মোৰ ফে'চবুক যাত্ৰাৰ সেই ৰোমাঞ্চক কাহিনী – দিপালী বসুমতাৰী
“ফেচবুকে কি দিলে?” বুলি যদি কোনোবাই মোক একাষাৰে সোধে…মই ক’ম,-“ই মোক কাহানিয়ো নভবা, নেদেখা বিচাৰি নোপোৱা বহুতেই….(?) দিলে।”..স্মার্ট ফোনটো লোৱাৰ পিছৰে পৰা ল’ৰাটোক ‘ ৱাট্ চ- এপ’ আৰু ‘ফেচবুক’ একাউণ্টটো খুলি দিবলৈ জোৰ দিলোঁ। সি নিদিয়েহে নিদিয়ে ৷ ক’লে ..”নালাগে দে .., এইবোৰ ভাল বস্তু নহয়।” মই কলোঁ ..”কি আৰু ভাল হ’ব লাগে..মইতো য’তে -ত’তে হাত নিদিওঁ নহয়।”
এইদৰে গ’ল দহদিন মান ৷ আকৌ ক’লোঁ, “দে না বাবা! মোৰ লগৰ সবৰে ‘ৱাটচ্- এপ’ ,’ফেচবুক’ আছে,। সিহঁতে মোৰ কণ্টেকত আহিবলৈ বিচাৰি আছে৷ এটা চুক্তিত সি মান্তি হ’ল “দিম, কিন্তু মোক নতুন ফোন এটা কিনি দিব লাগিব।”
(ইয়াৰ আগতে সি দামী ফোন এটা স্কুললৈ লগৰ বোৰক দেখুৱাবলৈ নিয়াত কোনোবাই একেদিনাই গাইপ কৰিলে) মই তাক গালি পাৰি যেনেতেনে কাম চলাব পৰাকৈ বুটাম টিপা ফোন এটা দিছিলোঁ, এনেও স্কুলত ফোন নিব নিদিছিল ৷
যাহওক, তাৰ ‘ডিমান্দ’ পূৰণ কৰাত সি মোক প্রত্যাশিত একাউণ্ট দুটা খুলি দিলে। এইবাৰ মোৰ পাল…কেনেকৈ চলাওঁ? মাথা -মুন্দ একো এটাই দেখোন নাজানোঁ? তাকো ডিচর্টাব দিব নোৱাৰোঁ, পঢ়া ক্ষতি হ’ব৷
সময় পালেই মোবাইলৰ পর্দাত ভোটা আঙুলিকেইটা ফুৰাওঁতে- ফুৰাওঁতে কিছু জনা হৈ পৰিলোঁ ৷ মাজে- মাজে সি মোৰ একাউণ্টটো বিজ্ঞৰ দৰে পৰীক্ষা কৰি কয়… “বাপৰে মা..! তোৰ দেখোন প্রফাইল চাই মাৰভেলাচ ফ্রেণ্ড ৰিকুয়েষ্ট আহিছে! ‘এক্সচেপ্ট’ কৰোঁনে?”
মই বেঙীয়ে ভাত ৰান্ধি- ৰান্ধি তাক মৰমতে দুটা মান (তাৰ বৰ প্রিয়) পকৰি ভাজি গৰমে গৰমে টেবুলত দি কওঁ..”অ.. অ.. কৰ .. কৰ, আৰু তই ৰিপ্লাইও দি যা!”
এইদৰে গ’ল কিছুদিন৷ মই লাইক, কমেন্ট ,চ্চাটিঙৰ বজাৰখন কিছু দখল কৰি পেলালোঁ। ‘ফ্রেণ্ড লিষ্ট’ত এগালমান ফ’ৰেইনাৰো সোমাই পৰিল। ভাবিলোঁ “এইবাৰ পাক্কা ‘আমেৰিকান ষ্টাইলত ‘ কনভাৰচেশ্বন চলাই নিব পাৰিম…!”
বন্ধ শেষ হোৱাত সি বেচেৰাটো মন নথকা সত্ত্বেও হোষ্টেললৈ যাব লগীয়া হ’ল। মোৰো মনটো সেমেকি উঠিল। গুৰু -শিষ্যৰ বিচ্ছেদৰ যৱনিকাৰ….সেই.কৰুণ দৃশ্যপট…!
মই গুৰুহীন শিষ্যৰ দৰে বিপাঙত পৰিলোঁ। যাকে- তাকে এইবোৰ কথা ক’বতো নোৱাৰি। মোবাইলটো টিপতে টিপতে নিজে -নিজে কিছু জনা হৈ পৰিলোঁ। সৰুৰে পৰা ক’ব নোৱাৰাকৈয়ে অসমীয়া সাহিত্যত খুউব ৰাপ আছিল ৷ সাহিত্যৰ শিতানবোৰ বিচাৰি উলিয়ালোঁ আৰু স্কুল কলেজ, ইউনিভাৰচিটি লেভেলত লিখি প্রাইজ বুটলাৰ দৰে ইটো -সিটো মন গ’লেই লিখি যাবলৈ ধৰিলোঁ৷ যেন তাহানিৰ সেই দিনবোৰৰ ছাঁত মনটো জুৰ পেলাবলৈ এই প্রয়াস।
ইন্টেৰেচটিং কথাটো হ’ল মই মোৰ নিজৰ ‘প্রফাইল’টোত ইমান দিনে চকু ফুৰোৱা নাছিলোঁ। নিজৰ বেটাই খুলি দিছে.. ‘ফুল কন্ফিডেন্স’ত গোটেইখন টিঘিল ঘিলাই ফুৰি আছোঁ। এদিন হঠাতে নিজৰ প্রফাইল চাই চক্ খাই উঠিলোঁ…হে ভগৱান..! এগালমান ‘বুট -বুট’ ,’বাট -বাট’ শব্দ তথা চিম্বলেৰে ভৰাই (কড লেঙ্গুয়েজত লিখা) মোৰ প্রফাইলটো সি নিজৰ বয়সৰ লেভেলত সজাইছে দেখোন..!
মনে- মনে লাজত মর্মাহত হ’লোঁ। মোৰ কলেজৰ student কেইটাই বাৰু কি ভাবিব…”আমাৰ মে’মৰ এই অৱস্থা..!” ইফালে চেটিংছৰ ‘চ’টোও নজনা মইজনীয়ে পুত্ৰ অহালৈ বাট চোৱাৰ পৰিৱৰ্তে একো কৰিবও নোৱাৰো।
অৱশেষত বন্ধত সি আহিল। তাক দেখিয়ে উমি উমি জ্বলি থকা খঙৰ টোপোলাটো খুলি একপ্রকাৰ ধমকিৰ সুৰত কলোঁ… “ঐ, তই এইবোৰ মোৰ নামত কি -কি লিখি দিছ হা? মোৰ মান -সন্মান সব গ’ল ৰে! ডিলিট কৰ তাৰাতাৰি…!”
এতিয়া গম পাইছোঁ দুজন মান ইণ্টিমেট বন্ধুয়ে হেনো মোৰ সেই অদ্ভূত প্রফাইল চাই চিনি পাইয়ো ফ্রেণ্ড লিষ্টত সোমাবলৈ সাহস গোটাব পৰা নাছিল৷
☆★☆★☆
4:01 pm
ভাল লাগিল
5:10 pm
বহুতৰে এনে হয় , বৰ সুন্দৰকৈ লিখিলে
6:49 pm
বহুত ভাল লাগিল।
7:35 pm
হৰি হৰি একে গতিয়ে আছিল পাই।
9:04 pm
হে ভগবান! কি যে হব আৰু! এই ফেচবুকতো বৰ সাংঘাটিক বস্তু দেই! অকপট স্বীকাৰোক্তি! ভাল লাগিল লিখাটো!