ফটাঢোল

বেজবৰুৱাৰ ব্যঙ্গাত্মক প্ৰবন্ধ "অৱতাৰ" : এটি আলোচনা – চাহিন জাফ্ৰি

“যেতিয়াই পৃথিৱীত ধৰ্ম সংকটে দেখা দিয়ে, তেতিয়াই ধৰ্ম ৰক্ষাৰ বাবে আৰু পাপ বিনাশৰ বাবে এজন সাধু বা অৱতাৰৰ জন্ম হয়।”

গীতাত কৈ যোৱা উক্ত শ্লোকটোৰ মতে যদি চাবলৈ যাওঁ, পৃথিৱীত যেতিয়া অন্যায়-অবিচাৰ বেছিকৈ হয় তেতিয়া সেই পাপ বিনাশৰ বাবে এজন সাধু বা অৱতাৰৰ প্ৰয়োজন হয়। কিন্তু বাস্তৱত আজিকালি তেনে হোৱাৰ আশা নাই। আমাৰ সমাজৰ বিশৃংখলতাবোৰ আঁতৰাবলৈ আজিৰ দিনত কোনো অৱতাৰে জন্ম গ্ৰহণ নকৰে। কোনোবাই দুদিনমান সমাজৰ হকে মাত মাতিলেও হাতলৈ ক্ষমতা অহাৰ লগে লগে সকলোবোৰ শেষ হয়। নানা ধৰণৰ সৃষ্টিশীল সাহিত্যৰাজীৰে কবি-সাহিত্যিকসকলে সাহিত্যৰ ভঁৰাল চহকী কৰিছে যদিও সমাজৰ একো উন্নতি বা শুধৰণি ঘটা নাই, বৰঞ্চ দিনে দিনে উশৃংখলতা বাঢ়িহে গৈ আছে। সমাজৰ বেমেজালিবোৰ আঁতৰ কৰাটো মুখৰ কথা নহয়। কিন্তু অতিকে জটিল কাম হোৱা স্বত্বেও সেইজনমান প্ৰখ্যাত সাহিত্যিকে সেই প্ৰচেষ্টা হাতত লৈছিল আৰু বৰ্তমানেও বহু কেইজনে সেই দায়িত্ব পালন কৰি আছে।
ব্যঙ্গ সাহিত্যক অস্ত্ৰ হিচাবে লৈ যিকেইজন সাহিত্যিকে সমাজ সংস্কাৰ কৰিব খুজিছিল, তাৰ ভিতৰত হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, দণ্ডীনাথ কলিতা, যজ্ঞেশ্বৰ শৰ্মা, ভদ্ৰ বৰা আদিয়েই প্ৰধান।

বেজবৰুৱাৰ ‘কৃপাবৰ বৰবৰুৱাৰ উভতনি’ৰ অন্তৰ্গত “অৱতাৰ” প্ৰবন্ধটো এটা ব্যঙ্গাত্মক প্ৰবন্ধ। ইয়াত তেওঁ সমাজখনক শুধৰণি কৰিবলৈ নিজেই ‘অৱতাৰ’ গ্ৰহণ কৰা বুলি কৈছিল।
প্ৰৱন্ধটিৰ মূল কথা খিনি এনেধৰণৰ আছিল –
“গোটেই পৃথিৱীৰ ভিতৰত ঘাইকৈ অসমত ধৰ্মৰ গ্লানি, অধৰ্মৰ অধিষ্ঠান, অনাচাৰ, অত্যাচাৰ আদি দেখি তেওঁ অৱতাৰ গ্ৰহণ কৰিব লগা হৈছে। তেওঁ স্বৰ্গত থাকিয়েই দেখা পাইছিল যে – তেওঁ অসম দেশখন যেনেকৈ এৰি থৈ গৈছিল, উভতি আহি তেনে পোৱা নাই। অসমখন আগতকৈ বহুখিনি পিছ হুহকি গ’ল। সেয়েহে তেওঁ বেজাৰ মনেৰে আকৌ পৃথিৱীলৈ অৱতাৰৰূপে আহিবলৈ বাধ্য হ’ল।”
প্ৰবন্ধটিত বেজবৰুৱাদেৱে প্ৰকাশ কৰিছে যে – তেওঁ পৃথিৱীত ধৰ্ম কৰ্মৰ নানা গ্লানি দেখি হেনো সেইবিলাকৰ প্ৰতিকাৰ সাধি জীৱক কৃপা কৰিবৰ মনেৰে কিছুকালৰ বাবে কলিযুগত পুনৰ অৱতাৰ গ্ৰহণ কৰিছে।
নানা অনাচাৰ, ব্যভিচাৰ, অত্যাচাৰ আদিৰে ভৰি পৰা পৃথিৱীখনৰ বিশেষকৈ অসমত পাপৰ ভাৰ বাঢ়ি গৈছিল। তেওঁ দেখিছিল যে বংগদেশখন আকৌ চৰকাৰৰ ঘৰৰপৰা দুভাগ হৈ পৰাত এভাগ বঙাল আৰু আনভাগ বঙালী নামেৰে নামকৰণ কৰা হ’ল। কিন্তু এই ভাগ বটোৱাৰাৰ ফলত দুয়োফালৰ মাজত ঠাট্টা-ইতিকিং তথা কাজিয়াৰ সূত্ৰপাত হ’ল। কিয়নো বঙালসকলৰ মাত কথা আদি বঙালীসকলতকৈ দুটা ধৰণৰ আছিল আৰু তেওঁলোক অঁকৰা আৰু গোনা ম’হ যেন খঙাল আছিল। তেওঁলোকৰ ‘আহেন আহেন’, ‘বহেন বহেন’, ‘হৰ্চ মনে কিল্লাৰ গোৰা নয়’, ‘চৰিবাৰ গোৰা’ আদি শব্দবোৰতো এশ এটা খুঁত কৰিছিল। ইয়াৰ বাহিৰেও বঙালীয়ে বাটে ঘাটে সুবিধা পালেই বঙালৰ ফাললৈ চাই এই শ্লোক মাতিছিল –

“বঙাল মনুষ্য নয়, উড়ে এক জন্তু।
লম্ফ দিয়ে গাছে উঠে, লাজ নাই কিন্তু।”

কিন্তু বঙালসকল বঙালীতকৈ কিছু ক্ষেত্ৰত আগবঢ়া আছিল। যেনে :- তেওঁলোক এলেহুৱা নহয় পৰিশ্ৰমী আৰু পঢ়া-লিখা আদিতো বঙালীতকৈ আগবঢ়া। তেওঁলোকৰ মাজত চলা এই খণ্ড যুঁজখনৰ বাদেও বৰবৰুৱাৰ মনত অসন্তোষে দেখা দিছিল, কিয়নো তেওঁ হেনো নিৰপেক্ষভাৱে বিচাৰ কৰাত আৰু পৰৰ হৈ ভাবি ভোজন কৰিবলৈকে ‘অৱতাৰ’ হৈছিল।

প্ৰবন্ধটিত বৰবৰুৱাৰ যিহেতু স্বৰ্গত থাকি অহাৰ অভিজ্ঞতা আছিল, সেয়েহে তেওঁ স্বৰ্গ আৰু মৰ্ত্যৰ তুলনা কৰিছিল। পৃথিৱীখনৰ শাস্ত্ৰক ওলোটা শাস্ত্ৰ বুলি কৈ তেওঁ এইবুলি কৈছিল যে –

“তোমালোকৰ দেশত মদ, গৰু, গাহৰি, কুকুৰা খালে জাত যায়; কিন্তু আমাৰ স্বৰ্গত সেইবিলাক দিনটোত কম পক্ষেও চাৰিবাৰকৈ নাখালে গা নৰয়। তোমালোকৰ দেশত গোঁসাইৰ তেজ, গোঁসাইৰ মঙহ খোৱা বুলি কাৰোবাক গালি পাৰিলে তাৰ লঘোণ-পৰাচিত লাগে। আমাৰ দেশত আমি আমাৰ গোসাঁইঘৰত বহি এটোপা ৰঙা ফটিকা আৰু এখন পিঠাকে, সঁচাকে পাবলৈ নাইকিয়া গোঁসাইৰ তেজ-মঙহ বুলি মনতে ভাবি লৈ দকচি বজাই দিওঁহক।তোমাৰ দেশত ভাল মানুহৰ ল’ৰা-ছোৱালীয়ে কেতিয়াবা ক’ৰবাত কলতলে-বাহঁতলে এপাক আদপাক নাচিলে সিহঁতে নাচনী ছোৱালী, নটুৱা ল’ৰা নাম পায়, বাপেক-মাকৰ চেকনিৰ কোব খায় আৰু ওচৰ চুবুৰীয়াৰ গঞ্জনা খায়।আমাৰ দেশত আনৰ কথাকে নকওঁ, ইন্দ্ৰ-শশীয়েও আন আন দেৱতা আৰু তেওঁলোকৰ বিবাহিতা তিৰোতাৰে সৈতে নাচি বৰ বৰ-চ’ৰা, তল-ওপৰ লগাই থাকে। সেই কামত দায়-জগৰ হাঁহিয়াত বুলি এটা পদাৰ্থ আমাৰ তাত নাই।”

অৱতাৰ হিচাবে বঙাল আৰু বঙালীৰ মাজত হোৱা অঁৰিয়া-অঁৰিখন বৰবৰুৱাদেৱে নোহোৱা কৰিবলৈ বিচাৰিছিল আৰু দুয়ো পক্ষৰে দোষ-গুণবোৰ আঙুলিয়াই দিছিল। বঙালীৰ ফালে হৈ তেওঁ এইবুলি কৈছিল যে –
“কলিকতাৰ দপ্তৰী, মুদি, ভাত ৰান্ধনী বামুণ, দোকানী, পোহাৰী, ফেৰীৱালা আৰু আন ডাঙৰ-সৰু ব্যৱসায়-বাণিজ্যত কাকতি ফৰিং পৰাদি পৰি এই বঙাল বিলাকে তোমালোকৰ দেশখন বাৰু উজাৰ কৰা নাইনে? নিশ্চয় কৰিছে, নাইবা তোমালোকে ‘বঙাল মনুষ্য নয়’ শ্লোক ৰচি তেওঁলোকৰ গুণ আৰু তোমালোকৰ আক্ষেপ প্ৰকাশ কেতিয়াও নকৰিলাহেঁতেন। তেন্তেনো তোমালোকে ‘কথা মখাৰ আহ মখা’ নুবুজা কিয়? তোমালোকক বৰবৰুৱাই ‘দেখ’ বুলিলেও নেদেখা অথচ ‘কণা’ বুলিলেও জগৰ।তোমালোকে বুজাই হে নাই যে তোমালোকৰ শাপেই বৰ হৈছে।”
এইদৰে কৈ তেওঁ শেষত ৰাইজৰ ওচৰত চুটিৰ দৰ্খাস্ত ‘পেচ’ কৰিছিল।

বৰবৰুৱাদেৱে এই প্ৰবন্ধটিৰ জৰিয়তে অবিভক্ত অসমদেশৰ পূৰ্বৰ দুখজনক পৰিস্থিতি আৰু হতাশজনক হৈ পৰা দেশখনৰ স্থিতিক আমাৰ আগত দাঙি ধৰিছে।লেখনীৰ জৰিয়তে তেওঁ সেই পিছপৰা সমাজখনক তীব্ৰভাৱে ব্যঙ্গ কৰিছে আৰু ইয়াৰ জৰিয়তে সমাজখনক উভতনি কৰিবলৈ বিচাৰিছে। বৰবৰুৱাদেৱে নিজেই কেইবা ঠাইতো উল্লেখ কৰিছে তেওঁৰ অৱতাৰৰ কাৰণ। ভগ্নপ্ৰায় হৈ পৰা সমাজখনৰ অঁৰিয়া-অঁৰিক তেওঁ শান্তিময় কৰিবলৈ অাপ্ৰাণ চেষ্টা কৰিছিল আৰু সেইবাবেই তেওঁ ব্যঙ্গৰ সহায়েৰে ‘অৱতাৰ’ প্ৰবন্ধটো লিখিছিল।

☆★☆★☆

2 Comments

  • Manashi Hazarika

    ভাল লাগিল পঢ়ি৷সুন্দৰ বিশ্লেষন

    Reply
    • চাহিন জাফ্ৰি

      ধন্যবাদ মানসী হাজৰিকা।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *