ফটাঢোল

থুলুক থুলুকনীৰ গল্প – মনজিত

থুলুকৰ মানুহজনীৰ মোবাইলত বেটাৰীৰ অভাৱ সঘনাই চলে। সেই সময়খিনিত মানুহজনীয়ে তাৰ মোবাইল খোচৰে। মাজে মাজে তাৰ ফেছবুক একাউণ্টত সোমাই, মেচেঞ্জাৰত সোমাই কিবা সন্দেহজনক এক্টিভিটি আছে নেকি চাই। তাৰপিছত তেওঁৰ পোষ্টবোৰত লাইক কৰিছে নে নাই স্ক্ৰুটনি কৰে। লাইক নকৰা পোষ্টবোৰত নিজৰ পছন্দৰ লাইক, লভ ৰিয়েকচন দি ফুৰে। এদিন তেনে কৰি থাকোতে সি দেখিলে। দেখি অভিযোগ কৰিলে।

: তুমি মোৰ একাউণ্টত সোমাই নিজৰ পোষ্টবোৰ লাইক কৰি কিয় ফুৰা? তোমাৰ সকলো পোষ্ট মোৰ ভাল নালাগিবওতো পাৰে?

: চোৱা তোমাক সদায় কওঁ যে যুক্তি নাথাকিলে অদৰকাৰি কথা কৈ মোৰ সৈতে তৰ্কা তৰ্কি নকৰিবা। তুমি মোক গোটে গোটে গোটেই মানুহজনীকে ভাল পাই বিয়া কৰাইছা। মোৰ সকলো ভাল লগাই তোমাৰো ভাল লগা।গতিকে মই নাভাবো যে তুমি মোৰ এই সৰু সৰু কথাবোৰ বেয়া পাবা। হয়তো তুমি ৰিয়েক্ট কৰিবলৈ পাহৰি গৈছা বুলি সহায়হে কৰি দিছো বুজিছা। মিছাই ইমান গৰম হ’ব নালাগে। যোৱা ৰিফাইন শেষ হ’ল। ৰিফাইন এক লিটাৰ আৰু কৰ্ণফ্লাৱাৰৰ পেকেট এটা আনিবা। নতুন ৰেচিপি এটা ডাউনলোড কৰিছোঁ, বনাব লাগিব।

এইবুলি উচাত মাৰি থুলুকনী গুচি গ’ল। থুলুকে তাৰ কি ভুল হ’ল তাকেই ভাবি ৰ’ল। লগতে চিন্তাও লাগিল, নতুন ৰেচিপি ডাউনলোড কৰিছে যেতিয়া আজি আকৌ ডায়েটিং তাৰমানে।

☆★☆★☆

One comment

  • হা হা ঠিকেই কৈছে থুলুকণীয়ে।গোটে পাতে ভালপাই বিয়া কৰাই আনি ভাল নালাগিব পাৰে বুলি ক’লেই হ’বনে।ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *