মই অসমীয়া – কৃষ্ণা বৰা ফুকন
মিছা নকওঁ, ঘৰত থাকোতে নামে গুণে, উৎসৱে পাৰ্বণে চাদৰ মেখেলা পিন্ধাটো একেবাৰে সাধাৰণ কথা আছিল। পিন্ধি যাওঁ, আলনাত দলিয়াই যাওঁ। আমাৰ দিনত আৰু পাৰি দিয়া বগা চাদৰ, মুগা বা পাাটৰ মেখেলাহে! চাদৰ মেখেলা পিন্ধা মানুহ দেখিলেই সেয়ে
শ্ৰদ্ধাত মূৰ দোঁ খাই গৈছিল। ক’ৰ আৰু ফেশ্ব’ন শ্ব’!
গামোচা যেতিয়া মায়ে শালত উঠাইছিল, আমি দিমাণ্ড কৰিছিলো..এইপাহ ফুল থকা গামোচা মোক লাগিব, গা মচিবলৈ। আৰু উকা গামোচা এখন লাগিব, ভৰি হাত মচিবলৈ। এতিয়াহে গম পালোঁ বোলে গামোচা সাংঘাতিক বস্তু। গামোচাৰ no entry zone ও হেনো আছে, মানে শৰীৰতে।
আগতে কেতিয়াবা কলদিল, পচলাৰ ভাজি মায়ে খাবলৈ দিলে “আইঔ মই এই জেং জাবৰ বোৰ নাখাওঁ” বুুলি হাত মূৰ আঁচাৰিছিলো। দাইলত যদি কেতিয়াবা মায়ে ঢেকীয়া বা আন কিবা বন শাক দিছিল, দাইলকে নাখাইছিলোঁ। ভেদাইলতা, মচন্দৰি, খৰিচা, ধনিয়া আদিবোৰৰ গোন্ধেই সহ্য নহৈছিল। খোৱাটো দূৰ।
কিন্তু যোৱা অলপ দিন ধৰি কথাবোৰ যেন কিবা এটা সলনি হৈছে। মোৰ দৰে এলাইবাদু বোৰ অসমীয়াৰ নামত যেন কলংক, ৰৌ ৰৌ নৰকতো যেন মোৰ দৰে মানুহৰ বাবে ঠাইৰ অভাৱ হ’ব, এনেকুৱা ভয় লগা চিন্তা কিছুমানে মোক খুুলি খুুুলি খাব ধৰিছে। ভয় লগাৰে কথা দিয়কচোন। নিজৰ অসমীয়াত্বত যেতিয়া এলানি প্ৰশ্নবোধক আহি পৰে কাৰনো ভয় নালাগিব?
ওৱ সুধিছে বোলে কেনেকৈ…? তেতিয়া হ’লে শুনক।
এই ফেচবুক হোৱাৰ পৰা আমাৰ কিছুমান বস্তু হঠাৎ বিখ্যাত হৈ গ’ল। চাদৰ মেখেলা পিন্ধি যেতিয়া কোনোবাই ফেবুত ফটো দিয়ে Being traditional, OMG মোৰটো চিন্তাই হয় বাকী সময়ত আমি কি আনtraditional হৈ থাকোনি।
আজিকালি মানুহে ঢেকীয়া এমুঠি পাইও ফেচবুকত যেনেকৈ update দিয়ে,মোৰ মুখ মেল খাই যায়। আৰে এনেকুৱা কত ঢেকীয়া, বিহলঙনি আমাৰ বাৰীৰ পিছফালৰ খালটোতে আছিলচোন। মুঠিয়ে মুঠিয়ে ওভালি আনি মায়ে গোহালিৰ বাহিৰত জাগ দিছিলহি। মনতে বোলো ৰহ, এইবাৰ বাপেকে মই গোটেই খালটোৰে ফটো ফেবুত দিম। কিন্তু মনত পৰে মই চোন ঢেকীয়া খাই ভালেই নাপাওঁঁ, কি বুলিনো ফটোখন দিম আই। হঠাৎ ভাব হয়, মই কিয় ঢেকীয়া ভাল নাপাওঁ নো? অসমীয়া হৈ…….? NRC ত নাম নাহিব নেকি আকৌ। হেহ কি যে মানে আৰু…!
কলডিল….কলডিল পাৰ মাংসৰ জালুকীয়া, অসমীয়া মানুহে বোলে টকালি পাৰি খায়। খা বাপ্পেকে, মই যে নিৰামিষ, কি কৰা যায়! “ফেচবুকত দিবলৈকে এদিন খাই চাও নেকি নহ’লে” লুভীয়া মনটোৱে কয়। ধেত, পাৰ দেখাত ইমান মৰম লগা,শান্তিৰ প্ৰতীকো। ইস ৰাম! ফটো দিয়াৰ লোভতে মই পাৰটো মাৰিব নোৱাৰো পাই। চেহ কি কৰা যায়, মোৰ যে অসমীয়াত্ব প্ৰমাণৰ কোনো উপায়েই নাই। হাঁঁহ, জহা কোমোৰা, গাহৰি পোৰা, ৰৌ মাছৰ বিলাহী টেঙা, খাহী….চেহ মই চোন একো খাই পোৱাই নাই। অসমীয়াৰ নামত মুুুঠতে মই কলংক। এনেকৈ আৰু মানুহ জীয়াই থাকেনে? নাই, নাই কিবা এটা খাই মুুঠতে মই নিজৰ অসমীয়াত্ব প্ৰতিষ্ঠা কৰিবই লাগিব। বিশেষকৈ ফেচবুকত।
য়েচ, পাই গ’লো। ভোট জলকীয়া। এইটোৰ সমান অসমীয়া আন কিবা থাকিব পাৰেনে। কদাপি নোৱাৰে। ঘৰলৈ যাওতে এবটল আনিলোঁ। মনতে বোলো NRC ত নাম আহক নাহক, কিন্তু ফেবুুুত মোৰ নাম কাললৈ ৰাখিবই লাগিব। এনেই ভোট জলকীয়া খাবলৈ মানে মোৰ বৰ ভয়। আগতে ঘৰত থাকোতে মাত্ৰ গোন্ধটোহে ল’ব পাৰিছিলোঁ। কৃষ্ণ জলকীয়াৰ নেজ খাওতেই দিন গৈছিল মোৰ। তথাপি বোলো এই কথাই কথা নহয়। মই অনিন্দিতা চক্ৰবৰ্তীৰ দেশৰ ছোৱালী, মানে নাৰী। খামেই খাম। একেৰাহে তিনিদিন খালোঁ। আই ঐ!অসমীয়াত্ব প্ৰমাণ কৰিবলৈ গৈ এনে পেট চলিল, কি ক’ম। একে পেট চিকুটত তৰা কি গোটেই নীহাৰিকা দেখি গ’লো। তাৰ পিছৰ পৰা সেই আধ্যায় সিমানতে সামৰিলোঁ। তথাপি মনটোৱে কুুুটকুটাই থাকে। ফেবুত ফটো এখন দিব নোৱাৰাৰ সমান দুখ যেন কাৰো নহওক। ধেই । জীৱনটোৱে কিবা বৃৃথা!
তেনেতে এবাৰ বজাৰত কলডিল দেখিলোঁ। একদম তোমাক কৈছো টোপা কাঁড় যোৱাদি গৈ কলডিলটোৰ ওপৰতে হামখুৰি খাই পৰিলোগৈ বোলো “ভাইয়া ইয়ে মুঝে চাহিয়ে”। ভয় খাইয়ে নে কি জানো, সি দহ টকাতে মোক কলডিলটো দি দিলে। আহিয়ে মাক ফোন কৰি সুধিছোঁ বোলো কলডিল কাটে কেনেকৈ। মায়ে শিকালে। বোলে কাটি লৈ গিলাচ এটাও মাৰি দিবি, মিহি হ’ব। মনতে বোলো “ফেচবুকাৰু বীৰ বীৰাংগনা সকল আজ দেখনা মেৰা কমাল। আখিৰ মেই ভী অখমীয়া হু।” কিন্ত ই কি কলডিল এনে অকটা তিতা কিয়। মুখত দিব নোৱাৰি। বোলো দেহা থাকিলেহে বেহা। এইবুলি সোপায়ং নমঃ কৰি আটাইখিনি ডাষ্টবিনলৈ দলিয়ালোঁ আৰু আলু পিটিকাত শৰণ লৈ ভাত কাঁহী উদৰস্থ কৰিলোঁ।
বোলো নাই, এই কথাই কথা নহয় দুবাৰ Grand flop মাৰিলেও মই পিছ হুহুকিব নোৱাৰোঁ। এইবাৰ হয় গুৱাহাটী নহয় ৰঙামাটি। অসমীয়াৰ জান আৰু শ্বান , খাৰ খাওঁ। ভাবোতেই মানে শৰীৰৰ কোনোবাখিনিত থকা অসমীয়া নামৰ সিৰা ডালৰ তেজ গৰম হ’লেই। আনিলোঁ কেচা অমিতা। বনালোঁ খাৰ। বোলো এইবাৰহে এইবাৰ। “ফেচবুকাৰু ভাইঔ ঐৰ বেহেনৌ , দিল থামকে বেথৌ” টাইপৰে আজি আপডেট এভাগি দিম আৰু। কিন্তু ই কি খাৰ ইমান ৰঙা কিয় হ’ল। মনত পেলাবলৈ যৎপৰোনাস্তি যত্ন কৰিও মনত নপৰিল কেতিয়াবা, দেলিকেচী, অতিথি, আতিথ্য, জুতি লগাই,আদিবোৰত ৰঙা ৰংৰ কিবা খাইছিলোঁ নেকি! ধেই, বোলো লুভীয়া হৈ ঘুণীয়া নহওঁ আৰু। আকৌ সোপায়ং নমঃ কৰিলোঁ আৰু আলু পিটিকাৰে বাকী কাঁহী দবালোঁ।
সেইদিনাহে মন কৰিছোঁ যে ইমানখন মই এনেই কষ্ট কৰি মৰিলোঁ। হেৰৌ আলু পিটিকাৰে একাঁহী ভাত খাব পৰা মই অসমীয়া নহয় কি। গুলী মাৰা হে NRC…! মইয়ো অসমীয়া!
☆★☆★☆
12:21 pm
মজা লিখনি ।
5:07 pm
ভাল পালো পঢ়ি।
মাৰ গুলি NRC,,, হাড়ে হিমজুৱে হালধি দি ৰঙা কৰি খাৰখোৱা অসমীয়া।।
7:45 pm
বঢ়িয়া লিখনি
11:41 pm
বিৰাট ৰস পালোঁ। কৃষ্ণা বঢ়িয়া লিখিলা—- এৰা, আলু পিটিকাৰে একাঁহী উদৰস্থ কৰিব পৰা আমিও চিওৰ অসমীয়া।
8:52 pm
ধন্যবাদ সকলোকে