ফটাঢোল

যমপুৰীৰপৰা লাইভ – সোণটো ৰঞ্জন বৰুৱা

 

সন্ধ্যা সময়। গোলাপী ৰসত ডুবি জননেতাজন আৰু সাংবাদিকজনে মিলি দেশৰ অৰ্থনৈতিক অৱস্থা সম্পৰ্কে আলোচনা কৰি আছিল। সেই সময়তে নিজে নিজে ঢোল পিটি সন্ত্ৰাসবাদ বিয়পোৱাৰ দায়িত্ব লৈ থোৱা সংগঠনটোৱে তাতে বোমা ফুটাই দিলে। লগে লগে দুয়োজনে চকু মুদিলে। এইফালে এওঁলোক দুজনে পৃথিৱী এৰিলে, ইফালে নৰকলৈ নিবলৈ যমদূত আহি হাজিৰ। পিছে ঘটনাস্থলী পাই যমদূতৰ মূৰত পানী দিব লগা অৱস্থা। নেতাৰ আত্মাটো নেতাৰ দেহৰ ওচৰতে চুপচাপ আছে, কিন্তু সাংবাদিকজনৰ দেহটোহে আছে, আত্মাৰ চিনমোকামেই নাই। ওচৰতে ইফাল সিফাল কৰি আছে বুলি চাৰিওফালে চোৱাচিতা কৰিলে, নাই ক’তো নাই। যমপুৰীত সময়ৰো কথা আছে, এটা আত্মাৰ লগত লাগি থাকিলেইতো নহয়! সকলো যমদূতৰে ক’ত, কেতিয়া, কাক আনিবলৈ যাব লাগে তাৰ চিডিউল কৰা থাকেই। গতিকে যি হয় হ’ব বুলি দুয়ো যমদূতে আলচ কৰি অকল নেতাজনৰ আত্মাটোকে লৈ যমৰাজৰ ওচৰ পালেগৈ।

“আৰে তহঁতকতো দুটাক আনিবলৈ পঠিয়াইছিলো, এটাক লৈহে ওলালিহি যে?”
– আত্মাৰ অনা নিয়া ৰেজিষ্ট্ৰাৰখনত এণ্ট্ৰি কৰিবলৈ লৈ যমৰাজ গৰগৰাই উঠিল। চিত্ৰগুপ্তৰ খোৱাৰ সময় হোৱাৰ বাবে যমৰাজে নিজে এণ্ট্ৰি ৰেজিষ্টাৰখন পুৰাই আছিল সেই সময়ত ।

“ক্ষমা কৰিব মহাৰাজ, সাংবাদিকৰ জীৱটো বহুত বিচাৰিলো কিন্তু নাপালো, ইফালে আমাৰ পিছৰটো জীৱ আনিবলৈ যাবৰ সময় হওঁ হওঁ হোৱাত এজনকে লৈ গুচি আহিলো।”

“হমমম। ভালদৰে বিচাৰিছিলিনে? তহঁতৰ ওপৰতো বিশ্বাস নোহোৱা হৈছেগৈ আৰু।”

“মহাৰাজ, আপুনি বিশ্বাস নকৰিব বুলিয়েই আমি সকলো ভিডিঅ’ কৰি লৈ আহিছিলো। চাওক এইয়া।” – – এইবুলি লাহেকৈ পকেটৰপৰা মোবাইলটো উলিয়াই দূতজনে যমৰাজক দিলে।

যমৰাজে সম্পূৰ্ণ ভিডিঅ’টো চালে। হয় ইহঁতেতো গোটেইখন বিচাৰিলে। পিছে আত্মাটো গ’ল ক’লৈ, যমৰাজ মহা চিন্তাত পৰিল। এনেতে ৰাজসভালৈ খাই বৈ চিত্ৰগুপ্ত সোমাই আহিল। যমৰাজক চিন্তা কৰি থকা দেখি হয়তো অন্তৰ্দৃষ্টিৰে কাৰণটো বুজি পাই লগে লগে চিত্ৰগুপ্তই সুধিলে,
“মহাৰাজ, আপুনি সাংবাদিকৰ আত্মা হেৰুওৱাৰ বাবে চিন্তিত হৈ আছে নেকি বাৰু?”

“হয় হে চিত্ৰগুপ্ত, যমদূতকতো সময়তে পঠিয়াইছিলো। নেতাৰ আত্মাটো তাতেই আছিল। পিছে এইজনৰ আত্মাটো তাৰপৰা ক’লৈ গ’ল বাৰু?”

“মহাৰাজ মই আৰু মোৰ খাটা বহী থাকোতে আপুনি কিয় চিন্তা কৰে!”

“তাৰমানে তুমি আত্মাটো ক’ত আছে জানা? উফ ৰক্ষা।”

“সকলো জানো মহাৰাজ। সকলোৰে কৰ্মৰ হিচাপ ৰাখো যেতিয়া সকলোৰে আত্মাৰো হিচাপ ৰাখিবই লাগিব। মহাৰাজ, এই সংবাদিকজনৰ আত্মা নেতাজনৰ আত্মাৰ জেপতে আছে।”
– মিচিকিয়াই হাঁহি চিত্ৰগুপ্তই ক’লে।

” উৱা তাত কেনেকৈ সোমালেগৈ?”
– আচৰিত হৈ যমৰ চকু বাটলুগুটি হৈ গ’ল ।

“কথাটো এনেকুৱা মহাৰাজ, এই সাংবাদিকজনে বহুত দিনৰ আগতেই নিজৰ আত্মাটো এই নেতাজনৰ ওচৰত বিক্ৰী কৰি দিছিল। আৰু তেতিয়াৰেপৰা তাৰ আত্মাৰ মালিক এই নেতাজনেই। এইয়া চাওক, এইটো নেতাৰ জেপত কেনেকৈ সোমাই আছিল চাওক।”
– এইবুলি তেওঁ নেতাৰ জেপৰপৰা পটকৈ সংবাদিকজনৰ আত্মাটো উলিয়াই আনি যমৰাজৰ সন্মুখত থ’লে।

“মহাৰাজ, ই যিদিনাৰপৰাই সাংবাদিকতাত ভৰি দিছিল, সেইদিনাৰপৰাই এই নেতাৰ হৈ কাম কৰিছিল। ই এই নেতা আৰু নেতাজনৰ পাৰ্টীৰ সকলো সত্য জনগণৰপৰা লুকুৱাই ৰাখিছিল। যিবোৰ সত্যই এই নেতাজনৰ মুখা জনগণৰ আগত খুলিব পাৰিলেহেঁতেন সেই সকলোবোৰ টকা লৈ লুকুৱাই জনগণৰ আগত অসত্য বাতৰি পৰিবেশন কৰিছিল।”

“মানে মিলিজুলি একগোট হৈ পাপ কৰিছিল। লক্ষ লক্ষ মানুহৰপৰা সত্য লুকুৱাই ৰখা মহাপাপ। ইহঁত দুটাক অন্ততঃ আৰু বিশ জনমলৈ মুক্তি দিব নালাগে।”

ক্ৰোধান্বিত হৈ যমৰাজে তেওঁৰ শেষ ৰায় শুনাই দিলে।

☆★☆★☆

3 Comments

  • Moni Das

    অতি সুন্দৰ….

    Reply
  • Rintumoni Dutta

    সুন্দৰ সোনটো, বিষয়-বস্তু আৰু বৰ্ণনা-শৈলী- দুয়োটাই খুব ধুনীয়া হৈছে

    Reply
  • বিষয়বস্তু আৰু উপস্থাপনশৈলী অতি সুন্দৰ হৈছে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *