কঁঠালটোৰ সমানৰ কেঞাঁ বগৰী – বৰ্ণালী ফুকন
স্কুলত পঢ়ি থাকোতে টিফিন পিৰিয়ডৰ প্ৰধান আকৰ্ষণ আছিল চানাৱালাৰ কেঞাঁ বগৰী বুলি খ্যাত সৰু বগৰী বিধ। স্কুল যাওঁতে মায়ে টিফিন খাবলৈ পইচা দি পঠিয়াই। লগতে কৈ পঠিয়াই কি খাম। প্ৰায়েই স্কুলত বেকাৰীৰ পৰা অনা বন(bun) বিক্ৰী হয় আৰু সেইয়া মই খাবলৈ বাধ্য। কেনেবাকৈ নিকিনিলেই মাৰ ওচৰত ধৰা পৰাৰ ভয়, যিহেতু মা আমাৰ স্কুলৰ বাইদেউ। মনতে ভগৱানকে শাও পাত দিওঁ টিফিনত বন খাবলৈহে পঠিয়ালা পৃথিৱীলৈ, অতকৈ খাবলৈ বস্তু থাকোঁতে। যি হয় হ’ব বুলি এদিন টিফিনত চানাৱালাৰ কাষ পালোগৈ। কেঞা বগৰী পাঁচ টকাৰ কিনি চুক এটাত বহি খাবলৈ ধৰিলো। খাই খাই আমনি লাগিলত বাকী খিনি পিচত খাম বুলি বেগত ভৰাই থলো। পিচত স্কুলত খাবলৈ পাহৰি বগৰী আহি ঘৰ পালেহি। হঠাৎ মনত পৰিলত ধৰা পৰাৰ ভয়ত লৰালৰিকৈ বগৰী কেইটা মুখত ভৰাওঁতেই ভাইটিয়ে দেখা পাই চিঞৰি উঠিল। মই তাক যিমানেই মনে মনে থাকিবলৈ কৈছো সিমানেই মাক বগৰী খাইছে, বগৰী খাইছে বুলি চিঞৰিবলৈ লাগিল। মাও বগৰীৰ নাম শুনি খেদি আহিল। বগৰী খাবলৈ আগতেই মানা আছিল অনবৰতে ডিচেণ্ট্ৰী হৈ থকাৰ কাৰণে। মাক সন্মুখত দেখি ভয়ত পেপুৱা লাগিলো। আজি পিঠি বহল হোৱাটো খাটাং। মই-আচামী, মা-উকীল, ভাইটি -সাক্ষীৰ ভূমিকাত।
মা- ক’ত পালি বগৰী ?কি বগৰী?
কি বগৰী শুনি ভয়ত কঁপি জপি কি কৰোঁ কি নকৰোঁকৈ হাত দুই খন মেলি ক’লো – ইমান ডাঙৰ বগৰীটো যে সেইটো খালো।
মা- ইমান ডাঙৰ সেইটো কঁঠাল নে বগৰী?
ভাইটি -নহয় মা তাই কঁঠাল নহয় বগৰী খাইছে।
খঙত ভাইটিলৈ কট্-মট্ কৈ চাই পঠিয়ালো। মনতে ভাবিলো, ৰহ বেটা, আদালত শেষ হ’বলৈ দে, তোক বজাম।
মাৰ খং-মিশ্ৰিত প্ৰশ্নবোধক চাৱনিৰে মোলৈ চাই থকা দেখিহে নিজৰ হাতখনলৈ চালো। চাই উচাপ খাই উঠিলো। ই কি!!!
মই বগৰীৰ কি আকাৰ দেখুওৱালো!!!হায় হায়!!! নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱাৰ অৱস্থা হ’ল। মগজুৰ সৈতে হাতে বিদ্ৰোহ ঘোষণা কৰিয়েই গোটেই খেলিমেলি কৰি পেলালে। তথাপি মই যুদ্ধত হাৰি নিদি হাতখন কঁঠালৰ পৰা আৰু অলপ চপাই আনিলো। হঠাৎ বেছিকৈ সৰু কৰি দিবলৈ বিবেকে বাধা দিলে। অমিতাৰ সমান আকৃতি কৰি সেমেনা-সেমেনি কৰি আছো। এই বাৰো মাৰ মুখত সন্দেহৰ চাৱনি আৰু ভাইটিৰ মুখত অমিতাৰ চাইজৰ বগৰী খাবলৈ নোপোৱাৰ দুখ।
মায়ে পুনৰ চিঞঁৰি উঠিল – অমিতাটোৰ সমান সেইটো কি বগৰী ? সচাঁ ক?
গতি বিষম দেখি ভগৱানক মাতিবলৈ ধৰিলো, লগতে বকি গৈছো দ্ৰৌপদীক ৰক্ষা কৰিব পাৰিলা এতিয়া মোক ৰক্ষা কৰিব নোৱাৰা তুমি কিহৰ ভগৱান।
মায়ে পুনৰ গৰজি উঠিল -কৈছ নে সচাঁ !!!
মই ফটা মুখখনৰে কৈ উঠিলো -এইবাৰ লাষ্ট আৰু সুধি নাথাকিব দেই। মানিলে ধান, নামানিলে পতান বুলি ধৰি ল’ব বুলি তল মুৰ কৰি হাতখন সৰু কৰি দেখুৱালো। মায়ে হাতৰ আকাৰ দেখি অট্টাহাস্য কৰি উঠিল। জুনত এনেকুৱা বগৰী ক’ত পালি? ফাকি মাৰিবলৈ ঠাই নাপালি? সেইদিনাৰ পৰা মায়ে মোক মিছলীয়া উপাধি প্ৰদান কৰে।
☆★☆★☆