ফটাঢোল

চন্দুৰ বেবেৰিবাং চিন্তা – চন্দনা শইকীয়া

চন্দুই যেতিয়া ঘৰ মচি থাকে হয়তো দীপালি বৰঠাকুৰ বাইদেউৰ গান গুণগুণাই থাকে নহয়তো কিবাকিবি চিন্তাত বিভোৰ হৈ থাকে৷ আজিও ঘৰ মচি থকা সময়ত তাইৰ মূৰত ভয়ংকৰ চিন্তা আশংকা কিছুমানে আহি ভিৰ কৰিলেহি৷

এই চিন্তাবোৰৰ সাৰাংশ এনেধৰণৰ –
চন্দুই অতদিনে ভাবি আছিল তাইৰ ঘৰৰ ওচৰৰ মানুহে তাইক স্কুলৰ নামেৰে নাজানে৷ কেৱল শইকীয়ানীৰ সৰুজনী জীয়েক নাইবা মইনা বুলিয়েই চিনি পায় যিয়ে কাৰো ঘৰে দুৱাৰে ফুৰিবলৈ নাযায় (আনৰ ঘৰত চেল্ফী উঠিবলৈ লাজ কৰে যে! ), ঘৰতে থাকি কামবন আৰু পঢ়া শুনা কৰি থাকে (আপডেট লিখা আৰু ফেচবুক চোৱাতে বিজি বুলি কোনেনো জানে), গহীন গম্ভীৰ(ফেচবুকৰ অনুষ্ঠানবোৰত নাচিবলৈ এনাৰ্জী গোটাব নালাগিব জানো? ) আৰু হাঁহিব নাজানে (চন্দুৰ লাইভ হাঁহি দেখি ল’ৰাবোৰ দীৱানা হৈ গ’লে কোনে ৰিস্ক্ ল’ব ন? )৷

পিছে তাইৰ ভুলটো ভাঙিল যেতিয়া ৰাতিপুৱা চাহ খাই থাকোঁতে মাকে তাইক ক’লে – “তই যে ফেচবুকত কিবাকিবি লিখি থাকা আৰু ফটোবোৰ দিয়া, সিদিনা নাম ধৰিব যাওঁতে প্ৰতিমা খুড়ীয়েৰে সকলোকে দেখাইছে মোবাইলত৷ “

চন্দু আচৰিত হৈ সুধিলে – “কি! ! ! খুড়ীয়ে ক’ত পালে নো? “

মাক – “প্ৰতিমাৰো ফেচবুক একাউণ্ট আছে আক’! তই দিয়া গোটেইবিলাক বস্তু দেখি থাকে বোলে৷ “

চন্দু – “খা বাপ্পেকে৷ “

বুজিছেই নহয়, চন্দুই মানে ফেচবুকতো এতিয়া গহীন গম্ভীৰ হৈ থাকিব লাগিল৷ নহ’লে ওচৰৰ মানুহবোৰে চন্দুৰ সকলো ৰহস্য জানি যাব৷ আৰু যদি মানুহে মাকক লগায় “চোৱা তোমাৰ ছোৱালীয়ে মিটিংত যাওঁ বুলি কৈ বিহু নাচি আছে৷ “

“নহীঈঈঈঈ”……….! ! ! !

অকল এইটো চিন্তাই আমনি কৰিলেওঁ চন্দুৱে সহ্য কৰি ল’লে হয়৷ বিপৰ্যয় তেতিয়া আহিল যেতিয়া চন্দুই ভাবিব ধৰিলে যদি মাকেও ফেচবুকত একাউণ্ট খুলিব খোজে তেতিয়া! ! ! ! ! !

মাকে বাৰু কেনেকুৱা আপডেট দিব?

-“আজি নাম ধৰিবলৈ যাওঁতে নাগাৰা দুটায়ে নিব পাহৰিলোঁ৷ ইমান লাজ পালোঁ৷ “
-“আজি তালুকদাৰণীয়ে নামত দিহাফাকি ভুলকৈ গালে৷ বৰ খং উঠিল৷ “
-“আমাৰ নামতী দলৰ চেল্ফী৷ “
-“আজি ডেকানীৰ জীয়েকৰ বিয়াত দাসনীয়ে ধুনীয়া পাটৰ কাপোৰ এযোৰ পিন্ধি আহিছিল৷ মোৰো এযোৰ ল’ব মন! “

… এনেকুৱা টাইপৰ আপডেট দিয়ে ঠিকেই আছে বাৰু৷

কিন্তু যদি ….
-“বন্ধ বাৰ হ’ল বুলিয়েনো ডাঙৰ ছোৱালী জনীয়ে ৮.৩০ টালৈ শুই থাকিব লাগিব নে! আজি খঙতে ছোৱালীজনীক বিছনাতে দুচাটমান দিলোঁ – with চন্দু“

-“দিনে ৰাতিয়ে কেৱল ফেচবুক ফেচবুক৷ কেতিয়াবা তাইৰ মোবাইলটো ঠেকেচি ভাঙিম৷ – with চন্দু“

-“হে প্ৰভু, ভোকত পেটে কলমলাই আছে তথাপিও ছোৱালীজনীয়ে খাবলৈ দিয়া নাই৷ প্লেটত সজাই লৈ ফটো মাৰি আছে৷ হুহ… – with চন্দু“

-“বহুত হ’ল আৰু.. সহ্য কৰিব নোৱাৰা হৈছো এইজনীক … ফেচবুকৰ অনুষ্ঠান, কাৰোবাৰ বিয়া আহিলেই নতুন কাপোৰ লগা হয়, পাচলি বজাৰত গ’লে গোটেইবোৰ পাচলি লৈ আহিব খোজে, দোকানত বিক্ৰীত কৈ বেছি খৰচ হে কৰে চানা ভজাৰ নামত৷ looking for a তাইক “ঝেলিব” পৰা জোঁৱাই – with চন্দু“

…. এনেকুৱা টাইপৰ আপডেট দিয়ে তেতিয়া কি হ’ব? ? ? ? ? ? ? উফ! ! ! ! নোৱাৰি আৰু ভাবিব৷ চিন্তাতে চন্দুৰ মূৰ ঘূৰাই গৈছে৷ আজিলৈ ইমানেই৷ এতিয়া তাই মূৰটো ঠাণ্ডা কৰিবলৈ ঠেপঠেপিয়াকৈ নৱৰত্ন তেল ঘহিব৷

বাৰে বাৰে নো কিমান ক’ম- প্লীঈঈঈজ …অব য়ে মত পুছনা কি চন্দু কৌন হেই! ■■

Leave a Reply

Your email address will not be published. Required fields are marked *