সম্ভাষণ – সমুদ্ৰ কাজল শইকীয়া
প্ৰিয়ঙ্কাৰ, মানে প্ৰিয়ঙ্কা চাক্সেনাৰ এটা অদ্ভূত গুণ আছে। আগ পিছ একো নভবাকৈ তাই কথা কৈ যাব পাৰে; অনৰ্গল। মুহূৰ্ততে মানুহৰ প্ৰশংসাত পঞ্চমুখ হ’ব পাৰে, মুহূৰ্ততে মানুহক কুকুৰে কাঁইট নোখোৱাকৈ গালিও পাৰিব পাৰে। অলপ আগলৈকে হাঁহি মাতি কথা পাতি থকা – তুমি যে ইমান ভাল বুলি কৈ থকা মানুহ এজনকো পৰিস্থিতিৰ প্ৰয়োজন সাপেক্ষে তিৰষ্কাৰ কৰি খেদাই পঠাব পাৰে। এই অদ্ভূত সামৰ্থ্যৰ বাবেই প্ৰিয়ঙ্কা কোম্পেনীৰ এইচ আৰ মানে হিউমেন ৰিচ’ৰ্ছ বা মানৱ সম্পদ বিভাগৰ কামৰ বাবে আটাইতকৈ উপযুক্ত। কিন্তু বন্ধুত্বৰ খাতিৰত তাই যি কোনো কামেই কৰিব পাৰে। কোম্পেনী অথবা সংস্থাবোৰৰ লগত জড়িত মেট্ৰ’পলিটান চহৰৰ মানুহৰ জটিলতাৰ লগত অহৰহ কাম কৰি থকা স্বত্বেও ভিতৰি ভিতৰি ছোৱালীজনীৰ মাজত আছে এটা অদ্ভূত সৰলতা। তাইৰ এই যি বহুবল্কীতা – সেয়াও তাইৰ সেই সৰলতাৰেই প্ৰতীক।
কোম্পেনীৰ এইচ আৰৰ চাকৰিটো হ’ল মানুহৰ শাওপাত খোৱাৰ চাকৰি। এফালে মানুহক চাকৰিত নিয়োগ কৰাৰ গোটেইখিনি জঞ্জাল মূৰ পাতি ল’ব লাগে, দৰমহাৰ পৰিমাণক লৈ যুক্তি তৰ্কেৰে মীমাংসা কৰাটোও এটা লেঠা, তাৰ পিছত আকৌ প্ৰতি মাহে লোকৰ প্রাপ্য আৰু অপ্ৰাপ্য টকা পইচাৰ হিচাপ কৰা – এইবোৰতকৈ বিৰক্তিকৰ কথা আৰু কি হ’ব পাৰে? আটাইতকৈ আমনিদায়ক কথাটো হ’ল আন আন এমপ্লয়ীবোৰ যেনেকুৱাই নহওক কিয় এইচ আৰ গৰাকী সদায়েই নিষ্ঠাবান বুলি ধৰি লোৱাই হয়। বাকী সকলোৰে মনত এইচ আৰ সদায়েই কোম্পেনীৰ পোহনীয়া প্ৰভুভক্ত কুকুৰ। মেনেজাৰৰ অথবা চি ই অ’ৰ একেবাৰে খাচ মানুহ। সেই কাৰণেই এইচ আৰক লৈ মানুহৰ মাজত গল্প গুজৱৰ কোনো অন্ত নাথাকে। কোম্পেনীৰ মেনেজাৰক কোনোবাই ভুলবশতঃ হ’লেও যদি উদাৰ বুলি মানিও লয়, এইচ আৰ কেতিয়াও উদাৰ হ’ব নোৱাৰে – সদায়ে কনজুচ। এইচ আৰে সদায়েই এনেকুৱা কৰে যেন তেওঁ নিজৰ জেপৰ পৰাহে বাকীবোৰক দৰমহা দিয়ে। এয়াই এইচ আৰ সম্পর্কে মানুহৰ ধাৰণা।
প্ৰিয়ঙ্কাৰ লগ লাগিছেহি কেইদিনমানৰ পৰা এডমিন বিভাগতে অন্য এটা পদত কাম কৰা হেমাঙ্গিনী। তায়ো একাঠি চৰা। দুয়োজনীয়ে অন্য মানুহ ওচৰত নথকাৰ সময়ত কি কথা পাতে সেইবোৰ মানুহে নিজ কাণেৰে নুশুনিলে বিশ্বাসেই নকৰিব। প্ৰিয়ঙ্কাৰ মেজখন তিনি মহলাৰ ওপৰৰ লিফটৰ দুৱাৰৰ ঠিক মুখতেই। ফলত কোনো মানুহেই প্ৰিয়ঙ্কাৰ মেজখনৰ পৰা সাৰি যাব নোৱাৰে। কোন কেতিয়া আহিছে, কোন কেতিয়া গৈছে এই আটাইবোৰ তাইৰ নখ দৰ্পণত।
“দেখিছ, কোন কেতিয়া আহে যায় চব মোৰ চকুৰ সন্মুখত। কোনো কেতিয়াও সাৰিব নোৱাৰে।”
“ভালেই দে। মোৰ কথা ভাবচোন অলপ। মোৰ কোঠালিৰ দুৱাৰখন আকৌ সৌ টয়লেটটোৰ ফালেহে। ফলত মই কোন কেতিয়া কিমানবাৰ বাথৰুমলৈ গৈছে সেইবোৰহে দেখোঁ।”
হেমাঙ্গিনীয়ে ৰসিকতা কৰি কয়। দুয়োজনীয়ে হাঁহে।
“আমনি লাগিছে আৰু। ইমানবোৰ মানুহ আহে আৰু যায়। কিমানক চাকৰি দিলোঁ, কিমানক খেদালোঁ তাৰ কোনো হিচাপ নাই। এটাও যদি ঢঙৰ ল’ৰা আহিলে হেতেন ঐ…”, প্রিয়ঙ্কাই হুমুনিয়াহ কাঢ়ে। হেমাঙ্গিনীয়ে সান্তনা দিয়ে – “আহিব, আহিব। আয়েগা তেৰা ভি চাহনেৱালা।” তাৰ পিছতেই সিহঁতৰ আৰম্ভ হয় দুনীয়াৰ যত ফটুৱা কথা আৰু ফাজলামী।
তেনেকৈয়ে আহিছিল এদিন মাৰ্কেটিং হে’ডৰ পদৰ বাবে এখন নিবিদা। ৰবাৰ্ট বি নামেৰে ব্যক্তি এগৰাকী। কৰ্মক্ষেত্ৰত অভিজ্ঞতা সাত বছৰৰ ওপৰৰ হ’ব। নতুন চি ভি হাতত আহি পৰিলেই প্ৰিয়ঙ্কা আৰু হেমাঙ্গিনীৰ প্ৰথমতে হেতা ওপৰা লাগে – কোনোবা ধুনীয়া দেখনীয়াৰ ল’ৰাৰ চি ভি আহিছে নেকি তাকে চাবলৈ। সদায়ে নিৰাশেই হয়, আৰু তাৰ পিছত সেই চি ভিখিনিয়েই সিহঁতৰ কাৰণে হৈ পৰে বোজা স্বৰূপ। কিন্তু এই ৰবাৰ্টৰ চি ভিখন হাতত পৰাৰ লগে লগেই সিহঁতৰ মাজত হুৱা দুৱা লাগি গ’ল। পাছপ’ৰ্ট ফটোখনত দেখা মতে ল’ৰাজন দেখনীয়াৰ। বগা চামৰাৰ। মূৰত কপালৰ ফালে চুলি অলপ কম – কিন্তু বেয়া নেদেখায়। ঠিকনাটো চাওঁতেই দেখা পালে – ইউ কে। আৰে চাব্বাছ! এইবাৰ কপাল ফুলিছে।
“ইছ বাৰ এক ঢংগ কা লেড়কা আয়া হে। আহ বেটা – ক’ত পলাই সাৰিবি তই।” প্ৰিয়ঙ্কাই ক’লে।
“কিন্তু বিবাহিতও তো হ’ব পাৰে”- হেমাঙ্গিনীৰ মনৰ উৎকন্ঠা।
“শুভ শুভ ভাব। বেয়া কথা ভাবিব নাপায়। সি বিবাহিত হ’বই নোৱাৰে। মই এনেয়ে ইমান বছৰ ধৰি মঙ্গলবাৰে মঙ্গলবাৰে হনুমানজীৰ উপাসনা কৰি উপবাস ৰাখি আহিছোঁ নেকি?”
“কথাটো অৱশ্যে হয়। কিন্তু পাছপ’ৰ্ট ফটো এখন চাই কেনেকৈ ক’বি মানুহটোনো কেনেকুৱা। চা চোন চা- ফেচবুকৰ প্ৰফাইল নিশ্চয় থাকিব।”
“মোক কি বুলি ভাবিছ? মই এতিয়ালৈকে ৰৈ থাকিম নেকি? চব চালোঁ। ক’তো একো প্ৰফাইল নাই।”
“ধূৰ তেনেহ’লে পাক্কা মেৰিড হ’ব। ঘৈণীয়েকৰ ভয়ত ফেচবুকৰ একাউন্টো খোলা নাই নহ’লে ব্লক কৰি থৈছে।”
“তোৰ মুখত পোক লাগক। ভাল কথা তোৰ মুখলৈ নাহেই নেকি।”
“নহয়, যিটো সম্ভাব্য – মই সেইটোহে কৈছোঁ।”
“বাৰু হ’লেই জানিবা বিবাহিত, ময়ো হ’বলা কম ভকতনী? তাক আঙুলিৰ মূৰত এনেকৈ নচুৱাম নহয়…”
“কিন্তু মই আৰু এটা কথা ভাবিছোঁ।”
“কি?”
“ইউ কে-ৰ পৰা আকৌ আমাৰ দেশলৈ কোনোবাই কিয় কাম কৰিবলৈ আহিব?”
“আমাৰ দেশখন তই কি বুলি ভাবিছ? কিমান দেশ বিদেশৰ মানুহ ইণ্ডিয়ালৈ আহিবলৈ হামৰাও কাঢ়ি থাকে তই কি জান? আৰু তাতে এই ল’ৰাটো ইণ্ডিয়ান অৰিজিন।”
“ইণ্ডিয়ান অৰিজিন? কিন্তু ইমান ঢকঢককৈ বগা যে?”
“ইণ্ডিয়াত বগা মানুহ নাই নেকি কিবা? আৰু নিজৰ দেশৰ টানটোৱেই বেলেগ। ইউ কে, ইউনাইটেড কিংডম – যিমানেই যি নহওক – নিজৰ দেশ মানে নিজৰ দেশেই। ইণ্ডিয়া ইজ ইণ্ডিয়া।“”
নতুনকৈ জইন কৰিবলগীয়াজনক লৈ প্রিয়ঙ্কা আৰু হেমাঙ্গিনীৰ জল্পনা কল্পনাৰ অন্ত নোহোৱা হ’ল। কেনেকুৱা বা হ’ব ল’ৰাজন! মাত কথাবোৰ বা কেনেকুৱা! সৰুতেই ইংলেণ্ডলৈ গুছি গৈছিল নে তাতেই জন্ম হৈ ডাঙৰ দীঘল হোৱা – মুঠতে কৌতুহলৰ সীমা সংখ্যা নাই।
“উস, মই আৰু থাকিব নোৱাৰা হৈছোঁ। মোৰ ব্লাড প্ৰেছাৰ বাঢ়ি বাঢ়ি গৈ আছে চা। দে চোন দে হেমাঙ্গিনী, মোক হনুমান চালিছাখন দে। এবাৰ আওঁৰাই লওঁ।”
“যাহ্- নৌটংকি কৰবাৰ…”
*
ৰবাৰ্টে কামত জইন কৰাৰ আগতেই অফিচটোৰ তিনিটা মহলা জুৰি যিমানবোৰ এমপ্লয়ী আছিল সকলোৰে মাজত এই খবৰটো বিয়পি পৰিছিল যে ইউ কেৰ পৰা কোনোবা এজন মানুহ আহিব এইবাৰ মাৰ্কেটিং হে’ড হৈ। প্ৰগ্ৰেম মেনেজাৰৰ পৰা আৰম্ভ কৰি কেন্টিনৰ মানুহ আৰু ফ’ৰ্থ গ্ৰেডৰ চাকৰিয়ালবোৰৰ মাজতো এটা মৃদু উত্তেজনাই বাহ লৈছিল। ৰাতিপুৱাই আহি প্রিয়ঙ্কাই অফিচত খদমদম লগাইছিল। গোটেই অফিচটোত নতুনকৈ ধূলি মাকটি জোকাৰি চাফা কৰোৱাই লৈছিল। আটাইবোৰকে সাৱধান কৰি থৈছিল – ‘বিশেষ’ মানুহ আহি আছে। এতিয়াৰ পৰা আৰু আগৰ দৰে চেলেং পেটেং হৈ থাকিলে নহ’ব।
ৰবার্ট যেতিয়া আহিল, অফিচৰ বাহিৰৰ গে’টখনতেই গাৰ্ডকেইজনে বৰকৈ আলহ উদহ কৰিছিল। লিফটত উঠিবৰ সময়তো লিফটৰ ওচৰতে থকা সুৰক্ষা কৰ্মচাৰী সকলেও ৰবাৰ্টক আদৰ সম্ভাষণ জনালে। ৰবাৰ্ট প্ৰথমেই প্ৰিয়াঙ্কাৰ মেজলৈ গ’ল। আজি প্ৰিয়ঙ্কা আৰু হেমাঙ্গিনী দুয়োজনীয়েই সাজি কাচি আহিছে।
“আমাৰ কোম্পেনীৰ এইটো অফিচত আমাৰ দেশৰ বিভিন্ন ঠাইৰ মানুহ আপুনি পাব। উত্তৰৰ পৰা দক্ষিণলৈকে সকলো ৰাজ্যৰে মানুহ ইয়াত আছে। কিন্তু আজিৰে পৰা আমি আপোনাক আমাৰ মাজত আমাৰে এজন হিচাপে পাই আমি আনন্দিত”- বুলি কৈ প্ৰিয়ঙ্কাই ৰবাৰ্টক অভিবাদন জনালে। ৰবাৰ্টক বহিবলৈ কৈ অলপ সময় প্ৰিয়ঙ্কা কামত ব্যস্ত হৈ ৰ’ল। কিছুপৰৰ পিছত ৰবাৰ্টক তেওঁৰ হ’বলগীয়া কেবিনটোৰ বাট দেখুৱাই দিলে। গোটেই অফিচটোতে এটা মৃদু উত্তেজনাই বিৰাজ কৰিছে।
দুপৰীয়া টিফিন খাবৰ পৰত প্ৰিয়ঙ্কা আৰু হেমাঙ্গিনীৰ হাঁহিৰ ৰোল উঠিল।
“তই কি কি কথা পাতিলি?”
“যি পাতিব লাগে পাতিলোঁ আৰু। তোক কেলেই ক’ম?”
“কি সুধিলি ক না। লণ্ডনত এতিয়া বৰফ পৰিছে নে নাই সেইবোৰ সুধিলি নেকি?”
“ধ্যেৎ, মোক গঞা বুলি ভাবিছ নেকি?”
“কিন্তু যিয়েই নহওক। এইবাৰ তোৰ কপাল ফুলিল। মানুহটো সঁচাকৈয়ে বৰ হেণ্ডচাম। বিৰাটেই হেণ্ডচাম। আৰু ইমান পলাইট।”
“মানুহটো মানে? ল’ৰাটো বুলি ক।”
“বাৰু বাৰু তই কি কথা পাতিলি সেইটো ক না।”
“মোৰ এনেকুৱা খলপ জলপখন লাগিল – মই একো কথাই পাতিব নোৱাৰিলোঁ ভালকৈ।”
“মই এতিয়ালৈকে ওচৰৰ পৰা পোৱাই নাই। দূৰৰ পৰাহে দেখিলোঁ দুবাৰ মান। কথাবোৰ কেনেকুৱা? মানে একচেন্ট কেনেকুৱা? ব্ৰিটিছ একচেন্ট থাকিলে মই আকৌ একো বুজিয়েই নাপাওঁ।”
“ঠিক ঠাক। মানে তেনেকুৱা একো নাই বাৰু।”
“কিন্তু তোক কথা এটা কৈ থওঁ।”
“কি কথা?”
“তাৰ বহুমূত্ৰ ৰোগ আছে যেন পাওঁ। আজি এবেলাৰ ভিতৰতে তাক চাৰিবাৰ ওৱাছৰুমলৈ যোৱা দেখিলোঁ।”
“হেমাঙ্গিনী, তয়ো যে আৰু! তই হবলা সেইবোৰকে চাই আছিলি?”
লান্সৰ সময়ত কেন্টিনৰ ফালে ৰবাৰ্ট আগবাঢ়ি যাওঁতে কেন্টিনৰ ল’ৰাটোৱে নিজে আগবাঢ়ি আহি চকী পাৰি দিলে। আথে বেথে কি খাব সুধিলে। এইটো এটা বিৰল ঘটনা। আনদিনা আন মানুহ হ’লে দহবাৰমান সোঁৱৰাই থকাৰ পিছত অতিষ্ঠ হৈ হকা ডকা দিয়াৰ পিছতহে কেন্টিনৰ ল’ৰাটোৰ গা লৰে।
এনেকৈয়ে তিনিদিন গ’ল। প্ৰিয়ঙ্কা আৰু হেমাঙ্গিনীৰ ফুচফুচীয়া বিয়নি মেলৰ পৰাই ঘুনুক ঘানাক কৈ কথাটো বিয়পি পৰিছিল যে বিলাত ফেৰত এজন অফিচলৈ আহিব- ৰেগুলাৰ এমপ্লয়ী হিচাপে জইন কৰিবহি। তেখেত, মানে ৰবার্ট বি আহিল। ৰবাৰ্টে জইন কৰিলেহি আৰু কামো আৰম্ভ কৰিলে। মানুহবোৰৰ উত্তেজনা এতিয়াও শাম কটা নাই। চাৰি দিনৰ দিনা ৰবাৰ্ট প্ৰিয়ঙ্কাৰ মেজলৈ আহিল। ৰবাৰ্ট মৃদুভাষী। জুখি-মাখি কথা কয়। খোজে কাটলে এটা সম্ভ্ৰম বিৰাজমান। এনেকুৱা মানুহৰ লগত কথা পাতিবলৈ প্ৰিয়ঙ্কাৰ দৰে এজনী লচপছী ছোৱালীয়ে অলপ ইতঃস্তত বোধ কৰাটো আচলতে স্বাভাৱিকেই।
কথা আগবঢ়াত ৰবাৰ্টে জনালে যে সি সদ্যহতে কালকাজীৰ ওচৰত তাৰ বন্ধু এজনৰ ঘৰত আছেহি। নতুনকৈ ঘৰ এটা বিচাৰি সি থকা খোৱাৰ যোগাৰ কৰি ল’ব। প্ৰিয়ঙ্কাই তাক কে’বাটাও পৰামৰ্শ দিলে। দিল্লীৰ কোন ঠাইত সহজে ভাড়াঘৰ পোৱা যাব, ক’ত থাকিলে অফিচলৈ তাৰ যাতায়ত সুচল হ’ব, ব্ৰ’কাৰ বা দালালৰ জৰিয়তে ঘৰ ল’লে কি কি সাৱধানতা আৱলম্বন কৰিব লাগে ইত্যাদি বহুখিনি পৰামৰ্শ তাই দিলে। ৰবাৰ্টে অফিচলৈ প্ৰথম দিনাই আহি জইনেই কৰি ল’লে, গতিকে মাজতে সি এবাৰ ঘৰলৈকো গৈ আহিব লাগিব বুলি জনালে।
“হয় মই বুজি পাওঁ। নতুন ঠাইত, নতুন অফিচত চাকৰি কৰোতে এনেকুৱা বহুখিনি কামেই কৰিবলগীয়া হয়। আপুনি মাজতে এবাৰ ঘৰলৈ গৈ নিজৰ পেন্দিং কামবোৰ সামৰি আহিবগৈ বাৰু। কিন্তু আপোনাকতো এমাহমানৰ ছুটি লাগিব চাগৈ। ইমান দূৰ – যাওঁ বুলিলেই যোৱা আৰু আহোঁ বুলিলেই অহাটোতো আৰু সম্ভৱ নহয়।”
“নাই তেনেকুৱা একো কথা নাই। মাত্ৰ দুদিনৰ ছুটি হ’লেই মই মেনেজ কৰি ল’ব পাৰিম।”
“দুদিনৰ ছুটিতে মেনেজ কৰিব পাৰিব? আচৰিত। বাৰু আপুনি কেতিয়া যাব খুজিছে? অহা মাহত?”
“আচলতে আপোনাক কেনেকৈ ক’ম তাকেই ভাবি আছিলোঁ। মই জানোঁ নতুন ঠাইত জইন কৰিয়েই লগে লগে ছুটি বিচৰাটো ভদ্ৰতাৰ লক্ষণ নহয়। তথাপি মাত্ৰ দুদিনৰ ছুটিতেই যদি মই মোৰ ঘৰুৱা পেন্দিং কামবোৰ সামৰি সুতৰি আজৰি হৈ ল’ব পাৰোঁ সেয়া মোৰ নিজৰ কাৰণে আৰু মোৰ কামৰ কাৰণেও ভাল কথাই হ’ব। সেয়েহে ভাবিছোঁ যদি পাৰি মই কাইলৈকে এবাৰ ঘৰলৈ যাবলৈ বিচাৰিম।”
“কিন্তু ইমান হঠাত আপুনি যাব কেনেকৈ? নে আগৰে পৰাই আপোনাৰ যোৱা অহা সকলো ঠিক হৈ আছিল?”
“নাই আগৰে পৰাই ঠিক হৈ থকা নাই।”
“কিন্তু আপোনাৰ ঘৰৰ ঠিকনা – মানে পাৰমানেন্ট ঠিকনাটোতো ইউ কে বুলি দিয়া আছে ইয়াত।”
“হয় ঠিকেই। ইউ কে। উত্তৰাখণ্ড।”
প্ৰিয়ঙ্কাৰ মুৰত যেন আকাশ ভাঙি পৰিল। এক মুহূৰ্তৰ বাবে ভৰিৰ তলৰ পৰা মাটি সৰকি যোৱাৰ দৰেও লাগিল হবলা। এনেয়ে প্ৰিয়ঙ্কা সহজে সেও মনা ভকত নহয়। কোনোবা এমপ্লয়ীয়ে ছুটি বিচাৰিলে এবাৰতে এখন এপ্লিকেচনতে তাই ছুটি মঞ্জুৰ কৰোৱাই দিয়াৰ নজিৰ নাই। কিন্তু এই মুহূৰ্তত কি কৰিব কি নকৰিব ভাবি নাপাই ৰবাৰ্টক ততাতৈয়াকৈয়ে ঘৰলৈ গৈ ঘৰুৱা জঞ্জালবোৰ সামৰি আহি পুৰ্ণোদ্যমে কামত লাগিবলৈ অনুৰোধ কৰিলে।
“ধূৰ বেং! উত্তৰাখণ্ডটোকে ইউ কে বুলি লিখিবলৈ তাক কিহে পাইছিল? এনেয়ে মিছামিছি মই লাজত পৰিলোঁ।”
“তইনো কেনেকৈ লাজত পৰিলি? তইতো তাক সোধা নাই আপুনি ইংলেণ্ডৰ ক’ত থাকে বুলি।”
“ভাগ্য ভাল যে তেনেকুৱা একো সুধি নেপেলালোঁ। সুধি পেলোৱাহেঁতেন পিছত ছিপজৰী লৈ মৰিবলগা হ’লহেঁতেন।”
“তেনেহ’লে ইমান টেনচন লৈছ কিয়? হ’ব দে। আমাৰেই কপাল ফুটা।”
“নহয় অ’- কথাবোৰ অফিচত চবেই জানে। চবেই কোৱাকুই কৰি আছিল এইকেইদিন বোলে ইউ কেৰ পৰা কোনোবা বিলাতী মক্কেল এটা আমাৰ অফিচলৈ আহি আছে।”
হেমাঙ্গিনীৰ মুখৰ মাত হৰিল।
“প্ৰিয়ঙ্কাই নিজৰে কপাল চপৰিয়াই কৈ গৈ থাকিল- “মোকনো ইমান কথকী হ’বলৈ কিহে পাইছিল। কিয়নো মই অফিচৰ থাৰ্ড গ্ৰেড ফ’ৰ্থ গ্ৰেড কৰ্মচাৰীবোৰৰ সন্মুখতো গাই বাই ফুৰিছিলোঁ যে আমাৰ অফিচলৈ বিদেশৰ পৰা এটা মানুহ আহি আছে…”
“হ’ব দে। এতিয়া মাথা মাৰি লাভ নাই। মানুহে তোক জানে। মানুহে জানে, বুজি পায়, যে যিবোৰ মানুহ ভিতৰি সৰল হয় সিহঁতেই বেছিকৈ কথা কয়। আৰু ৰবাৰ্ট বিষ্টক লৈ ইমানকৈ ব্যস্ত হ’বলৈ একো দৰকাৰেই নাই। জান, সি এবেলাৰ ভিতৰতে চাৰিবাৰ ৱাছৰুমলৈ যায়।” হেমাঙ্গিনীয়ে যিমানে পাৰে প্ৰিয়ঙ্কাক সান্ত্বনা দিবলৈ চেষ্টা কৰিলে।
দুদিন ছুটিৰ পিছত ৰবাৰ্ট বিষ্ট আফিচলৈ আহিল।
আজি গে’টৰ দাৰোৱানজনে আগবাঢ়ি আহি তাক গে’ট খুলি নিদিলে। সি য’তে আছিল তাতেই ৰৈ থাকিল। লিফটত উঠিবৰ সময়তো দাৰোৱানজনে তালৈ সম্ভাষণ নজনালে। তেওঁ মোবাইলত কাৰোবাৰ সৈতে কথা পাতি আছিল, কথা পাতিয়েই থাকিল। দুপৰীয়া কেন্টিনখনলৈ যাওতেও ছিট খালী নাছিল বাবে সি বহুপৰ ঠিয় হৈয়েই থাকিল। কেন্টিনৰ ল’ৰাটোক চাৰিবাৰমান অনুৰোধ কৰাৰ পিছতহে কোনোমতে চেণ্ডুইছ এটা খাবলৈ পালে।
সি বুজিয়েই নাপালে ঘটনাটো কি। প্ৰথম দিনাই আহিয়েই অফিচত সোমায়েই সি যি আদৰ সম্ভাষণ পাইছিল – আজি দেখোন সকলোবোৰ সমূলি বেলেগ।
☆★☆★☆
1:26 pm
ফটাঢোল খুলিয়েই প্ৰথম এইটোকে পঢ়িলো।সুতীক্ষন ব্যংগ। বহুত ভাল লাগিল
2:24 pm
হাঁহি হাঁহি পঢ়ি থকাৰ পিছৰ খিনি কল্পনা কৰোঁ নিজে নাই নিমিলেহে নিমিলে।
মজা লাগিল।
3:33 pm
বঢ়িয়া লাগিল দেই!
5:57 pm
অ’ কেচ টো মানে ইউ কে.. বেচেৰা!! খুব ভাল লাগিল পঢ়ি।
5:57 pm
সুন্দৰ
6:23 pm
বিৰাট ভাল লাগিল।গোটেই ঘটনাটো চকুৰ আগত দেখি আছো যেন
8:51 pm
ভাল লাগিল পঢ়ি………
9:12 pm
সুন্দৰ ৰস | সুন্দৰ লিখনি |
10:16 pm
ইউ কে।
দিচপ’জেবোল সুৰ্যৰ স্ৰষ্টাৰ ব্যংগ লিখনীও সাংঘাতিক, খুব ভাল লাগিল পঢ়ি
10:56 pm
ইউ কে, তাতেই ৰবাৰ্ট!! অলপ জনজননি হবই দিয়কচোন! মজা লাগিল৷
11:14 pm
ভাল লাগিল
1:39 am
ভাল লাগিল।
12:36 pm
উচ্চস্তৰীয় ব্যংগ।ভাল লাগিল।
1:54 pm
বগা চামৰা
10:55 am
অশ্বত্থামা হতঃ ইতি গজ! মানে কথাটো৷ বঢ়িয়া
10:58 am
অশ্বত্থামা হতঃ ইতি গজ! মানে কথাটো৷ বঢ়িয়া
10:07 pm
ভাল লাগিল পঢ়ি
3:06 pm
ম ই আক’ উত্তৰ কমলাবাৰী বুলিহে ভাবিছিলো।
2:06 pm
ভাল লাগিল