জীৱনৰ বাটত লগ পোৱা কেইটামান চৰিত্ৰ – ডাঃ ভুপেন শইকীয়া
জীৱনৰ বাটত লগ পােৱা কেইটিমান চৰিত্ৰ
খগেন, ধৰণী, হৰেন, মুন্নাৰ কথাৰে দুকলম লিখিবলৈ লৈছোঁ। জীৱনৰ বাটত লগ পােৱা এই চৰিত্ৰসমূহে আমাৰ মনােজগতত এৰাব নােৱৰা ছাপ পেলাই থৈ যায়। সেই স্মৃতিসমূহৰ স্মৰণৰ মাজত জীৱনৰ ৰস আৰু ৰং অনায়াসে বিচাৰি পােৱা যায়।
জিলেবীৰ ভােক!
মেঘালয়ৰ নংপােত প্ৰেকটিচ কৰা দিনৰ কথা। তেতিয়া মই ঘৰ পতা নাই। অকলে থাকোঁ। লাচনি-পাচনি কৰিবলৈ আৰু ভাতকেইটা ৰান্ধি খােৱাবলৈ বুলি মেট্রিক ফেল কৰি পঢ়া বাদ দিয়া ল’ৰা এজন শিক্ষক পাটগিৰিয়ে নলবাৰীৰ পৰা মােক আনি দিলে। ল’ৰাটোৱে দুবেলা ৰন্ধা-মেলা কৰাৰ উপৰিও মােৰ ৰাজদূত মটৰ চাইকেলখন ভালদৰে ধুই পখালি মােৰ চেম্বাৰত আহি বহেহি। দেওবাৰে প্ৰায়ে চিলঙলৈ ৰাজদূতখনেৰে যাত্ৰা কৰোঁ ফুৰি-মেলি মনটো সজীৱ কৰাৰ উদ্দেশ্যৰে। প্ৰতিটো যাত্ৰাতে খগেন মােৰ সংগী হয়। পুৱাতেই নংপােৰ পৰা ওলাইগৈ চিলঙৰ পুলিচ বজাৰ, ৱাৰ্ডলে’ক, বৰা বজাৰ, চিলঙ পীত সময় কটাওঁ আৰু ঘূৰােঁতে বৰাপানীত কিছুপৰ অতিবাহিত কৰি সন্ধিয়া ৮-৯ বজাত নংপােৰ আবাস পাওঁহি। এটা বছৰৰ অধিক কাল খগেন মােৰ লগত থাকিল। তাৰ স্বাস্থ্যপাতি আৰু চেহেৰাৰ আমূল পৰিবৰ্তন হ’ল। কিন্তু মই স্নাতকোত্তৰ পঢ়িবলৈ গুৱাহাটী মেডিকেল কলেজৰ হােষ্টেললৈ আহিবলগীয়া হােৱাত তাক ঘৰলৈ ঘূৰি যাবলৈ কবলগীয়া হ’ল। সেই ডেকা ল’ৰাটোৱে নংপাে এৰি গুৱাহাটী অভিমুখী চৰকাৰী ৰঙা বাচত উঠিবৰ সময়ত যি জোৰেৰে শব্দ কৰি কান্দিছিল-সেই দৃশ্য মই আজিও পাহৰিব পৰা নাই। পাঠকে জানি আমােদ পাব খগেনৰ আৰু এটা কথা মই পাহৰা নাই। নংপােৰ পৰা চিলঙৰ পুলিচ বজাৰলৈ ৫০ কিলােমিটাৰ বাট ৰাজদূতেৰে উজাই আহোঁতে, সময় লাগে বৰ বেছি ডেৰ ঘন্টা। ৱাৰ্ডলে’কৰ আগেদি পুলিচ বজাৰলৈ যাওঁ। ৱাৰ্ডলে’ক পাওঁ নেপাওঁ হওঁতেই খগেনে মাত দিয়ে – “দাদা, মােৰ পুৰি-জিলেবীৰ ভােক লাগিছে!” আৰু খৰখেদাকৈ আগৱাই গৈ দিল্লী মিষ্টান্ন ভাণ্ডাৰ বা তেনে জাতীয় এখন ৰেষ্ট্র’ৰাত সােমাই ছ’লে-ভটুৰে আৰু জিলবীৰ অৰ্ডাৰ দিহে তাৰ উচপিচনি আঁতৰ কৰিবলগীয়া হয়।
ৰসগােল্লা ময়ে খাম!
স্নাতকোত্তৰ ডিগ্ৰীলৈ উঠি কেইবছৰমান মহেন্দ্রমােহন চৌধুৰী চিকিৎসালয়ত চাকৰি কৰিলোঁ। বশিষ্টৰ এটি টিলাত কিনা মাটিত থকা ঘৰৰ কাম আৰম্ভ কৰিবলৈ ল’লোঁ। এজন পাহােৱাল ডেকাৰ সৈতে পৰিচয় ঘটিল। নাম ধৰণী বসুমতাৰী। এক ট্রাক বালি দিনটো পাৰ নৌহওঁতেই পাচিৰে কঢ়িয়াই ৰাস্তাৰ পৰা আনি চৌহদত ভৰােৱাৰ দক্ষতা দেখি মই বিস্মিত হৈছিলোঁ। বনুৱাৰ কষ্টকৰ দিন হাজিৰাৰ কাম বাদ দি নিয়মীয়া চাকৰি কৰিব নেকি সুধিলোঁ। সি মান্তি হােৱাত মােৰ পাণবজাৰৰ চেম্বাৰৰ দায়িত্ব দিলোঁ। ঘৰৰ পৰা অহা যােৱা কৰি আবেলি ৩বজাৰ পৰা সন্ধিয়া ৯বজালৈ মােক সহায় কৰি দিয়ে।
ধৰণীয়ে চেম্বাৰত ৰােগীক বহুৱাই বাৰ্তালাপ কৰি মন ভাল লগাই থাকে। দোকানৰ পৰা মােক কাকত-আলােচনী আৰু কেতিয়াবা ৰােগীৰ বাবে বেজী বা আন দৰব ফাৰ্মাচীৰ পৰা আনি দিয়ে। এবাৰ ৰােগী চাই শেষ হ’বৰ সময়ত দুজন ডাক্তৰ বন্ধুৱে মােক লগ পাব আহিল। মই ধৰণীক ওচৰৰ ‘গুৱাহাটী ডায়েৰীৰ পৰা গৰম চিংৰা আৰু ফ্লাত ভৰাই চাহ আনিব পঠালোঁ। সি চাহ চিঙৰাৰ লগত নিমিলা সংখ্যাৰ দুটা ৰসগােল্লাও অনা দেখি আচৰিত হােৱা দেখি সি ক’লে – “হ’ব দে, হ’ব দে, তহঁতি চিঙৰাকে খাবি। ৰসগােল্লা ময়ে খাম” !
স্বপ্নভংগ!
এইবাৰ আহোঁ হৰেনৰ কথালৈ। ঘৰ পাতিলোঁ। পৰিবাৰ আহিল। বশিষ্ঠৰ নতুনকৈ নিৰ্মাণ কৰা অসম টাইপৰ ঘৰত থাকিবলৈ ল’লোঁ। মােৰ ওচৰত অসুখ দেখাবলৈ অহা বৰঝাৰ এয়াৰপ’ৰ্টৰ ওচৰৰ এজন লােকে উপযাচি ক’লে -“চাৰ, মােৰ ল’ৰা এটা ৰাখক। বাইদেউৰ সহায় হব”। আৰু এদিন এনেকৈয়ে ১৮ বছৰীয়া হৰেন আমাৰ পৰিয়ালৰ এজন হৈ পৰিল। দুবছৰ মানৰ পিছত এদিন পিতাকে আহি তাক আমাৰ ওচৰৰ পৰা লৈ গ’ল। যাবৰ সময়ত কৈ গ’ল – “গাড়ী চলাবলৈ শিকি লাইচেঞ্চ ওলিয়াই আকৌ ঘূৰি আহিব”। কথা মতে ডেৰ বছৰমানৰ মূৰত হৰেন ‘ড্ৰাইভাৰ’ হৈ পুনৰ আমাৰ ঘৰলৈ আহিল। মৰম লগা অমায়িক স্বভাৱৰ হৰেনৰ আমাৰ লগত পুনৰ মিলিবলৈ মুঠেই সময় নালাগিল।
তেতিয়া বগা ৰঙৰ AMU 3131 নম্বৰৰ এম্বেচেডাৰ গাড়ীখনেৰে মই মােৰ নতুন কর্মস্থলী বকো চিভিল হস্পিতেললৈ দৈনিক অহা-যােৱা কৰোঁ। গাড়ী প্ৰায়ে মই চলাওঁ, কেতিয়াবা হৰেনে চলায়। বকোৰ পৰা ঘূৰি আহােঁতে কেতিয়াবা তাৰ গাঁৱৰ ঘৰতাে সােমাই আহোঁ। লাহে লাহে গাড়ীখন হৰেনক এৰি দিবলৈ ধৰিলোঁ। মই মাথাে তাক গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈ সোঁৱৰাই যাওঁ। এনেদৰে ২৩ মাহ পাৰ হ’ল। এদিন বকোৰ পৰা ঘূৰি আহোঁতে হৰেনে বেগাই চলাই অহা গাড়ীখন পাথৰৰ দ’ম এটাৰ ওপৰত উঠি গ’ল। যাৰ ফলত গাড়ীৰ ইঞ্জিনৰ চেম্বাৰ ফুটি গাড়ী অচল হৈ পৰিল। পিছত গুৱাহাটীৰ পৰা মেকানিক নি গাড়ী ভাল কৰাবলগীয়া হ’ল। অসতর্কতাৰ ফলত হােৱা এই অপ্রত্যাশিত ঘটনাটোৰ বাবে আমি হৰেনক এটা শব্দও নকলোঁ। কিন্তু সি মনতে ভীষণ লাজ আৰু দুখ পাই কাম বাদ দি ঘৰলৈ গ’লগৈ। বহু বছৰৰ মূৰত এদিন পৰিবাৰে তাক এয়াৰপ’ৰ্টত টেক্সিচালকৰ ৰূপতে দেখা পালে। লাজ লাজকৈ নিজে আহি সি মাত দিলেহি আৰু মােৰ খবৰ সুধিলে।
অপৰাজেয় মুন্না
মেঘালয়ৰ নংপােৰ বৰ্তমানৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী মহম্মদ আনচাৰীৰ জেষ্ঠ পুত্র “মুন্না’। মুন্না নামেৰে সকলােৱে মাতােতে মাতােতে তাৰ স্কুলীয়া পােছাকী নামেই হেৰাই গ’ল। চেইন্ট পল ইংলিছ স্কুলৰ দশম শ্ৰেণীলৈ প্ৰমােচন পাওঁতেই তাৰ বৰ তীব্ৰ নৰিয়া হ’ল। গুৱাহাটীৰ ছাত্ৰীবাৰী মিছন হস্পিতেলত ভৰ্তিহৈ প্রায় দুসপ্তাহ কাল চিকিৎসা ল’লে। ডাক্তৰৰ মতে তাৰ টাইফয়েড হৈছিল। দূর্ভাগ্যবশত: জ্বৰৰ পৰা মুক্ত হােৱাৰ পিছত সি দুয়ােখন কাণেৰে নুশুনা হৈ পৰিল। কেইবাজনাে ই এন টিৰ বিশেষজ্ঞৰ চিকিৎসা চলিল। কাণত শুনা যন্ত্ৰও লগাই চালে। কিন্তু একোৱে ফলদায়ী নহ’ল। ৬ মাহৰ ভিতৰত সকলাে চিকিৎসাৰ ওৰ পৰিল। কাণেৰে নুশুনা মুন্নাই কথাও নােকোৱা হ’ল। কাগজত লিখি নাইবা আকাৰে ইংগিতে ভাৱ বিনিময় কৰিব ধৰিলে। স্কুল যােৱা বন্ধ হ’ল। ঘৰৰ পাণ আৰু ষ্টেচনাৰী দোকানখনত বহিবলৈ আৰম্ভ কৰিলে আৰু এইদৰেই মুন্না এদিন হৈ পৰিল ‘মুন্না দোকানী’।
সময়ত মুন্নাই সংসাৰাে পাতিলে আৰু বাপেকীও হ’ল। দোকানখনৰ বহুলাংশে উন্নয়ন হ’ল। দুবছৰ আগতে মই নংপােত গৈ মুন্না, তাৰ দেউতাক আৰু পৰিয়ালৰ সকলাে সদস্যকে লগ ধৰিছিলোঁ আমাৰ পুত্ৰৰ বিবাহৰ নিমন্ত্রণ জনাবলৈ। মুন্নাই মােক আঁতৰৰ পৰাই দেখা পাই দৌৰি আহি সাবটি ধৰিলেহি। নংপাে এৰি আহিবৰ সময়ত সি নাপাহৰিলে মােক কাকতত মেৰাই তুলি দিবলৈ মই ভাল পােৱা মিঠাপট্টি মিঠাপাণ ৩খন।
☆★☆★☆
6:06 pm
বৰ ভাল লাগিল। কিছুমান লোকৰ স্মৃতি ৰৈ যায় মনৰ মাজত আজীৱন।
6:24 pm
ভাল লাগিল।
6:46 pm
ভাল লাগিল পঢ়ি
8:00 pm
জীৱন বাটৰ মানুহবোৰ।
ভাল লাগিল
12:04 am
খুব ভাল লাগিল পঢ়ি। সঁচাকৈয়ে জীবনত সৰু সৰু মুহূৰ্তৰ বাবে লগ পোৱা কিছু মানুহো আজীবন মনত থাকি যায়।
ভবিষ্যতেও আপোনাৰ লেখা এই ই-আলোচনীত পঢ়ি থাকিবলৈ পাম বুলি আশা ৰাখিলো
12:22 am
ভাল লাগিল।