমালোকৰ লগত সীমা আৰু বেলেগ দুজনী ছোৱালী যাব?”

“হয় যাব, কিবা অসুবিধা আছে আপোনাৰ?”

“নহয় শুনিছোঁ সীমাই বৰ ভাল ৰান্ধে, তাইকে ….”

পিচৰ খিনি কি বলকি আছিল সিহঁতে আৰু নুশুনিলে,  দুইটা ফোঁ-ফোঁৱাই এই কাৰিকৰজনৰ ঘৰলৈ বুলি বাইক চলাই দিলে।

বাটত হেনো জয়ন্তই কৈ আহিছে, -“অই, বাইদেউৱে বেমাৰৰ ভাও জুৰি আছে দেখিলি নহয়। মহিলা আৰু বয়সত ডাঙৰ দেখি আজি বাচিল তেখেত, নহ’লে মন গৈছিল ডিঙিটো মুচৰি থৈ আহিবলৈ!”

পাছত ভাগ্য ভাল যে এইমানুহজনক সকলো বুজাই কোৱাত তেখেতে কাম এটা থকা স্বত্বেও পুতেকৰ হাতত সেই কামৰ ভাৰ দি আহিবলৈ ওলাল!

কথাবোৰ শুনি সকলোৱে ইচ্-ইচ্ কৰি বাইদেউক মনে মনে ক’ব লগীয়াখিনি ক’লে!

বাছ চলিবলৈ লাগিল!

অলপ থমথমীয়া ভাব এটা আহি পৰিছিল!

সকলো নিজৰ জেগাত চুপচাপ বহি আছিল!

হঠাতে জয়ন্ত বাছৰ মাজত থিয় হ’লহি, –

“ৰাইজ,  মোৰ লগত সকলোৱে কওঁক, –আমাৰ পিকনিক পাৰ্টি,  বাইদেউ নোহোৱাকৈ বঢ়িয়া বঢ়িয়া….হিপ হিপ হুৰেই ….!”

☆★☆★☆

 

17 Comments

  • Gitika Saikia

    কাহিনীটোৰ গতিশীলতা, শেষৰফাললৈকে চাছপেন্দটো খুব সুন্দৰকৈ প্ৰকাশ হৈছে।

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল বন্দিতা, কহী য়ে বাইদেউ… …এহ থাকত দিয়া!
    মজ্জা৷

    Reply
  • বাইদেউ নগ’লেও ভালকৈ হৈ গ’ল পিকনিক — বঢ়িয়া।
    পাছত বাইদেউৰ প্ৰতিক্ৰিয়া কি হৈছিল বাৰু।
    ভাল লাগিল।

    Reply
  • Silpasree

    খুব সুন্দৰ বৰ্ণনা। ভাল লাগিল।

    Reply
  • Dhruba Jyoti Arjuna

    পাছত বাইদেউৰ প্ৰতিক্ৰিয়া জানিবৰ মন থাকিল ।

    Reply
  • বৰ ভাল লাগিল বা৷গছত তুলি গুৰি কটা বাইদেউ গৰাকীয়ে পিছত সহকৰ্মী সকলৰ লগত কি দৰে মুখামুখি হল তাকেহে ভাবিছো৷

    Reply
  • ৰিণ্টু

    বাইদেউ গৰাকী মই চিনি পাওঁ‌ যেন লাগিছে দেই।

    সুন্দৰ আৰু সাৱলীল বৰ্ণনা, ভাল লাগিল পঢ়ি

    Reply
  • সুন্দৰ বৰ্ণনা, ভাল লাগিল।

    Reply
  • অৰ্চনাময়ী বড়া

    ভাল লাগিল পঢ়ি.

    Reply
  • Luku Dutta Borah

    ভাল লাগিলে দেই বা

    Reply
  • Rajdeep Borah

    বঢ়িয়া

    Reply
  • বন্দিতা গগৈ বৰা

    হয়নে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *