ফটাঢোল

ফেচবুক প্ৰেম — অসীমা শইকীয়া দত্ত

: অ’ পাপুবা, মই ল’ৰা এটা ঠিক কৰিলো।

: বঢ়িয়া। ক’ৰ ল’ৰা ঐ?

: ফেচবুকৰ।

: চৰকাৰে ফেচবুক বুলি কেতিয়া নতুন জিলা খুলিলে? মই বহুত কথা নেজানো অ’! পঞ্জাৱ নেশ্যনেল বেঙ্কো সিদিনা নীৰৱেহে চিনাকি কৰোৱাই থৈ গ’ল।

: ধেত! নহয় অ! ল’ৰাটোৰ সৈতে ফেচবুকত চিনাকী হ’লো। থাকে বাংগালুৰুত।

: হৰি! নাগেৰি, মৰিবলৈ জেগা নেপালি! ফেচবুকত আমাৰ ইয়াৰ বাৰী লুৰুকাটোৱেও বাংগালুৰু বুলিয়েই দিয়ে। লোকৰ বাৰী ঘৰৰ ফটোও নিজৰ বুলি দিয়ে। হেণ্ডচাম লোকৰ মতামানুহটোও নিজৰ প্রেমিক বুলি দিয়ে হেৰৌ।ফেচবুকতে মানুহ আৰু সমাজ শুধৰোৱাকেইটাও পাবি। সাহিত্যৰ ৰক্ষাকাৰীও পাবি।

: নহয়, সি সঁচা হয়। আমি বহুত আগবাঢ়িলো। তাৰ মদুলাৰ কিটছেনলৈকে মোক ফটো মাৰি দিছে।

: থ হেৰৌ! কথা নক’বি। কাৰ বা ভাতৰ চৰু সেইটো, সি ডাউনলোড কৰি দিলে। ফেচবুকত কাৰ গাড়ী, কাৰ ঘৰ দিয়ে ঠিক নাই। নমৰিবি অ’ তই।

: সি মোক বহুত ভালপায়।

: ফোনত কথা পাতিছ তাৰমানে?

: নাইপতা, মেচেজ হে কৰো।

: অ’ বুঢ়া আঙুলিৰে কৰা টাইপিঙৰ ভালপোৱাতে যাবলৈ সাজু হৈছ। আমি মুখামুখিকৈ দাঁতৰ গুৰিৰ জনম কুণ্ডলীলৈকে মিলাই আহিও কেতিয়াবা ভাতৰ কুকাৰ, চৰু বেলেগ কৰো কৰো যেন লাগে, কি দন্দুৰা মানুহটোলৈ আহিলো বুলি। তই বতাহতে হিয়া দি পগলা হৈ পৰিলি। চাই ল’বি অ’ আই। আজিকালি লাভ জেহাদ বুলি কিবা এটাও ওলাইছে। ফোন নম্বৰ নিদিবি পতকৈ, ফচিবি।

দুদিনমান গ’ল। আকৌ এদিন,

: অ পাপুবা, কেনেকৈ চিনিব পাৰিনো মানুহ ফেচবুকত?

: কি হ’ল? সি কিবা ক’লে নেকি?

: নহয় তাক জুখি চাবলৈ মন গৈছে।

: ঠিক আছে, প্ৰথম মূৰৰপৰা জোখ। তই তপা মানুহক গালি দি আপদেট দে। সি যদি তপা তেনেহ’লে তোক ব্লক কৰি দিব।

আগবেলা বুদ্ধি দিলো। পিছবেলালে তাই ক’লে,

: অ’ পাপুবা। বহুতকেইটা তপা বন্ধুৱে মোক কমেণ্টত গালি দি ব্লক কৰি দিলে। মান হানি কেচ দিম বুলিও কৈছে।সি কিন্তু নাই কৰা ব্লক।

: থ থ! ফেচবুকত সব ধোঁৰাসাপ। সি দিয়া নাই যদি ভাল কথা। এতিয়া তই হিজৰাৰ ওপৰত দে আপদেট। ট্ৰেইনতকৈ ফেচবুকত এইবিধ বেছি।

এদিনৰ পিছত,

: অ’ পাপুবা ভালেকেইটা গ’ল। সি আছে।

: তই সঁচা হৃদয়ৰ ওপৰত দে।যি ফেক তাক গালি দে।

পিছবেলালৈ তাই আকৌ হাজিৰ,

: অ পাপুবা মোৰ লিষ্টত আপুনিয়ে, সিয়েহে আছেগৈ দেখোন। বাকী সব পলালচোন! কি কৰো?

: তোৰ তাক লৈহে মতলব। সি যদি আছে ঠিকে আছে। দুদিনমান চুপ চাপ থাকি তাৰ একাউণ্টতো চাই থাক।

দুদিনমান খা খবৰ নাই। ফেচবুকত ফটো দেখিছো, লগৰ এজনীৰ পুতেকৰ অন্নপ্ৰাসনত ব্যস্ত। এদিন তাই ঢপলিয়াই আহিল।

: পাপুবা ঐ! মোৰ লিষ্টত আপুনিহে আছেগৈ। মই লগৰজনীৰ ঘৰলৈ যোৱাৰ পিছতে মোক ব্লক কৰি দিলে সি। তাক কৈয়েই গৈছিলো। ভালকৈ যাবা সোণ বুলিও কৈছিল। তাত গৈ চাহ তাহ খাই তাইৰ শহুৰ শাহুৰেকৰ লগত চিনাকি হৈ পালোহি বুলি জনাবলৈ ইনবক্স চাওঁতে দেখিলো, মোক ব্লক কৰি থৈছে। কি বেয়া পালে নাজানিলো।

: মৰতী! ভাল বাছিলি। তেনেহ’লে তোৰ ফেচবুকৰ প্ৰেমিকটো তোৰ লগৰজনীৰ শহুৰেক! একাউণ্টত বেলেগৰ ফটো দি থৈছিল। তোক তাত দেখি তেওঁ ভয় খালে!

তাই অবাক।

: হয়েই পাপুবা! মানুহজনে মোলৈ চাই মোবাইলত কিবা মিলাইছিল।

☆★☆★☆

5 Comments

  • উত্তৰা

    ফেবুলাভ ত হাবু ডুবু ঐ।

    Reply
  • Gitika Saikia

    সদায়েই পঢ়ি ভাল লগা লিখনি। অসীমাৰ হাতত সঁচাকৈয়ে যাদু আছে।

    Reply
  • ভণীতা ডেকা/ধৰিত্ৰী

    কিনো খাই অ!এনেকৈ যে লিখিব পাৰে।অাৰু বেচেৰী বুঢ়াটোৰ প্ৰেমতহে পৰিলগৈ তাই।

    Reply
  • Surashri chutia

    সুন্দৰ।

    Reply
  • ৰূপাঞ্জলী

    বৰ ভাল লাগিল অসীমাবা।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *