ফটাঢোল

জ’ম্বি বিহু – অভিজিত কলিতা

কিছুবছৰ আগৰ কথা। অসমীয়া চিত্ৰজগতৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰীৰ (বিহু ভিচিডিত অতিকৈ জনপ্ৰিয়) আমাৰ পৰিয়ালটোৰ সৈতে চিনাজনা আছে- মোৰ শ্ৰীমতীৰ তেওঁ বৰ ভাল বান্ধৱী। সেই সূত্ৰে আমাৰ মূল ঘৰলৈয়ো অহা-যোৱা আছে। তেওঁ ভ্ৰাম্যমান থিয়েটাৰ বা আন তেনে অনুষ্ঠানৰ বাবে যোৰহাট বা ডিব্ৰুগড়লৈ গ’লে আমাৰ ঘৰত বা মোৰ শহুৰৰ ঘৰলৈ আহে, কেতিয়াবা থাকেও। অভিনেত্ৰী গৰাকী প্ৰকৃত নামতকৈ তেওঁৰ এখন হিট ভিচিডিৰ নামেৰেহে বেছি জনপ্ৰিয়। ধৰি লোৱা হ’ল তেওঁৰ জনপ্ৰিয় নামটো ৰুণজুণ।
সেইদিনা আমি ডিব্ৰুগড়ত মোৰ শহুৰৰ ঘৰত আছিলো, বিহু ফাংচনৰ বতৰ। হঠাত ৰুণজুণে ফোন কৰিলে বোলে – তেওঁৰ ডিব্ৰুগড়ৰ ওচৰে-পাঁজৰে ক’ৰবাত কিবা অনুষ্ঠান এটা আছে। তেওঁ ৰাজধানীত গুৱাহাটীৰ পৰা আহি আছে, আৰু ৰাতিটো থাকিব। আমিও তেওঁৰ লগত যাব লাগিব, কাৰণ ফাংচন হোৱা ঠাইডোখৰ তেওঁ চিনি নেপায়।
ৰুণজুণ আহি পালে, খোৱা বোৱাৰ পাছত মই সুধিলো- তুমিনো বিহু ফাংচনত কি কৰিবা? বিহুৰ ফাংচনত গান আদিহে হয়। তুমি চিনেমাৰ ‘ডাইলগ’ শুনাবা নেকি?
তেওঁ বিহু নাচিব- সেয়াই প্ৰো’গ্ৰাম। তেওঁৰ হাতত দুটামান ট্ৰেক আছে- ১৫ মিনিটমান সময়ৰ। সেয়া মাইকত বাজিব আৰু তেওঁ নাচিব। তেওঁৰ অলপ পৃথক শৈলীৰ বিহু নাচ অৱশ্যে সেই সময়ত অতি জনপ্ৰিয় আছিল। কিন্তু মোৰ মনটো অলপ কেচেমা লাগিল- ১৫ মিনিট সময় বিহু নাচ চাবলৈ কোনোবাই ইমান টকা খৰছ কৰি গুৱাহাটীৰ পৰা অভিনেত্ৰী গৰাকীক কিয় মাতি আনিব? দুই-তিনি ঘণ্টা সময়ৰ কিবা প্ৰো’গ্ৰেম হোৱা হ’লে বেলেগ কথা। আৰু তেওঁক তো বুজন পৰিমাণৰ মাননিয়েই দিব লাগিব। পিচে বিশেষ নেমাতিলো, হ’বও পাৰে! আজিকালি মানুহৰ হাতত পইচা আছে, কৰিবও পাৰে। তেঁৱো মোক অভয় দি ক’লে, –
“একো নহয়, আপুনি চিন্তা কৰিব নেলাগে। কেৱল ৰাতি আমাৰ লগত ওলাব। আপুনি এতিয়া মোৰ ট্ৰেকটো যাতে সিহঁতৰ মাইকত বাজে তাৰ ব্যৱস্থা কৰক। মোৰ হাতত চিডি খন আছে, কিন্তু স্ক্ৰেট্চ পৰিছে। তাক পে’ন ড্ৰাইভ এটালৈ নিয়াৰ ব্যৱস্থা কৰক”।
ময়ো নিৰ্দেশ মতে কাম কৰি ৰাতিলৈ সাজু হ’লো।
তেনেতে শহুৰ দেউতা বজাৰৰ পৰা আহি ওলালহি,  ৰুণজুণ আহিব বুলি তাই ভালপোৱা এগাল কিবা কিবি কিনি আনিছে- শাহু আইয়ে ৰান্ধি খুৱাব।
শাহু আয়ে ৰুণজুণক সুধিলে,-“তোমাৰ ফাংচন ক’ত আছেনো?”
উত্তৰত ৰুণজুণে যিটো নাম ক’লে দেউতা খেং খেঙাই উঠিল,- “হেই , নেলাগে তাত ফাংচন কৰিবলৈ। যিকেইটাই বিহু পাতিছে মই জানো- ঠিক নহয় মানুহকেইটা। পাৰিলে কেনচেল কৰা, ইয়াৰ পৰা বহুত দূৰ, ৰাষ্টাও বেয়া…ইত্যাদি।”
পিচে তেতিয়ালৈ কেনচেল কৰাৰ উপায় নাছিল- তেওঁলোকে অহা যোৱাৰ টিকেট দিছে, অগ্ৰিম ধনো কিবা দিছে। কালিলৈকে ফোন কৰি সুধি আছে। আৰু লগতে ফাংচনৰ মূল নিমন্ত্ৰিত গায়কজন ৰুণজুণৰ ভাল চিনাকী। গতিকে অসুবিধা হ’ব নেলাগে।
শহুৰ দেউতাৰ আপত্তি স্বত্ত্বেও অৱশেষত ৰুণজুণ আৰু আমি তালৈ যোৱাৰ সিদ্ধান্ত হ’ল। ৰুণজুণক সন্ধিয়া আঠ বজাতে পোৱাকৈ যাবলৈ কোৱা হৈছিল। তেওঁ ক’লে, নহয় তেওঁ দহ মান বজাত পোৱাকৈহে যাব। আমি সকলোৱে ভাত পানী খাই ল’লো । ৰুণজুণে নেখায়। তেওঁ যিহেতু নাচিব লাগিব, গতিকে ঘুৰি আহিহে খাব। ৰুটি ভাজি অলপ খাই, সাজ পোচাক, মে’ক আপ কৰি তেওঁ সাজু হ’ল।
আমাৰ পৰিয়ালটো, মানে মই, শ্ৰীমতী আৰু মোৰ ছোৱালীজনী আৰু লগতে খুলশালিটো ( আমি বাবা বুলি মাতো) ৰুণজুণৰ লগত যাম। মোৰ ছোৱালী আকৌ ৰুণজুণৰ বিৰাট ফেন- তেওঁৰ ভিচিডি চাই চাই চকু পানী বোঁৱাই থাকে। গতিকে তাই মাকৰ হকা-বাধা নুশুনে, যাবই!
সি যি নহওক, আমি সন্ধিয়া চাৰে-ন মান বজাত বিহুতলীলৈ ওলালো, বাটত মই ৰুণজুণক বহুত ‘লেচন’ দি গ’লো। তাইক ক’লো,- “তুমি আমাৰ গাড়ীত আছা বুলি কোনেও গম পাব নেলাগে। নহ’লে তোমাৰ গুণমুগ্ধসকল জপিয়াই পৰিব। গাড়ীখন অলপ আচুতীয়া ঠাইত ৰখাই মই নামি গৈ বিহু কমিটিৰ বিষয়ববীয়া কেইজন মান বিছাৰি তোমাক গটাই দিম। তাৰ পাছতহে তুমি নামিবা।“
জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীসকলক গুণমুগ্ধই প্ৰায় অত্যাচাৰেই কৰে বুলিব পাৰি, মাজতে দুই এজন বদমাছ মানুহো থাকে, গতিকে ৰুণজুণৰ সুৰক্ষা নিশ্চিত কৰাৰ দ্বায়িত্ব মই নিজেই গাত পাতি ল’লো, অন্ততঃ বিহু কমিটিৰ মানুহ লগ নোপোৱালৈকে।
বিহুতলী দেখিয়েই গা-চেবাই গ’ল- অলপ শংকিত হৈ পৰিলো মই। ষ্টেজত কোনোবা এজনে গান গাই আছে। সকলো নাচি বাগি মতলীয়া,- কাৰো কোনো ফালে চাবলৈ সময় নাই। মাজে মাজে কাণ-তাল মৰা উঁকি। বাবাই মানুহৰ মাজেদিয়েই গাড়ীখন লাহে লাহে চলাই নি ষ্টেজৰ পিছফাল পোৱালেগৈ। নাচি থকা মানুহৰ মাজেৰে গাড়ীখন চলাই নিয়া অতি কঠিন কাম, পিচে কোনেও বাধা নিদিলে যদিও –অশ্ৰাব্য গালি দুষাৰমান শুনিলো। দুজনমানে ভিতৰলৈ জুমি চালে যদিও হয়তো চিনিব নোৱাৰিলে।
গাড়ীখন সুৰক্ষিত ঠাইত ৰখা যেন লগাৰ পাছত মই মোৰ দ্বিতীয় কামটোৰ বাবে আগবাঢ়িলো, কমিটিৰ মানুহ বিচৰা। বাকী সকলোকে গাড়ীত বহি থাকিবলৈ কৈ মই নামি গ’লো।
পোনে পোনে ক’বলৈ গ’লে সমগ্ৰ বিহুতলীখনত সেই সময়ত কোনো প্ৰাপ্তবয়স্ক লোকেই হুঁচত নাই বুলিব পাৰি। সৰু কেইজনো অৱশ্যে সন্দেহৰ আৱৰ্তত নথকা নহয়। দুজনমানে মাটিত বাগৰি বাগৰি অদ্ভূত নাচ নাচিছে- জপিয়াইছে, তেহেলে ষ্টেজত গান গাওকেই বা নাগাওকেই। সকলো নিজ আনন্দত মত্ত, কাৰোফালে চাবলৈ সময় নাই। মই যেন শালৰ মাজত অকলশৰীয়া শিঙি। ইজন সিজনক সুধি চালো- কোনেও একো নেজানে, মোৰ প্ৰশ্নক কোনেও গুৰুত্বই নিদিয়ে। শেষত ষ্টেজৰ ওচৰ পালোগৈ। বিষয়ববীয়া যেন লগা দুজনমান মানুহ ষ্টেজ উঠি আছে- পিটে মইনো ষ্টেজত গৈ কেনেকে কথা পাতো। হঠাত মোৰ কপাল ফুলিল- সৰু ল’ৰা এটাই মোক খুন্দিয়াই কৈ থৈ গ’ল, –
“সেইজন প্ৰেচিডেণ্ট।“
মই যেন উশাহ পালোঁ, সোঁ-সোৱাই গৈ ‘প্ৰেচিডেণ্ট’ৰ ওচৰ পালোগৈ। মোৰ আধামান বয়সৰ শকত আৱত, থৰঙা ছুটীকৈ কটা চুলিৰ ল’ৰা এজন- পিন্ধনত ক’লা টী-শ্বাৰ্ট আৰু জীনচ। প্ৰেচিডেণ্ট বুলিয়েই চাগে তেওঁ বাকীসকলতকৈ অলপ বেছিকৈ ধৰিছে।
মই ক’লো- “আমাৰ লগত ৰুণজুণ আহিছে, আপোনালোকে তেওঁক ভালকৈ বহুৱাৰ ব্যৱস্থা কৰক।“
তেওঁ নুশুনিলেই নে কি হ’ল জানো- গুৰুত্বই নিদিলে মোৰ কথাত। তাৰ সলনি তেওঁ নিজৰ কথাৰ ফুলজাৰি মৰাত লাগিল। কথাবোৰ বক্তব্য সৰল, যেনে ধৰক, তেওঁ কাকো কেয়াৰ নকৰে, মই দেখিছো নাই যে তেওঁ কি তামাম বিহু পাতি দিলে। আগতে মই এইখন ঠাইত ইমান ডাঙৰ পেণ্ডেল দেখিছো নে কেতিয়াবা? আৰু তেওঁ নিজৰ পকেটৰ বহুত ধন ভাঙিছে বিহুখনৰ কাৰণে। কিন্তু সমস্যা হ’ল এই ফাল্টু মানুহবিলাক লৈ। তেওঁ ইমান কষ্ট কৰিলে, এতিয়া কোনোবাই কমপ্লেইন কৰিছে বোলে, বৰ বিহুৱতী পুৰস্কাৰটো বিচাৰকে নিজে খাতিৰ থকা মানুহক দিলে। আৰু কথাটো হয়, কাৰণ তেওঁ পুৰা জানে যে এই মুহূৰ্তত বিচাৰকজনে বৰ বিহুৱতীৰ ঘৰত বহি বাপেকৰ লগত ‘মাল টানি’ আছে। তেওঁ কিন্তু এইটোৰ বিচাৰ কৰিব। কাইলেকে কৰিব। আজি ফাংচনটো হৈ যাওক।
মই আকৌ ক’লো ৰুণজুণৰ কথা। এইবাৰ তেওঁ অলপ বেয়া পালে মোক, এইবিলাক কথা মই তেওঁক সোধা উচিত নহয় বোলে। কালচাৰেল চেক্ৰেটেৰী আছে, যি ক’ব লগা আছে মই তেওঁক ক’বগৈ লাগে। ষ্টেজত গ’লেই মই কালচাৰেল চেক্ৰেটেৰীক পাম। কৈয়েই তেওঁ আনফালে বাট ল’লে- হয়তো ‘ৰিচাৰ্জ’ কৰিবৰ হ’ল।
উপায়বিহীন হৈ এইবাৰ মই ষ্টেজলৈ উঠি গ’লো। গায়ক আৰু সহযোগীসকলৰ বাদেও আৰু বহত মানুহ ষ্টেজত উঠি আছে। তেওঁলোককো মানুহে চাব লাগে- ইমান কষ্ট কৰি বিহুখন পাতিছে। গানৰ লগে লগে তেওঁলোকে হাত তালি বজাইছে বা অলপ এপাক নাচিছে আৰু লগতে এটা বৰ দৰকাৰী কাম কৰি আছে। ষ্টেজত উঠিবলৈ চেষ্টা কৰি থকা বাকী মানুহবোৰক তেওঁলোকে বাধা দি আছে।
মই বাধা নেমানি ওপৰলৈ গ’লো, ষ্টেজ বুলিলে মোৰ ভয় এটা আছে, কিন্তু এই পৰিস্থিতিত ভয় কৰিলে নচলিব। কেনেবাকৈ ৰুণজুণক এজন দ্বায়িত্বশীল মানুহৰ হাতত গটাব লাগে।
ইয়াৰ ভিতৰত কোনজন কালচাৰেল চেক্ৰেটেৰী হ’ব, মই অনুমান কৰিবলৈ চেষ্টা কৰিলো আৰু মোৰ অনুমান শুদ্ধও হ’ল।
কালচাৰেল চেক্ৰেটেৰীয়ে পেণ্টৰ সৈতে কূৰ্তা এটা পিন্ধি আছে। ডিঙিত গামোচা এখন আৰু মোনা এটাও আছে। তেওঁ বৰ বেছিকৈ খোৱা নাই যেন লাগিল। মই তেওঁক একাষলৈ টানি আনিলো আৰু ৰুণজুণৰ কথা ক’লো। তেওঁ প্ৰতিক্ৰিয়া দেখুৱালে,
“অ’ হয় নেকি? আপোনালোক অলপ ৰ’বচোন। আমি গৈ আছো। কোনখিনিত ৰৈ আছে আপোনালোক?”
মই গাড়ীখনলৈ আঙুলিয়াই দেখুৱালো, আৰু ‘আপোনালোক সোনকালে আহক’ বুলি কৈ গাড়ীলৈ ঘূৰি আহিলো।
ইতিমধ্যে আধাঘণ্টাতকৈয়ো বেছি সময় পাৰ হৈ গ’ল। গাড়ীৰ ভিতৰত থকা ৰাইজৰ মোৰ ওপৰত খং, ইমান সৰু কামটোতে মই ইমান দেৰি লগালো। মই ৰুণজুণক ক’লো, -“তুমি ইয়াত কণ্টেক্ট কৰিব লগা মানুহজনক ফোন কৰি চোৱা আকৌ”।
তাই কেইবাবাৰো ফোন কৰিলে, ফোন উঠোৱা নাই।
অৱশেষত আৰু দুজনমান যুৱকৰ লগত কালচাৰেল চেক্ৰেটেৰী আহি ওলাল। ৰুণজুণক দেখি তেওঁলোকৰ মুখত হাঁহি বিৰিঙি উঠিল।
“আপোনালোকৰ গ্ৰীণ ৰূম বা বহাৰ ঠাই ক’ত। মই অলপ টইলেটলৈয়ো যাব লাগিছিল”,ৰুণজুণে সুধিলে।
নাই, তেওঁলোকৰ গ্ৰীণ ৰূম বা বহাৰ তেনে কোনো ব্যৱস্থা নাই, বাহিৰলৈ যাবলৈ হ’লে কাৰোবাৰ ঘৰলৈকে যাব লাগিব। তেওঁ বাহিৰ ফুৰাৰ যোগাৰ কৰিবলৈ গ’ল।
এইবাৰ তেওঁৰ লগত এগৰাকী নেত্ৰী যেন চেহেৰাৰ মহিলা আহি ওলাল। মহিলাগৰাকীৰ ঘৰলৈকে যাব। পিছে মহিলাগৰাকী ৰুণজুণক দেখি বৰ সুখী হোৱা যেন নেলাগিল। তেওঁৰ ঘৰলৈ এইখন গাড়ীতে যাব লাগিব, গতিকে মই আৰু ছোৱালীজনী গাড়ীৰ পৰা নামি তেওঁক বহিবলৈ দিলো। আমি দুটাই ফাংচনকে চাওঁ বুলি নিৰাপদ দূৰত্বত ৰৈ থাকিলো।
ৰাতি বাঢ়ি গৈছে মানে নাচ গানৰ প্ৰকোপো বাঢ়ি গৈছে। গায়কক বিহুৰ বাদে আন কোনো গীত গাবলৈ দিয়া হোৱা নাই। বিহু লাগে বিহু লাগে- অনবৰত চিঞৰ চলি আছে। গায়কৰ বোধহয় সাজু কৰি অনা বিহুগীত শেষ হ’ল- তেওঁ ৰিপিট কৰিবলৈ আৰম্ভ কৰিছে। তাত আপত্তি কৰিব লগা একো নাই কাৰো- কিবা এটা গাই থাকিলেই হ’ল- নাচটোহে আচল কথা।
ইফালে মোৰ ছোৱালী জিয়াৰ টোপনি ধৰিবলৈ আৰম্ভ কৰিলে। ভাগ্যক্ৰমে কিছুদেৰিৰ পাছত গাড়ীখন ঘূৰি আহিল- আৰু কালচাৰেল চেক্ৰেটেৰীয়ে ৰুণজুণক ষ্টেজলৈ উঠাই নিলে। আমি স্বস্তিৰ নিশ্বাস পেলালো। ৰুণজুণক ষ্টেজৰ ওপৰতে প্লাষ্টিকৰ চকী এখনত বহুৱাই থোৱা হ’ল। অলপ পাছত ঘো‍ষণাও হ’ল- ৰুণজুণে গামোচা এখনো পালে।
শ্ৰীমতীৰ পৰা গম পালো, তেওঁলোকক বাহিৰ ফুৰিবলৈ নিয়া গৃহস্থনীগৰাকীয়ে বাৰে বাৰে কৈ গ’ল, -“এই ভিচিডিবোৰে অসমীয়া কালচাৰ শেষ কৰি দিলে। আজিকালিৰ হিৰ’ইনবোৰে একেবাৰে বিহু নাচিব নেজানে”। ৰুণজুণে মনে মনে শুনি আছিল। আৰু আমাৰ এওঁক চিকুটি আছিল।
হঠাৎ বিহুবলীয়া ৰাইজে গম পাই গ’ল – তেওঁলোকৰ সপোন কুঁৱৰী ৰুণজুণ আহি উপস্থিত। এইবাৰ গায়কক এৰিলে তেওঁলোকে। ৰুণজুণ!!! ৰুণজুণ!!!!- সকলোফালে চিঞৰ আৰম্ভ হ’ল। তেওঁলোকক এইবাৰ ৰুণজুণক লাগে। গায়কে কিবা এটা গান গাব খুজিছিল- পিছে ৰাইজৰ চিঞৰত বন্ধ কৰি দিব লগা হ’ল। মই ইতিমধ্যেই ট্ৰেকটো কালচাৰেল চেক্ৰেটেৰীৰ হাতত দিছিলো। ৰুণজুণৰ বাবে ষ্টেজ এক অংশ মুকলি কৰা হ’ল। তেওঁ দুষাৰ মান কথা ক’লে। পিচে ৰাইজৰ কথা শুনিবলৈ মন নাই, ৰুণজুণে নাচিব লাগে।
অৱশেষত ট্ৰেক বাজি উঠিল, সেই সময়ৰ অতি জনপ্ৰিয় বিহুগীতকেইটামান, ৰুণজুণে ধুনীয়াকৈ নাচিলে। ৰাইজৰ চিঞৰত কোনেও কাৰো মাত নুশুনা হ’ল। মাটিত বগৰা পাৰ্টিয়েও থিয় হৈ ৰুণজুণৰ নাচ চালে। সদায় ভিচিডিত দেখি থকা মানুহজনীয়ে আজি তেওঁলোকৰ সন্মূখত নাচি আছে। আৰু কি লাগে?
পিছে তেনেতে ঘটনাটো হ’ল, পোন্ধৰ মিনিট মানৰ পিছত ট্ৰেকটো শেষ হৈ থাকিল, ৰুণজুণেও সকলোকে নমস্কাৰ জনাই অনুষ্ঠান সামৰিব খুজিলে।
কিছুসময় মানুহবোৰ হতবাক হোৱাৰ দৰে হৈ থাকিল, তাৰ পাছত দুগুণ উৎসাহেৰে চিঞৰি উঠিল,- “নহব! মাত্ৰ পোন্ধৰ মিনিট সময় নাচিলে নহ’ব। আৰু লাগে।”
মই আগতেই অনুমান কৰিছিলো কথাটো। কালচাৰেল চেক্ৰেটৰীয়ে ৰুণজুনক কিবা কাণে কাণে ক’লে,  আৰু অলপ সময় কৰিব লাগে। ৰুণজুণেও ৰাইজৰ দাবীত আকৌ এবাৰ নাচিবলৈ সন্মত হ’ল।
অলপ সময় বিৰতিৰ পাছত আকৌ একেটা ট্ৰেককে বাজি উঠিল। ৰুণজুণেও একেটা নাচকে নাচিলে। পিছে ৰাইজৰ আনন্দৰ পৰিধি নাই। এইবাৰ সকলোৱে ৰুণজুণৰ লগতে নাচিলে।
কিন্তু সেই একেই সমস্যা, আকৌ পোন্ধৰ মিনিটৰ পাছত ট্ৰেক শেষ হ’ল। আকৌ চিঞৰ-বাখৰ লাগিল,- “আকৌ নাচিব লাগিব, নহ’লে দিগদাৰ আছে।“
এইবাৰ ৰাইজৰ দাবীত ধমকিৰ সুৰ মিহলি হৈ আছিল। মোৰ কাষতে এজনে কৈ আছিল, -“ইমানগাল টকা দিছো, দচমিনিট নাচি আমাক বুদ্ধু বনালে নহ’ব নহয়। আজি পুৰা ৰাতি নাচিব লাগিব ৰুণজুণে”।
ৰুণজুণ ভাগৰিও পৰিছিল, তাতে তেতিয়া পুৱা আঢ়ৈ বাজিল- তাতে তাই একো খোৱাও নাই। মোৰ চিন্তা লাগিল। মই আকৌ ষ্টেজৰ ওপৰলৈ উঠি গৈ চেক্ৰেটেৰীক অনুৰোধ কৰিলো, ৰুণজুণক পঠাই দিয়ক। তেওঁ ইতিমধ্যে দুবাৰ কৰিলে। আৰু কিমান কৰিব?
“মই কি কৰিম কওকচোন। ৰাইজে এৰি নিদিয়ে”।
“আপুনি ঘোষণা এটাকে দিয়ক, যে ৰুণজুণ ভাগৰি পৰিছে”।
তেওঁ সেইমতেই ঘোষণা দিলে, অৱশ্যে লগতে ক’লে যে ৰুণজুণ এতিয়াও তেওঁলোকৰ মাজত আছে।
বিহুবলীয়া ৰাইজ অলপ শান্ত হ’ল,- “ঠিক আছে ভাগৰ লাগিছে যদি অলপ জিৰাওক। কিন্তু আকৌ নাচিব লাগিব ৰুণজুণে”।
ঘামি জামি ৰুণজুণ ষ্টেজৰ প্লাষ্টিকৰ চকীখনত বহি থাকিল। আকৌ গানৰ অনুষ্ঠান আৰম্ভ হ’ল। আধাঘণ্টামান গান চলিল। গায়কজনো ভাগৰিছেগৈ, তেওঁৰ মাত বহি গৈছে। একেবোৰ গানকে আৰু কিমান গাব? দহ বজা মানৰ পৰা তেওঁ গায়েই আছে।
পিছে বিহুবলীয়া ৰাইজৰ মন ভৰা নাই। অলপ পাছতে আকৌ ৰুণজুণ!! ৰুণজুণ!! চিঞৰ আৰম্ভ হ’ল। কেইজন মান ডেকাই কালচাৰেল চেক্ৰেটেৰীক কিবা ক’লেগৈ। চেক্ৰেটেৰীয়ে ৰুণজুণক আকৌ কিবা অনুৰোধ কৰিলে। এইবাৰ ৰুণজুণে সঁচাকৈয়ে অপমানিত বোধ কৰিলে, তেওঁ অমান্তি হ’ল, আৰু যাবলৈ ওলাল।
নাই নহ’ব।
কেইজনমান গজগজীয়া ডেকা ষ্টেজলৈ উঠি গ’ল। ঘটনা ভাল নেদেখি ময়ো পিচে পিচে উঠি গ’লো। এজন ডেকাই দোৰোল খোৱা মাতেৰে ৰুণজুণক কৈ আছে,-
“আপুনি কি আমাক বেয়া পাইছে নেকি? আমি কি আপোনাক বেয়া বিহে’ভ কৰিছো নেকি? কিয় যাব আপুনি? নহ’ব, নোৱাৰে যাব, আপুনি ইয়াত থাকিব লাগিব। আৰু নাচিব লাগিব।”
মই ৰুণজুণৰ কাষত ঠিয় হৈ থাকিলো। ৰুণজুণে কঠিন মাতেৰে ক’লে, -“মই আগতেই কৈছো, মোৰ অনুষ্ঠান পোন্ধৰ মিনিটৰ। সেইমতেই কথা-বতৰা হৈছে। এতিয়া মোক বিদায় দিয়ক।”
“নাই নহব! কি বুলি ভাৱিছে আপুনি নিজকে?  আৰে ৰাইজে আপোনাক চাব বিচাৰিছে, তাতে ইমান তাও কিহৰ। নহ’ব, আপুনি নাচিবই লাগিব, নহ’লে ঝেং হৈ যাব।”
ৰুণজুণৰ খং উঠি আহিছিল, মই তাইক ইংগিতেৰে মনে মনে থাকিবলৈ ক’লো। আৰু কালচাৰেল চেক্ৰেটৰীক পৰিস্থিতিটো চম্ভালিবলৈ ক’লো। তেওঁ নানা যত্ন কৰি ল’ৰা কেইজনক তললৈ নমাই লৈ গ’ল। তেওঁলোকে যাওঁতেও ধমকিমূলক দুই চাৰিটা কথা শুনাই গ’ল, মোলৈয়ো টেলেকাকৈ চালে।
ৰুণজুণে মোৰ আগত ভীষণ লাজ পাইছে। খঙো উঠিছে।
মই তাইক বুজালো, -“ইয়াত, এই সময়ত যুক্তি তৰ্ক কৰি লাভ নাই। তোমাক ভাল পাই কাৰণেহে ৰাইজে বিচাৰিছে। পজিটিভলি লোৱা। আকৌ এবাৰ পাৰা যদি কৰি দিয়া। কিন্তু এইবাৰেই শেষ বুলি কৈ ল’বা। নহ’লে আজি তোমাক নেৰে।”
নাই, তাই নেনাচে। অতি অপমান পাইছে তাই। যি হয় হওক, তাই নেনাচে। চকু চলচলীয়া হৈছেগৈ তাইৰ। মই নামি কালচাৰেল চেক্ৰেটৰীৰ ওচৰলৈ গ’লো। তেওঁক ক’লো, -” ৰুণজুণ এগৰাকী শিল্পী, তেওঁৰ লগত এনে ব্যৱহাৰ ভাল হৈছে জানো ?” ৰুণজুণে যে একো খোৱা নাই, সেয়াও ক’লো।
“মই বুজিছো, কিন্তু কি কৰিম কওকচোন। তেওঁক আপুনি কওক, আৰু এবাৰ নাচিবলৈ। তাৰ পাছত আমি তেওঁক যাবলৈ দিম”।
এইবাৰ আকৌ ৰুণজুণক বুজনি। তাই একো নক’লে। কেৱল সুধিলে,-“আপোনাৰ ছোৱালীজনী শুলে নেকি? মোৰ লগত এনেই আপোনালোকৰ কষ্ট হ’ল।”
“বাদ দিয়া কষ্ট। এতিয়া ইয়াৰ পৰা যেনে তেনে ওলাব লাগে। পইচা-পাতি নিদিলেও নাই। এইখনৰ পৰা ৰক্ষা পৰাটোৱেই মূল কথা এতিয়া।”
মোৰ আৰু চেক্ৰেটৰীৰ অনুৰোধত ৰুণজুণ শেষত গৈ সন্মত হ’ল। আকৌ এবাৰ ট্ৰেক বাজি উঠিল। ৰাইজ আকৌ এবাৰ মতলীয়া হ’ল। আমি স্বস্তিৰ নিশ্বাস পেলালো। এইবাৰ যাব পৰা হ’ব। অৱশেষত ট্ৰেক শেষ হ’ল। এইবাৰ ৰুণজুণে কেৱল নিয়মমাত্ৰ কৰি নাচিলে, তাইৰ দেহাত শকতি নাই আৰু। এতিয়া ওলাই যাব লাগে।
“নাই নহব! এইটো কি নাচ হ’ল নেকি? কি বুলি ভাৱিছে আমাক? ধেমালি কৰিব আহিছে? আকৌ নাচিব লাগিব। ভালকৈ নাচিব লাগিব।“
তেওঁলোকে ৰুণজুণক জোৰ কৰি আকৌ ষ্টেজত বহুৱাই থ’লে, ভাগৰ মাৰি লওক! কিন্তু আকৌ ভালকৈ নাচিব লাগিব। তেওঁলোক দুজনমান ৰুণজুণক গাৰ্ড দি ৰৈ থাকিল, বোধহয় যাতে ৰুণজুণ পলাই যাব নোৱাৰে তাৰে ব্যৱস্থা।
আমি ষ্টেজৰ পৰা তললৈ নামি আহিছিলো সেই সময়ছোৱাত। এইবাৰ আমাৰ ধৈৰ্যচ্যুতি ঘটিল, বিশেষকৈ মোৰ খুলশালি বাবাৰ। তাৰ এনেয়ো খঙটো অলপ বেছি। আৰু কাণ্ড কাৰখানাবোৰ দেখি সি অতিষ্ঠ হৈছিলগৈ। সি গাড়ীখন ঘূৰাই আনি ষ্টেজৰ দুৱাৰদলিত ৰাখিলেহি, আৰু মোক ক’লে,-
“ভিনদেউ আহক, তাইক লৈ আনোগৈ।”
আমি দুটা ষ্টেজৰ ওপৰলে উঠি গ’লো, ৰুণজুণক দুটাই দুফালৰ পৰা ধৰি নমাই লৈ আহিলো, আৰু আহি চিধাই গাড়ীত বহাই দিলো। লাজ- অপমান আৰু খঙত জৰ্জৰিত হৈ ৰুণজুণ মনে মনে গাড়ীত বহি থাকিল, বাবাই গাড়ী চলাবলৈ ল’লে আগৰ ছিটত মই। পিচত শ্ৰীমতীৰ কোলাত টোপনি যোৱা জিয়া আৰু ৰুণজুণ।
কিন্তু ওলাই যোৱা জানো ইমান সহজ! ৰুণজুণক নমাই অনা সময়খিনিত আমাক কোনেও বাধা দিয়া নাছিল, হয়তো আমি ইমান সাহস দেখুৱাম বুলি কোনেও আশাই কৰা নাছিল। ঘটনাৰ আকস্মিকতাত কোনেও একো প্ৰতিক্ৰিয়া দেখুৱাৰ সময়েই নেপালে।
কিন্তু গাড়ীত বহি আমি যাবলৈ ওলোৱা দেখি ৰাইজ গুজৰি গুমৰি উঠিল। গাড়ীখন চাৰিওফালৰ পৰা বেঢ়ি ধৰা হ’ল, আইনাত, বনেটত ঢকিওৱা আৰম্ভ হ’ল। যেন এসোপা জ’ম্বিয়ে আমাক বেঢ়ি ধৰিছে, আমি ইয়াৰ পৰা পলাব লাগে, নহ’লে আমিও জ’ম্বি হৈ যাম। বাবাই জোৰ জোৰ কৈ হৰ্ণ বজাই তাৰ মাজেৰেই গাড়ীখন চলাই নিবলৈ চেষ্টা কৰিলে, বাকীবোৰে গ্লাছ উঠাই বহি থাকিলো। ইঞ্চি ইঞ্চিকৈ গাড়ী আগবাঢ়িল। কালচাৰেল চেক্ৰেটেৰীক অসহায় হৈ থিয় দি থকা দেখিলো। শ্ৰীমতীয়ে চিঞৰিলে,-
“বাবা, গাড়ী নৰখাবি।“
মোৰ ছোৱালীজনীও সাৰ পাই উঠিল। তেনেতে এজন ওখ-পাখ মানুহে আহি ড্ৰাইভাৰৰ ফালৰ আইনাখন নমাবলৈ আদেশ দিলে। নমোৱাৰ লগে লগে তেওঁ বাবাৰ ওপৰত গৰজি উঠিল,-
“কোন হয় ৰে তই? কি সাহসত তই গাড়ী চলাবলৈ আহিছ? ৰখা! নামি আহ চাল্লা”।
বাবাই সেই সময়চোৱাতে ধুনীয়া বুদ্ধি এটা খটালে,- “অঁ, দাদা। মোক চিনি পোৱা নাই নেকি?  মই বাবা, বৈৰাগীমঠৰ! কি খবৰ আপোনাৰ? চাওকনা, মানুহবোৰে ইমান দিগদাৰ কৰি আছে, আপোনাক পাই ভালেই হ’ল। অলপ বুজাওকচোন।“
দাদাজন বাবাৰ বুদ্ধিত পাকাৰাও হৈ গ’ল। তেওঁ হয়তো সঁচাকে ভাৱিলে বাবা তেওঁৰ চিনাকীয়ে কোনোবা। নিজৰ সজ্ঞানতাৰ ওপৰত তেওৰ নিজৰে ভৰষা অলপ নিশ্চয় কম আছিল।
বুদ্ধিয়ে কাম দিলে, তেওঁ কিবা চিন্তা কৰি গাড়ীৰ পৰা অলপ আঁতৰি দিলে। তেওঁ আঁতৰি দিয়াৰ লগে লগে বাকী মানুহবোৰৰ আক্ৰমণো কমি গ’ল। দুটামান সৰু ল’ৰাক ময়ো ধমকি দিলো, -“আঁতৰ হ’, নহ’লে গাড়ী চলাই দিম ওপৰেদি।“
সুৰুঙা পাই বাবাই গাড়ী আগুৱাই নিলে। হঠাত দেখিলো কালচাৰেল চেক্ৰেটৰী আমাৰ ফালে দৌৰি আহিছে। তেওঁ গাড়ীৰ সমানে সমানে দৌৰি দৌৰিয়ে আইনা এখন অলপ নমাবলৈ ইংগিতেৰে অনুৰোধ কৰিলে। ৰুণজুণে আইনাখন এক ইঞ্চিমান নমালে। তেওঁ সেই ফুটাইদি টকা এনুৰা সুমুৱাই দিলে, আৰু ক’লে,-
“বেয়া নেপাব। বিহু বুলি অলপ হুলস্থূল হৈ গ’ল আৰু!”
আমি বিহুতলীৰ পৰা ওলাই আহিলো। ভঙা বাটটোৰে বাবাই তীব্ৰগতিত গাড়ীখন চলাই নিলে,
“ঠিক নাই ভিনদেউ, সোনকালে যোৱা ভাল। নহ’লে আকৌ কিবা ভাবি বাইক লৈ খেদি নাহিলেই ৰক্ষা।”
বাহিৰত পোহৰ হৈছেই। শ্ৰীমতী আৰু ছোৱালীজনী শুই পৰিছে। মই ৰুণজুণলৈ ঘূৰি চালো। থুঁতৰিত হাত দি খিৰীকিৰ আইনাৰে বাহিৰলৈ চাই আছে। চকুত কিবা অবুজ ভাৱ।
“কি ভাৱিছা? একো নহয় দিয়া। নতুন এক্সপেৰিয়েন্স হ’ল আমাৰ। তোমাৰ চাগে হৈয়েই থাকে এনেকুৱা।”
মই তাইক মনটো ভাল লগাবলৈ আকৌ ক’লো, -“এইবোৰ কেৰিয়াৰত সমস্যা আছেই। আমাৰো আছে, আমাৰবোৰ অলপ বেলেগ ধৰণৰ। স্পৰ্টিংলি ল’বা, আৰু ভৱিষ্যতে অলপ সাৱধান হ’বা। সৌৱা চোৱা-বগলীকেইটা চাকৰিলৈ ওলালেই – আমি দহ বজাতহে যাওঁ। সিহঁতৰো সমস্যা আছে। পুৱা চাৰি বজাতে মাছ বিচাৰি ওলাব লাগে কাৰণেই মই বগলী নহ’লো বুজিছা।“
তাই বিষাদেৰে হাঁহিলে। ছিটত এলাগীকৈ পৰি থকা মাননি কেইটা হয়তো তাইৰ বাবে সকলোতকৈ অপ্ৰয়োজনীয় বস্তু আছিল সেই সময়ত।

☆★☆★☆

One comment

  • Mousumi gogoi

    কেতিয়াবা সমস্যাবোৰ খবৰ নিদিয়াকৈ এনেকৈয়ে আহে ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *