ফটাঢোল

পতিচৰিত – দেৱাংগ পল্লৱ শইকীয়া

তিনিবছৰীয়া গৱেষণাৰ অন্তত পতিচৰিত গৱেষণাপত্ৰৰ মূল কথাকেইটা ৰাইজলৈ আগবঢ়ালো। এইকেইটা মূলহে, ভাঙনি বেলেগ। যথাসময়ত বিভিন্ন তথ্য যোগান ধৰা পতিসকললৈ কৃতজ্ঞতা। গোটাচেৰেক গৱেষকৰ নিজা। ইয়াত আপুনি/আপোনালোক মানে পত্নীক, আৰু আমি/তেখেত মানে পতিসমাজক বুজোৱা হৈছে! সমূহ পতি সমাজৰ সহযোগিতা কামনাৰে :-

১) পতিয়ে গা ধুই আহি যদি তেখেতে টাৱেলখন বিচনাত নথৈ ক’ৰবাত মেলি থৈছে তেনেহ’লে মৰম আৰু যত্নৰ পৰিমাণ বঢ়াওক। এনে পতি বিৰল। যদিহে টাৱেলখন নি ৰ’দত মেলি দিছে সেই পতিৰ চৰণ স্পৰ্শ কৰক। একলাখত এক তেখেত। আপুনি ভাগ্যৱতী।

২) সাধাৰণ তৰ্কৰ মাজত যদি তেওঁ মৌনব্ৰত ধাৰণ কৰিছে তেনেহ’লে আপুনি জয়ী হোৱা বুলি নাভাবিব। তেখেতে শব্দ প্ৰদুষণৰ প্ৰতি সচেতন হৈহে মুখত তলা লগাইছে। বাহিৰৰ ৰ’দৰ প্ৰতিও তেখেতৰ লক্ষ্য আছে।

৩) আমি ঘড়ীৰ কাঁটা নিজৰ মতে নিৰ্ধাৰণ কৰি লৈছো। যথা আপোনাসৱে “পতকে ওলাই হ’ব” বুলি কোৱা মানে আমাৰ হাতত কমচে কম আধাঘণ্টা আছে।

৪) “কিমান দেৰি হ’ব অহা?” আপোনাৰ এই প্ৰশ্নৰ উত্তৰ নিৰ্ভৰ কৰিব তেখেত আছে ক’ত! যদি মনে মিলা বন্ধুৰ লগত আছে তেনেহ’লে “আৰু দহ মিনিট” বুলি ক’লে তাক ছয়ৰে পূৰণ কৰক। ৰাতি বিয়লি পূৰণ কৰক দহেৰে।

৫) “তুমি মোৰ বাবে কিডাল কৰিছা আজিলৈকে” — এই প্ৰশ্নটো সোধাৰ আগতে তেখেতে আপোনাৰ লগত শ্বপিঙ মললৈ গৈ আপুনি কাপোৰ কিনাৰ সময়ত অসহায় হৈ ৰৈ থকা দৃশ্যটো মনত পেলাওক। পৃথিৱীৰ আন কোনোবাই তেখেতক এনেকৈ চাবি দি ৰখাই থ’ব পাৰিবনে? মানুহে তেওঁক মলৰ মানুহ বুলি “এক্স এল কুৰ্তা ক’ত আছে” বুলি সোধে।

৬) “এইটোৰে মোক কেনেকুৱা লাগিছে” বুলি নতুন কিবা এটা পিন্ধি আপুনি সুধিলে তেখেতে “ভাল লাগিছে” বুলি ক’লে আপুনি তেখেতক “নোচোৱাকৈয়ে কিয় ক’লা” বুলি দোষাৰোপ নকৰিব। তেখেতে মনৰ দৃষ্টিৰে চাই কৈছে। সেয়েহে ফোনৰ স্ক্ৰীণত চকু ৰাখিও তেখেতে আপোনাক “ধুনীয়া লাগিছে” বুলি ক’ব পৰা হৈছে! মনৰ দৃষ্টিক সন্মান জনাওক।

৭) পাঁচদিন একেৰাহে তেখেতৰ ভালৰ বাবে উপবাস খটা বা পাঁচমিনিট তেখেতক পিঠি খজুৱাই দিয়া – ভগৱানে পিছৰটোত বেছি গুৰুত্ব দিয়ে। বিশ্বাস কৰক।

৮) আপুনি সময়ে সময়ে ব্যৱহাৰ কৰা “আচ্ছা” বা “হয় নেকি” এই দুটা সকাৰাত্মক নে নকাৰাত্মক সেইটো আজিকোপতি কোনো পতিয়েই নিশ্চিত হ’ব পৰা নাই!

৯) কি কথাত আপুনি মুখত বায়ু ভৰাই ফুলাই থয় অনুগ্ৰহ কৰি তেখেতসকলক খুলাখুলিকৈ কওক। ইয়াৰ কাৰণ বিচাৰি তেখেতসকলে মগজুক মিছাতে কষ্ট দিয়ে।

১০) তেখেততকৈ নালায়ক জীৱ বিশ্ব ব্ৰহ্মাণ্ডত আৰু কি আছে মাজে-সময়ে তেখেতক জনাওক। তেখেতে সেই ৰেকৰ্ড নিজৰ নামতে আছে বুলি ভুল ধাৰণা পুহি ৰাখিছে।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *