ফটাঢোল

সপোন – প্ৰদীপ পাটগিৰি

শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, শুভ সন্ধিয়া ৷ আন্তৰিক নমস্কাৰ ৷ সন্ধিয়া আঠ বজাৰ আমাৰ ‘ফাটা-ফাটি’ নিউজ চেনেলৰ অতি জনপ্ৰিয় অনুষ্ঠান ‘তৰ্কা-তৰ্কি’লৈ মই প্ৰদীপ পাটগিৰিয়ে আপোনাকলোক সকলোকে স্বাগতম জনাইছোঁ ৷ আজি আমি মানৱ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়, স্পৰ্শকাতৰ বিষয় আলোচনা কৰিবলৈ ওলাইছোঁ ৷ আশাকৰোঁ অনু্ষ্ঠানটো চাই আপোনালোক সকলোৱে বিৰাট ভাল পাব, তামাম উপভোগ কৰিব ৷ অনুষ্ঠানটো হ’ব সম্পূৰ্ণ ব্যতিক্ৰমী ৷ আজি আমি বিগত দিনবোৰৰ দৰে হৈ-হাল্লা কৰি আপোনালোকৰ কাণৰ পৰ্দা ফটাবলৈ চেষ্টা নকৰোঁ ৷ ডিঙিৰ সমস্ত সিৰ ফুলাই গালি-গালাজ কৰি আমনি নকৰোঁ ৷ অনৰ্থক তৰ্ক-বিতৰ্ক কৰি মূল্যৱান সময় নষ্ট নকৰোঁ ৷ খঙা-খঙী, ৰাগা-ৰাগী কৰি পৰিবেশ বিনষ্ট নকৰোঁ ৷ কৰিম মাথোঁ সুস্থ আলোচনা ৷ আন্তৰিকতাৰে অন্তৰৰ ভাব বিনিময় ৷ আজিৰ আলোচনাৰ বিষয় ‘সপোন’, ‘স্বপ্ন’ ৷ ষ্টুডিঅ’ত মোৰ বাঁও ফালে এয়া উপস্থিত আছে, আপোনালোক সকলোৰে নিচেই চিনাকি, সকলোৰে অতি মৰমৰ, উৎসৱ প্ৰদেশ ‘অসম’ বিখ্যাত সপোন বিশেষজ্ঞা মিচ্ ড্ৰিমলী স্বপ্নালী দেবী ৷ মিচ্ দেৱী, মই আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ সু-স্বাগতম জনাইছোঁ ৷ মোৰ সোঁ ফালে এয়া উপস্থিত আছে আপোনালোক সকলোৰে নিচেই চিনাকি বিখ্যাত জ্যোতিষী মিঃ ভৱিষ্যৎবাণী হাজৰিকা ৷ মিঃ হাজৰিকা, মই আপোনাকো আমাৰ অনুষ্ঠানলৈ সু-স্বাগতম জনাইছোঁ ৷

শ্ৰদ্ধাৰ দৰ্শক, আজিৰ এই সম্পূৰ্ণ ব্যতিক্ৰমী অনুষ্ঠানটোৰ আপুনি এগৰাকী মাথোঁ দৰ্শক নহয়, আপুনি হ’ব পাৰে এগৰাকী মহা সৌভাগ্যৱান, মহামূল্যৱান কথক ৷ তেন্তে পলম কিহৰ…? এনে সোণালী সুযোগ আপোনাৰ জীৱনলৈ দ্বিতীয়বাৰ নাহে ৷ আমাৰ বাহিৰে আন নিউজ চেনেলে এনে সোণালী সুযোগ আপোনাক প্ৰদান নকৰে ৷ ইতিমধ্যে টিভিৰ পৰ্দাত ট ট কৈ জিলিকি উঠিছে আমাৰ ষ্টুডিঅ’ৰ টেলিফোন নম্বৰ ৷ মোবাইল উঠাওক আৰু আমালৈ ডায়েল কৰক ০৩৬১- ২৫২১৬…৷ নিঃসংকোচে খুলি কওক আপুনি যোৱা ৰাতি টোপনিত দেখা আপোনাৰ সপোনৰ কথা ৷ আপুনি সপোনটো কিয় দেখিলে, তাৰ বিশদ ব্যাখ্যা আগবঢ়াব সপোন বিশেষজ্ঞা মিচ্ ড্ৰিমলী স্বপ্নালী দেৱীয়ে ৷ আৰু সপোনটোৰ ফলাফল ব্যাখ্যা কৰিব মিঃ ভৱিষ্যৎবাণী হাজৰিকাই ৷

আমি সদাশয় দৰ্শকৰ সঁহাৰি পাইছোঁ ৷ আমাৰ ষ্টুডিঅ’ৰ টেলিফোনটো বাজিবলৈ আৰম্ভ কৰিছে ৷

…এয়া মই প্ৰথম টেলিফোনটো ল’বলৈ আগবাঢ়িছোঁ ৷ চাওঁচোন কোন মহা সৌভাগ্যৱান আছে টেলিফোনৰ সিটোমূৰত…?

‘হেলো…’

‘হেলো…’

‘নমস্কাৰ, আপোনাক ‘তৰ্কা-তৰ্কি’ অনুষ্ঠানলৈ মই আন্তৰিক স্বাগতম জনাইছোঁ ৷ আপোনাৰ নাম- ঠিকনা চমুকৈ কওক ৷’

‘নমস্কাৰ, মোৰ নাম…৷’

‘হেলো…হেলো…’ ছেহ, ফোনটো সংযোগ বিচ্ছিন্ন হৈ গ’ল ৷ এইবাৰ মই দ্বিতীয় টেলিফোনটো ল’বলৈ আগবাঢ়িছোঁ ৷

‘হেলো, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ মই স্বাগতম জনাইছোঁ ৷ আপোনাৰ নাম-ধাম চমুকৈ কওক ৷’

‘প্ৰথমতে, আপোনাক মই বহুত বহুত ধন্যবাদ জনালোঁ, ইমান এটা সুন্দৰ বিষয় আলোচনাৰ মেজলৈ অনাৰ বাবে আৰু দৰ্শক সকলকো অনুষ্ঠানটোত অংশগ্ৰহণৰ সোণালী সুযোগ দিয়াৰ বাবে ৷ মই দীপ, দীপ ৰাজবংশী, বাৰাপেটা, বাগসা ৷’

‘ৰাজবংশী ডাঙৰীয়া, যোৱাৰাতি টোপনিত আপুনি কি সপোন দেখিলে বৰ্ণনা কৰক ৷’

‘ক’বলৈ লাজেই লাগিছে, ছাৰ ৷ বৰ লেতেৰা সপোন..!’

‘লাজ কৰিব লগা একো নাই ৷ নিঃসংকোচে খুলি কওক ৷ এনে সোণালী সুযোগ আপোনাক কোনেও নিদিয়ে ৷’

‘মানে ছাৰ, মানে মই…যোৱা ৰাতি টয়লেতত যোৱা সপোন দেখিছিলোঁ ৷’

‘অতি সুন্দৰ সপোন ৷ তাৰ সমান অফুৰন্ত সুখ, অনাবিল আনন্দ ক’ত আছে, ৰাজবংশী ডাঙৰীয়া?”

ৰাজবংশী ডাঙৰীয়া, আপুনি লাইনত থাকিব ৷ টয়লেতত যোৱাৰ দৰে সুন্দৰ মিঠা সপোন এটা আপুনি কিয় দেখিলে? ইযাৰ বিতং ব্যাখ্যা আগবঢ়াব সপোন বিশেষজ্ঞা মিচ্ ড্ৰিমলি স্বপ্নালী দেৱীয়ে ৷ আৰু সপোনটোৰ ফলাফল ব্যাখ্যা কৰিব বিখ্যাত জ্যোতিষী ভবিষ্যৎবাণী হাজৰিকা ডাঙৰীয়াই ৷ কিন্তু এইখিনিতে আমি ল’ব লাগিব খন্তেক বাণিজ্যিক বিৰতি, বিৰতিৰ পিছত আকৌ আহিম উভতি, চাই থাকক আপোনাৰ প্ৰিয় নিউজ চেনেল ‘ফাটা-ফাটি’… ৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *