ফটাঢোল

বিগ-বচ – পূণ্য শইকীয়া

বাউন্সাৰ হুক কৰি মাৰিছিলো ছক্কা
বল গৈ পঁহুচিল চিধাচিধি মক্কা
এডিলেড পাৰ হৈ পাই গ’লো চিডনি
একেজন মানুহৰে দুটা দুটা কিডনি
আমীৰ নহ’লো নাই হ’ব খোজো চালমন
কাটিব নোৱাৰো দাঢ়ি মুখ ভৰা শালমন
প্ৰেমৰ উপমা দিলো লিকুইড আয়ৰণ
একেশাৰী কবিতাতে নাম পালো বায়ৰণ
চুট টাই সোলোকাই পিন্ধি ল’লো চাপকন
ব্ৰেডমেন নাম গুচি নাম ল’লো বাপকণ
নামাৱলী মেৰিয়াই ভাও ল’লো ভক্তৰ
পাছফালে ডি-লিট আগফালে ডক্টৰ
হাঁতুৰি গজাল হাতে মগজুৰ মিস্ত্ৰি
ভূগোলৰ শাহুৱেক নাম তেওঁৰ হিষ্ট্ৰী
নাচ দেখি মোক বোলে মাইকেল জেকচন
কঁকাল কচকা খাই লৈ আছো ট্ৰেকচন
মেকুৰীৰ চকুটোতে ফুটুৱালো ফটকা
চেনেহীনে চিষ্টাৰ লাগি আছে খটকা
খোজকিটা পাতিহাঁহ চকুকিটা হায়েনা
বায়েনৰ জীয়েকৰ নাম হেনো ডায়েনা
মাটিকণ বিক্ৰী কৰি কিনি ল’লো আইকণ
চহৰৰ বিগ-বচ গোমোঠাৰ ভাইকণ।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *