ফটাঢোল

সমুদ্ৰ , হিউমেন চিকিউৰিটি ইত্যাদি – অনন্ত বৰা

কলেজৰ প্ৰিঞ্চিপাল জনক কেতিয়াবা থ্ৰি ইডিয়ট্চ চিনেমাখনৰ ‘ভাইৰাচৰ’ দৰে লাগে সমুদ্ৰৰ। এইজন অহাৰ পৰা সুখ শান্তি নাইকিয়া হ’ল কাৰোৰে। ন টা পোন্ধৰত ক্লাছ আৰম্ভ আৰু তাৰ লগে লগে কলেজৰ গেটও বন্ধ। কোনোবা যদি এক মিনিট দেৰিকৈ আহিল, গেটৰ বাহিৰত থাকিল। সেইয়া প্ৰফেচাৰেই হওঁক বা ছাত্ৰ ছাত্ৰীয়েই হওঁক। গেট খুলিব তিনি বজাত। সকলোৰে অৱস্থা বেয়া। প্ৰফেচাৰ সকলৰ কথা নকওঁ, কিন্তু ল’ৰা ছোৱালীবোৰ! ধেই, এইটো কি কলেজ লাইফ হ’ল নেকি। চুলি কেইডাল জেল অকণ লগাই আহিব নোৱাৰি, অকণমান শ্লিম ফিট পেণ্ট এটা পিন্ধিব নোৱাৰি আৰু মোবাইল! মোবাইলটোতো আনিবলৈ দে কমচে কম। চচমাৰ ফাঁকেৰে অনবৰতে সেইবোৰকে চাই ফুৰে। চাল্লা, কি যে যা তা সৰু সৰু কথাত লাগি থাকে নহয় মানুহটো। নিজৰ নামত নাথাকিলে কলেজলৈ বাইক এখনো আনিব নোৱাৰি। আৰে কলেজৰ প্ৰিঞ্চিপাল নে এম ভি আই হা। আৰ চি চাওঁ, ড্ৰাইভিং লাইচেঞ্চ আছেনে নাই! হেলমেট কিয় নাই? কলেজ পঢ়িবলৈ আহিছো, অলপটো এক্সকিউজ কৰিব লাগে। কলেজ লাইফটোতে যদি অলপ চাল তাল মাৰি চেনী তেনি অকন নাখালে কেতিয়া হা! আৰে নিজেতো চাগৈ এসময়ত ক’ত কি … সেই খং উঠে দেই, খং উঠে সমুদ্ৰৰ। নাই এনেকৈ নোৱাৰি দেই। কিবা এটা কৰিব লাগিব। দৰকাৰ হ’লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন এটা গঢ়ি তুলিব লাগিব। ইনক্লাৱ জিন্দাবাদ।

—- থাৰ্ড চেমিষ্টাৰৰ ৰিজাল্ট দিলে। সমুদ্ৰৰ কনফিডেঞ্চ আছে চেভেন্টি টু-থ্ৰি মান পাৰ্চেণ্টেজ আহিব লাগে। কিন্তু ক’তা পাৰ্চেণ্টেজ বাদেই নামেই নাহিল তাৰ। মানে ফেইল বুলি আহিছে৷ হ’বই নোৱাৰে৷
: অই দিগন্ত, ৰাহুল মোৰ লগত ব’ল আজি ভাইৰাচক দম দিম, ফালি দিম আজি ব’ল ব’ল।

: কি হ’ল সমুদ্ৰ! – দিগন্তই সুধিলে।

: কি হ’ল মানে, মোৰ নামেই নাই ৰিজাল্টচিটত। আৰে ফাৰ্ষ্ট চেমত চেভেন্টি পাৰচেণ্ট, চেকেণ্ড চেমত চেভেন্টি টু আৰু এতিয়া ফেইল। এই ভাইৰাচে কিবা এটা কৰিছে।

: ৰ চোন, কিবা ভুল হ’বও পাৰে।

: আৰে ভুল টো হৈছেই। সেই কাৰণেই যাওঁ। কিয় ভুল কৰিব।

—— আটাইকেইটা গৈ প্ৰিঞ্চিপালৰ ৰুমৰ ওচৰত চুচুক চামাকৈ ৰৈ আছে। এইমাত্ৰ দি থকা দমটো হঠাৎ কমি গ’ল সমুদ্ৰৰ। তথাপি সাহস গোটালে।

: মে আই কম ইন চাৰ?

—- চচমাৰ ফাঁকেৰে কেৰাহীকৈ চালে প্ৰিঞ্চিপালে।

: এতিয়া নহয়, তিনিটা পোন্ধৰত আহিবা। নামটো আৰু সময়টো লিখি থৈ যোৱা।

—– আৰে ভাই ইনচাল্ট হৈ গ’ল। এইটো কিন্তু তামাম ইনচাল্ট হৈ গ’ল৷ : অই শান্তনু, জি এচ চুটাই থাক নহয় চা চা মোৰ দৰে ব্ৰিলিয়েণ্ট ল’ৰা এটা ইয়াত জীৱন মৰণৰ সমস্যাত পৰি আছো আৰু ই ভাইৰাচে কৈছে লগ কৰিবলৈ হ’লে নাম লিখ, টাইম লিখ। আমাৰ কি একো ভেল্যু নাই, একো ইজ্জত নাই। অন্নশন কৰিম মই ধৰ্ণা দিম।

: সেই এইডাল কি হ’ল তোৰ? জি এচ শান্তনুৱে সুধিলে।

: কি হ’ল মানে নামেই নাই মোৰ ৰিজাল্ট চিটত আৰু ই ভাইৰাচে ……

: নাম আছেতো তোৰ।

: কি নাম আছে?

: আছে, নতুনকৈ ৰিজাল্টচিট লগাইছে। আগৰখন ফটোষ্টেট কৰোতে ভালকৈ নামবোৰ জিলিকা নাছিল।

— শান্তনুৰ কথাত সমুদ্র দৌৰি গৈ ৰিজাল্টটো চালেগৈ। হয় আছে, তাৰ নাম আছে।

——- পিছদিনা লাগিল গণ্ডগোল। সমুদ্রক প্ৰিঞ্চিপাল চাৰে মাতিছে। সমুদ্র গ’ল ভয়ে ভয়ে।

: তোমাৰ নাম সমুদ্র!

: হয় চাৰ।

: যোৱাকালি তিনিটা পোন্ধৰত মোক লগ কৰাৰ কথা আছিল। নাম আৰু সময় লিখি গৈছিলা। মই চাৰে তিনি বজালৈ ৰৈ আছো তুমি নাহিলা কিয়?

: চাৰ মানে…মানে।

: হোৱাট ইজ মানে মানে? সময়ৰ মূল্য নুবুজা। ইউ ৰাস্কেল, ইডিয়ট ……… গেট আউট।

—— বহুত বেছি হৈ গ’ল দেই, এইটো কিন্তু একদম ইজ্জত খটম কৰি দিছে। ধুই দিছে। লাগি গৈছে সমুদ্রৰ বুকুত। নাই নাই একো ইজ্জতেই নাই ইয়াত। মুঠতে ন বজাৰ পৰা তিনি বজালৈ চেণ্ট্ৰেল জেইলত সোমা আৰু যা তা যাৰ তাৰ গালি শপনি খাই কুত্তাৰ লেখিয়া চুপ চাপ থাক। এইটো কলেজ লাইফ নে আৰু কিয় দেখিব নোৱাৰে প্ৰিঞ্চিপালে তাক?

—— শান্তি বাইদেউৰ ক্লাছ। ইন্টাৰনেচনেল ৰিলেচনশ্বিপ আৰু হিউমেন চিকিউৰিটিৰ ওপৰত কৈ আছে বাইদেউৱে। হঠাতে আহি প্ৰিঞ্চিপাল সোমালহি ক্লাছত। সমুদ্ৰ একেবাৰে লাষ্ট বেঞ্চত। শান্তি বাইদেউৱে যিমান পাৰে ভালকৈ বুজাবলৈ চেষ্টা কৰিছে। ঘামি গৈছে সমুদ্ৰ। পিৰিক পাৰাককৈ ইফালে সিফালে চাই আছে প্ৰিঞ্চিপালে। সমুদ্ৰই ভাবিলে আজি মৰিলো। তাৰ ফালেই চাই আছে দেখোন। কি সুধিব ঠিক নাই আজি। আজিও ইজ্জত গ’ল। এইবাৰ প্ৰিঞ্চিপাল উঠিল। সুন্দৰকৈ ক্লাছটো কৰাৰ বাবে শান্তি বাইদেউৰ প্ৰশংসা কৰিলে।

: সমুদ্ৰ হাজৰিকা

—- বুকু কঁপি গ’ল সমুদ্রৰ।

: কোৱাচোন ইন্টাৰনেচনেল ৰিলেচনশ্বিপৰ প্ৰয়োজনীয়তা কি?

— নাই ভয় কৰিলে নহ’ব। আজি সমুদ্রই ক’ব৷ সি জানে। কেনেকৈ পৰিস্থিতিৰ লগত নিজকে সাব্যস্ত কৰিব লাগে সি জানে। সমুদ্ৰই আৰম্ভ কৰিলে।

: চাৰ ধৰক আপুনি দুজনীমান কুকুৰা পুহিছে।

: কি? কুকুৰা। মই কিয় কুকুৰা পুহিম।

: নহয় মানে চাৰ কোনোবাই পুহিছে আৰু।

: অ’ ঠিক আছে।

: কুকুৰাইতো চাৰ ফেমিলি প্লেনিঙ নকৰে, দুটাৰ পৰা গৈ গৈ পঞ্চাশটা মান হ’বগৈ। আৰু চাৰ কেতিয়াবা তাৰে দুই এটা গৈ ওচৰ চুবুৰীয়াৰ ঘৰ ওলাবগৈ৷

যদি চাৰ ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক ভাল নহয় তেতিয়াতো আপোনাৰ কুকুৰা মৰিয়াই মাৰিব। ন’হলে কুকুৰ লগাই দিব আৰু চাৰ সম্পৰ্কটো ভাল থাকিলে দুই এটা কুকুৰা ওচৰ চুবুৰীয়াক বিক্ৰীও কৰিব পৰা হ’ব সেইটোৱেই কথা আৰু চাৰ।

—– সমুদ্ৰৰ কথাত যুক্তি আছে। তাৰ কথা শুনি প্ৰিঞ্চিপাল চাৰে হাঁহি ৰখাব পৰা নাই। প্ৰিঞ্চিপাল চাৰৰ মুখত হাঁহি দেখি সমুদ্ৰৰ মনটো ভাল লাগিল। সি আকৌ আৰম্ভ কৰিলে,

: আৰু চাৰ ধৰক আপোনাৰ মানে মোৰ বাৰীত মহানিমৰ গছ আছে কিন্তু মহানিম খুন্দি দৰৱ বনাবলৈ মেচিনটো নাই। অলপ দূৰৈত হ’লেও মেচিন থকা জনৰ লগত সম্পৰ্ক এটা নকৰিলে উপায় নাই।

—— সমুদ্রৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ উদাহৰণ শুনি প্ৰিঞ্চিপাল চাৰে হাঁহি ৰাখিব পৰা নাই।

: এইবোৰ পৰীক্ষাত লিখিলে নম্বৰ দিবনে শান্তি শইকীয়া?

: নহয় মানে চাৰ !

: বাৰু ঠিক আছে। ঠিকেই বুজিছে ল’ৰাহঁতে৷ পিছে সমুদ্ৰ হিউমেন চিকিউৰিটিৰ কথাটোও বুজাই দিয়া।

—- প্ৰিঞ্চিপালৰ উৎসাহ পাই সমুদ্ৰই এইবাৰ হিউমেন চিকিউৰিটিৰ কথা ক’বলৈ আগবাঢ়িল।

: মানে চাৰ ধৰক আপুনি নিজৰ ঘৰৰ সুৰক্ষাৰ বাবে কুকুৰ পুহিছে।

: অ’ মোৰ ঘৰত কুকুৰ এটা আছে বাৰু।

: হিউমেন চিকিউৰিটিটো এটা অধিকাৰ চাৰ। আপোনাৰ ঘৰৰ সুৰক্ষাৰ বাবে ৰখা কুকুৰটোৱে আপোনাৰ ঘৰখন সুৰক্ষা দিব ঠিক আছে কিন্তু মই যদি আপোনাৰ ঘৰলৈ যাওঁতে কুকুৰটোৱে ঘেং কৰি বখলিয়াই পেলাই তেতিয়াই মোৰ হিউমেন চিকিউৰিটি খতম।

—- সমুদ্রৰ হিউমেন চিকিউৰিটিৰ কনচেপ্ট শুনি প্ৰিঞ্চিপাল চাৰে প্ৰাণখোলা হাঁহি এটা মাৰি ওলাই গ’ল।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *