ফটাঢোল

২০২৫ চনৰ মেট্ৰিকৰ প্ৰশ্ন – ধূৰ্জ্জতি কাকতি

বিহুকালীন উৎসৱৰ বিষয়ে এখন ৰচনা লিখা – ২০ নম্বৰ৷

উত্তৰ : বিহুকালীন উৎসৱ হৈছে বিশ্বত আটাইতকৈ দীঘলীয়াকে উদযাপন কৰা উৎসৱ৷ অসম ৰাজ্যত ডিচেম্বৰ মাহৰপৰা জুন মাহমানলৈকে এই উৎসৱ পালন কৰা হয়৷
প্ৰকৃততে অক্টোবৰত কাতি বিহু থাকে যদিও, পূজা দেৱালী আদিৰ দৰে উৎসৱ থকাৰ কাৰণে এই গ্লেমাৰহীন বিহুটোৱে ইমান পাত্তা নেপায়৷ ফেচবুকত দুই এখন তুলসীত চাকি দিয়া ফটো শ্বেয়াৰ কৰিয়েই মানুহে এই বিহু অনাড়ম্বৰভাৱে পালন কৰে৷ গ্লেমাৰ থকা উৎসৱবোৰ শেষ হোৱাৰ পাছত বিহুকালীন উৎসৱৰ আৰম্ভণি ডিচেম্বৰ মাহৰপৰা হয়, পিকনিকবোৰত উচ্চ স্বৰত হিন্দী, ইংৰাজী সকলো ধৰণৰ শব্দ প্ৰয়োগ কৰি ৰচনা কৰা অদ্ভূত ধৰণৰ বিহুসুৰীয়া গীতেৰে৷ যেনেকৈ বসন্ত মাহত কুলিৰ সুমধুৰ শব্দই আগজাননী দিয়ে, এই অদ্ভুত ধৰণৰ বিহুসুৰীয়া গীতবোৰে বিহুকালীন উৎসৱৰ আগজাননি দিয়ে৷ ইংৰাজী নৱবৰ্ষ আৰম্ভ হোৱাৰ লগে লগে নিউজ চেনেলবোৰে চাৰিওফালে বিহু নাচি গান গাই থাকি মাঘ বিহুৰ প্ৰস্তুতি কৰি থকা মানুহ দেখুৱাই এই উৎসৱক পূৰ্ণতা প্ৰদান কৰে। মানুহবোৰো কেমেৰা দেখি ফুৰ্ত্তিতে ক’ব নোৱাৰা হৈ যায় আৰু আপোনপাহৰা হৈ নাচি বাগি বিহুৰ প্ৰস্তুতি কৰে৷ মাঘ বিহুত লালকিল্লা, ৰংঘৰ, কাৰেংঘৰ আদি হৰেক ৰকমৰ মেজি সজা হয়৷ মেজি কেনেকুৱা হোৱা উচিত তাৰ ওপৰত অৱশ্যে ফেচবুকতে সৰু সুৰা বিতৰ্ক অলপ হয়৷ চেনেলৰ এই নাচ গানৰ মাজতে মাঘ বিহু পৰে৷ মাঘ বিহুৰ উৰুকাৰ দিনা ৰাতিপুৱা নিউজ চেনেলৰ ৰিপোৰ্টাৰবোৰে পুৱাই পুৱাই মাছৰ বজাৰলৈ গৈ মাছৰ বহুত দাম, বহুত দাম বুলি চিঞৰে আৰু মাছৰ দাম সঁচাকৈ বঢ়াই দিয়ে৷ লগতে ক’ত ডাঙৰ মাছ ওলাই তাৰো খবৰ দিয়ে৷ ইয়াৰ পাছত মানুহবোৰে ফেচবুকত ডাঙৰ ডাঙৰ মাছ হাতত লৈ ফটো দিয়ে, চেল্ফি দিয়ে৷ মাছৰ লগত চেল্ফি দিয়াৰ কাৰণে এই বিহুক চেল্ফি বা চেল্ফিচ (চেল্ফি+ ফিচ) বিহু বুলিও কয়৷ ৰাতিলৈ উৰুকা হয়। নিউজ চেনেলবোৰত উৰুকা গান বাজনাৰে পালন কৰে৷ নিউজত কোনোবা অঙহী বঙহী থাকিলে ঘৰৰপৰাও বিহুৰ প্ৰস্তুতি দেখুৱায়৷ পাছদিনা অৰ্থাৎ সংক্ৰান্তিৰ দিনা, মানুহে হৰেক ৰকমৰ মেজিবোৰ জ্বলায়৷ কিন্তু নিউজ চেনেলৰ কেমেৰা গৈ পোৱাৰ পাছতহে মানুহবোৰে বিহু নাচি বাগি মেজিবোৰ জ্বলায়৷ ইয়াৰ পাছত বিহুকালীন উৎসৱ অলপ ম্লান পৰে৷ কিন্তু ফ্ৰেব্ৰুৱাৰীৰ শেষৰ ফালৰপৰা বিভিন্ন গায়কৰ সাক্ষাৎকাৰ আৰু প্ৰস্তুতি দেখুৱাই এই উৎসৱ আকৌ আৰম্ভ হয়৷ মাৰ্চ মাহৰপৰা পুনৰ ভালকৈ গম পোৱা যায় কাৰণ দোকানত, ব্যৱসায়িক প্ৰতিষ্ঠানত, ৰাস্তাত গাড়ী ৰখাই বিহুৰ কাৰণে চান্দা তোলা হয়৷ আনকি ৰাজ্যৰ এমূৰৰ মানুহে আনমূৰত বিহু পতাৰ কাৰণেও চান্দা দিবলগীয়া হয়৷ দিব নুখুজিলেও দাবী ধমকি দি হ’লেও চান্দা সংগ্ৰহ কৰা হয়৷ এই সময়খিনিত নিউজ চেনেলত পূৰ্ণ গতিত বিহু গান দেখুৱাই থাকে৷ কোনোবা গায়কে কাৰোবাৰ গান চুৰি কৰাৰ নিচিনা সৰু সুৰা বিতৰ্ক দুটামান হয়। বেছিভাগ গানেই চুৰ কৰিবলগীয়া বিধৰ নহয়, আচলতে বেয়াই হয়, তথাপিও বিতৰ্ক হয়৷ ইয়াৰ পাছত ব’হাগ বিহুত চাৰিওফালে মঞ্চত বিহু অনুষ্ঠান হয়, ভাল লাগে৷ সৰু সুৰা জেগাবোৰত কিছুমান বেসুৰা গায়কে গান গাই ৰাতি সকলোৰে টোপনি ক্ষতি কৰে৷ তাৰমাজতে গায়কক লৈ, সাজপাৰক লৈ, হিন্দী গীত গোৱাক লৈ কেইটামান বিতৰ্ক হয়৷ এই ফাংচন, বিতৰ্ক মে মাহলৈকে চলি থাকে৷ সেইকাৰণে বহাগ বিহুক বিতৰ্ক বিহু বুলিও কোৱা হয়৷ মেৰ শেষৰপৰা জুনৰ মাজভাগলৈকে এই ফাংচনবোৰ ব’হাগী বিদায় বুলি চলি থাকে। তাত হিন্দী গানো গাব পাৰি৷ ইয়াৰ পাছত বৰষুণ আৰু বানপানী আৰম্ভ হয়, যি অসমৰ আন এটা বাপতি সাহোন আৰু বানপানী অহাৰ লগে লগে ছমহীয়া বিহুকালীন উৎসৱ শেষ হয় আৰু বানপানী দুৰ্যোগ আৰম্ভ হয়।

☆★☆★☆

2 Comments

  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

    তামাম ৰচনা এইখন।

    Reply
  • Gitika Saikia

    এইখন ৰচনাত এশৰ ভিতৰত এহেজাৰ নম্বৰ দিব পাৰি দেই! বঢ়িয়া হৈছে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *