ফটাপেৰেম – দিগন্ত বৰা
মিছা ক’লে কি ডাল হ’ব হে? প্ৰেম কৰি কৰি জীৱনটো শেষ কৰি দিলোঁ। আটাইবোৰেই ফটা পেৰেম চাল্লা। প্ৰথম শ্ৰেণীত থাকোতেই এজনীয়ে মোলৈ চিঠি লিখিছিল। ভাষাজ্ঞান নাছিল তেতিয়া জহনীযাতীৰ। (মোলৈ নাহিলি যেতিয়া তাইক জহনীত যাবলৈ নকৈ মুকেশ আম্বানিলৈ যাবলৈ অভিশাপ দিলেহে হ’ব।)
চিঠিখন বেছেৰীজনীয়ে লিখিছিল মোলৈকে। কিন্তু ডেলিভাৰ কৰোঁতে পোষ্টেল এড্ৰেছ খেলিমেলি হোৱাৰ দৰে চিঠিখন পৰিছিলগৈ ৰজনী মাষ্টৰৰ হাতত। ৰজনী মাষ্টৰে চিঠিখন পঢ়ি হাঁহি ৰাখিব নোৱাৰা হ’ল। আমি তেতিয়া ক’ নে খ’ মান শ্ৰেণীত। আজিৰ দৰে আমাৰ সময়ত এক কেজি দুই কেজি’ৰ দৰে অথাৎ কে জি ওৱান, কে জি দু আদি শ্ৰেণীবোৰ নাছিল। পাছতহে শুনিছিলো। হাঁহ বা কুকুৰাই কণী নপৰাকৈ ড্ৰাইৰেক্ট পোৱালী জগোৱাৰ দৰে (ভগৱানে সেইটো নকৰক দেই) আমি কেজি ৱান কেজি দু নপঢ়াকৈ ক’ শ্ৰেণীত নাম লগাব পাৰিছিলো।
ৰজনী মাষ্টৰে চিঠিখন পঢ়ি হাঁহি হাঁহি ক’ব নোৱাৰা হোৱাত আমিবোৰেও হাঁহি দিছিলো। চাৰে তেতিয়া আমাক চিঠিখন পঢ়াই শুনাইছিল। মই হহাঁ নাছিলো। সৰু ছোৱালী এজনীয়ে চিঠি এখন লিখোতে ভুল হ’ব পাৰে। সেইবুলি অসমীয়া নিউজ চেনেলৰ ৰিপটাৰ্ কেইটামানৰ দৰে গোটেইখন ৰৌজাল বৌজাল কৰিব লাগেনে বাৰু? মেথাটো একেবাৰে গৰম পানী হ্ৰদৰ পানীখিনি উতলাদি উতলি উঠিছিল।
কাহিনী এটা ক’বলৈ গৈ ইমানখিনি এডভাৰটাইজিং কৰাৰ অভিপ্ৰায় মোৰ মুঠেই নাই। সেয়ে বাপেকে মেমৰীৰ পৰা কপি পেষ্ট কৰি গোটেই চিঠিখনকে দি দিছো। পঢ়ক। বুজিলে বুজক। নুবুজিলে ধেৰুৱা ঠাৰি সিজাওক।
“মৰমৰ ইগন্ত( দিগন্তৰ অৱস্হা কি কৰিলে লক্ষ্য কৰক।)
মৰম লবা। তোমাৰ ভালনে? তুমি মাৰ্বল গুটি নাখাবা (হব লাগিছিল মাৰ্বল গুটি নেখেলিবা)। ভালকৈ পঢ়া শুনি মৰিবা ( হব লাগিছিল পঢ়া শুনা কৰিবা)। মই তোমাক ভাল পাওঁ। তোমাক চব দিম মই।
ইতি
আমাৰ ঘৰত গাড়ী আছে।
( ইতিৰ তলত তাই লিখিব লাগিছিল নিজৰ নামটো। লিখি প্ৰকাশ কৰিলে নিজৰ ঘৰত গাড়ী থকাৰ আভিজাত্যৰ অভিমানখিনি)। যি কি নহওঁক, সেইখনেই মোৰ জীৱনৰ প্ৰথমখন প্ৰেমপত্ৰ আছিল। চাওক তেতিয়াৰ দিনত ট্ৰাক থকা মালিকৰ জীয়েকৰ পৰা মই প্ৰেম পত্ৰ লাভ কৰিছিলোঁ। আজিৰ দিনত কেইটাৰ সৌভাগ্য হৈছে অ’?
এনেকৈয়ে মোৰ ফটা প্ৰেমে কোঁহ পাত মেলিছিল। তাৰ পাছত কিমানৰ লগত লিলিমাই কৰি কৰি চুলি পকালো, দাঢ়ি পকালোঁ, মইহে জানো (মাজতে সিদিনা এওঁ ক’লে: হৌৰা, তোমাৰ চেলাউৰি এডাল পকি আছে। কেচী খনেৰে কাটি পেলোৱাচোন।) তেতিয়াহে গম পালো:মই কেচুৱা হৈ থকা নাই তাৰমানে! মিছা ক’লে কি ডাল হ’ব! বিয়াৰ আগদিনা মই কি কৰিলোঁ জানে? বেচেলৰ লাইফত মোৰ নিজাকৈ এলুমিনিয়ামৰ টাঙ্ক এটা আছিল। য’ত মোৰ টপ চিক্ৰেট খিনি ডিপজিত কৰি ৰাখিছিলোঁ। বিয়াৰ আগদিনা দাগী অপৰাধীয়ে অপৰাধৰ চিন চাববোৰ নাম নিচান নাইকীয়া কৰি পেলোৱাৰ দৰে সেইটো খুলি লৈ আমাৰ ঘৰত থকা পূখূৰীটোত ৰাতিপুৱা যে আমি পায়খানাত আনলোডিং কৰোঁ, সেইটোকে কৰি ভয়ংকৰ অপৰাধ এটাৰ ৰাজ সাক্ষী হোৱাৰ পৰা এলুমিননিয়ামমৰ টাঙ্কটোক বচাই দিলো বাপেক্কে।
মোৰ লগৰে ল’ৰা এটাৰ প্ৰেম চাওঁক। টকা পইচা যে প্ৰেমৰ বাটত হেঙাৰ নহয়, তাৰ প্ৰমাণ সি। সি ছোৱালী এজনীক ইমানেই ভাল পাইছিল ইমানেই ভাল পাইছিল যে চাহজাহানে মমতাজক ভাল পোৱাখিনি যদি তৰ্জু এখনৰ এপিনে তুলি তাৰ প্ৰেমখিনি আনপিনে তুলি দিয়া হয় তেন্তে ফাৰ্ষ্ট প্ৰাইজটো যে যুগ্ম ভাৱে দিব লাগিব, সেই বিষয়ত কোনো সন্দেহ নাই। সি আছিল খুউব দুখীয়া। ঘৰৰ অৱস্হা ভাল নাছিল। সেয়ে ছোৱালীৰ মাক দেউতাক তালৈ নিজৰ জীয়েকক বিয়া দি কোনো ৰিস্ক ল’ব খোজা নাছিল। ইপিনে ছোৱালী নাচোৰবান্দা। তালৈ যাবই। উপায় নাপাই মোৰ লগৰটোৱে এদিন তাইক পলুৱাই আনিবলৈ ৰাতি দহ বজাত ছোৱালী পঢ়ি থকা খিৰিকী খনত টোকৰ দিলে। প্লেনমতেই কাম। গৌতম বুদ্ধৰ দৰে হাতত সাৰে ভৰিত সাৰে পলাই আহিল তাই। ফেঁচা এটাইহে উৰুলি এজোকোৰা দি মাংগলিক পৰম্পৰাটো জীয়াই ৰাখিছিল। পদূলিমুখৰ নাহৰ জোপাৰ তলতে সি ৰৈ আছিল। ছোৱালীয়ে বোলে: বাইক ষ্টাৰ্ট কৰা। সিটোৱে বোলে: মোৰ বাইক নাই। ছোৱালীয়ে বোলে: তেনেহ’লে চাইকেলতে যাওঁ ব’লা।
দৰাই বোলে: মোৰ চাইকেলো নাই। খোজকাঢ়িহে আহিছোঁ। তাতো তাই আচৰিত নহৈ ক’লে: ব’লা, খোজকাঢ়িয়ে যাওঁ।
অৱশেষত খোজকাঢ়িয়েই দুয়ো নতুন জীৱনৰ প্ৰথম খোজটো দিলে। এনেকৈ আহি আছে আহি আছে। দৰাই মনে মনে কইনাজনী ঘৰলৈ নি ক’ত শুৱাব, ক’ত হগুৱাব, কি খুৱাব ইত্যাদিবোৰকে ভাৱি ভাৱি আহি আছে।
হঠাতে সিহঁতে পথৰ দাতিত মানুহ এটা পৰি থকা দেখিলে। ভয়তে দুয়োটাৰে সূলভ মূল্যৰ দোকানৰ তিনিটকীয়া চাউলৰ ভাত খোৱা ধাতু বাহিৰ হৈ গ’ল। আঁতৰৰ পৰা পৰীক্ষা কৰি দেখিলে যে সেইজন সীতাক হৰণ কৰি নিয়াৰ পথত ৰাৱণৰ সন্মুখত যে প্ৰথম বাধাৰ প্ৰাচীৰ হৈ দেখা দিছিল, সেই জটায়ু পখী নহয়। সেইয়া সচাঁ সচিকৈ এজন মদপীহে। মদ খাই চিটভোলোঙা
খাই আছে। মনলৈ অলপ সাহস আনি সিহঁত মানুহজনৰ কাষ চাপি গ’ল। মৰা নে জীয়া পৰীক্ষা কৰি দেখিলে যে মৰা নাই। কিন্তু নিচা ইমান বেছি যে উঠিব পৰা অৱস্হাত নাই। অলপ পাছত সিহঁতে খালটোত নতুন চাইকেল এখনো পৰি থকা দেখা পালে ওচৰতে। চাইকেলৰ হেন্দেলত বজাৰ ভৰ্তি দুটা মোনা। হঠাতে তাৰ মনলৈ বুদ্ধি এটা সোমাই আহিল। মানুহটোক অলপ লৰাই মেলি মানুহটোৰ যে নিচা ফাটোতে পলম হ’ব, সেই বিষয়ে নিশ্চিত হৈ ল’লে। তাৰ পাছত খালৰ পৰা চাইকেলখন তুলি ল’লে। মানুহটোৰ পকেটৰ পৰা মনিবেগটোও উলিয়াই ল’লে। তাৰ পাছত ইফালে সিফালে চাই প্ৰেয়সীকো চাইকেলত উঠাই লৈ তুফান গতিত চাইকেল চলাই দূঘণ্টাৰ পাছত ঘৰ পালেহি। মদপীটোৰ পকেটত পোৱা ধনখিনিৰে সি পাছদিনা বিচনা এখন কিনিলে। মোনা দুটাত থকা সামগ্ৰীখিনিৰে কেবাদিনো চলিলে।
এইয়া কিন্তু সিহঁতৰ ফটা প্ৰেম নাছিল। ফটা প্ৰেম নাছিল বাবেই ইটোৰ বাবে সিটোৱে ত্যাগ কৰিব পাৰিছিল।
ফটা প্ৰেম আৰু নফটা প্ৰেমৰ মাজত পাথক্য তাতেই। ফটা প্ৰেমত প্ৰেম ফাটি যায়। জোৰা নালাগে। আনহাতে নফটা প্ৰেমত ডেনড্ৰাইটৰ সেই আঠা থকা টিউবটো থাকে। সেই যোৰা কোনেও ভাঙিব নোৱাৰে। ওপৰত মই দিয়া “সীতা হৰণ আমুকক ঠগন” নাটকৰ উদাহৰণটোৰ পৰা এটা কথা জলজল পটপট ওলাই পৰিল যে শুদ্ধ আন্তৰিকতা থাকিলে ভুল পথেৰে গৈও প্ৰেমক জোৰা লগাব পাৰি। আৰু আন্তৰিকতাত গভীৰতা নাথাকিলে প্ৰেম ফটা ঢোলৰ দৰে ফাটি ফাটি গৈ থাকে। প্ৰেম হ’ল নৈপৰীয়া গহীন মূহুৰ্ত একোটিত হৃদয়ৰ কাষলতিৰ তলত কোনো এক হৃদয়বান স্পৰ্শই কৰা এক সুৰসুৰণি অৰ্থাত ভাকূটকূটনি। ইয়াৰ পৰাই প্ৰমাণ কৰা হ’ল যে নিউটনৰ হাততে আপেলটো পৰিছিল আৰু আপেলটো য’ত পৰিছিল সেইখন আমি বিজ্ঞানৰ কিতাপত পোৱা নিউটনৰ মাকৰ পুতেকৰে হাত আছিল। গাঁৱলীয়া ভাষাত বুজাবলৈ হ’লে ‘একেই’ মানে ‘একজেক্ট’ আৰু ‘একজেক্ট’ মানেই ‘একে’। বাই বাই! এৰিলো দেই! আৰু বেছি গাই থাকিলে কাপোৰ কানি ক’লা হ’বতো হ’বই! পাছদিনা এও সেইখিনি ধোওতেও ইমান সময় লগাই দিব যে শেষত গৈ ভাতকেইটাও ময়েই বনাব লাগিব বাপেক্কে।
হেন জানি নৰ লোকে এৰি আন কাম।
পাটকচাৰোক ডাকি বোলা ৰাম ৰাম।।
ঐ হৰি ঐ ঐ ঐ ঐ
পাটকচাৰোক ডাকি বোলাৰাম ৰাম………..
☆★☆★☆
1:05 pm
ভাল লাগিল।