ফটাঢোল

বিয়া আজিৰ আৰু কালিৰ – উত্তৰা শৰ্মা বৰুৱা

সময়ৰ বোকোচাত বিয়াৰ পৰিৱৰ্তন

গাঁ‌ৱৰ এঘৰত বিয়া মানে গোটেই গাওঁখনৰে বিয়া।তাহানি দেই। তামোল পাণ এযোৰ দি ভৰষা ধৰিলেই হ’ল আৰু বাকী দায়িত্ব ৰাইজে মূৰ পাতি লয়। বাৰীৰ গছডাল বগৰাই খৰি ফলাৰ পৰা কাষৰ গাঁৱত বৰ কেৰাহী বিচৰাৰ পৰা বিশ মাইল আঁতৰৰ পৰা চাইকেলত বান্ধি দৈ টেকেলী অনালৈকে। ৰভা-পৰলাৰ কথা নকলোৱে। খাজুৰী গছৰ পাতেৰে ডিজাইন বনাই কাঠৰ তক্তাত নমস্কাৰ লিখি ডেকাবোৰে গেট বনাই নিশাটো। মহিলা সকলৰো বিধে বিধে কাম, অতখন বিয়াৰ চিৰা খুন্দাৰ পৰা আখৈ, মুৰি, সান্দহ খুন্দালৈকে। এজাক মান সোমাই ঢেকীৰ নেজত বিয়ানাম জোৰে। কইনাৰ কান্দোনৰ আখৰা তাৰ পৰাই আৰম্ভ হয়।ছোৱালী জাকৰটো কথাই নাই, চাহ তামোলৰ জোগাৰ লৈ ঘনে ঘনে ডেকা পাৰ্টিৰ ওচৰলৈ অহা-যোৱা।আমপাতৰ মালা গোঠা মাজে মাজে কইনাক মাজত লৈ গুপুত মেলেৰে গিৰ্জ্জনী মৰা হাঁহি। মুঠতে গাওঁখনৰ এঘৰত বিয়া মানে গোটেই গাঁৱৰ উৎসৱ।

আহি আহি জোৰোণ পালেহিয়ে, কইনা আৰু কইনাৰ মাকে অ’ত লুকাই ত’ত লুকাই এসোঁতা কান্দি লয়। জোৰোণ আহি পালে বুলি বিয়ানাম যোঁৰোতেই মাকৰ নাকৰ পানী, চকুৰ পানী একাকাৰ কৰি আদৰি আনেগৈ। ইফালে ভিতৰত কইনাৰ ফালে চাবই নোৱাৰি। জোৰোণ পিন্ধাওঁতেও কেইবাগৰাকীয়েও লগতে উজান দিয়ে।

আজিকালি বিয়াবোৰ খাই, চাই এই আগৰ বিয়াবোৰে মনটোত অগা-দেৱা কৰেহি। অকৃত্ৰিম মৰম আন্তৰিকতা সকলোতে।

কইনাই অকলে কান্দিব নালাগে, গাঁৱৰ বৰমা, খুড়ী, পেহী, মাহী, সাবিত্ৰী, তৰুলতা, কুঞ্জলতা সকলোৱে সহযোগিতা কৰে।

আজিকালি বিয়াবোৰ খাই ,চাই উঠি এটাই কথা। পেটটোত পোলাও পনীৰ সোমোৱাৰ পাচত থেলা-হেঁচা কৰি থাকে। আগৰ দৰে আজিকালি কইনাই নাকান্দে।কান্দিলেও সাৱধান হৈ কান্দিব লাগে। আগেয়ে কইনাৰ চকুপানী মচিবলৈ এজনী কাষত থাকেই যিহে ধাৰাষাৰে বয়। আজিকালি পিছে নামিবলৈ ধৰোঁতেই সাউতকৈ টিছু এখন দি টুকি পেলায়। পোন্ধৰ হাজাৰ টকীয়া মেকআপৰ চৱাল ভাই। কিন্তু আমি সৰুতে খোৱা বিয়াবোৰৰ কথাই সুকীয়া আছিল। কইনা পাছতে থাক বাকী সহযোগকাৰী সকলে আগৰ পৰাই কইনাৰ লগতে হওক, মাকৰ লগতে হওক অন্তঃকৰণে সহযোগিতা কৰে। কইনাৰো ভয় নাই মেকআপ যোৱাৰ।মেকআপনো কি আৰু চুনৌ(স্ন) আৰু পনচ(পন্দচ)পাউডাৰৰ মেকআপহে। তাকো গাঁৱৰ একমাত্ৰ মেকআপ আৰ্টিষ্ট গৰাকীৰ হাতেৰে। নাৰিকল তেলেৰে গোলা সেন্দুৰৰ গোল ফোটতো তাৰ কাষে কাষে কলগেটৰ আৰু সেন্দুৰৰ এটা বগা এটা ৰঙা ডত।তাৰেই আকৌ চেলাউৰিৰ ওপৰেদি ধেনু আকৃতিত চকুৰ কোণলৈকে দুফালে দুলাইন। নোৱাই ধুৱাই আনি মোমায়েক জাতীয় কোনোবা এটাই ৰভাতলত বহুৱাই যোৱাৰ পাচতে ৰাজহুৱাকৈ হয় এই কাৰ্য্য। আজিকালিৰ দৰে ৰুমত দুৱাৰ বন্ধ কৰি নহয়, তেৰা চকুৰজনীও ওলাই আহোতে হৰিনী নয়না হৈ। ইফালে তাতো বিয়া নামেৰে কইনা সজাই থকাজনীকো থকা-সৰকা কৰে। কইনাৰো বৈ থাকে, গংগা-যমুনা দুয়োখন। আজিকালিৰ ৰজনীগন্ধা তেতিয়া আখৈৰ মালা। গাওঁ গোটেইখনে নোৱাই তেলেৰে টুপটুপিয়া কৰা তিতা চুলিসোপা গামোচা এখনেৰে কোবাই কোবাই আধা তিতাতে খোপা ৰেডি। তাৰ ওপৰত দুমেৰমান দি আধা ওলমাই আখৈৰ মালা। তাকো ওৰণীৰ তলত অন্তৰ্ধ্যান। তললৈ মুখ কৰি হাতত এবটা তামোল-পাণ লৈ খবৰ কাগজ, বগা ফুলস্কেপ কাগজেৰে বান্ধি অনা প্ৰেজেন্ট লবলৈ দিওঁ নিদিওঁ খোজ।

আজিকালি কইনা উলিয়াই দিওঁতে পৰিয়ালৰকেইটাৰ বাহিৰে দৰৱত দিবলৈয়ো কোনো নাথাকে। কিন্তু সেই বিয়াবোৰত গোটেই গাঁৱৰ খুড়ীদেউ, বৰবৌ, বৰমা সোপাই কলমতীয়াই কলমতীয়াই বিয়া নাম গাই গাই ৰভাতলতে কইনা উলিয়াই নিদিয়ালৈকে বহি আছিল।তাতে যদি দৰা ফালৰ পৰা চোকা নামতি থাকে নামেৰেই থৈয়া-নথৈয়া ৰণ এখনো লাগে।

কইনা উলিয়াই দিয়াৰ সময়ত কান্দোনৰ এখন অঘোষিত প্ৰতিযোগিতা চলে, কইনাৰ কাৰ লগত কিমান ভাল আছিল দৰাই জানি যাব লাগিব।

দুৱাৰ ধৰি মাকৰ কান্দোন কইনাই কি কি কৰিছিল, অ আই অ তোক উলিয়াই দি মই কেনেকে থাকিম অ,উৱৱৱ মোক আজিপা বৌটি বুলি কোনে মাতিব অ, বাৰীৰ শাক কিডাল, পানী কলহটো কোনে আনি দিব অ’।(লাগিলে ঘৰত ফুটবল টিমৰ আধামান থাকক)বুলি দুৱাৰ ধৰা কাপোৰ সহিতে মাটিত ধাবলাং। সমানে কইনাৰ ৰাউচী, অ বৌটি মোক কিয় বিয়া দিলি অ,(লাগিলে দৰাই আগতে পাটি চাইকেলেৰে পদূলি মুৰেদি সাতপাক মৰাই হওক।)। মাকৰ ডিঙিৰ পৰা এৰ খাবই নোখোজে, মেকআপ তেহেলে যা। তেনেতে দুজনীমানে টানি-আঁজুৰি মাক জীয়েকক আঁতৰ কৰি মাকক বিচনালৈ নি মৰ ঠাণ্ডা হলেও মুৰত নাৰিকল তেল আৰু পানী দিবই।

ইফালে ৰভাৰ তলত চুক এটাত জঠৰ লাগি বহি থকা বাপেকক সেৱা কৰাবলৈ নিওতেই কইনা চিতিকি গৈ বাপেকৰ বুকুত, পিতাই অ’ মোক কেলে বিয়া দিলি অ’, তোৰ তিয়নীখন কোনে মেলিব আজি পৰা, চেদা টেমাতো কোনে গোটাইদিব আজিপৰা অ’, বাপেকে থোকা-থুকি মাতেৰে কয়, যা আই যা জোঁৱায়ে নিলেও নিয়া যমে নিলেও নিয়া বুলি শাস্ত্ৰই কৈয়ে থৈছে। আই মোকহে এতিয়া কাজলীজনী খিৰাওঁতে ধৰি দিওঁতা নোহোৱা হ’ল।

সেইসময়ত যদি কইনা ধৰাজনী বল শকতি নথকা বিধৰ হয় বিপদেই আৰু কইনাই নিজৰ শৰীৰৰ সকলো ভাৰ সেইগৰাকীকে এৰি আজৰি। ভায়েক ককায়েক কেইটাৰ দুখ লাগে; নেদেখুৱায়। ৰভাতলতে পিন পিনাই ফুৰে। কইনাই বিচাৰি চলাথ কৰে। অ’ দাদা, অ’ ভাইটি অ’ তহঁতক আজি পৰা কোনে কাপোৰ ধুই দিব অ’, চুঙাত ভৰোৱা পইচা কেইটা তহঁতক কোনে উলিয়াই দিব অ। অন্তিম পয্যায়ত আহে গাওঁ সম্বন্ধীয় বোৰৰ পৰা বিদায়, ঔ পেহীদেউ অ চিটিকি গলত পেহীটিৰ কান্দোন তই নাথাকিলে ঢেকী চাব কোনে দিব ঐ মৰতী, মুঠতে মাহী ঔ ধাৰাম, ববৌ অ ধাৰাম গলত। ঐ সাবিতী ঐ পথাৰত বগৰী কা লগত খুন্দি খাম বুলি বান্ধৱীৰ বিলাপ। এই গলত চিটিকা চিটিকিৰ কোবত কইনাৰ মূৰৰ আখৈৰ মালা কাৰোবাৰ মুখত সোমায় পেট পায় মচমচীয়া আখৈ হেঁচাত গুৰি হয়, থকা কেইটা। সাক্ষী ৰয়গৈ গুলি সুতাডাল ওলমি। অৱশেষত আইতা বা বৰমা এজনী আহি এই ভৰত বিলাপখন শাম কটায়, “যা আই যা নেপায় এয়া দুনীয়া দস্তুৰ যাবৈ লাগিব জীয়াঈ ছোৱালী এঘৱলৈ। জোঁৱাইক দেৱতাহেন ভাৱিবি।”

ইফালে অতপৰে ৰভাতলত মেহেঙা মেহেং কৈ ৰৈ ৰৈ দৰাৰ আমুৱাই। অৱশেষত সমস্ত মেকআপ ঘৰতে চকুপানীৰ ক্লিনজিংমিল্ক দি চফা কৰি ৰাউচি টানি আধা বেহুঁচ হৈ এম্বেচাদৰত উঠেগৈ।

আজিকালি কইনাই হাজাৰ দুখ লাগিলেও কন্দা নিষেধ। কেনেবাকৈ কান্দোন আহিলেও কইনাৰ পাছফালে ষ্টেণ্ডবাই থকাজনীয়ে আৰ্তচিৎতকাৰ কৰে, ন বেবী ন, মেকআপ বেয়া হ’ব। আইলাইনাৰ বেয়া হৈ যাব। ইফালে 24×7 সৈ কেমেৰামেন কেইটা কইনাই কন্দা মানে যেন সিহঁতৰ টি. আৰ. পিহে যাব। ছাতিটোৰ তলৰ পৰা যেন কইনাক নুলিয়াবৈ। ইফালে প্ৰেজেন্ট দিবলৈ গৈ হাইহিল পিন্ধিযোৱা ভৰিয়ে চকী বিছাৰি আন্দোলন কৰে। কইনা বিদায়ৰ সময়তো একে দশা।মেকআপ সোপাৰ কথা মনত আহে হাজাৰ দুখ লাগিলেও সহি-সামৰি থকাই ভাল, দৰাঘৰত গৈ পোৱাৰ কথা আছে। ইফালে মাকৰো একেই সমস্যা হয় তথাপিও হাজাৰ হলেও মাকৰ দুখে খুন্দিয়ায়ে। তথাপিও যোৱাৰ সময়ত বোৱাৰী জীৱনৰ প্ৰয়োজনীয় দিহা কেইটা দি পঠিয়াই, বেবী তাক(মানে জোঁৱাইক) সদায় নিজৰ কেপচাৰত ৰাখিবা, মাকৰ কথাত গুৰুত্ব দিবলৈ নিদিবা(সেয়া সকলোৰে কাম্য দেই)। মন বেয়া লাগিলেই গুচি আহিবা, কল কৰিবা মই গাড়ী পঠাই দিম। ইফালে ছোৱালীয়ে কয় মম, প্লীজ তুমি কান্দিলে মোৰো কান্দা আহিব। তাত কেনেকা যাম মেকআপ বেয়া হ’লে গোটেই মানুহ থাকিব ন ।

পাপা প্লীজ মামাৰ কেয়াৰ ল’বা। আৰু গিফ্টবোৰ মই আহিলে খুলিবা হা। হেই গাৰ্লছ মিট ইউ চুন। বান্ধৱী সকল সেয়া।

পাৰ্থক্য সময়ৰ। সময়ক জীৱনক স্বীকাৰ কৰাৰ সাহস।

☆★☆★☆

9 Comments

  • Kangkan Borah

    সুন্দৰ…….”বেবী তাক সদায় নিজৰ কেপচাৰত ৰাখিবা” ফিনিচিংৰ এই মন্ত্রফাঁকী মজ্জা দি পঠাই কিন্তু দেই

    Reply
  • ধৰিত্ৰী শৰণীয়া(ভণীতা)

    হয় দেই বৰ্তমানৰ বিয়া অাৰু অাগৰ বিয়াৰ হুবহু চিত্ৰ

    Reply
  • তামাম উত্তৰা৷ হুবহু চিত্ৰ খন ইমান ৰস লগাকৈ লিখিলা৷

    Reply
    • উত্তৰা

      ধন্যবাদ দাদা। আপোনালোকৰ প্ৰেৰনাতেই চেষ্টা এটা কৰিলো। পৰীৰ অৱদান মৰমৰ দাৱী।

      Reply
  • SOMESWAR BORAH

    তাহানিৰ বিয়াত আজিৰ দৰে ইলাহী কাৰবাৰ নাছিল।গাঁওৰ গঞাই ৰভা-পৰলা দিছিল।চকী বেঞ্চ গোটাইছিল গুৰ-গাখীৰ আনিছিল।আজিকালি সেইফেৰা নেচেল। চুট টাই লগাই আহিব।দুঘণ্টাতে বিয়াৰ হেম-গেম ফিনিশ। বিধে বিধে ব্যঞ্জন।কোনেও কাকো চোৱাৰ দৰকাৰ নাই।বিয়া ঘৰীয়াক মাতষাৰ দিলো বা নিদিলো। উদৰ পূৰাই খালো, মটৰত উঠিলোহি।ধূলি উৰুৱাই গুচি আহিলো।
    দৰাৰ লগত যোৱা সকলে দৰাক পুৰা ড’মে সংগ দিয়াটো নিয়ম।ফাৰণিচাৰ আছ-বাব পত্ৰ কইনা ঘৰত সমজি লৈ পিছদিনা দৰাৰ ঘৰত প্ৰহুচাই দিয়াটো নিয়ম।তেহে ন-কইনাক জোকাই জোকাই চাহ তামোলৰ জুতি উঠে। কিন্তু আজিকালি দৰালি ঘৰীয়া কলৰ তলৰ পৰা পোনে পোনে ভোজন গৃহ পাইগৈ।
    তাহানিতে সাত কুৰি গা-ধন দিহে কইনা পাইছিল। আজিকালি ওলোটা হৈ যৌতুক হ’ল।ল’ৰাৰ এনুৱেল পেকেজ মতে তালিকা খন হ’ল।মোমাই টেকেলি ধৰা মোমায়ে গো-ধন দিছিল।আজিৰ মোমায়ে গো-ধনৰ মূল্য দিয়ে মাণিক চান্দ অথবা টানিক্স ত।।

    Reply
    • উত্তৰা

      আপোনত্ববোৰ হেৰাই গল দাদা।

      Reply
  • বৰ ধুনীয়াকৈ আৰু ৰসালকৈ তুলনা কৰিছা। বৰ ভাল লাগিল ।

    Reply
  • devanjan

    ৰামায়ণ বোলিলো…

    Reply
    • devanjan

      Sorry দেই comment টো ভুল কৈ গ’ল.. হ’ব লাগিছিল-তামাম বুলিলো…

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *