লিমাৰিক– জীমণি গগৈ
(১)
ফেচবুক লাইভত পাপনৰ পয়মাল লাগিল
টেমি কটাৰীৰ ঠাইত হাঁচতি বাজিল
বুজাই পিছে বুজিলে
কোনে কিয় মাতিলে
চুমাত লাগি আচল বিষয় তল পৰি থাকিল।
(২)
নীৰৱ মোদীয়ে সিফালে উদং কৰি গ’ল
এইফালে ৰাইজ ভেবা লগাতে ৰ’ল
ভিতৰি তৈলমৰ্দন
বাহিৰে অৰণ্যৰোদন
মধ্যবিত্তৰ মুখত মাথোঁ হৰি ব’ল হৰি ব’ল।
(৩)
চেনেল আৰু চিক্কা যাৰ জেপত থাকে
বঁটা-বাহনে খেদি খেদি পায়হি তাকে
সাহিত্যিক আৰু সাহিত্য
আছে কিন্তু পাৰ্থক্য
মুখাবোৰ লিপিত খাই থাকে মুখে-নাকে।
(৪)
কিনো ক’বা কিনো আছে ক’বলৈ খুলি
দেখি-শুনিও আটাইবোৰ চকুমুদা কুলি
নীতি অনীতি একাকাৰ
সৰ্বত্ৰতে ব্যভিচাৰ
নিষ্ফল বিদ্রোহত জীৱন যায় জ্বলি।
☆★☆★☆
10:15 am
সুন্দৰ
8:29 pm
সামাজিক আৰু ৰাজনৈতিক ব্যংগ
10:34 am
ধুনীয়া , জী মনি বা
4:27 pm
বাজিল।
5:37 pm
মজ্জা লিখিছা
12:00 am
মজ্জা