ফটাঢোল

সন্ত্ৰাসবাদক চেলিব্ৰেট কৰক–অভিৰঞ্জন কুমাৰ, অনুবাদ- হিমাংশু ভাগৱতী

চহৰৰ এঠাইত বোমা বিস্ফোৰণ হৈ হতাহত হোৱাৰ খবৰ আহিছে। লগে লগে নিউজ ৰূম চঞ্চল হৈ উঠিল। হত্যা আৰু বলাৎকাৰৰ খবৰৰ অভাবত আজি দিনটো পেঘেনিয়াই থাকিবলৈ একো নাছিল। সম্পাদকে চিন্তাত পাৰ পোৱা নাছিল হেডলাইন কি হ’ব। পৰিবেশ ঠাণ্ডা হৈ আছিল, সকলো শান্ত। কোনেবাই যদি এঙামুৰি কাঢ়ি আছিল কোনোবাই আকৌ হাওঁ‌ফাও ফুলাবলৈ তলৰ স্ম’কিং জ’ন পাইছিলগৈ। কিছুমানক আকৌ ফেচবুক আৰু ব্লগৰ বেমাৰে পাইছিল, তাৰেই চৰ্চাত মচগুল আছিল। কিন্তু এই বোমা আক্ৰমণৰ কথাটোৱে সকলোকে নিজৰ ঠাইলৈ লৈ আহিল। নিউজৰুমত সৰু সুৰা হাহাকাৰ আৰম্ভ হৈ গ’ল। কোনে কি চিঞৰিছে ঠিক নাই, আউটপুট, ইনপুট, প্ৰডাকচন সকলো বাতৰিটোত উবুৰি খাই পৰিল। বোম ব্লাষ্টৰ ব্ৰেকিং নিউজে চেনেলটোৰ স্ক্ৰীণৰ আধাতকৈ বেচি ৰেখা ৰঙা আখৰেৰে আগুৰিলে। বাৰে বাৰে বাজি থকা ঠাণ্ডা নিউজ আঁতৰাই এংকৰ বহি ল’লে নতুন ব্ৰেকিঙৰ খবৰ দিবলৈ। হেডলাইনৰ সংকট শেষ হ’ল, চাৰি-পাঁচটা হেডলাইন এই ঘটনাটোৰ মাজতে উলিয়াব পৰা যাব। কণ্ঠত কিমান দম আছে তাৰ পৰীক্ষা দিয়াৰ সময় এংকৰৰ। প্ৰধানমন্ত্ৰীয়ে এই আক্ৰমণক গৰিহণা দি ইয়াক সন্ত্ৰাসবাদীৰ নিকৃষ্ট কাপুৰুষালি কাম বুলি ঘোষণা কৰিলে। সন্ত্ৰাসবাদীৰ মনোবাঞ্চা পুৰণ হ’বলৈ নিদিও বুলিও হুংকাৰ দিলে। গৃহমন্ত্ৰীৰ বুদ্ধিমত্তাসম্পন্ন মন্তব্য আহিল তাৰ লগে লগে। প্ৰাৰম্ভিক অনুসন্ধানত ঘটনাটোত চুবুৰীয়া দেশৰ হাত থকাৰো সংকেত পোৱা বুলি ক’লে তেখেতে। অলপ সময়ৰ ভিতৰতে মন্ত্ৰী, উচ্চপদস্থ বিষয়া সকলো ঘটনাস্থলী পাব বুলি খবৰ আহিল। মৃত আৰু গুৰুতৰ ভাবে আহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনোৱা আৰু সাহায্য আগবঢ়োৱা ঘোষোণা লাহেকৈ ওলাব। সামান্য আঘাত পোৱাসকলৰ নামতো পচিশ-পঞ্চাছ হেজাৰ দিব। সকলোবোৰ গমি পিতি লাগে, আমি এনেয়ে সন্ত্ৰাসবাদ বেয়া বেয়া বুলি কৈ থাকো। ইয়াক সমস্যাৰূপে নহয়, বৰদান ৰূপত চাব লাগে। ক’ৰবাত বিস্ফোৰণ জাতীয় কিবা হ’লেহে লাগে দেশখন জীয়াই আছে, ক’ৰবাত কিবা হৈ আছে, দেশৰ কাৰণে চিন্তা কৰা লোক এতিয়াও জীয়াই আছে।

সন্ত্ৰাসবাদৰ পৰা সকলোৰে লাভ। নিউজ চেনেলৰ লাভ। বাতৰি কাকতৰ লাভ। আজিৰ তাৰিখত মিডিয়াৰ কাৰণে এটা বৃহৎ বোমা বিস্ফোৰনতকৈ ডাঙৰ খবৰ আৰু কি হ’ব পাৰে। ঘণ্টাৰ পিচত ঘণ্টা নহয়, দিনৰ পিচত দিন এনে বাতৰি লৈ খেলি থাকিব পাৰি। ঘটনাস্থলীৰ ছবি, চিকিৎসালয়ৰ ছবি, শোকত ভাগি পৰা আত্মীয়ৰ ছবি, আঘাতপ্ৰাপ্ত সকলক সহায়ৰ হাত আগবঢ়োৱা সকলৰ ছবি, নেতা-বিষয়াৰ পৰিদৰ্শনৰ ছবি, চৰকাৰ বিৰোধীৰ নেতাৰ বক্তব্য, সাহায্য ঘোষণা সকলোবোৰে দিনৰ দিনটো ভৰপূৰ মছালা দি থাকে। পিচদিনা পীড়িত সকলৰ পৰিয়ালৰ সাক্ষাৎকাৰ লৈ মানৱীয়তাৰ দিশবোৰ আঙুলিয়াই দিব পাৰে। বিস্ফোৰণত সদ্য বিবাহিত কোনোবা বা যাৰ বিয়ালৈ বেচি দিন নাই তেনে লোকৰ মৃত্যু হ’বই । কাৰোবাৰ মাক, কাৰোবাৰ বাপেক, কাৰোবাৰ পত্নী বা পতি, কাৰোবাৰ কাৰোবাৰ সন্তান বিস্ফোৰণত নিশ্চয় নিহত হ’ব। এনে লোকো ওলাব যি বিস্ফোৰণৰ পিচত নিখোজ হৈ থাকিব। দেখাব পাৰি কেনেকৈ নিখোজ হৈ থকা লোকসকলৰ পৰিয়ালে হাতত ফটো লৈ চিকিৎসালয়, থানাৰ দুৱাৰে দুৱাৰে তেখেতসকলক বিচাৰি ফুৰে। অনুসন্ধানৰ লগত জৰিত খুটিনাটিবোৰ, চোৰাংচোৱাৰ বিফলতা, পুলিচৰ অকৰ্মণ্যতা আদিবোৰ লৈ বিভিন্ন আলোচন, ষ্টোৰী হ’ব পাৰে। তাৰোপৰি বিস্ফোৰণৰ পিচদিনা পুৱা কেনেকৈ চহৰখনৰ সকলোৱে আকৌ আগৰদৰে কামত লাগি যায় তাক লৈও নিউজ হ’ব পাৰে। দুশ লোক মৰিল, বাকীবোৰ কামে কামে লাগি গ’ল। এই উদ্যমক প্ৰণাম, দিল্লী তোক প্ৰণাম, গুৱাহাটী তোক প্ৰণাম। কি সুন্দৰ হেডলাইন। তাৰপিচত সাহায্য পূজি পোৱাত বিভিন্ন অসুবিধাৰ খবৰ, দেশ জুৰি আতংকবাদ বিৰোধী প্ৰদৰ্শনৰ খবৰ। দিন যোৱাৰ লগে লগে অনুসন্ধান ঢিলা হোৱাৰ খবৰ, সন্দেজনক সকলক জেৰা কৰাৰ খবৰ বা আদালতৰ কামকাজৰ খবৰ হেডলাইনলৈ আহি যাব। সময় গৈ গৈ বিস্ফোৰণৰ বৰ্ষপূৰ্তিৰ খবৰ। এটা বিস্ফোৰণতে যে কত কি হব পাৰে।

……. আৰু অকল মিডিয়াই নহয়, ইয়াত নেতাৰো লাভ। বিষয়া সকলৰো সুবিধা। শাসনত থকা দলৰ সুবিধা। বিৰোধীৰো সুবিধা। ৰাজনীতিৰ খিছিৰি ৰান্ধিবলৈ সন্ত্ৰাসবাদৰ চৌকাৰ জুইতকৈ ভাল সাধন নাই। ইয়াত হিন্দুৰ ভোটক লৈ ৰাজনীতি কৰা সকলোৰো লাভ, মুছলমানৰ ভোটক লৈ ৰাজনীতি কৰাসকলোৰো লাভ। হিন্দু ভোটৰ ৰাজনীতি কৰাবোৰে মুছলমান সকলৰ বিপক্ষে কৈ লাভ উঠাব পাৰে, মুছলমানৰ ভোট লৈ ৰাজনীতি কৰাসকলে মুছলমানসকলৰ মনত অসুৰক্ষাৰ ভাব জগাই তুলি লাভ উঠাব পাৰে। সন্ত্ৰাসবাদী এজন ধৰা পৰিলে সন্ত্ৰাসবাদীজনৰ ধৰ্মক লৈ হাহাকাৰ লগোৱাৰ উপযুক্ত পৰিবেশ গঢ়ি উঠে।

সন্ত্ৰাসবাদৰ বাবে ভাৰত চৰকাৰৰো লাভ, পাকিস্থান চৰকাৰৰো লাভ। সন্ত্ৰাসবাদীৰ কথা ওলালে আন সকলো বিষয়ৰ আলোচনা বন্ধ। সন্ত্ৰাসবাদক লৈ আলোচনা চলি থাকিলে না দুৰ্ভিক্ষ থাকে, না দৰিদ্ৰতা, না নিবনুৱা সমস্যা। সন্ত্ৰাসবাদ যদি থাকে, কোনো বেমাৰী নেথাকে, নেথাকে অশিক্ষিত। দেশৰ ক’ৰবাত না বিজুলীৰ সমস্যা থাকে না খোৱাপানীৰ। দুয়োখন দেশে ইখনে সিখনৰ বিপক্ষে বিবৃতিতে ব্যস্ত থাকে।
হিন্দুৱে মুছলমানৰ বিপক্ষে কৈ থাকিব মুছলমানে হিন্দুৰ বিপক্ষে। দেশ চলি থাকিব। চৰকাৰ চলি থাকিব। না কৰবাত বিক্ষোভ হ’ব, না আন্দোলন।

সন্ত্ৰাসবাদ চলি থাকিলে আমেৰিকাৰো লাভ, লাভ ব্ৰিটেইনৰো। যুঁজ লগাবলৈ আৰু লাগিবলৈ তেওঁলোকৰ সুবিধা। কিছুমান দেশৰ ওপৰত আক্ৰমণ কৰিবলৈ পথ, অস্ত্ৰৰ বেপাৰ কৰাৰ সুবিধাজনক ৰাষ্টা হাতলৈ আহে। অৰ্থব্যৱস্থাত লগা মামৰবোৰ আঁতৰি চিকমিকাব ধৰে। বিশ্বত তেওঁলোকৰ দাদাগিৰি অক্ষুন্ন থাকে। সন্ত্ৰাসবাদৰ জহত বিন লাডেন, চাড্ডাম হুছেইন সকলো হিৰো। কোনোবা যদি জীয়াই থাকি হিৰো, কোনোবাজন আকৌ মৰি হিৰো।

সন্ত্ৰাসবাদৰ আছিলাতে পৃথিৱীত মানৱাধিকাৰ কৰ্মীসকলোৰো উশাহ চলি থাকে। সন্ত্ৰাসবাদী সকলৰ ওপৰত চৰকাৰ আৰু আইনৰ অত্যাচাৰৰ বিৰুদ্ধে আন্দোলন বা তেওঁলোকৰ লগত হোৱা সংঘৰ্ষবোৰৰ ওপৰত সন্দেহ প্ৰকাশৰ মাজেৰে মানৱাধিকাৰ কৰ্মীসকলৰ দোকান ধামধুম চলে। বুদ্ধিজীৱিবোৰৰো সঁহাৰি লাভ কৰে। বিষয়টো লৈ দীঘল দীঘল গধুৰ লেখা ওলায়। আন্তৰাষ্ট্ৰীয় পুৰস্কাৰৰ বাট মুকলি হয়।

সন্ত্ৰাসবাদৰ পৰা সন্ত্ৰাসবাদীবোৰৰো লাভ হয়। সন্ত্ৰাসবাদেৰে কিমান যে নিবনুৱাৰ পৰিয়াল চলে। নিজৰ সমস্যা লৈ সাধাৰণ নিবনুৱা যুৱকে কৰা আন্দোলনৰ বাবে চৰকাৰৰ ওচৰত লাঠী-গুলি সকলো থাকে, কিন্তু সন্ত্ৰাসবাদী সকলক আলোচনাৰ মেজলৈ আনিবলৈ ডাঙৰ ডাঙৰ দেশৰ চৰকাৰো ব্যগ্ৰ হৈ থাকে। ৰুদ্ধদ্বাৰ বৈঠক হয়, ৰাজহুৱা আলোচনা হয়। চৰকাৰৰ লগত বুজাপৰালৈ আহি নেতা হোৱাৰ সুযোগো থাকে। আহ্বানো জনোৱা হয়; মুলসূতিলৈ উভতি আহা। গণতন্ত্ৰত বিশ্বাস ৰাখি নিৰ্বাচন খেলা। জয় হৈ ৰাজত্ব কৰা।

যি সকলক সন্ত্ৰাসবাদৰ চিকাৰ হোৱা বুলি কোৱা হয়, তেওঁলোকৰো লাভ হয়। সেইসকলৰ বেচিভাগে জীৱনভৰ কাম কৰি পাঁচ লাখ টকা জমা কৰিব নোৱাৰা লোক। তেওঁলোকৰ মৃত্যুত ঘৰৰ মানুহে সেই পাঁচ লাখ টকা একেবাৰতে লাভ কৰে। পাঁচ জন মৰিলে পছিচ লাখ, মানে ছয় নম্বৰ ব্যক্তিজন মালামাল। মানুহৰ সহানুভূতি অতিৰিক্ত। ডাঙৰ মন্ত্ৰী-নেতা-বিষয়াৰ পদধূলাৰে ঘৰ পবিত্ৰ হয়। বাতৰি কাকতত নাম আহে, টিভিত চেহেৰা উঠে। তেওঁলোকৰ কান্দি থকা, হিয়া ঢাকুৰি থকা দৃশ্য দেখি পৃথিৱীৰ মানৱতা জীয়াই থাকে।

…. গতিকে যি সন্ত্ৰাসবাদত মানৱতাৰ ফুল ফুলে আৰু ধৰাৰ চাৰিওফালে লাভৰ বসন্ত আহে সেই সন্ত্ৰাসবাদৰ ওপৰত ইমান প্ৰশ্ন কিয়? ইমান ঘৃণা কিয়? ইয়াক চেলিব্ৰেট কৰক আৰু বিশ্বত ইয়াক যুগমীয়া কৰি ৰখাত ডাঙৰ ডাঙৰ দেশবোৰক সহায় কৰক।

☆★☆★☆

5 Comments

  • deepjyoti handique

    অহ গোটেই খন নিউজ দি এ দিলে দেখুন । একে উশাহতে পঢ়িলো অ । হয় দিয়ক লাভ দেখুন সকলোৰে হয় ।

    Reply
  • Krishna Borah Phukon

    ঠিকেই। স্পৰ্টিংলি লব পাৰিব লাগে

    Reply
  • Kangkan Borah

    তাকেই… মানুহবোৰে মিছাতে সন্ত্রাসবাদ বেয়া বুলি চিঞৰী থাকে

    Reply
  • বৰ সুন্দৰ অনুবাদ কৰে আপুনি

    Reply
  • তাকেহে, লাভ দেখোন সকলোৰে হয়।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *