কৌতুক – ৰাজ্জাক আলি
গ্ৰাহক এজন তামোল পান কিনিবলৈ দোকান এখনলৈ গ’ল।
গ্ৰাহক(দোকানীক উদ্দেশ্যে ) : পাণৰ গুচি কিমান?
দোকানী: কোনটো পাণ লাগিব?
গ্ৰাহক : সেউজীয়া এই পাণকেইখিলাৰ কথাই কৈছোঁ।তোমাৰ দোকানত আছে যে।
দোকানী: মানে কোনটো গুচি লাগিব?
তিনি প্ৰকাৰৰ গুচি আছে। দাম বেলেগ বেলেগ।
গ্ৰাহক : কোনটো কেনেকৈ?
দোকানী: বাৰী পাণ বিশ টকা। বৰপেটীয়া পাণ দহ টকা
আৰু নগা পাণ পাঁচ টকা।
গ্ৰাহক : বাৰী পাণ বুজি পাইছোঁ এই বৰপেটীয়া আৰু নগা পাণৰ বিষয়ে বুজা নাই।
দোকানী : মানে দাদা, এইখিনি বৰপেটাৰ পৰা অহা বাবে বৰপেটীয়া পাণ আৰু সেইবোৰ নগালেণ্ডৰ পৰা অহা বাবে নগা পাণ।
গ্ৰাহক : অ হয় নেকি? বাৰী পাণবোৰ ক’ৰ তেন্তে?
দোকানী : দাদা এই আমাৰ অকণহঁতৰ বাৰীৰ পাণ।লোকেল…।
গ্ৰাহক : বুজিছোঁ বাৰী পাণবোৰৰ কথা। বাকী দুটা বাৰী পাণ নহয় তেন্তে ন।
দোকানী : নহয় দাদা।
গ্ৰাহক : তেন্তে ক’ত লাগে সেইবোৰ?
দোকানী : (মূৰ খজুৱাই) দাদা ক’লো নহয় নগালেণ্ড আৰু বৰপেটা।
গ্ৰাহক : নগালেণ্ড-বৰপেটাৰ ক’ত লাগে এই পাণবোৰ।
দোকানী : (অশান্তিত) দাদা, খেতি কৰে তেওঁলোকে। আমি অৰ্ডাৰ দিওঁ তেওঁলোকে পঠিয়াই দিয়ে।
গ্ৰাহক : খেতি ক’ত কৰে তেওঁলোকে?
দোকানী : দাদা, তেওঁলোকৰ ডাঙৰ ডাঙৰ বাৰী আছে।
গ্ৰাহক : তেন্তে বাৰীত হয় ন সেই পাণবোৰো।
দোকানী : (উহহ) হয় দাদা।
গ্ৰাহক : তেন্তে সেইবোৰো বাৰীৰ পাণ।
দোকানী : (ঘামি গৈছে) অ হয়।
গ্ৰাহক : তেন্তে তুমি কিয় আগত কৈ আছিলা সেইবোৰ বাৰী পাণ নহয়েই বুলি?
দোকানী : (খঙত) ভুলতে ওলাই গ’ল। আপুনি যাওঁক দাদা।
গ্ৰাহক : কিয় যাম? পাণ লৈ যাম।
দোকানী : উহহহহ কোনটো গুচি ল’ব?
গ্ৰাহক : অকণৰ বাৰীৰ পাণ।
দোকানী : লওক ..পোন্ধৰ টকা দিয়ক।
গ্ৰাহক : (পাণ লৈ) মোক অঁকৰা পাইছা নেকি? লোৱা পাঁচ টকা।
দোকানী : আৰু দহ টকা দিয়ক।
গ্ৰাহক : অকণৰ ঘৰৰ পাণ পাঁচ টকাহে পাবা। ওচৰৰে হে হয়। বৰপেটা বা নগা পাণ ল’লেহে দহ বা পোন্ধৰ দিয়া হয়। ওচৰৰ পাণ খৰচো কম। আমিও ব্যৱসায় জানো ন।
☆★☆★☆
10:31 pm
গোটত পঢ়িছো, আকৌ এবাৰ পঢ়িলো, মজ্জা