ফটাঢোল

দৰঙীয়া কথিত ভাষাত লিখা এখন প্ৰেম পত্ৰ – অবিনাশ শৰ্মা

শ্ৰী হৰি

মৰমৰ

ব্যাসপেন্নি,

পথ্থমে মোৰ মৰম লবি। আশা কৰ্চ্চু তই ভালে আছা।আজি তোৰ বিয়া হবা দহ বছৰ হলে হাম্পাও। তথাপি তোৰ কথা মই আজিও পাহেৰবা পাৰা নাই জানচা। বাঁহৰ তলে গাছৰ তলে কেমান ঘুল্লু ফুল্লু কেঙ্কে পাহেৰবা পাৰিম কউচুন ।সেইই এলপি ইস্কুলত যাৱাৰপে মোক লেগি তোৰ কিমান মৰম আছিল তই বিয়া হৈ যাৱাৰ পিছতহে হদ্ পাইছো। তই হাপ্পেনত খুহি আনা বগুৰি, শিলখা, খেজুৰ কত কি খুৱেলি মইহে কিবা অভংটো হৈ থাকিলো। ইতা মোৰো তিৰি চলি হ’ল, তোৰো খবৰ পাইছো ইতাকলেগি সাতটা হৈ আঠ নম্বৰটোত গেয়েৰ লগেইছা বোলে। মোত্তোই কালি হাপামাৰেনিক কৈ থাকোন্তে শুনচিলো। দে আৰু তিনটা হলি ফুটবল খেলা টীম এটায়ে হবো।

ঐ ব্যাসপেন্নি ,

তোৰ বাৰু মোক লেগি মনত পৰেইনে? তই যি মই বৰ্হি বাবা যান্তে আমাৰ সেই ফুটৰ পাৰৰ কতহ চোপৰ ওচৰত পথ্থম পথ্থম মোৰ নাম তুলি ৰূমাল খান দিছিলি। মায়ে পাই গৰু কুবৱা দিলা। তত্থাপি তোৰ নাম মই মাইক কৱা নাছিলো। পিছত সেই জহনীতজাইতী গুন্নাকাটি ভদ্দেয়ে আহি মাইক লগন্তেহে তোক নদী ঘাটত কাণ থলিয়া দিলা। মই তিন দিন ভাত পানী নাখাও বুলি ভাবছিলো। পিচে মই ভাত নাখেলি তই মনত দুখ পাবি বুলি চাৰটামান কমকে হলিও খাইছিলো। তাৰ পিচত যি হব লাগা আছিল হলে। তোক সেই আদা বেপাৰীক লেগি বিয়া দিলা আৰু মোকো পিতেইয়ে পথৰত নুমলা। আজি তিন বছৰ হল তই যি বেলেগে ঝোকেলি অপাৰ খং কৰ্চ্চিলি বোধেইশ্বৰী তাইৰ মাহুৱাকৰ নন্দিনাকৰ ভায়াকৰ ঝিয়াকতো বিয়া পাতি আনচু। মৰম চেনেহ কল্লিউ কেত্তুবা তোক লেগি বৰ্কে মনত পৰেই। তোৰ চলিৰ শেঙুন মোচুন্তে মোক লেগি মনতে নপৰেই কিজানি। তই মই ঘৰ পাতিলি কেমান সুখ হল হয়। মোৰতোই কিবা ফেচবুক নে কি এডাল খুলি লৱাৰ পে মোৰ দিগি পিঠি দিছি। পাকঘৰ ইতা মইহে চাবা লাগেই। ফাটা ঢোল নে কি এটাত কিবা চাই চাই পগলাই হাঁহাইদি হাঁহি থাকেই। ময়ো আজি সুবিধা চাই তোক লেগি এখান লেখিলো।

ঐ ব্যাসপেন্নি, হবো দে আজি। ভিত্ঠিউঠিৰ ভোখ লাগিল হাম্পাও আটাহ্ পাৰাত লাগছি। হবো দে হে। পাৰ্ল্লি চিঠিৰ উত্তৰ দিবি।

ইতিত

জয়ন্ত শৰ্মা ।

☆★☆★☆

12 Comments

  • Rajdeep Borah

    মজা লাগিল অবি

    Reply
  • জিমী শ‌ইকীয়া

    পাৰ্ল্লি চিঠিৰ উত্তৰ দিবি।নোৱাৰিলে নিদিবি নেকি! শুভেচ্ছা থাকিল বিনাশ।

    Reply
  • Rashmi

    মজ্জা

    Reply
  • ভাল লাগিল অবিনাশ–

    Reply
  • Papari Barman

    হে প্ৰভু, কপালখন ভুক্কে ভুক্কে কান্দল্লো জা ।

    Reply
  • Manash saikia

    ভাল লাগিল অবানাশ৷

    Reply
  • হাহাহাহা কি লিখচাবৈ কাকা

    Reply
  • বাপ্পাৱৈ অবিনাশ কা, বেজাই ভাল লাগিলেই,! এংকে লেখভা বৰ মন যায় কেত্তুবা৷ কিন্তু লেখভা অল্লি হে কথা বিচেৰি নাপেই৷

    Reply
  • হেমন্ত বৰুৱা

    ব্যাসপেন্নি!
    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *