ফটাঢোল

ডুখৰীয়া স্মৃতি – ৰাজীৱ শৰ্মা

সৰুৰেপৰাই মোৰ দুটা বস্তুৰ বৰ অভাৱ আছিল। গাৰ মঙহ আৰু সাহস। এতিয়াও মনত আছে। বিশ্ববিদ্যালয়ত নামভৰ্তি কৰোতে মোৰ ওজন আছিল উঞ্চল্লিশ কেজি। বতাহত উৰি যাওঁ যাওঁ হেন দেহৰ অৱস্থা। কাজেই সাহসৰ ঘৰত শূন্য। আনৰপৰা মাৰ খোৱাৰ ভয়ত কাজিয়াতো বাদেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাহৰৰ তলেদি (চেনী আলি) অহা-যোৱা কৰোঁতেও কোনো ছোৱালীক মাতি নাপালো। আৰু জোকোৱা! নৈব নৈব চঃ।
কিন্তু বাৰিষা বৰষুণ অহাৰ দৰে কেতিয়াবা মনটো ৰঙীন হোৱা যে নাছিল এনেও নহয়। হৈছিল দুবাৰমান। লগৰ দুজনীয়ে মোক এইক্ষেত্ৰত এচুলিমানো সহায় যদি কৰিলেহেঁতেন তেতিয়া অন্ততঃ যমৰ আগত ক’বলৈ কথা এটাকে থাকিলহেঁতেন। যিহেতু তেনে একো ঘটনা নহ’লেই গতিকে যমৰ সলনি ফটাঢোলৰ ৰাইজকে কোৱাতো যুগুত বুলি ভাবিলো।
১৯৯৬ চনত বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত পঢ়িবলৈ নাম লগালো। হোষ্টেল পোৱাৰ কথাই নাই তেতিয়া, গতিকে ভাড়াঘৰত। অলপদিনৰ পাছতে বিভাগে বিভাগে আদৰণি সভা পতাৰ ধুম উঠিছে। বৰ জমনি কাৰবাৰ এইটো, কিছুমান বিভাগত। তেনে এটা দিনতে আমাৰ লগৰে এজনীয়ে ক’লে- ”ৰাজীৱ পৰিসংখ্যা বিজ্ঞান বিভাগত পৰহিলৈ ফ্ৰেচাৰ্চ।ভাৰাঘৰত একেলগে থকা আমাৰ লগৰ ছোৱালী এজনীক চিনিয়ৰ দাদাসকলে কৈছে বোলে পথাৰত ভুঁই ৰুই থাকোতে যদি ল’ৰাই জোকাই সেই পৰিস্থিতিত তেওঁ সিহঁতক গালি দিয়াৰ চলেৰে নিজৰ চিনাকি দিব লাগিব।”
তাইৰ বৰ চিন্তা কি ক’ব? কেনেকৈ ক’ব? মই তাইক সহায় কৰিব লাগে মানে কবিতাও নহয় গালিও নহয় তেনেকুৱাকৈ তাইৰ ঠিকনাতো ক’বলৈ কেইশাৰীমান লিখি দিব লাগে। বিশ্ববিদ্যালয়ত মোৰ আৰম্ভণিটো ভালেই হৈছে বুলি মনৰ আনন্দতে পাছদিনা লিখি লগৰজনীক দিলোগৈ। তাইক বোলো ক’ৰ ছোৱালী মোক চিনাকি কৰি দিবি। ফ্ৰেচাৰ্চ হৈ গ’ল পৰিসংখ্যা বিজ্ঞান বিভাগত। পাছদিনাই লগৰজনীয়ে মোক ক’লেহি সিজনীয়ে নিজৰ চিনাকি দি দ্বিতীয় পুৰস্কাৰ পালে। খবৰৰ লগতে বোলে মোলৈ ডাঙৰকৈ ধন্যবাদ পঠিয়াইছে। মই বোলো এই কথাই কথা নহয়, তই তাইক মোৰ লগত এদিন কথা পতাই দিবি। তাইয়ো হ’ব বুলিয়েই কৈছিল। কিন্তু আজিলৈ সেই দিনটো নাহিল। লগৰজনীৰ এই কাৰ্যৰ কাৰণ আজিলৈ গম নাপালো।
প্ৰথমেই এই যাত্ৰাত কেণা লগাৰ বাবে মই এই বিষয়তো পাহৰি পেলালো।বিশ্ববিদ্যালয়ত পঢ়া শেষ হোৱাৰ সময় পালেহি। তেনেতে এদিন আকৌ পুৰণা বেমাৰে উক দিলে। বিভাগৰপৰা ওলাই এদিন আবেলি চেনী আলিত ভৰি দিছোঁ আৰু। হেন সময়তে দেখিলো সন্মুখৰ ফালৰপৰা দুগৰাকী ছোৱালী আহি আছে। মই যথাৱৎ তললৈ মূৰ কৰি কাষেদি পাৰ হৈ গৈছোঁ। তেনেতে মোৰ কাণত পৰাকৈ এজনীয়ে ইজনীক ক’লে- “দেখিবলৈ বেয়া লগা নাইচোন। ৰাংঢালীক ক’ব লাগিব।” নক’লেও হ’ব ৰাংঢালী আমাৰ লগৰ একেটা বিভাগৰ।
পাছদিনা মৰতীৰ মোক দেখাৰপৰা কি হাঁহি। “ৰাজীৱ তোক কোনোবাই কালি কিবা কৈছিল নেকি? হোষ্টেলত মোকো গৈ কৈছেগৈ।” মই বোলো এইবাৰ হে যদি কিবা এটা হয় হ’ব আৰু। পাছে কি হ’ব? ৰাংঢালীয়েও মোক শতৰু শালিলে। ছোৱালীজনীৰ নামটো মোকতো নক’লেই, তাইকো বোলে “ৰাজীৱ আমাৰ ডিপাৰ্টমেণ্টৰ ল’ৰা, তহঁতি চকু নিদিবি” বুলি কথা শেষ কৰি থলে।
অৱশেষত জন্ম আৰু মৃত্যুত অকলে আহি অকলে যোৱাৰ দৰে মইও বিশ্ববিদ্যালয়ৰপৰা অকলেই ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহিলো।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *