ফটাঢোল

আৰু এটা ভাল খবৰৰ অপেক্ষাত – ঈশান জ্যোতি বৰা

কিছুমান খবৰ আহি কেতিয়াবা কাণত পৰে৷ পিছে খবৰটোৰ ভিতৰত থকা খবৰটো ইমানেই তিতা যে, খবৰটো শুনাৰ পাছত ভাব হয়-“ধেৎ তেৰি, এইটোনো কি খবৰ! নুশুনাহেঁতেনেই ভাল আছিল৷” ইয়াৰ বিপৰীতটোও কেতিয়াবা আমাৰ লগত সংঘটিত হয়৷ খবৰটোৰ ভিতৰত থকা খবৰটো ইমানেই মিঠা যে,খবৰটো শুনাৰ পিছমুহূৰ্ততে আমি চিঞৰি উঠোঁ “বাপৰে, কি সাংঘাতিক খবৰ!” আৰু আমি আনন্দত অধীৰ হৈ পৰোঁ। স্বতঃস্ফূৰ্তভাৱে সেইকণ আনন্দ আমি আনৰ সন্মুখত প্ৰকাশ কৰোঁ৷ কিছুমান খবৰ আকৌ ইমান আশ্চৰ্যজনক আৰু অপ্ৰত্যাশিত যে-প্ৰথমবাৰ শুনি আমাৰ বিশ্বাসেই নহয়, সেয়েহে খবৰৰ গ্ৰহণযোগ্যতা আৰু বিশ্বাসযোগ্যতা বঢ়াবলৈ আমি খবৰ দিবলৈ অহা মানুহজনক তিনি-চাৰিবাৰ সুধোঁ “কি কয়, সঁচানে?” ‘সঁচা-সঁচা’ বুলি তেওঁ তিনি-চাৰিবাৰ দৃঢ়তাৰে কোৱাৰ পিছতহে আমি আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ৷

এইবোৰৰ উপৰিও আৰু এক ধৰণৰ খবৰ আছে৷ যিটো খবৰ শুনিবলৈ আপুনি বহুদিনৰ পৰা অধীৰ হৈ বাট চাই আছে-মনত উৎকণ্ঠা আৰু উত্তেজনা এসোপা লৈ, শোৱন-ভোজন-গমন ইত্যাদি কামবোৰ আপুনি কৰি আছে ঠিকেই; কিন্তু অৱচেতন মনত বলি থকা ধুমুহাজাকৰ পৰা আপুনি একছেকেণ্ডৰ কাৰণেও পৰিত্ৰাণ পোৱা নাই৷ “খবৰটো কেতিয়া আহিব, কেতিয়া আহিব” ভাবি-গুণি আপুনি অনবৰতে উদ্বিগ্ন আৰু ব্যাকুল হৈ আছে-যেন খবৰটো আহি কাণত পৰাৰ লগে লগেই আপুনি মাজ ৰাস্তালৈ ওলাই যাব আৰু ৰাইজক চিঞৰি চিঞৰি জনাব “শুনিছে ৰাইজ,খবৰটো আহিল৷” আৰু এসময়ত অপেক্ষাৰ অন্ত পৰে৷ আকাশ-বতাহ ভেদ কৰি সঁচাকৈয়ে এদিন সেই খবৰটো আহে৷ তাৰপিছত! তাৰপিছত আৰু কি! মাছ-মাংস, ফূৰ্তি-তামাছা, গান-নাচ, ফে’চবুকত প’ষ্ট, টুইটাৰত টুইট ইত্যাদি ইত্যাদি৷ মনৰ আনন্দ প্ৰকাশ কৰিবলৈ কি এক ব্যয়বহুল ব্যাপাৰ!

“পৰমানন্দ ছাৰ সাহিত্য সভাৰ সভাপতি হ’ল”-এইটো খবৰ তেনেকুৱা বিধৰ৷ খবৰটো শুনি মই আক্ষৰিক অৰ্থতেই বাকৰূদ্ধ হৈ পৰিলোঁ৷ বহুতদিনৰ আগতে ‘ডিস্ক’ ভণ্টি’ নামৰ হৃদয়স্পৰ্শী গীতটো শুনি ঠিক এনেকুৱা এটা মানসিক অৱস্থালৈ মই গুছি গৈছিলোঁ৷ উফ্ কি যে মাৰাত্মক গীত আছিল সেইটো! তাৰ পাছত বহুদিনলৈকে আৱেগ, অনুভূতি, সুখৰ চকুপানী-এইবোৰৰ লগত মোৰ সম্বন্ধ নাছিল৷ আজি পিছে এই খবৰটোৱে মোক পুনৰ সেই পবিত্ৰ মানৱীয় ভাৱাবেগৰ সৈতে পৰিচয় কৰাই দিলে৷ আৱেগ আৰু অনুভূতিৰ হেঁচা অকল্পনীয় হাৰত বাঢ়ি গ’ল আৰু কোন টলকতনো মোৰ চকুৰ পৰা দুটোপাল অশ্ৰু বাগৰি ভূমিপৃষ্ঠৰ লগত বিলীন হৈ গ’ল-মই তাৰ উম-ঘাম নাপালোঁ৷ থেংকছ্ টু অলমাইটি!

এই যে মানুহজন-পৰমানন্দ;(যাৰ সন্ধি ভাঙিলে আমি পাওঁ-পৰম আৰু আনন্দ)- মানুহজনে সমগ্ৰ জীৱনটো আচলতে আনন্দ বিলোৱাৰ নামতেই পাৰ কৰি দিলে৷ সম্পূৰ্ণ একক প্ৰচেষ্টাৰে তেওঁ ‘আনন্দ’ উৎপাদন কৰিছে, শদিয়াৰ পৰা ধুবুৰীলৈকে সেই ‘আনন্দ’ দুয়ো কান্ধত উঠাই পৰিবহন কৰিছে, সুযোগ আৰু সুবিধা বুজি সেই ‘আনন্দ’ পানী-কেঁচুৱাৰ পৰা শতায়ু গৰকা ব্যক্তি-সকলোৰে মাজত বিতৰণ কৰিছে৷ তাৰ পৰিৱৰ্তে আমি কি কৰিছোঁ! পুৱাই উঠি কাকতখন পঢ়িছোঁ, উধৰ পৰা মূধলৈকে খবৰবোৰ পঢ়ি গোটাচেৰেক গোৱাল-গালি পাৰিছোঁ, দিনটোত পাঁচবাৰমান নিউজ চেনেল চাইছোঁ, ছেগ চাই ফেইচবুক আৰু হোৱাটছ্ আপ মোকলাইছোঁ৷ গ্ৰাছৰুট লেভেলত(তৃণমূল পৰ্যায়ত) আমি জানো কেতিয়াবা কিবা কাম কৰিছোঁ! বিশ-ত্ৰিশফুট ওখ জখলা বগাই ইংৰাজীত লিখা ছাইনবৰ্ড মচি পাইছোঁনে? মানুহৰ মাজত সাহিত্যৰ ৰস আৰু আনন্দ বিলাবলৈ গৈ কেতিয়াবা ঠলামূৰি আৰু লপা-থপা খাই পাইছোঁনে?

মই কৈছোঁ-নোৱাৰে,কোনো মানুহেই তেখেতৰ দৰে অমানুষিক বৌদ্ধিক শ্ৰম কৰিব নোৱাৰে৷ কিন্তু তেখেতে তাকে লৈ কোনোদিনে গৰ্ব কৰা নাই৷ কোনোদিনেই অহংকাৰত মত্ত হোৱা নাই৷ সেইবাবেই তেওঁৰ শ্ৰীমুখৰ পৰা সৰকি পৰিছে-“মোৰ এক্কেবাৰে মন নাছিল জানেনে! ৰাইজেহে জোৰ-জুলুম কৰি মোক সভাপতিৰ পদত উঠালে”৷ কথাষাৰ মই লগে লগেই টোকাবহীত টুকি থ’লোঁ৷ ভৱিষ্যতে কেতিয়াবা অহংকাৰে মূৰত ধৰিলে ছাৰৰ এইষাৰ বাণীলৈ মই মনত পেলাম৷ এনে নিৰহঙ্কাৰী, মাটিৰ মানুহ, শিশু-সুলভ আমাৰ ছাৰ। যেন এন্ধাৰত জিলিকি থকা এটা জোনাকী পৰুৱাহে!

আমাৰ এই পৃথিৱীখন বিচিত্ৰ৷ আপুনি বেয়া কাম কৰক। ফুলাম গামোচা পাব৷ ভাল কাম কৰক, আপোনাক নগুৰ-নাতি কৰিব৷ ছাৰৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হ’ল৷ ‘আনন্দ’ বিলোৱাত ছাৰ কেতিয়াবা ইমানেই মছগুল হৈ পৰে যে-তেওঁৰ সোঁৱে-বাঁৱে গজি উঠা অপতৃণবোৰ তেওঁৰ চকুতেই নপৰে৷ প্ৰতিটো খোজতেই সংগ্ৰাম৷ প্ৰতিটো নতুন চিন্তাতেই বাধা৷ ক’ব পাৰি-সংগ্ৰাম আৰু সংঘাত তেওঁৰ আজন্ম লগৰী৷ শত্ৰুৰ সংখ্যা তেওঁৰ এজাক-এপাল৷ পিছে ধুমুহাৰ লগত খেলা কৰা মানুহে মলয়া বতাহলৈ ভয় নকৰে৷ জুইৰ লগত ওমলি-জামলি ডাঙৰ হোৱা মানুহে সামান্য ফিৰিঙতিলৈ কেৰেপ নকৰে৷ ছাৰ আমাৰ বেলেগ ধাতুৰ মানুহ৷ ধুমুহা, শিলাবৃষ্টি, বজ্ৰপাত-সকলো প্ৰতিহত কৰি হাঁহি হাঁহি আগুৱাই যাবলৈ তেখেত বদ্ধপৰিকৰ৷ “থাকেই, ভাল কাম এটা কৰিবলৈ গ’লে ঘাত-প্ৰতিঘাত থাকেই৷ সেইবুলি মই পিছুৱাই আহিমনে?” এনেজাতীয় জীৱনমুখী আৰু ইতিবাচক কথাৰে অনবৰতে উদ্বুদ্ধ হৈ থাকে এই মানুহজন৷ আমিও অনুপ্ৰাণিত হওঁ তেখেতৰ জীৱনাদৰ্শৰ এই সৰ্বোৎকৃষ্ট চানেকি দেখি। কোনে যে কয় অসমত মটিভেশ্যনেল স্পীকাৰ নাই বুলি! মই হ’লে বিশ্বাস নকৰোঁ৷

পৰিশেষতঃ “তুমিও আনন্দত থাকা আৰু আনকো আনন্দত থাকিবলৈ দিয়া”-এই মহান দৰ্শনত বিশ্বাসী মানুহজনৰ জীৱনলৈ পলমকৈ হ’লেও ৰাইজৰ ফালৰ পৰা সামান্য স্বীকৃতি আহিছে৷ আমি ক’ব পাৰো-এইয়া এক নতুন যুগৰ আৰম্ভণি৷ অসমীয়া সাহিত্য-ইতিহাসৰ বুকুত অন্যতম মাইলষ্ট’ন৷ এইছেগতে আমি পুৰণি বাঞ্ছা এটাৰ বিষয়ে বেকত কৰিবলৈ ওলাইছোঁ৷ এটা কাম৷ যিটো কাম অতদিনে কোনেও কৰিব পৰা নাছিল, সেইটো কাম তেওঁৰ সবল নেতৃত্বতেই সম্পন্ন হ’ব বুলি আমি ভাবিছোঁ। কামটো হৈছে- অসমৰ ভাষা-সাহিত্য আৰু সংস্কৃতিক বোকোচাত উঠাই বিশ্বদৰবাৰলৈ লৈ যোৱা আৰু গজগজীয়াকৈ আসন এখন নিৰ্মাণ কৰি ভাষা-সাহিত্য-সংস্কৃতিক তাৰ ওপৰত বহুৱাই থোৱা৷ ‘বহুওৱা’ কামটো ইমান অসাধাৰণ আৰু অসামান্য হ’ব লাগিব যে কোনো কালেই আমাৰ ভাষা-সাহিত্য আৰু সংস্কৃতি বিশ্বদৰবাৰৰ পৰা হামখুৰি খাই নপৰে৷ কামটো বৰ জটিল, কিন্তু অসম্ভৱ নহয়৷ অইন মানুহৰ পৰা আমি এনে আশা নকৰোঁ। কাৰণ, অইন মানুহে “বাকী দুনীয়া গুলি মাৰা, মই আনন্দত থাকিব পাৰিলেই হ’ল”-এই আদৰ্শহে মানি চলে৷ গতিকে খুজিনো কিল খাওঁ কিয়? একমাত্ৰ ছাৰেহে এই কামটো নিখুঁতভাৱে কৰিব পাৰিব৷ আৰু আমাক আনন্দিত কৰিব পাৰিব৷ সেয়েহে আমি আজিৰেপৰা বাট চাম-বৰ আগ্ৰহেৰে আৰু আন্তৰিকতাৰে৷ আশা কৰিম-এটা নতুন খবৰলৈ৷ “অসমীয়া ভাষা,সাহিত্য আৰু সংস্কৃতিয়ে বিশ্বদৰবাৰত নিগাজীকৈ ‘ছিট’(আসন)একোখন পোৱাৰ খবৰ।” যিদিনা এই খবৰটো পাম, সেইদিনা আমাৰ আনন্দৰ কোনো সীমা নাথাকিব৷ সুখৰ ভৰত কণ্ঠও চাগে সেইদিনা স্তদ্ধ হৈ পৰিব৷ হৃদস্পন্দনো চাগৈ দ্ৰুততৰ হ’ব৷ কেৱল ওঁঠত সেইদিনা বিৰিঙিব নিৰ্ভেজাল এমোকোৰা হাঁহি, চকুত জিলিকিব দুটোপাল পবিত্ৰ অশ্ৰু- ‘পৰম আনন্দ’ৰ৷

☆★☆★☆

6 Comments

  • Manisha Kakati

    পঢ়ি পৰম আনন্দ পালোঁ ।

    Reply
  • ভাল খবৰটো পালে আমিও পৰম আনন্দ পাম।

    Reply
  • ৰিণ্টু

    পৰম আনন্দ পালো পঢ়ি, সদায় পোৱাৰ দৰেই

    Reply
  • পৰম আনন্দৰ খবৰলৈ অপেক্ষাত।

    Reply
  • দিম্পল

    ভাল খবৰ মই যে কেতিয়া পাম। ফেচবুকত প্ৰচাৰ কৰিব পৰাকৈ।
    ভাল লাগিল লিখাবোৰ

    Reply
  • ৰূপাঞ্জলী

    বৰ সুখ পালো ঔ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *