কৃপণ উবাচ – দিগন্ত বৰা
ওচৰতে সকাম এটা খাবলৈ গৈ এওঁ মাহ প্ৰসাদ এখিনি লৈ আহিছিল। দুখীয়া গাওঁ হ’ব পাৰে, কিন্তু সকাম পাতিলে মাহ প্ৰসাদ আলি বলী হয়। কিছুমানৰ দৰে মাহ এপোৱা আনি প্ৰসাদৰ পাতখনত ভাতৰ পাতত চাটনি দিয়াৰ দৰে নিদিয়ে আমাৰ গাঁৱত। এপাত এপাত দিয়ে। সিদিনা ধনী মানুহ এঘৰলৈ সকাম এটা খাবলৈ গৈছিলো। মই বোলো, “এপাত এপাত মাহ প্ৰসাদ পাম চাগৈ! মচুৰ দাইলখিনিও ৰাহি হ’ব!”
কিন্তু নাই। কলপাত এখনত যি কেইটাহে প্ৰসাদ উলিয়াই দিলে ঐ! আমাৰ গাঁৱৰ দুলালৰ গেলামালৰ দোকানলৈ গ’লে কেতিয়াবা দাঁত কুটকুটাবলৈ বুট কেইটামান বিচাৰিলে তাতকৈ বেছিকৈহে দিয়ে। প্ৰসাদকেইটা খাই দাঁতকেইটাৰো কচৰৎ নহ’ল বাপ্পেকে। তেনে মানুহৰ ঘৰলৈ যাবই নাপায় বিয়া সকাম খাবলৈ। বিয়া খাবলৈ যে আৰু যাব নাপায়! যিহে ষ্টেণ্ডাৰ্ড ঐ! ৰাণী ভিক্টোৰিয়া ভাৰতলৈ আহোঁতেও ভাৰতত থকা ইংলিচ অফিচাৰখিনিয়ে তেওঁক আদৰিবলৈ ইমান ৰাজকীয় পেণ্ডেল তৰা নাছিল চাগৈ! গেটখনৰ মুখৰপৰা সোমাই যাবলৈকে ভয় লাগে! কিবা আগৰ মোগল ৰাজ্যৰ ৰাজদৰবাৰত সোমোৱাৰ দৰে লাগে! তাৰোপৰি কিবা বুকে নে বুফে খুৱায়! লাইন পাতি পাতি গৈ থাক, গৈ থাক। “মিচন চাইনা”ৰ টিকট কাটিবলৈহে গৈছো যেনিবা! তাৰ পাছত থাল এখন লওক, চামুচ এখন লওক। তাৰপাছত ‘চোমালিয়া’ৰ দুৰ্ভিক্ষ পীড়িত মানুহবোৰৰ মাজত কোনোবা ‘এন জি অ’ই ফ্ৰি খানা দিওঁতে হোৱাৰ দৰে কিউ এটাৰ মাজত নিজকে কল্পনা কৰি কৰি গৈ থাকক, গৈ থাকক। পালেগৈনে? তাৰপাছত সোধক, এইয়া কি? এইয়া চিকেন। এইয়া? এইয়া মাটন, এইয়া মাছ, এইয়া পৰ্ক। পৰ্ক লওক। দিব এপিচ আৰু লগত ঘেল এসোপা। আৰু খোজক। তেতিয়াও সৰু পিচ এটাহে উঠি আহিব দিওঁতাজনৰ হেতাত। তাৰপাছত আপোনাৰ আৰু খুজিবলৈ লাজ লাগিব। কাৰণ দিওঁতা কেইজনৰ মগজুত আগতেই এটা চফটৱেৰ ভৰাই থয়, যিটো নিয়ন্ত্ৰণ কৰে হেড অফিচে এনেদৰে, “ঐ, হাত ধৰি দিবি। দুপিচতকৈ বেছি নিদিবি।”
চিষ্টেমটো ভাল। যি উলিয়ালে বিৰাট টেকনিকত উলিয়াইছে ‘বুফে’ নামৰ এই চিষ্টেমটো। খুজি খুজি খাবলৈ লাজ নকৰা মানুহৰ বাবে চিষ্টেমটো ভাল। লাজকুৰীয়াৰ বাবে নহয়। বহুতে ইচ্ছা থাকিলেও দ্বিতীয়বাৰ খুজিবলৈ টান পায়। দৰকাৰ হ’লে আধাপেটীয়াকৈয়ে গুছি যাব ঘৰলৈ।
কথাখিনি ভাবি থাকোতে মাহ প্ৰসাদখিনি খাবলৈ পাহৰিয়েই গৈছিলো বুজিছেনে। এনেতে সৰু বাতি এটা লৈ এওঁ মোৰ কাষ পালেহি। তাৰ পাছত মোৰ হাতত বাতিটো দি ক’লে, “বুটমাহখিনিৰ বাকলিবোৰ পেলাই নিদি এই বাতিটোত থৈ দিবা।”
মই বোলো, “কেলেই? বাকলিখিনিৰে কি কৰিবানো?”
এওঁ বোলে, “তাৰ ভিতৰত পিচি থোৱা প্ৰসাদ ভৰাই পকৰীৰ দৰে বনাই খাব লাগিব আজি।”
☆★☆★☆