ফটাঢোল

প্ৰতিধ্বনি – পল্লৱী দত্ত

মোৰ মা ধেমেলীয়া স্বভাৱৰ। সুখে দুখে হাঁহিটো ওলমি থাকিবই।ভাইটি আৰু মই পঢ়াৰ সকামত বাহিৰত থাকিবলৈ লোৱাৰ পৰা এতিয়া দুখে সুখে মা-দেতাই ইটো-সিটোৰ লগৰী। দেতাই অৱসৰ লোৱাৰ পৰা সন্ধিয়াটো টিভি চায়েই কটায়। বিশেষকৈ ভাড়াঘৰ চোৱাৰ সময়ত এনেকৈ চায় টিভি আৰু নাকৰ মাজত দূৰত্ব বৰ বেছি নৰয় গৈ। মায়ে কয় আৰু অকণমান ওচৰ চাপি পাৰিলে টিভিটোতে সোমাই লওঁক বুইছে, কি ঠিক সিহঁতে আপোনাক মাতি নি চাহ একাপ খুৱাবও পাৰে। দেতাই যেন একো শুনাই নাই এনে ভাবত ভাড়াঘৰ চোৱাত ব্যস্ত। এদিন মায়ে ভাত বনাই দেতাক ভাত খাবলৈ চিঞৰিও আনিব পৰা নাই। মায়ে হঠাৎ চিৰিয়েলৰ দৃশ্য এটালৈ মনত পৰাত দেতাক মাতিবলৈ ল’লে, –

“হেৰি, শুনিছে….শুনিছে….শুনিছে।”

“ভাত বাঢ়িলোঁ…বাঢ়িলো…বাহিলোঁ।”

“আহক…আহক…আহক।”

দেতাই একেদৌৰে আহি ভাতৰ টেবুলত হাজিৰ,  মাৰ কিবা হ’ল বুলি! মায়ে বোলে আহিলে যেতিয়া একেবাৰে ভাত কেইটা খায়েই যাওক।

এইবাৰ ঘৰ অহাত দেতাই কৈছে মাৰে অতি সোনকালে চিনেমাত কাম কৰিবলৈ পাব চাবি। মই মাক চিঞৰ, কি কয়হে দেতাই। মাৰ উত্তৰ, -“বাপেৰে টিভিৰ আগত বহি থাকিলে ইমান মাতিলেও নামাতে,  সেয়ে মই আজিকালি টিভিত মাতাদি মাতো। দেখা নাই কেনেকৈ তিনিবাৰ তিনিবাৰ মাতে চিৰিয়েলবোৰত।”

মই বোলো আইমাতৃ,  কৃষ্ণহে আও।

তিমি মাছ

সৰু কালৰ কথা।এদিন কেনেবাকৈ কাৰোবাৰ মুখত তিমিৰ কথা শুনিলোঁ। খুৰাক সুধিলোঁ কি বস্তুনো?  খুড়াৰ উত্তৰ,-“মাছ হয়, বহুত ডাঙৰ,  খাবলৈ খুবেই ভাল, দেতাৰক কবি আনি খুৱাবলৈ।”

সন্ধিয়ালৈ মোৰ চিঞৰ, -(যিহেতু দেতাই সন্ধিয়া অফিচৰ পৰা অহা সময়ত মোৰ কাৰণে সদায় কিবা এটা লৈ আহে), -“তিমি মাছ নহ’লে আজি ভাতে নাখাও মই।”

কোনোপধ্যেই মোক বুজাব নোৱাৰি মায়ে খুড়াৰ ওচৰতে ঠেকেছা মাৰি থৈ খুৰাক ৰঙা চকু দেখুৱালে, -” ভতিজীক তিমি খুৱাম কৈছিলা নহয়, আনি খোওৱা এতিয়া।”

খুৰায়ো ধেমালিতে কথাষাৰ কৈ এনেকৈ ফচিব বুলি ভবা নাছিল। এফালে মোৰ টেঁটুফলা চিঞঁৰ,  আনফালে মাৰ ৰঙা চকু(খুৰাক মায়ে ডাঙৰ কৰাৰ দৰে। মাক দেউতাক নোহোৱা খুড়া মাৰ মানত নিজৰ ল’ৰাৰ দৰেই আছিল, প্ৰয়োজনত শাসনো কৰিছিল) উপায় নাপায় খুৰাই ক”ৰবাৰ পৰা মাগুৰ মাছ দুটামান আনি তিমিৰ পোৱালি বুলি মোক দেখুৱালত হে শান্তি। খুৰাই আজিও তিমিৰ কথা কৈ মোক জোকাই।

সৌ গৰাকী কোন???

খুড়াৰ বিয়াৰ ঘটনা এইটো। বাহী বিয়াৰ দিনা কইনা আনি খুড়া যি নাইকিয়া হ’ল একেবাৰে সন্ধিয়া হে ঘৰ সোমালহি। ইফালে খুৰীৰ ঘৰৰো কোনো মানুহ সেইদিনা আমাৰ ঘৰত থকা নাছিল। খুৰীয়ে একো উৱা দিহ নাপায় মূল দুৱাৰৰ মুখতেই ৰৈ আছিল। খুৰাই সেই ফালেদিয়েই খৰ-খেদাকৈ সোমাই আহি মাক সোধে,-” ও নবৌ, সেই মানুহগৰাকী কেলেই ৰৈ আছে হয়নে?”

মায়ে বোলে, -” খালি খালি তই, সেই গৰাকী কোন তই পাহৰিলিয়েই নে?”

ইফালে খুড়াৰ পাছে-পাছে অহা খুৰীয়ে খুৰাৰ কথা শুনি ইমান দেৰীয়ে সাঁচি ৰখা হাও হাও কান্দি ঘৰলৈকে যাওঁগৈ বুলি বিননি জুৰিছিল।

☆★☆★☆

 

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *