ফটাঢোল

বিহুঘৰৰ চোৰ – মানস শইকীয়া

আমাৰ অঞ্চলটো চহৰৰ দাঁতিকাষৰীয়া হোৱাৰ বাবেই নেকি, আনবোৰ গাঁৱৰ দৰে সমুহীয়াকৈ ভেলাঘৰ বা বিহুঘৰ সাজি সকলোৱে একেলগে খোৱাৰ পৰম্পৰা নাই বুলিবই পাৰি৷ ভেলাঘৰ প্ৰায় সকলোৱেই সাজে যদিও মনে-মিলা দুই এঘৰে একেলগে উৰুকাৰ ভোজ খায়৷ ডেকাবোৰে পথাৰত ভেলাঘৰ সাজি বিহুৰ ভালেকেইদিন আগৰে পৰা ৰং ৰহইচ কৰে৷ সেয়েহে, চোৰ-তাৰিবোৰ বহু আগৰ পৰাই আৰম্ভ হয়৷

আমাৰ চুবাটোৰ ল’ৰাকিটাই আমাৰ লগৰ এজনৰ ঘৰৰ পিচফালে মেৰৰ লগতে লাগি থকা পথাৰত ভেলাঘৰ সাজোঁ৷ সিহঁতৰ ঘৰখনেও এইক্ষেত্ৰত আগভাগ লয়৷ দেউতাক জন বয়সীয়াল৷ আমাৰ দেউতাহঁতে দেদাইদেউ বুলি মাতে বাবে আমি ককা বুলি মাতো৷ ৩১ ডিচেম্বৰত সিহঁতৰ ঘৰতে পাৰ্টি হয়৷ মানে আজিকালিৰ দৰে নহয়৷ নতুন বৰাচাউল সিজোৱা আৰু ভাজিহে দেই! তাতেই আৰম্ভ হয়, ভেলাঘৰ সজাৰ বিষয়ে৷ পিচদিনাৰ পৰাই সিহঁতৰ বাৰীৰ বাঁহ কটা, নৰা কটা কামবোৰত লাগি যাওঁ৷ ককাহঁতৰ পৰিয়াল অতীজৰে পৰা সম্ভ্ৰান্ত পৰিয়াল৷ দৰঙীয়া ৰজাক ভাৰ-ভেটী দি অঞ্চলটোত ৰাজ কৰা পৰিয়াল৷ বংশ অভিমান যথেষ্ট আছে৷ গতিকে,  গাওঁখনৰ প্ৰথম ভেলাঘৰ হ’ব লাগিব৷ নৰা আৰু বাঁহৰ কথা বাদ দিলে এটা থকা ঘৰৰ সমানেই কাৰুকাৰ্য৷

সেইবছৰ আমি মেট্ৰিক পাছ কৰিছোঁ৷ ডেকাভাৱটো অলপ বেছিকৈ প্ৰকট হৈছে৷ গতিকে, ভেলাঘৰটো অকণমান নিলগাই বনাইছোঁ৷ বিহুৰ এসপ্তাহ আগতেই ভেলাঘৰ ৰেডি৷ ভেলাঘৰত লাইট লগাই ডেক বাজোৱা আৰম্ভ৷ ৰাতিলৈ চাকি-বন্তি দি মটৰৰ ঘুগুনিৰে বহনি কৰিলোঁ৷ ককা আৰু ডাঙৰ পুতেক কেইজন শুবলৈ গ’ল৷ আমিবোৰ সেইদিনাৰ পৰাই থাকিম৷ আগতীয়াকৈ বাঁহ-কাঠ যোগাৰ কৰা আছে৷

ডেকত হিন্দী-অসমীয়া কেছেট বাজিবলৈ ধৰিলে৷ বিহুঘৰৰ কথা,  চোৰ কৰিবই লাগিব৷ অলপ আঁতৰৰ এঘৰলৈ গৈ দুটামান উভটি আহিল৷ কলগছ এজোপাৰ কাষত হেনো চাকি জ্বলি আছে৷ মানুহ শোৱাই নাই৷ প্ৰায় দুঘণ্টামানৰ মূৰত আমি চাৰিজন গৈ দেখো চাকিটো জ্বলিয়েই আছে৷ এটা চুঁচৰি চুঁচৰি গৈ চাকিৰ ওচৰ পাই দেখে কোনো নাই৷ সি চাকিটো ফু-মাৰি বস্তাত ভৰাই ললে৷ আমাক আৰু কোনে পাই৷ আলুৰ পাতিত হাত দিলোঁ৷ কবি ভালকৈ হোৱা নাই যদিও দুটামান চিঙি লৈ কাষতে থকা জেওৰা এটুকুৰা লৈ বিহুঘৰ পালোহি৷ পথাৰৰ মাজেৰে যাওঁতে হিমত তিতা পেণ্ট-জোতা শুকুৱাই থাকোতে আলু কেইটামান পুৰি খাবলৈ মন গ’ল৷ অঙঠা খুচৰি বস্তাৰ পৰা আলু কেইটা উলিয়াই জুইত দিওঁতেই ভমককৈ জ্বলি উঠিল৷ উৱা, এইয়া কি?  লগে লগে চাকি নুমুৱাটোক ভুকু৷

“তই চাকিটো বস্তাটোতহে ভৰাব পালিনে?”

গোটেই আলু-কবিত কেৰাচিন তেলৰ গোন্ধ৷ গোটেই সোপা নি গাঁত এটাত ৰাতিয়েই পেলাই আহিলোঁ৷

তাৰ দুদিনৰ পিচত আকৌ অভিযানত ওলালোঁ৷ এঘৰত অলপ চাপৰতে নতুনকৈ লগা নাৰিকল এজোপা অভিমুখে৷ ঘৰখনৰ গৃহস্থই সিদিনা আমাৰ লগৰ এটাৰ  হতুৱাই পৰাইছিল মন্দিৰত দিবলৈ! খাবলৈ বোলে এটাও নিদিলে৷ সি বোলে গোটেই থোক নমাই আনিব লাগে৷ আমিও বোলো সেইটোনো কি কথা৷ নাৰিকল গছৰ তল পাই আমাৰ লিডাৰে ফুচফুচাই ক’লে,-“ওপৰৰ পৰা নাৰিকল পৰিলে শব্দ হ’ব৷”

মই মনতে কিবা এটা ভাৱি “ৰহ তেন্তে বুলি” – কৈ আহি তাৰ ঘৰৰে গোঁহালিৰ পৰা গৰু এৰাল দিয়া পঘা নি দিলোঁ৷ পঘাৰ সহায়ত নাৰিকল পাৰি লৈ আহি আছোঁ৷ আন এটাৰ ঘৰেদি আহি বিহুঘৰ পোৱাৰ কথা৷ সিহঁতৰ মেৰলৈ বুলি গৰা বগাই উঠোতেই সিহঁতৰ চোতালত আইতাক বিদ্যমান৷ চোৰ্ চোৰ্ বুলি চিঞৰাত ওলোটাই লৰ দিওঁতে জেওৰাত মেৰিয়াই থোৱা ফেন্সিংত লাগি চকুৰ ওপৰ পতা গ’ল ফালি৷ যেনেতেনে উঠি গৈ নিৰাপদ দুৰত্বত ৰখোঁতেহে গম পালোঁ, তেজৰ সোঁত বোৱাৰ কথা৷ বনপাত দি তেজ ৰখাই বিহুঘৰ পালোহি৷ দুটামান নাৰিকল খাই বাকীখিনি জাৱৰৰ মাজত লুকুৱাই থলোঁ৷

ৰাতিপুৱা ঘৰত চকুৰ জখম দেখি মায়ে সোধাত বিহুঘৰৰ কামিয়ে ফালিলে বুলি কলোঁ যদিও দুপৰীয়ালৈ মায়ে গম পালে৷ লগতে, নাৰিকল চোৰৰ বিষয়েও৷ দুপৰীয়া মাৰ ভাতৰ পাতত বুজনি৷ বোলে সকলোৱে জানে তহঁতেই নাৰিকল চোৰ কৰিছ৷ যি য’ত খালি খালি বাৰু! বাকীখিনি ৰাতি নি থৈ আহিবি৷ মানুহঘৰে নিজে এটাও খোৱা নাই৷ মাৰ বুজনিত ৰাতিলৈ নাৰিকল কেইটা গৃহস্থৰ দুৱাৰদলিত থোৱা হ’ল৷ নাৰিকল থৈ আহোতে গছত উঠাটোৱে ক’লে, –

“ঐ ৰাজু, কালি ৰাতি আৰু এটা পাৰ্টি ঘুৰিছিল জান নে?  আমাৰ গৰুহালৰ এৰাল দিয়া পঘা দুডাল লৈ গ’ল নহয়৷”

মই কোনোমতে হাঁহিটো ৰাখি সৰুকৈ ক’লোঁ, –

“হবও পাৰে, বুজিচ৷”

☆★☆★☆

3 Comments

  • ৰিণ্টু

    বঢ়িয়া লাগিল পঢ়ি মানসদা

    Reply
  • জিমী শ‌ইকীয়া

    একদম চুৰ কৰোঁ কৰোঁ লাগিছে।

    Reply
  • অৰ্চনাময়ী বড়া

    ভাল লাগিল পঢ়ি.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *