খা খোৱা খুওৱা – সদানন্দ দত্ত
(এই লেখাটিত খা ধাতুৰ পৰা হোৱা ১২৪ বিধৰ অধিক অসমীয়া খানা গোটাই আগবঢ়ালোঁ। উজুতি খোৱা, চৰ খোৱা, মাৰ খোৱা, ঘোঁচ খোৱা ইত্যাদি। যাৰ যি খাবলৈ মন যায় খাই চাওঁক। )
অসম মুলুকলৈ আৰ্যসকলৰ ‘খাদ্’ ধাতুটো আহি ‘খা’ হৈ কাৰ যে কিমান মূৰ খাবলৈ ধৰিলে তাক বিচাৰ কৰি টলৌ টলৌকৈ ঘূৰি ফুৰোঁতে মই যে কিমান হাবাথুৰি খাবলগীয়া হলোঁ সেইকথা কেইজন খাৰ খোৱা অসমীয়াই তৎ ধৰিব পাৰিব, তাৰ উৱাদিহ কোনে উলিয়াব, তাৰ ঠিকনা পাবলৈ নাই। খা শব্দৰ অৰ্থ খোৱা কাৰ্য বা খাওঁতাৰ কামটো। যি বস্তু আহাৰ হিচাপে মুখেদি পেটলৈ পঠিওৱা হয় সিয়েই খাদ্য আৰু খাবৰ অযোগ্যবোৰ অখাদ্য। খাদ্য যুগুত কৰোঁতাজন চাংমাই, ৰান্ধনি, ৰান্ধনী বা খানচামা। খাবৰ যোগ্য বা অযোগ্যৰ বিচাৰটোৱেই খাদ্যাখাদ্য বিচাৰ।
খা ধাতুত ক্ৰিয়া বিভক্তি যোগ হৈ প্ৰথম পুৰুষত খাওঁ, খাইছোঁ, খালোঁ,বখাইছিলোঁ, খালোঁহেঁতেন আৰু খাম হয়। দ্বিতীয় পুৰুষৰ অনাদৰ অৰ্থত খাৱ, খাইছ, খালি, খাইছিলি, খালিহেঁতেন আৰু খাবি হয়। দ্বিতীয় পুৰুষৰ আদৰ অৰ্থত খোৱা, খাইছা, খালা, খাইছিলা, খালাহেঁতেন আৰু খাবা হয়। তৃতীয় পুৰুষত খায়, খাইছে, খালে, খাইছিল, খালেহেঁতেন আৰু খাব হয়।
অনুজ্ঞা অৰ্থত দ্বিতীয় পুৰুষত খা, খাবি আৰু মান্য অৰ্থত খোৱা আৰু খাবা। অনুজ্ঞা অৰ্থত তৃতীয় পুৰুষত খাওঁক বা খক আৰু খাব হয়।
ভাববাচ্যৰ ধাতুৰ পাছত আ প্ৰত্যয় যোগ হৈ উৎপন্ন পদ বিশেষণ হয়। সেই নিয়ম মতে খা যোগ আ প্ৰত্যয় সমান খোৱা।
সকলো ধাতুত কৰ্ত্তৃবাচ্যত পুংলিংগত ওঁতা আৰু স্ত্ৰীলিংগত অঁতী প্ৰত্যয় হয়। যথা খা যোগ ওঁতা সমান খাওঁতা আৰু খা যোগ অঁতী সমান খাঁতী। সি তেজ খাওঁতা ল’ৰা আৰু তাই তেজখাঁতী ছোৱালী।
খা ধাতুত অসমাপিকা ক্ৰিয়াত ই প্ৰত্যয় যোগ হ’লে খাই হয় আৰু যা ধাতুত অসমাপিকা ক্ৰিয়াত ই প্ৰত্যয় যোগ হ’লে গৈ হয়। আনক পাচি কাম কৰাবলৈ পাচনী প্ৰত্যয় যোগ দিয়া হয়। খা ধাতুত পাচনী ক্ৰিয়া যোগ দিলে খা আঁতৰি খু হয়, এই খু নতুন ধাতু। খা ধাতুত আ আৰু উৱা পাচনী প্ৰত্যয় যোগ দি খুৱা আৰু খুউৱা ধাতু দুটা কৰা হয়।
অ ,আ আৰু ও কাৰান্ত ধাতুৰ পিছত অ বিভক্তি ৱ হয়, আ বিভক্তি ৱা হয়। গতিকে খা ধাতুৰ লগ লাগি খোৱা বা খোঁৱা হয়।
খাদ ধাতুৰ অসমীয়া পোছাকত খা হৈ এনেবোৰ হোৱা দেখি মই বিচুৰ্ত্তি খালোঁ। আচলতে ভাত খাই খাকুঁলী হোৱা ভনীজনী বা খকুঁৱা হোৱা মই অনৱৰতে খাওঁ খাওঁ কৰি থকা নাছিলোঁ। ৰতনে মদ খাই চিঞৰি থকাৰ কাৰণে গৃহস্থৰ গালি খাই টলং ভটঙকৈ গৈ পিৰালিৰ বাৰাণ্ডাত থকা খুটাটোত খুন্দা খাই অলপ দূৰত কৰ্ফাল খাই পৰা ৰতনক খপকৈ ধৰিবলৈ যাওঁতে মই নিজেই হামখুৰি খাই পৰি গ’লোঁ। মোক তেনেকৈ চিটভুলুঙা খাই পৰি থকা দেখি কাঁহী বাতি ধুই থকা মোৰ পৰিবাৰ দৌৰি আহি ক’ত উজুতি খাই পৰিলোঁ পেঘেনিয়াই পেঘেনিয়াই সুধিবলৈ ধৰিলে। মই তেনেকৈ লাং খাই পৰি থকা দেখিও হাতত ধৰি উঠাই নিদিয়াত খাওঁ খাওঁ মূৰ্ত্তি ধৰি ক’বলৈ ধৰিলোঁ—“হেৰা, তুমি মোক কি বুলি ভাবিছা। মই নাখাওঁ, আনেহে বহুত কিবাকিবি খায়। মদ খায়, ভাং খায়, কাণি খায়, পানী খায়, মাগি খায়, কিল খায়, চৰ খায়, থিয় গোৰ খায়, তেজ খায়, খেও খায়, খেদা খায়, খুঁটি খায়, ঠাহ খায় (ঘন হয়), খাম খায়(গোট মাৰে), অতিপাতকৈ খায়, আকন্ঠলৈ খায়, কামোৰ খায়, কিল খায় আৰু মাটিতে খায়। মই খাই পাত ফলা নহওঁ বুজিছা। মোৰ খৰে খোৱা গাটোত ধৰি দাঙি দিবলৈ টান পালে হব নে? অতপৰে উবুৰি খাই পৰিব লাগিছিল, খাই গাহৰিৰ দৰে চাইহে আছা। ধৰাহে বৰলে খোৱা হাতখনতে। কিমান নো দুখ খাই পৰি থাকিম।”
মোৰ গালি খাই চৰ্চৰণি খোৱা পৰিবাৰে মোক দাঙি ধৰি ক’বলৈ ধৰিলে —“ঔ আই, মই ইমানবোৰ খায়,খায় শুনি খাই মূৰা হৈ গলোঁ, ভৰি মোচোৰা খাই মাটিত আপুনি এনেকৈ লিপিট খাই পৰি আছে যে ক’ত ধৰিব লাগিব পাহৰি গৈ সাপে খোৱা মানুহৰ নিচিনা হলোঁ। আনকালে মুখত দেখোন দুটা খোৱা শব্দহে শুনো, “ভাত খাওঁ” আৰু “চুমা খাওঁ। আজি অতগাল খোৱা শব্দ শুনিলোঁ।” পৰিবাৰৰ এনেবোৰ কথাই মোৰ মূৰত খু্ন্দা খাই ভাল কাম এটাৰ জন্ম দিলে। আৰু কিমান অসমীয়া খোৱা শব্দ আছে বাচি আনি একেলগে থোপা বান্ধি থ’বলৈ খানাতালাচ কৰি চাম বুলি ভাবিলোঁ।
প্ৰথমে য’তে ত’তে লাগি ধৰি বেলেগ ৰূপ লোৱা খা বোৰক গোটাই লওঁ বুলি এঠাইলৈ আনিবলৈ চালোঁ, পিছে বহুকেইটা নাহে। প্ৰথমে য’ত থাকিবলৈ ল’লে তাতেই থাকে।
গাত খায়, মাৰলীত খায়,বকাণিয়ে খায়, বিষয় খায়, মাটি খায়, মাটিয়ে খায়, ভেটী খায়, ঘোঁচ খায়, ঘোঁচা খায়, চেপা খায়, কোঁচ খায়, চেপেটা খায়, চেলচেলি খায়, চোচঁনি খায়, গোট খায়, জংগুল খায়, জাল খায়, বস্তু খায়, জিকাৰ খায়, জুম খায়, জোঁট খায়, পাক খায়, জোকাৰ খায়, জোৰা খায়, জোৰা খুৱায়, আট খায়, টিপ খায়, টেপা খায়, টেলেংগনি খায়, ঠগি খায়, ঠগ খায়, ঠৰমৰ খায়, ঠাট খায়, ঠাহ খায়, ঠেকা খায়, ঢাক খায়, ঢাল খায়, ঢেল খায়, ঢোলোকনি খায়, তধামূৰি খায়, লবনঙ খায়, তাল বাল খায়, তিল মাহ খায়(ভাৰ্যা স্বামীৰ লগ হয়), থমকা খায়, থূপ খায়, থেঁতেলা খায়, থেকেচা খায়, আফাল খায়, আছাৰ খাই পৰে, থেপা খায়, থোপ খায়, থোপা খায়, দম খায়, দানি খায়, দেউকি খায়(ভয় খায়), উচপ খায়, দোঁ খায়, দোপ খায়, দোৰোল খায়, নাকে কাণে খায়, কাণে নাকে খায়, পাক খায়, পানীয়ে খায়, পিট খায়, পোত খায়, ফিন্দ খায়, বাঘ তেলে খায়, বাঘে খায়, বেওঁচনীয়া খায়,(মোচোকা খায়), ভাতে ভঁৰালে খায়, ভিৰ খায়, মন খায়, মৰ খঁক, মাটি খায়, মাৰ খায়, মুখ থেকেচা খায়, হাম খুৰি খায়, মুদ খায়, জাঁপ খায়, মোটোকা খায়, মোচোকা খায়, ৰহ খায়, লিপিট খায়, শপত খায়, সইত খায়, হিচ খায়, হুৰ খায়, হেঁচনি খায়, হেঁচা খায়, হেৰেপা খায়, হোলোকনি খায়, হুৰ খুৱায়, তামোল খায় আদি কেইটামান ওচৰ চপাই থ’ব পাৰি। কিন্তু চদকা খোৱা কেইটামান একেবাৰে আহিব নোখোজে। এনেকৈ এৰা খাই আহিব নোখোজা কেইটামান দিলোঁ, যথা পৰৰ পালে জ্বৰৰ গাৰেই খায়, নিবোকা গৰু গু খোৱাৰ যম, বাটি খালে আঁটি যায়,ভাতৰ তিতা খাব পাৰি মাতৰ তিতা খাব নোৱাৰি।
*
আনৰ লগত সনাপোটকা কৰি খা টোৱে এনেকুৱা কৰিলে যে তাৰ আচল অৰ্থ বিচাৰি যাওঁতে মই জোলোকা জোলোকে পানী খাই গ’লোঁ। ঘোঁচ খাই চাকৰি যোৱা মসৎ মজুমদাৰৰ ঘোঁচা খাবলৈ বাকী থাকিল যদিও ৰাইজৰ মাত বোল খাই কেইবাবছৰ জেইল খোৱাৰ পিছত নিজৰ মূৰ খাই উপায়হীন হৈ পৰা পৰিয়ালটোৱে পেটে ভাতে খাই জীয়াই আছে।মজুমদাৰৰ বৰপুত্ৰই বিয়া কৰাই অনা ন কইনাজনীৰ ঘৰ খাই ভাল লগা সময়তে এনে কপাল খোৱা ঘটনাটো হৈ যোৱাত মাংসখাদক বাঘিনীৰ দৰে খঙত নাক কাণ কাটিলে বুলি কান্দিবলৈ ধৰিলে। তেতিয়া মজুমদাৰৰ পৰিবাৰ বিজয়াই বুজনি দি ক’লে –“বোৱাৰী অ’ শুনাচোন। এইবোৰ কৰ্মদোষ। খাই কাৰ্শলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল। মন্ত্ৰী আমোলা বাচিল, সৰহখিনি সিহঁতে খালে। এতিয়া তুমি খঙত পেট কাটি ছমাহলৈ শুকনি খাব নেলাগে। আচলতে খাব জানিলে চাউলেই চিৰা। আমাৰ এওঁ নাজানিলে। ঘোঁচ খাই সকলো্ৱে, কিন্তু এওঁ খাব নেজানি চোবাই নষ্ট কৰিলে। তোমাৰ কপালত আছে, খাবৰ জীৱৰ মন, শৌচ কৰোঁতেও আজোৰে বন। কিবা এটা কৰিম আমি।গোটেইখিনি যোৱা নাই অ’। এতিয়াও তিনি কোটি টকা ধৰা নপৰাকৈ আছে। মন পেলাই নিদিবা। তোমাৰ কপালৰ জোৰত খাবা।”
চেনেহৰ শাহুৱেকৰ বুজনি পাই শিক্ষিতা বোৱাৰীয়েক পাপৰিয়ে ক’লে “হয় মা, লোকো মামৰে খায়। খঁকুৱা পাত কাটিবলৈ যায়, নিখঁকুৱাই মাটিতে খায়। উপকাৰীক অজগৰে খায়। চকীদাৰ দাইটিক কম উপকাৰ কৰা নাই, কিন্তু সি অকণমান কথাতে বেয়া পাই পুলিচক খবৰ দি ফঁচাই দিলে। কিনো ক’ম, ক’লেও আয়ে মাধ মাৰ খায়, নক’লেও বোপায়ে চুৱাতে খায়।আৰু এটা কথা মা। দেউতাই কাৰোবাক ক’লে। যিহে কথা চহকী ভলভলীয়া, গছত কঁঠাল ওঁঠত তেল নৌ খাওঁতেই সেল বেল। নহ’লে সেই ভুৱা বিলবোৰৰ কথা আনে কেনেকৈ জানিব? “
শাহুৱেকে মাত লগালে –” তুমি ঠিক কৈছা, আমাৰজনৰ কথা কি শুনিবা, কিছুমান কথা নাজানে, মইহে শিকাই থাকোঁ। মোৰ কথা শুনা হ’লে এনে বিপদ নহয়। এওঁ নাজানিলে সাপে খায়, কাপে খায়। নিজ হাতে লিখি থ’লে “বাটি খালে আঁটি যায়, লুকাই খালে ঢুকাই যায়।”এই বাক্যটি থকা কাগজখনৰ লগত গোপন তালিকা বুলিও লিখি থ’লে।আনৰ মূৰ খোৱা চিআইডি কেইটাই পিছ নেৰিলে। কি ক’ম আৰু বোৱাৰী, তেখেতে আমাক খালে।”
বাজেয়াপ্ত কৰি অনা তালিকাখন পঢ়ি চিআইডি বিষয়াজনে বিচুৰ্ত্তি খালে। প্ৰতিটো জতুৱা খণ্ড বাক্যতে খোৱা শব্দ আছে। সাংকেতিক চিন মতে এটা খোৱা শব্দত দুই লাখ টকা। ষ্টাৰ দিয়া কেইটা মন্ত্ৰীক ঘোঁচ দিয়া আৰু দুটা ষ্টাৰ দিয়া কেইটা বিভাগীয় আমোলাক দিয়া।
তালিকাখন এইখন, চালেই বুজিব, চাওক।
***
১) গাত নাই ছাল বাকলি, মদ খাই তিনি টেকেলি।
২) গৰুৰ আগত টোকাৰী বায়, শিং জোকাৰি ঘাঁহ খায়।
৩) গাখীৰ খুৱাই সাপ পোহা।
৪) জ্ঞানীয়ে ভাত খায় তল মূৰকৈ, অজ্ঞানীয়ে ভাত খায় চাল বেৰ চাই।
৫) চিৰা খোৱা মুৰি খোৱা ভাতৰ সমান নাই, মাহী বোলা, পেহী বোলা আইৰ সমান নাই।
৬) চোৰক মোৰে পালে, লোকো মামৰে খালে।
৭) ছাগে খায় বন, হাগে ধন।
৮) তাইৰ হাতে নাখাওঁ ভাত, ঘূৰি ঘূৰি তাইতেহে হাত।
৯) তপত ভাতৰ ধোঁৱাই খোৱা।
১০) তিনি শ ষাঠি জোপা কল ৰুই, থাক গৃহস্থ ঘৰত শুই, পাত পছলা লাভত খাবা, লংকাৰ বনিজ হাততে পাবা।
১১) দহো আঙুলিয়ে খায়, বুঢ়াই হেঁচুকিলে যায়।
১২) দুৰ্ভগীয়া খৰিলৈ যায়, দা ছিগে, বৰলে খায়।
১৩) নেখাওঁ নেখাওঁ বুলি জিকা দিলে ভাতত, টপ্ টপ্ কৈ খাই নিলে এটাও নেৰিলে পাতত।
১৪) নিবোকা গৰু গু খোৱাৰ যম।
১৫) পাণ্ডৱৰ চাউল খায়, কৌৰৱৰ গুণ গায়।
১৬) নাম থ’লোঁ ভোগাই, খায় পানী কাহুদী।
১৭) পৰৰ পালে জ্বৰৰ গাৰেই খায়।
১৮) পৰৰ মূৰত খোৱা, ভটিওৱা নাৱত যোৱা।
১৯) পো নহয় নামত, ভাত খায় ঘৰৰ, কাম কৰে লোকৰ।
২০) বঙঢ়ী আই অ’, নাহিলি সুখৰ কালত, সাতজনী নিগনি খীৰাই খাইছিলোঁ গেৰেলাক বাইছিলোঁ হালত।
২১) বাটি খালে আঁটি যায়, লুকাই খালে ঢুকাই যায়।
২২) বেজৰ নাকত খৰে খালে।
২৩) ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি।
২৪) ভাঙি আন মুচৰি খাওঁ, পুৱা হ’লে নাও মেলি যাওঁ।
২৫) ভোকৰ ভাত পিয়াহৰ পানী, তাক নেখালে বল হয় হানি।
২৬) মই ক’লো মান ভগনৰ কথা, সি ক’লে কলথোকা বাদুলীয়ে খালে।
২৭) মূৰত ল’লেও ওকনিয়ে খায়, মাটিত থ’লেও পৰুৱাই খায়।
২৮) মাছ বুলি নেখায়, জিজি বুলি খায়।
২৯) মাছে গৰকা পাছলি খাবা, শাহুৱে গৰকা বোৱাৰী বাবা।
৩০) শুই ল’ শুই ল’ নৌ ল’ৰা মাইকী হওঁতেই, খাই ল খাই ল নৌ বোৱাৰী হওঁতেই।
৩১) শাকত নেখায় লোণ, পিতিকাত যায় চাৰিগুণ।
৩২) সান্দহ খোৱা বালি তল গল।
৩৩) শাহু বোৱাৰীৰ ঘৰ, কোনে খায় দৈৰ সৰ।
৩৪) সাপে খায়, কাপে খায়।
৩৫) হালত মৰিল হালোৱা গৰু, গোহালিত মৰিল গাই, পানী খাওঁতে দমৰা মৰিল টিকা থেকেচা খাই।
৩৬) ক’লেও আয়ে মাৰ খায়, নক’লেও বোপায়ে চুৱাতে খায়।
৩৭) গছত কঁঠাল ওঁঠত তেল, নৌ খাওঁতেই সেল বেল।
৩৮) খঁকুৱাই পাত কাটিবলৈ যায়,নিখঁকুৱাই মাটিতে খায়।
৩৯) খাব জানিলে চাউলেই চিৰা, বহিব জানিলে মাটিয়েই পীৰা।”
অতগাল অসমীয়া খানাৰ খিছিৰি খাই অলপ ধতুৱা চিআইডি বৈৰাগীৰ ঘটীয়ে ঘটীয়ে পানী খোৱাৰ অৱস্থা হ’ল। তেওঁ হেলান দিয়া চকীখনতে লাং খাই পৰি চিঞৰিলে “ঐ কোন আছ, বেগেতে পানী এগিলাচ খাবলৈ দে। আজি অসমীয়া খানা খাই খাই মোৰ মাঠা কোনোবাই খালে যেন লাগিছে। ঐ লৈ আন যি আছে, ধাহি মূহি খাওঁ।”
☆★☆★☆
1:55 pm
বৰ আমোদ পাওঁ আপোনাৰ লিখনি পঢ়ি। সৰস বৰ্ণনাত কিমান যে শিকনি,,,, ধন্যবাদ
9:52 am
খোৱাৰ ইমান ৰূপ !