স্প্ৰে বিভ্ৰাট — মনালী গগৈ
“লালৈ ইয়াতে জনমে
লালৈ ক’তে বা মৰণে
লালৈ কোনে থিৰাং কৰি ক’ব?
লালৈ তিৰিৰে জনমে
লালৈ সাধি মই আহিছোঁ……”
গাটো ধুই আহি বিহুগীত গাই গাই চুলি আঁচুৰি আছিলো। তেনেতে ফোনটো বাজিল। দেখিলো পৰীৰ ফোন। ফোনটো ৰিচিভ কৰি সুধিলো তাইক,
মই: কি হ’ল ক?
পৰী: চাৰে আঠ বজাৰপৰা ক্লাছ আছে, খবৰ আছে নে নাই অ’?
মই : চাৰে আঠ বজাৰপৰাহে আছে। এতিয়াও আছে বিশ মিনিট। পাঁচ মিনিটৰ বাট। কিবা এটা খাই গৈ আছোঁ ৰহ।
পৰী: ঠিক আছে, তই আহিবি সোনকালে। ওপৰ মহলাত ক্লাছ আছে, ষ্টেপকেইটা বগাবলৈ আছেই। দহ মিনিট থাকোতেই আহিবি দেই।
মই : ঠিক আছে।
ৰ’বলৈ সময় নাই। খৰখেদাকৈ মূৰটো আঁচুৰি বডি স্প্ৰেটো উলিয়াই ফাঁচ ফাঁচকৈ গাত মাৰি ল’লো।
নিৰ্দিষ্ট সময়ত ক্লাছ গৈ পালোগৈ। ইফালে মোৰ গাটো ইমান যে পুৰিছে। কাকো একো ক’বও পৰা নাই। বাইদেউ আহি সেইদিনা লিখাবলগীয়া নোটছ লিখাবলৈ আৰম্ভ কৰিলে। মাজতে তেওঁ সুধিলে – “কাৰোবাৰ বিষ-চিষ হৈছে নেকি? ইমানকৈ ভলিনীৰ গোন্ধ পাইছোঁ।”
মেজৰৰ ক্লাছত বেছি ল’ৰা ছোৱালী নথকাৰ বাবে গোন্ধ যে পাবই মই নিশ্চিত আছিলো। লগে লগে মাত লগালো, “বাইদেউ মোৰ পিঠিৰ বিষ হোৱাৰ বাবে ভলিনী স্প্ৰে কৰি আহিছোঁ।” বাইদেৱে সকলোকে উদ্দেশ্যি ক’লে, “ক্লাছ শেষ হোৱাৰ পাছত কোনোবাই তাইৰ সৈতে হস্পিতাললৈ গৈ দিবা দেই; ইমান কম বয়সতে এইবোৰ হোৱাটো ভাল কথা নহয়। দেখুৱাই ল’বা ডাক্তৰক।”
কথামতেই কাম! ওলাল লগৰ এজনী হস্পিতাললৈ বুলি। মইও পাৰো মানে তাইৰ ওচৰত কথাটো পাতলাবলৈ চালো। তাইক ক’লো, “আজি নাযাওঁ দে, হাতত পইচা অলপ কমকৈ আছে।” তাই ক’লে, “এস চিন্তা নকৰিবি, মই দিম নহয়। তই পোৱাৰ পাছত মোক দি দিলেই হ’ব। দেখুৱাই ল ডাক্তৰক।” মনে মনে ভাবি আছোঁ কি কৰা যায়। কি বুলি কওঁ তাইক? অৱশেষত তাইক বুজাই বঢ়াই আজি বহুত ভোক লাগিছে কাইলৈ যামেই বুলি কৈ পঠিয়াই দিলো। মনতে ভাবিলো, হে ভগৱান, ভাল বচালা।
আচলতে বাইদেউক লাজতে মিছা কথা কোৱাৰ বাবেই এইবোৰ হ’বলৈ পালে। সঁচা কথাটো হ’ল, ওস্তাডি মাৰি পৰীক দহ মিনিটত কলেজ পামগৈ বুলি কৈ খৰধৰ কৰাৰ কোবত বডি স্প্ৰেৰ সলনি ভলিনী স্প্ৰেটোকে উধাই মুধাই মৰাৰ ফলত এইখন লটিঘটি।
☆★☆★☆
3:35 pm
হে হৰি। ফলিনী ব্ৰেণ্ডৰ বদী স্প্ৰে