অভিজ্ঞতা – প্ৰাঞ্জল অনুভৱী
যাত্ৰী:
দুপৰীয়া চিটি বাছেৰে দিশপুৰৰ পৰা পল্টন বজাৰলৈ উভতিছোঁ। মোৰ সন্মুখৰ চিটত দুজন যাত্ৰীয়ে কথা পাতিছে।
প্ৰথম যাত্ৰী: কণ্ডাক্টৰ দচ তেহা বেছি নিলো কেন?
দ্বিতীয় যাত্ৰী: এচি বাছ যে তাই।
প্ৰথম যাত্ৰী: এছি বাছ? এটা আবাৰ কি?
দ্বিতীয় যাত্ৰী: গায় ঠাণ্ডা হাৱা লাগছে না?
প্ৰথম যাত্ৰী: ঠাণ্ডাৰ দিনে এছি না নিলে কি হয়না?
দ্বিতীয় যাত্ৰী: বাছটাই যে এচি।
প্ৰথম যাত্ৰী: ধুৰ বেটা! বিড়ি খাৱাৰ দহ তেহা এমনি গেলো।
কবি বন্ধু:
বন্ধু পেচাত ঠিকাদাৰ। হঠাতে এদিন হুৰমুৰকৈ তেওঁ মোৰ কোঠালৈ সোমাই আহিল। হাতত এখন পুৰণি, মলিন ডায়েৰি। বোধহয় বালি, চিমেন্ট আৰু লেবাৰ পেমেন্টৰ হিচাব ৰাখে সেইখনত। আহিয়ে কোনো পাতনি নেমেলাকৈ ডায়েৰিখন মোৰ ফালে আগবঢ়াই দি তেওঁ ক’লে, “কবিতা এটা লিখিছোঁ। কেনে হৈছে তই অকনমান চাই দেচোন।”
মোৰ মুখখন ডাঙৰকৈ মেল খাই গ’ল। ভাবিলোঁ, ই আকৌ কেতিয়াৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰিলে! পঢ়ি চালোঁ কবিতাটো। পৰম আগ্ৰহেৰে বন্ধুৱে মোৰ মুখৰ ফালে চাই আছে। মনত পেলাবলৈ চেষ্টা কৰিলোঁ- যোৱা বিশ বছৰে কোনোবা দিনা সি আলোচনী এখন কিনি পঢ়িছিল নেকি? গল্প-উপন্যাস বা কবিতাৰ কিতাপ? লিখিছিল নে স্কুল-কলেজৰ দিনত কবিতাৰ নামত কিবা এটা? নাঃ। মনত নপৰিল। বন্ধুক সুধিলো, “হঠাতে কবিতা লিখিবলৈ মন গ’ল যে?”
“এহ নক’বি বুজিছ, ফেছবুকত মহিলা গৰাকীৰ লগত বন্ধুত্ব হ’ল। কবিতা লিখে তেওঁ। ময়ো ভাবিলোঁ, কবিতা এটা লিখি আপলোড কৰোঁ। কেনে হৈছে কবিতাটো?” বন্ধুৱে সুধিলে ।
☆★☆★☆
10:40 am
ধেত তেৰি–ফেবু ৰ প্ৰভাৱ। ভাল লাগিল।