ফটাঢোল

অহেতুক ভয় – বৰ্ণালী ফুকন

হায়াৰচেকেণ্ডাৰী পাচ কৰি কলেজত নাম ভৰ্ত্তি কৰি কলেজলৈ যোৱাৰ কথা ভাবিলেই ভয় এটাই হেঁচা মাৰি ধৰে। কেইবাদিনো গৈ আধাবাটৰ পৰা ঘূৰি আহোঁ। মা নাথাকে, স্কুললৈ যায়। দেউতাক কওঁ -“কলেজৰ সন্মুখত এসোপা ল’ৰা, ষ্ট্ৰাইক হৈছে চাগে। গুছি আহিলোঁ, ভিতৰ নোসোমালোৱেই।” দুদিনমানৰ পিচত দেউতাই দিলে ধমক- “আজি ঘূৰি নাহিবি। খবৰ লৈ আহিবি।” দেউতাৰ ধমক খাই কলেজলৈ বুলি সময়তকৈ এঘণ্টামান আগতেই ওলালোঁ। বাটে বাটে ভগৱানক ভাবি আহিলোঁ, আজি গে’টৰ মুখত ল’ৰাজাকটো নাপালেই হয়। খৰ খোজেৰে গৈছোঁ৷ কলেজত ল’ৰাবোৰ জুম বন্ধাৰ আগতেই সোমাবগৈ লাগিব। দূৰৈৰ পৰা দেখিলোঁ -তিনিটামান ল’ৰা আছে। মনতে ভাবিলোঁ – হ’ব তিনিটা থাকিলে ভয় নাই। খোজ আৰু খৰ হ’ল। গে’টৰ মুখ পালোঁ ৷ এনেতে ক’ৰ পৰা এজাক ল’ৰা আহি তাত গোট খালেহি ক’ব নোৱাৰো।দুটামান গে’টৰ কাষত বেঁকাহৈ ৰৈ আছে ৷ দুটামান চাইকেলৰ ওপৰত। দুটামানে ইটোৱে- সিটোৰ ডিঙিত ধৰি থিয়হৈ৷

লগৰবিলাকৰ পৰা আগতেই শুনিছোঁ, সেইফালে পাৰ হৈ গ’লে কিমান নাৰ্ভাচ হ’ব লগা হয়। সেই বুলি এতিয়া ঘূৰিবও নোৱাৰি, গোটেইবোৰে দেখিলেই। তেত্ৰিশ কোটি দেৱতালৈ মনত পৰিল। মনতে ভাবিলোঁ- এতিয়াতো হয় কিবা কৈ জোকাব, নহয় গিৰ্জনি মাৰি হাঁহি মোক নাৰ্ভাচ কৰিব। তলমূৰ কৰি আগবাঢ়িছোঁ‌। সেইখিনি পোৱাৰ লগে লগে মাত-বোল বন্ধ নীৰৱ এটা পৰিৱেশ। মনতে ভাবিলোঁ -কি হ’ল আকৌ? মূৰ তুলি চাবলৈও ভয় লাগিছে। ভৰিবোৰকে চালো। সকলোবোৰ লৰচৰ নকৰি একে ঠাইতে থৰ হৈ আছে। মনতে ভাবিলোঁ- এইমাত্ৰ কথা পাতি থকা ল’ৰাকেইটা ইমান নীৰৱ হ’ল কিয়? মই কিবা উল্টা-উভটাকৈ পিন্ধি আহিছোঁ নেকি? নিজৰ ভৰিদুখনলৈ চুৰ চুৰ কৈ চালোঁ।নাইটো ঠিকেই পিন্ধি আহিছোঁ। ভয়ে দুখে অৱস্থা নাই৷ লাগবান্ধ নোহোৱা কথা ভাবিবলৈ ধৰিলোঁ। মই কি ঘৰত পিন্ধা কাপোৰেই পিন্ধিলোঁ নেকি? মূৰ তল কৰিয়ে অনুমান কৰিলোঁ মেখেলাইটো পিন্ধিছোঁ। কৃষ্ণ! চাদৰ?আৰু ভাবিলৈ মন নগ’ল। লৰালৰিৰ কোবত আজি অহাৰ সময়ত আইনাখনো চোৱা নহ’ল। হাতেৰে খেপিয়াই চালোঁ। উফ ৰক্ষা! আছে আছে; সকলো ঠিকেই পিন্ধি আহিছোঁ। এইবাৰ সন্মুখলৈ চাই দেখোঁ‌ কেটেল ব্ৰিজ পালোহি। ৰেলিঙত ধৰি ধৰি যাবগৈ লাগে৷ ৰেলিঙৰ কাষত ল’ৰা। এনে লাগিল সকলোবোৰে যেন মোলৈকে চাই আছে। ভৰিত পেঞ্চিল হিল। সন্মুখত কেটেল ব্ৰিজ আৰু এজাক উতনুৱা বতাহ। কঁপি কঁপি কেটেল ব্ৰিজত ভৰি দিছোঁ৷ হঠাৎ চেণ্ডেলৰ হিলটো লাগি ধৰিল। দুই এটাই নিজৰ মাজতে চেপা মাতেৰে কথা পাতি আছে। কিন্তু মোৰ এনেকুৱা লাগিল যেন মোকে কিবা কৈ আছে। অনুভৱ কৰিলোঁ- কাণখন আৰু গালখন গৰম হৈছে। কি কৰোঁ এতিয়া? হিলটো উলিয়াই আগবাঢ়িবলৈ লৈছোঁ। কোনোবাই যেন ক’লে-ইইইই….ছ। ক’ব নোৱাৰাকৈয়ে চকু গ’ল ল’ৰাৰ জাকটোলৈ। হঠাৎ যালৈ চকু গ’ল সেইজন ল’ৰাক আমি বিৰাট ভয় কৰোঁ। কিয় এই অহেতুক ভয় ক’ব নোৱাৰো। ল’ৰালৰিকৈ কলেজৰ ভিতৰলৈ বুলি সোমাই গ’লো।

লগৰ দুজনীমানক দেখি উশাহ ঘূৰাই পাই লগে লগে ক্লাছৰুম বিচাৰি তাত প্ৰৱেশ কৰিলোঁ। ক্লাছ দুটামান যোৱাৰ পিচতে লেজাৰ পিৰিয়ড। নৱাগতসকলৰ সৈতে চিনাকি হ’বলৈ বাহিৰত ভিৰ। ক্লাছ শেষ হ’বলৈহে পালে আমি তিনিজনীমান চাৰৰ পিচে পিচে কমন ৰুমলৈ ভিৰাই লৰ মাৰিলোঁ‌। এজনীয়ে ভয়ৰ কোবত চাৰৰ ইমান কাষে কাষে যাবলৈ ধৰিলে যে পাৰিলে তাই চাৰৰ হাততহে যেন ধৰিব। কিন্তু কি হ’ব? চাৰ অলপ দূৰ আগুৱাই তেখেতৰ ডিপাৰ্টমেণ্টৰ ফালে উভতিল আৰু তেনেতে উপস্থিত হ’ল আমাৰ সন্মুখত চিনাকি হ’বলৈ অহা ল’ৰা-ছোৱালীৰ জাকটো।

ছোৱালী দুজনীমান আগবাঢ়ি আহিল-আহা ভণ্টী, চিনাকি হওঁ।

সন্মুখত বিপদৰ গোন্ধ পালোঁ। যি হয় হ’ব আৰু!

-ব’ল যাওঁ। লগৰ কেইজনীক ক’লো।

ছোৱালী কেইজনীৰ পিচে পিচে ৰুমটোলৈ সোমাই গ’লো। সন্মুখত গে’টৰ মুখৰ ল’ৰাৰ জাকটো।

-নাম ধাম এফালৰ পৰা কৈ যোৱা।

ইজনীয়ে সিজনীৰ চকুলৈ চাই তল মূৰ কৰিলোঁ।

-তল মূৰ কৰিলা যে লাজ লাগিছে নেকি আমালৈ?

কাণখন গৰম গৰম লাগিল। লাজত মুচকছেই যাম নেকি? কোনো এজনীয়ে নোকোৱা দেখি মইয়ে ক’লো।

-মোৰ নাম বৰ্ণালী ফুকন। লগেলগে এজনে টেপকৈ মাতিলে

-ভণ্টী, শ্ৰীটো নক’লা যে? আকৌ ভালকৈ কোৱা। আকৌ ক’লো

-শ্ৰীবৰ্ণালী ফুকন।

-ধাম কোৱা? কি কওঁ, কি নকওঁকৈ ওপৰ মূৰ কৰি প্ৰশ্নবোধক চাৱনিৰে চোৱা দেখি ক’লে-

-“ঠিকনা কোৱা।”

-চলিহা নগৰ।

-চলিহা নগৰ ক’ত অ’ পেহা? বুলি বগা ল’ৰা এটালৈ চাই সুধিলে।

ভয়ে ভয়ে মই ক’লো

-তিনিচুকীয়াত

-নেক্সট

মনতে ভাবিলোঁ ৰক্ষা! মই সাৰিলোঁ। বাকী কেইজনীয়ে নাম ঠিকনা কৈ অটালে। এইবাৰ গোটেই কেইজনীক ভাগে ভাগে প্ৰশ্ন কৰিবলৈ এটা এটা গ্ৰুপ কৰি ল’লে।হাতত সিহঁতৰো সময় কম। ক্লাছ আছে বুলি কোৱা শুনি দীঘলকৈ উশাহ ল’লোঁ। মূৰ তুলি চাই দেখো -মোক প্ৰশ্ন সুধিবলৈ সন্মুখত যি জন ল’ৰা থিয় হৈ আছে সেইজনক আমি আটাইতকৈ বেছি ভয় কৰা ল’ৰাজন। মানে গ্ৰুপটোৰ দলপতিৰ সন্মুখত মোৰ দৰে নিৰীহ প্ৰাণী।কঁপনিটো ভৰিৰ সিৰা- উপসিৰাৰে বগাই ওপৰলৈ আহিব ধৰিলে। হাত কেইখনে লগ নিদিয়া হ’ল। ধৰা পৰাকৈ হাত কেইখন কঁপিবলৈ ধৰিলে। মোৰ অৱস্থা দেখি দলপতি নৰম হ’ল। সাধাৰণ জ্ঞানৰ প্ৰশ্ন কেইটামান সুধিলে। পাৰো অথচ ডিঙি পাৰ হৈ মাতটো ওলোৱা নাই। লগৰ কেইজনীলৈ ভয়ে ভয়ে চালোঁ। দেখিলোঁ‌ মোৰ লগৰ ইন্দিৰাই লেম্প জ্বলাই কাপোৰত এম্ব্ৰইডাৰি কৰিবলৈ বহিছে। ইমান ভয়ৰ মাজতো হাঁহি উঠি গ’ল। তাই আপোন মনেৰে চিলাই কৰিছে বেজি- সূতা-কাপোৰৰ অবিহনেই। এইবাৰ জয়তীলৈ চালোঁ। তাই “শুৱনি আমাৰ গাঁওখন অতি” পদ্যটো ‘জন গণ মন’ৰ সুৰত গাবলৈ চেষ্টা কৰি আছে। ফচকৈ ওলাই অহা হাঁহিটো সামৰি মোক সোধা প্ৰশ্নৰ উত্তৰ দি গ’লো।মোক আকৌ প্ৰশ্ন সোধে বুলি কাষত বহি থকা চিনাকি ল’ৰা এজনক ক’লো-“দাদা আপোনাক দেখোন চিনি পাওঁ।”

সি চাগৈ বুজি পালে মই তাৰ পৰা পলোৱাৰ উপায় বিচাৰিছোঁ। ল’ৰাজনে কৈ উঠিল-

-হয় নেকি? কোৱাচোন বাৰু মোৰ নামটো কি?

ক’বলৈ মুখখন মেলি ৰৈ গ’লো। কওঁ কেনেকৈ- “আপোনাক আমি ‘ভোটোকা’ বুলি মাতো।” ক’ব লাগিলে বিপদ চপাই লোৱা। উপায়বিহীন হৈ মৌন হৈ ৰ’লো। প্ৰায়কেইটা প্ৰশ্নৰ সঠিক উত্তৰ দি বিজয়ী মুকুট পিন্ধিবলৈ লৈছোঁ আৰু ক’ৰ পৰা যে ধুমুহাৰ গতিত পিংকুমণি নামৰ ল’ৰাটো সন্মুখলৈ আহি মোৰ চকুত চকুথৈ সুধিলে-

“-তুমি কাৰোবাক ভালপোৱা?”

অন্তৰাত্মা কঁপি উঠিল। মনত পেলাবলৈ ধৰিলোঁ- কেতিয়াবা কোনোবা ল’ৰালৈ দুৰ্বলতা দেখুৱাইছিলোঁ‌ জানো। ল’ৰাক ভালপোৱা কথাষাৰে মাৰ খঙাল চাৱনিটোলৈ মনত পেলাই দিলে। মনতে ভাবিলোঁ, হেৰৌ মাৰ ভয়ত তঁহতৰ দুটা ঠেঙেই নে চাৰিটা ঠেঙেই নাই দেখা। হুহ ভালপোৱা! অকণো পলম নকৰি কৈ পেলালোঁ – “নাই নাই নাপাওঁ কাকো ভাল।”

তাৰ পিচত টিখৰটোৱে মোক হৰুৱাৰ উল্লাসত গিৰ্জনি পাৰি হাঁহিলে। তাৰ হাঁহিৰ লগতে সকলোৱে সমবেত সংগীত জুৰিলে।

-কিয় তুমি মা-দেউতাক ভাল নোপোৱা? ভালপোৱা মানে কি অকল ল’ৰাক প্ৰেম….?

আৰু কি কৈছিল নাজানো। পিছৰখিনি কাণত নোসোমাল। পৰাজয় স্বীকাৰ কৰি তল মূৰ কৰি ৰ’লো।দলপতিয়ে চাগৈ মোৰ দুখ বুজি পালে। যোৱাগৈ যোৱা বুলি ক’লত পিছলৈ নাচাই ক্লাছ ৰুমলৈ লৰ ধৰিলোঁ।

এতিয়া ল’ৰাকেইজনক লগ পালে লাজ লাগে।অনাহকতে কমখন বকিলো নে মনৰ ভিতৰতে।অতদিনে কঢ়িয়াই লৈ ফুৰা অহেতুক ভয়বোৰ আঁতৰিল। সকলোবোৰ মোৰ এতিয়া ভাল বন্ধু।বিশেষকৈ দলপতিৰ প্ৰতি থকা ধাৰণাটোৰ বাবে এতিয়াও কেতিয়াবা লাজ লাগে।

☆★☆★☆

12 Comments

  • অভিজিৎ কাশ্যপ (চিকু)

    ভাল লাগিল পঢ়ি।

    Reply
    • বৰ্ণালী ফুকন

      অশেষ ধন্যবাদ

      Reply
  • ধ্ৰুৱ জ্যোতি অৰ্জুন

    বায়েও ভয় খাই নেকি ??? ওৱা

    Reply
    • বৰ্ণালী ফুকন

      তেতিয়া ক্ষীন মিন। গতা মাৰিলে মৰিম টাইপ আছিলো কাৰণেহে

      Reply
  • ভাল লাগিল।

    Reply
  • অভিজিত

    ধেই, ইমান ভয়াতুৰ আপুনি, আজিহে জানিলোঁ।

    Reply
  • ramanuj

    কি সাংঘাটিক বৰ্ণনা…ভাল লাগিল প.্ঢ়ি…

    Reply
    • বৰ্ণালী ফুকন

      ধন্যবাদ দেই।পঢ়িচোৱাৰ বাবে

      Reply
  • Barnali phukan

    এতিয়া কাকো ভয় নকৰো ।তেতিয়া মানে নিমাষিত প্ৰানী আছিলো যে

    Reply
  • বৰ্ণালী ফুকন

    এতিয়া কাকো ভয় নকৰো ।তেতিয়া মানে নিমাষিত প্ৰানী আছিলো যে

    Reply
  • Partha Bijoy Thakur

    সুন্দৰ বৰ্ণনা বৰ্ণালী | সেই ল’ৰাৰ গ্ৰুপটোত ময়ো আছিলো নেকি বাৰু …

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *