ফটাঢোল

ৰৌমাৰী গাঁ‌ৱৰ ভুটোক গাওঁখোৱা – নিৰুজা বৰা

‘টিলিং, টিলিং, টিলিং, টিলিং’

চাইকেলৰ মাত শুনি ঘৰৰ বুঢ়ী মানুহজনীয়ে চিঞৰ লগালে, “ঐ বোৱাৰীহঁত ঘৰৰ বাহিৰ হ। ভুটোক আহি পদুলিত।” ওচৰ চুবুৰীয়া কোনোবা এটাই চিঞৰিলে, “ঐ, বিয়াৰ সভাপতি পালেহি অ’।” ঘৰৰ সকলো বাহিৰলৈ আহি ভুটোকক বহিবলৈ মুঢ়া এটা দিলে। আচলতে সেইখন ঘৰৰ ছোৱালী এজনীয়ে সৰু বিছনা লৈছে। এতিয়াতো ভুটোক আহিবই লাগিব। অ’ অ’, ৰ’ব ৰ’ব। ভুটোকক আকৌ কোনোবা পণ্ডিত, পুৰোহিত বুলি নাভাবিব। নহয় কোনো ভকত। ভুটোক তেওঁলোকতকৈও ওপৰত। ভুটোক কিন্তু নমতা আলহী। ছোৱালীজনী মাটিত বহিছে বুলি কাণে কাণেহে শুনা পাইছিল, পুৱাতে আহি সি সেইখন ঘৰত হাজিৰ। এতিয়া বিয়াৰ ৰভা ভাঙিহে ভুটোক তাৰপৰা আঁতৰি যাব।
এহ, মই ভুটোকক চিনাকি কৰি দিয়াই নাই দেখোন! এইয়া আমাৰ ভুটোক গাওঁখোৱা। নমস্কাৰ নিদিয়ে দেই, আশাও নকৰিব। দস্তুৰমত এটা ষ্টেটাচ্ছ আছে তেওঁৰ। আপোনালোকেহে তেওঁক চেল্যুট এটা দিয়ক কিন্তু, নহ’লে তেওঁৰ বিষয়ে শুনি কিয় চেল্যুট নামাৰিলো বুলি লাজতহে পৰিব।
ভুটোক নামটো তাক মাকে দিলে নে, বাপেকে দিলে কোনেও নাজানে। তাৰ সৰুকালটোও কাৰোৰে মনত নপৰে। কিন্তু এতিয়া তাক চিনি নোপোৱা মানুহ নাই। ঘাটমাউৰা, যদিও মুখত তিল মাত্ৰও দুখৰ বোজা নাই।

ভুটোকৰ পিন্ধনত আছে আওপুৰণি পৰিষ্কাৰ চাৰ্ট আৰু পেণ্ট এযোৰ। ভৰিত কিন্তু অলপ দূৰ গৈ গৈ ফুটাত ফিটাডাল ভৰাই লোৱা যোৰেই। অ’ আৰু এটা কথা নক’লো, ডিঙিত এডাল ৰঙা টাই আৰু হাতত এটা ঘড়ী। সময়তকৈ কেতিয়াবা কাটাকেইডাল আগত থাকে আৰু কেতিয়াবা পাছত থাকে। আজিলৈকে কোনেও সঠিক সময় পোৱা নাই। টাইডাল ভুটোকৰ ওচৰলৈ কেনেকৈ আহিলে কোনেও নাজানে। অ’ ভুটোকৰ আই টুৱেণ্টিখনৰ কথা দেখোন কোৱাই নাই। ভুটোকৰ দুচকীয়াখন চাৰিচকীয়াতকৈ কোনো গুণে কম নহয়। দুচকীয়াৰ হেণ্ডেল বাৰত আছে, পুৰণি কেছেটৰ ৰিলেৰে বনোৱা ডেক’ৰেচন। যিমানেই পেডেল মৰা হয়, ওলমি যোৱা ৰিলবোৰ নাচি উঠে।

অ’ আমাৰ ভুটোক গাওঁখোৱা, ই আকৌ নিজৰ পৰিচয় নিজে দিয়ে দেই। ‘ঐ ল’ৰাহঁত, মই কিন্তু এলাপেছা মানুহ নহয় দেই, আমাৰ গাঁৱৰ প্ৰথম ৰেডিঅ’ কিনা মানুহ। মানুহে মোৰ ঘৰতহে বাতৰিটো শুনিবলৈ আহে মনত ৰাখিবি।”

ভুটোকে কিন্তু চকুৰ আগত দেখা বস্তু সব তেওঁৰ বুলিয়েই কয়। এই অভ্যাসৰ ফলতেই, তিনিবাৰকৈ বিয়াত বহিব পাৰিলে। দামী দামী লেবেল মাৰে আৰু ডিঙিত টাই লগাই থাকে বাবে, ছোৱালীবোৰ সোনকালে তাৰ প্ৰেমত হাবুডুবু খায়। শেষত বিয়া হৈ আহে। কিন্তু কি হ’ব? ভুটোকৰ মুখৰ ফুলা বেলুনটো পাম গৈ একেবাৰে নাইকিয়া হৈ পৰে। তেতিয়া ছোৱালী গৈ বাপেকি ঘৰত। সেইদেখি তিনিবাৰকৈ বিয়াত বহিল।

কেতিয়াবা কাৰোবাৰ ঘৰত হাজিৰা কাম কৰিম বুলি গ’লেও, মুখৰ ফটাঢোলটো বজাবই, ”বোলো নবৌ মই আপোনালোকৰ ঘৰত পইচাৰ অভাৱত কাম কৰিবলৈ অহা নাই। আমাৰ সিজনীয়ে লগত পাঁচ বিঘা মাটি আনিছে নহয়, তাত কামলা লগাই আহিছোঁ। এনেয়ে বহি থকা বাবেহে কিবা এটা কৰি আপোনালোকক সহায় কৰি দিওঁ বুলি আহিলোঁ‌।” গৃহস্থই ৰং পাই হাঁহি মাৰে। আকৌ যদি কোনোবাই তামোলে মূৰত ধৰিছে বুলি কয়, তেতিয়া ভুটোকৰ ফটা মুখখন বাজি উঠে, “বোলো আমাৰ সিজনীৰ বাপেকৰ ঘৰৰ বাৰীৰ তামোলকেইজোপা অ’ নাৰিকল নে তামোল ধৰিবই নোৱাৰি।” এনেদৰেই ভুটোকৰ ফটাঢোলটো বাজিয়েই থাকে।

টাইডাল ডিঙিত লগাই, আই টুৱেণ্টিৰ দৰে নিজৰ দুচকীয়াখন লৈ ঘৰে ঘৰে নিজৰ গুণ বখানি বখানি ঘূৰি ফুৰে।

আজি অলপ দিনৰ আগত ভুটোক গাওঁখোৱা হাইদৰাবাদলৈ গৈছে। গাঁৱৰ মানুহক কৈ থৈ গৈছে, কোনোবা মাল্টিনেচনেল কোম্পানীয়ে মাতিছে বোলে। এইবাৰ বা কি ফটাঢোল বজাই, তালৈহে সকলোৱে বাট চাই আছে।

☆★☆★☆

4 Comments

  • মজ্জা

    Reply
  • যাজ্ঞবল্ক্য

    পিছৰখিনি লাগে সোনকালে

    Reply
  • Manash Saikia

    মজ্জা৷
    অসম্পূৰ্ণ যেন লাগিল৷
    পিছৰখিনি অহা সংখ্যাত পাম বুলি আশা ৰাখিলোঁ৷

    Reply
  • বঢ়িয়া। এনে এজন মানুহ বৰ দৰকাৰ— অন্তত কথাৰ ৰস ল’বলৈকে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *